যোহনলৈ দিয়া প্ৰকাশিত বাক্য ১৭:১-১৮
১৭ যি সাতজন স্বৰ্গদূতৰ ওচৰত সাতটা বাটি আছিল, তেওঁলোকৰ মাজৰ এজনে আহি মোক কʼলে, “আহা, মই তোমাক দেখুৱাওঁ যে বহুতো পানীৰ ওপৰত বহি থকা মহা-বেশ্যাই কি শাস্তি পাব,
২ তাইৰ লগত পৃথিৱীৰ ৰজাসকলে অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰাখিলে আৰু পৃথিৱীৰ লোকসকলক তাইৰ অনৈতিক শাৰীৰিক সম্পৰ্কৰ দ্ৰাক্ষাৰস খোৱাই মতলীয়া কৰা হʼল।”
৩ আৰু সেই স্বৰ্গদূতে মোক পবিত্ৰ শক্তিৰ যোগেদি এখন অৰণ্যলৈ লৈ গʼল। তাত মই এজনী তিৰোতাক দেখিলোঁ, যিজনী উজ্জ্বল ৰঙা ৰঙৰ এটা জন্তুৰ ওপৰত বহি আছিল। সেই জন্তু ঈশ্বৰক নিন্দা কৰা নামেৰে পৰিপূৰ্ণ আছিল আৰু তাৰ সাতটা মূৰ আৰু দহটা শিং আছিল।
৪ সেই তিৰোতাই বেঙুনীয়া আৰু উজ্জ্বল ৰঙা ৰঙৰ কাপোৰ পিন্ধি আছিল আৰু তাই সোণ আৰু বহুমূলীয়া ৰত্ন আৰু মুকুতাৰে সাজি-কাচি আছিল। তাইৰ হাতত সোণৰ এটা পাত্ৰ আছিল, যি ঘিণলগীয়া বস্তুৰে আৰু তাইৰ অনৈতিক শাৰীৰিক সম্পৰ্কৰ অশুচি বস্তুৰে পৰিপূৰ্ণ হৈ আছিল।
৫ সেই বেশ্যাৰ কপালত এটা ৰহস্যময় নাম লিখা আছিল: “মহা-বাবিল, বেশ্যাবিলাকৰ মা আৰু পৃথিৱীৰ ঘিণলগীয়া বস্তুবোৰক জন্ম দিওঁতা।”
৬ আৰু মই দেখিলোঁ যে সেই তিৰোতাই পবিত্ৰ লোকসকলৰ আৰু যীচুৰ সাক্ষীসকলৰ তেজ খাই মতলীয়া হৈ আছিল।
সেই তিৰোতাক দেখি মই সঁচাকৈ আচৰিত হʼলোঁ!
৭ তেতিয়া সেই স্বৰ্গদূতজনে মোক কʼলে, “তুমি ইমান কিয় আচৰিত হৈছা? মই তোমাক সেই তিৰোতা আৰু সেই বনৰীয়া জন্তুৰ ৰহস্য জনাওঁ, যাৰ সাতটা মূৰ আৰু দহটা শিং আছে আৰু যাৰ ওপৰত সেই তিৰোতা বহি আছে:
৮ যি বনৰীয়া জন্তুক তুমি দেখিলা, সেয়া আছিল, কিন্তু এতিয়া নাই, তথাপি সি অগাধ ঠাইৰ পৰা সোনকালে ওলাব আৰু তাক ধ্বংস কৰা হʼব। পৃথিৱীৰ লোকসকল, যিসকলৰ নাম জগতৰ আৰম্ভণিৰে পৰা লিখা জীৱনৰ কিতাপত* লিখা হোৱা নাই, তেওঁলোকে এয়া দেখি আচৰিত হʼব যে সেই বনৰীয়া জন্তু আগতে আছিল, কিন্তু এতিয়া নাই আৰু আকৌ আহিব।
৯ এই কথা বুজিবলৈ মগজু আৰু বুদ্ধি থাকিব লাগিব: সাতটা মূৰৰ অৰ্থ হৈছে সাতখন পাহাৰ, যাৰ ওপৰত সেই তিৰোতাই বহি আছে।
১০ আৰু ইয়াৰ অৰ্থ হৈছে, সাতজন ৰজা: পাঁচজন শেষ হৈ গৈছে, এজন আছে আৰু এজন এতিয়াও অহা নাই, কিন্তু যেতিয়া আহিব, তেতিয়া কিছু সময়ৰ কাৰণে সি থাকিব লাগিব।
১১ আৰু সেই বনৰীয়া জন্তু, যি আগতে আছিল, কিন্তু এতিয়া নাই, সি অষ্টম ৰজাও হয়। কিন্তু সি সেই সাতজনৰ মাজৰ পৰা ওলায় আৰু সি ধ্বংস হৈ যাব।
১২ যি দহটা শিং তুমি দেখিলা, তাৰ অৰ্থ হৈছে দহজন ৰজা, যিসকলে এতিয়ালৈকে ৰাজ্য পোৱা নাই, কিন্তু সিহঁতে বনৰীয়া জন্তুৰ লগত অলপ সময়ৰ* কাৰণে ৰজাবিলাকৰ দৰে অধিকাৰ পাব।
১৩ সিহঁত সকলোৰে একেই চিন্তাধাৰা আছে আৰু সিহঁতে নিজৰ শক্তি আৰু নিজৰ অধিকাৰ সেই বনৰীয়া জন্তুক দিব।
১৪ সিহঁতে ভেড়া পোৱালিৰ লগত যুদ্ধ কৰিব, কিন্তু ভেড়া পোৱালিয়ে সিহঁতৰ ওপৰত জয়লাভ কৰিব, কিয়নো তেওঁ প্ৰভুৰো প্ৰভু আৰু ৰজাৰো ৰজা হয়। আৰু যিসকলক মতা হৈছে, বাছনি কৰা হৈছে আৰু বিশ্বাসযোগ্য লোক তেওঁৰ লগত আছে, তেওঁলোকেও জয় কৰিব।”
১৫ সেই স্বৰ্গদূতজনে মোক কʼলে, “তুমি যি পানী দেখিলা, যাৰ ওপৰত সেই বেশ্যাই বহি আছিল, সেই পানীৰ অৰ্থ হৈছে লোক, ভীৰ, ৰাষ্ট্ৰ আৰু ভাষাবোৰ।
১৬ আৰু দহটা শিং তুমি যি দেখিলা সিহঁত আৰু সেই বনৰীয়া জন্তুৱে সেই বেশ্যাক ঘিণ কৰিব আৰু তাইক ধ্বংস আৰু উলংগ কৰি দিব আৰু তাইৰ মাংস খাব আৰু তাইক জুইত সম্পূৰ্ণৰূপে জ্বলাই দিব।
১৭ কিয়নো ঈশ্বৰে নিজৰ ইচ্ছা পূৰ কৰিবলৈ সিহঁতৰ মনত এই কথা সুমিয়াই দিছে যাতে সিহঁতে যি বিষয়ত একমত হয়, তাক পূৰ কৰিবলৈ তেতিয়ালৈকে বনৰীয়া জন্তুক নিজৰ ৰাজ্য দিব, যেতিয়ালৈকে ঈশ্বৰে কোৱা বাক্য পূৰ নহয়।
১৮ আৰু যিজনী তিৰোতাক তুমি দেখিলা, তাৰ অৰ্থ হৈছে সেই মহা-নগৰ, যিয়ে পৃথিৱীৰ ৰজাসকলৰ ওপৰত শাসন কৰে।”