যোহনলৈ দিয়া প্ৰকাশিত বাক্য ১৬:১-২১

  • ঈশ্বৰৰ ক্ৰোধৰ সাতটা বাটি ঢালি দিয়া হʼল (১-২১)

    • পৃথিৱীত (), সমুদ্ৰত (), নদী আৰু পানীৰ ভুমুকত (৪-৭), সূৰ্য্যত (৮, ৯), বনৰীয়া জন্তুৰ সিংহাসনৰ ওপৰত (১০, ১১), ফৰাতত (১২-১৬) আৰু বতাহত (১৭-২১)

    • হৰমাগিদোনত ঈশ্বৰৰ যুদ্ধ (১৪, ১৬)

১৬  তাৰ পাছত মই পবিত্ৰ-স্থানৰ পৰা এটা ডাঙৰ মাত শুনিলোঁ, যিয়ে সাতজন স্বৰ্গদূতক কৈ আছিল, “যোৱা আৰু ঈশ্বৰৰ ক্ৰোধৰ সাতটা বাটি পৃথিৱীত ঢালি দিয়া।” ২  প্ৰথমজন স্বৰ্গদূত আহিল আৰু তেওঁ নিজৰ বাটি পৃথিৱীত ঢালিলে। আৰু যিসকলৰ ওপৰত বনৰীয়া জন্তুৰ চিন আছিল আৰু যিসকলে তাৰ মূৰ্তিক পূজা কৰি আছিল, তেওঁলোক বেদনাদায়ক আৰু ভয়ানক ঘাৰে পীড়িত হʼল। ৩  দ্বিতীয়জন স্বৰ্গদূতে নিজৰ বাটি সমুদ্ৰত ঢালি দিলে। আৰু সমুদ্ৰ মৃত লোকৰ তেজৰ দৰে হৈ গʼল আৰু সমুদ্ৰৰ আটাই প্ৰাণী মৰি গʼল। ৪  তৃতীয়জন স্বৰ্গদূতে নিজৰ বাটি নদী আৰু পানীৰ ভুমুকত ঢালি দিলে। তেতিয়া সেইবোৰ তেজলৈ সলনি হʼল। ৫  যিজন স্বৰ্গদূতক পানীৰ ওপৰত অধিকাৰ দিয়া হৈছিল, তেওঁক মই এইদৰে কোৱা শুনিলোঁ, “হে বিশ্বাসী ঈশ্বৰ, তুমি যি আছিলা আৰু যি আছা, তুমি সদায় সঠিক কাম কৰা, কিয়নো তুমি এইবোৰ নিৰ্ণয় শুনাই ন্যায় কৰিলা, ৬  কিয়নো তেওঁলোকে পবিত্ৰ লোক আৰু ভৱিষ্যবক্তাসকলৰ ৰক্তপাত কৰিছিল। তুমি তেওঁলোকক খাবলৈ তেজ দিলা। এওঁলোক ইয়াৰেই যোগ্য।” ৭  আৰু মই বেদীক এইদৰে কোৱা শুনিলোঁ, “হে সৰ্বশক্তিমান ঈশ্বৰ যিহোৱা,* তোমাৰ নিৰ্ণয়* সঁচাকৈ ভৰসাযোগ্য আৰু সত্য হয়।” ৮  চতুৰ্থজন স্বৰ্গদূতে নিজৰ বাটি সূৰ্যত ঢালি দিলে। আৰু সূৰ্যক এই অধিকাৰ দিয়া হʼল যে সি লোকসকলক জুইৰে পুৰি দিয়ে। ৯  ভয়ংকৰ গৰমে লোকসকলক পুৰিলে, তথাপি তেওঁলোকে প্ৰতিটো বিপত্তিৰ ওপৰত অধিকাৰ থকা ঈশ্বৰৰ নাম নিন্দা কৰিলে। তেওঁলোকে অনুতাপ নকৰিলে আৰু তেওঁৰ মহিমা নকৰিলে। ১০  পঞ্চমজন স্বৰ্গদূতে নিজৰ বাটি বনৰীয়া জন্তুৰ সিংহাসনৰ ওপৰত ঢালি দিলে। আৰু তাৰ ৰাজ্য অন্ধকাৰেৰে ভৰি গʼল আৰু লোকসকলে বিষত নিজৰ জিভা কামুৰিবলৈ ধৰিলে। ১১  তেওঁলোকে বেদনা আৰু ঘাবোৰৰ কাৰণে স্বৰ্গত থকা ঈশ্বৰৰ নিন্দা কৰিলে আৰু নিজৰ কামৰ কাৰণে অনুতাপ নকৰিলে। ১২  ষষ্ঠজন স্বৰ্গদূতে নিজৰ বাটি ফৰাৎ মহা-নদীত ঢালি দিলে আৰু তাৰ পানী শুকাই গʼল যাতে পূবৰ পৰা অহা ৰজাবিলাকৰ কাৰণে ৰাস্তা প্ৰস্তুত কৰে। ১৩  আৰু মই দেখিলোঁ যে অজগৰ, বনৰীয়া জন্তু আৰু মিছা ভৱিষ্যবক্তাৰ মুখৰ পৰা তিনটা অশুচি বাৰ্তা ওলাই আছিল, যি দেখাত ভেকুলীৰ নিচিনা আছিল। ১৪  আচলতে সেইবোৰ দুষ্ট স্বৰ্গদূতবিলাকৰ প্ৰেৰণাৰে কোৱা বাক্য হয় আৰু সেইবোৰে চমৎকাৰ কৰে আৰু গোটেই জগতৰ ৰজাবিলাকৰ ওচৰলৈ যায় যাতে সৰ্বশক্তিমান ঈশ্বৰৰ মহা-দিনৰ যুদ্ধৰ কাৰণে তেওঁলোকক একগোট কৰিব পাৰে। ১৫  “চোৱা! মই এজন চোৰৰ দৰে আহি আছোঁ। সুখী সেই লোক, যিসকলে জাগি থাকে আৰু নিজৰ কাপোৰ নিজৰ লগতে ৰাখে যাতে তেওঁ উলংগ হৈ বাহিৰলৈ ওলাই নাহে আৰু তেওঁৰ লজ্জাজনক অৱস্থা লোকসকলে নেদেখে।” ১৬  আৰু তেওঁলোকে ৰজাবিলাকক সেই ঠাইত একগোট কৰিলে, যাক হিব্ৰু ভাষাত হৰমাগিদোন* বুলি কোৱা হয়। ১৭  সপ্তমজন স্বৰ্গদূতে নিজৰ বাটি বতাহত ঢালি দিলে। তেতিয়া পবিত্ৰ-স্থানত থকা সিংহাসনৰ পৰা এটা ডাঙৰ মাত ওলাল, যিয়ে কৈ আছিল, “পূৰ হʼল!” ১৮  আৰু বিজুলী মাৰিলে, ডাঙৰ মাত আহিল, মেঘ-গৰ্জন হʼল আৰু এনে ডাঙৰ আৰু ভয়ানক ভূমিকম্প হʼল, যি পৃথিৱীত মানুহ সৃষ্টি হোৱা দিনৰে পৰা এতিয়ালৈকে কেতিয়াও হোৱা নাছিল। ১৯  সেই মহা-নগৰখন ভাঙি তিনি ভাগত বিভক্ত হʼল আৰু ৰাষ্ট্ৰৰ চহৰবোৰ ধ্বংস হʼল। আৰু মহা-বাবিলক ঈশ্বৰে মনত পেলালে যাতে তেওঁ তাক ক্ৰোধৰ দ্ৰাক্ষাৰস খাবলৈ দিয়ে। ২০  লগতে আটাই দ্বীপ পলাই গʼল আৰু পাহাৰ নাইকিয়া হৈ গʼল। ২১  তাৰ পাছত লোকসকলৰ ওপৰত আকাশৰ পৰা ডাঙৰ ডাঙৰ শিলাবৃষ্টি হʼল আৰু প্ৰতিটো শিলাবৃষ্টিৰ ওজন প্ৰায় ২০ কিলো* আছিল। এই বিপত্তিৰ কাৰণে লোকসকলে ঈশ্বৰৰ নিন্দা কৰিলে, কিয়নো এই বিপত্তিয়ে বহুত ধ্বংস কৰিছিল।

Footnotes

অতি. ক৫ চাওক।
বা “সিদ্ধান্ত।”
এই শব্দ এটা হিব্ৰু শব্দৰ পৰা ওলাইছে, যাৰ অৰ্থ হৈছে “মগিদ্দো পাহাৰ।”
এটা গ্ৰীক টেলেণ্ট। অতি. খ১৪ চাওক।