যোহনলৈ দিয়া প্ৰকাশিত বাক্য ১৮:১-২৪

  • “মহা-বাবিল” পৰিল (১-৮)

    • “মোৰ লোকসকল, তাইৰ মাজৰ পৰা ওলাই আহা।” ()

  • বাবিল পৰি যোৱাৰ শোক (৯-১৯)

  • বাবিল পৰি যোৱাৰ কাৰণে স্বৰ্গত আনন্দ (২০)

  • বাবিলক শিলৰ দৰে সমুদ্ৰত পেলাই দিয়া হʼব (২১-২৪)

১৮  ইয়াৰ পাছত মই আৰু এজন স্বৰ্গদূতক স্বৰ্গৰ পৰা নামি অহা দেখিলোঁ, যিজনৰ ওচৰত ডাঙৰ অধিকাৰ আছিল। তেওঁৰ মহিমাৰে পৃথিৱী উজ্জ্বল হৈ উঠিল। ২  আৰু তেওঁ ডাঙৰ মাতেৰে চিঞৰি কʼলে, “পৰিল! মহা-বাবিল পৰিল আৰু তাই দুষ্ট স্বৰ্গদূতবিলাকৰ আড্ডা আৰু এনে ঠাই হৈ পৰিল, যʼত দুষ্ট স্বৰ্গদূত* আৰু অশুচি আৰু ঘৃণনীয় চৰাইবোৰ লুকাই থাকে। ৩  কাৰণ সকলো ৰাষ্ট্ৰ তাইৰ সেই দ্ৰাক্ষাৰস খাই মতলীয়া হৈছে, যিয়ে অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰখাৰ তীব্ৰ ইচ্ছা জগাই তোলে আৰু পৃথিৱীৰ ৰজাবিলাকে তাইৰ লগত অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখিলে আৰু পৃথিৱীৰ সদাগৰবিলাকে* তাইৰ নিৰ্লজ্জ বিলাসিতাৰ কাৰণে ধনী হʼল।” ৪  মই স্বৰ্গৰ পৰা আৰু এটা মাত শুনিবলৈ পালোঁ, “মোৰ লোকসকল, তাইৰ মাজৰ পৰা ওলাই আহা। যদি তোমালোকে তাইৰ পাপৰ সহভাগী হʼব নিবিচাৰা আৰু তাই ওপৰত আহিবলগীয়া বিপত্তি তোমালোকৰ ওপৰত অহাটো নিবিচাৰা, তেনেহʼলে তাই মাজৰ পৰা ওলাই আহা। ৫  কিয়নো তাইৰ পাপ অসংখ্য হৈ আকাশত লাগিলগৈ আৰু তাই যি অন্যায় কৰিছে,* সেইবোৰ ঈশ্বৰে মনত পেলাইছে। ৬  তাই আনৰ লগত যিদৰে ব্যৱহাৰ কৰিছে, তাইৰ লগতো সেইদৰেই ব্যৱহাৰ কৰা আৰু তাই যি কাম কৰিলে, তাৰ দুগুণ শাস্তি তাইক দিয়া। তাই পাত্ৰত যি মিহলাইছে, তাৰ দুগুণ মিহলাই তাইক দিয়া। ৭  তাই নিজকে যিমান গৌৰৱান্বিত কৰিলে আৰু যিমান নিৰ্লজ্জভাৱে বিলাসিতা জীৱন-যাপন কৰিলে, তাইক সিমানেই কষ্ট দিয়া যাতে তাই শোক কৰে। কিয়নো তাই নিজৰ মনতে কয়, ‘মইতো ৰাণী হৈ সিংহাসনত বহি আছোঁ, মই কোনো বিধৱা নহওঁ। মই কেতিয়াও শোক কৰিবলগীয়া নহʼব।’ ৮  সেইবাবে, এদিনতেই তাইৰ ওপৰত মৃত্যু, শোক আৰু আকাল এই সকলো বিপত্তি আহি পৰিব আৰু তাইক জুইত সম্পূৰ্ণৰূপে জ্বলাই দিয়া হʼব, কিয়নো যিহোৱা* ঈশ্বৰ, যিজনে তাইৰ বিচাৰ কৰিছে, তেওঁ শক্তিশালী হয়। ৯  আৰু পৃথিৱীৰ ৰজাবিলাক, যিসকলে তাইৰ লগত অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখিছিল আৰু নিৰ্লজ্জভাৱে বিলাসিতা জীৱন-যাপন কৰিছিল, তেওঁলোকে যেতিয়া তাইক জ্বলোৱাৰ ধোঁৱা দেখিব, তেতিয়া তাইৰ কাৰণে কান্দিব আৰু দুখত হিয়া ভুকুৱাব। ১০  আৰু তেওঁলোককো তাইৰ দৰে যেন শাস্তি নিদিয়ে এই ভয়ত তেওঁলোকে দূৰত থিয় হৈ থাকিব। আৰু কʼব, ‘ধিক্কাৰ, মহা-বাবিল, ধিক্কাৰ! তোমাৰ অৱস্থা কিমান বেয়া হʼল। তুমি যি শক্তিশালী নগৰ আছিলা, এক মুহূৰ্ততে তুমি শাস্তি পাই গʼলা!’ ১১  পৃথিৱীৰ সদাগৰসকলেও তাইৰ কাৰণে কান্দিব আৰু শোক কৰিব, কিয়নো তেওঁলোকৰ সকলো বস্তু কিনিবলগীয়া কোনো নাথাকিব, ১২  সেই বস্তুবোৰ হৈছে সোণ, ৰূপ, মূল্যৱান ৰত্ন, মুকুতা, মিহি সূতাৰে তৈয়াৰ কৰা কাপোৰ, বেঙুনীয়া ৰঙৰ কাপোৰ, পাট কাপোৰ আৰু উজ্জ্বল ৰঙা ৰঙৰ কাপোৰ আৰু সুগন্ধি কাঠেৰে তৈয়াৰ কৰা সকলো ধৰণৰ বস্তু আৰু হাতীৰ দাঁত, মূল্যৱান কাঠ, তাম, লোহা আৰু মাৰ্বলেৰে* তৈয়াৰ কৰা সকলো ধৰণৰ বস্তু। ১৩  আৰু ডালচেনি, ইলাচি,* ধূপ, সুগন্ধি তেল, সুগন্ধি বস্তু,* দ্ৰাক্ষাৰস, জলফাই তেল, ময়দা, ঘেঁহু, গৰু, ভেড়া, ঘোঁৰা, ঘোঁৰাগাড়ী, দাস আৰু মানুহবিলাকো। ১৪  হয়, যি ভাল ফলৰ কাৰণে তুমি হাবিয়াহ কৰিছিলা, সেয়া এতিয়া তোমাৰ পৰা আঁতৰি গৈছে আৰু সকলো ধৰণৰ উত্তম আহাৰ আৰু ধুনীয়া বস্তুবোৰ তোমাৰ পৰা আঁতৰি গৈছে আৰু সেইবোৰ আকৌ কেতিয়াও পোৱা নাযাব। ১৫  যিসকল সদাগৰে এই বস্তুবোৰক বিক্ৰী কৰিছিল আৰু সেই নগৰৰ যোগেদি ধনী হৈছিল, তেওঁলোককো তাইৰ দৰে যেন শাস্তি নিদিয়ে এই ভয়ত তেওঁলোকে দূৰত থিয় হৈ থাকিব। তেওঁলোকে কান্দিব আৰু শোক কৰিব ১৬  আৰু কʼব, ‘ধিক্কাৰ, এই মহা-নগৰৰ অৱস্থা কিমান বেয়া হʼল। তাই মিহি সূতাৰ আৰু বেঙুনীয়া ৰঙৰ আৰু উজ্জ্বল ৰঙা ৰঙৰ কাপোৰ পিন্ধিছিল আৰু সোণৰ গহনা, মূল্যৱান ৰত্ন আৰু মুকুতাৰে সজাই তুলিছিল। ১৭  কিন্তু তাইৰ প্ৰচুৰ ধন-সম্পত্তি এক মুহূৰ্ততে কেনেকৈ ধ্বংস হৈ গʼল!’ আৰু সকলো জাহাজৰ প্ৰধান নাৱিক, যাত্ৰী, সাধাৰণ নাৱিক আৰু সেই সকলো, যিসকলে সমুদ্ৰৰ পৰা নিজৰ প্ৰয়োজনীয়তা পূৰ কৰে, তেওঁলোকে দূৰত থিয় হৈ থাকিল ১৮  আৰু তাইক জ্বলোৱাৰ ধোঁৱা দেখি তেওঁলোকে চিঞৰি কʼলে, ‘এনে কোনো নগৰ আছে নে, যি এই মহা-নগৰৰ দৰে হয়?’ ১৯  তেওঁলোকে নিজৰ মূৰত ধূলি পেলালে, তেওঁলোকে কান্দি কান্দি আৰু শোক কৰি কৰি কʼবলৈ ধৰিলে, ‘ধিক্কাৰ, এই মহা-নগৰৰ অৱস্থা কিমান বেয়া হʼল। তাইৰ ধন-সম্পত্তিৰ কাৰণে জাহাজৰ মালিকবিলাকে ধনী হৈছিল। এক মুহূৰ্ততে তাই ধ্বংস হৈ গʼল!’ ২০  হে স্বৰ্গ আৰু হে পবিত্ৰ লোক, পাঁচনি* আৰু ভৱিষ্যবক্তাসকল, তোমালোক সকলোৱে তাইৰ যি অৱস্থা হʼল, তাৰ কাৰণে আনন্দ কৰা। কিয়নো ঈশ্বৰে তোমালোকৰ কাৰণে সেই নগৰৰ বিচাৰ কৰিলে!” ২১  আৰু এজন শক্তিশালী স্বৰ্গদূতে জাঁতৰ নিচিনা এচটা ডাঙৰ শিল উঠালে আৰু এইদৰে কৈ তাক সমুদ্ৰত পেলাই দিলে, “এইদৰেই মহা-বাবিলক অতি বেগেৰে তললৈ পেলাই দিয়া হʼব আৰু আকৌ কেতিয়াও তাইক পোৱা নাযাব। ২২  আৰু তোমাৰ মাজত আকৌ কেতিয়াও বীণা বজাই গীত গোৱা লোক, সংগীতকাৰ, বাঁহী বজোৱা লোক আৰু তূৰী বজোৱা লোকসকলৰ মাত শুনিবলৈ পোৱা নাযাব। কোনো শিল্পকাৰী লোকক তোমাৰ মাজত আকৌ কেতিয়াও পোৱা নাযাব আৰু জাঁতৰ মাত তোমাৰ মাজত আকৌ কেতিয়াও শুনিবলৈ পোৱা নাযাব। ২৩  তোমাৰ মাজত আকৌ কেতিয়াও চাকিৰ পোহৰ দেখা পোৱা নাযাব আৰু দৰা-কন্যাৰ মাত আকৌ কেতিয়াও শুনিবলৈ পোৱা নাযাব। কিয়নো তোমাৰ সদাগৰবিলাক পৃথিৱীৰ গণ্য-মান্য মানুহ আছিল আৰু তোমাৰ যাদুবিদ্যাৰ যোগেদি সকলো ৰাষ্ট্ৰ ভুল পথলৈ পৰিচালিত হৈছিল। ২৪  হয়, এই নগৰতে ভৱিষ্যবক্তাসকল, পবিত্ৰ লোক আৰু সেই সকলোৰে তেজ পোৱা গʼল, যিসকলক পৃথিৱীত হত্যা কৰা হৈছিল।”

Footnotes

বা হয়তো, “নিশ্বাস; বিষাক্ত বতাহ; প্ৰেৰণাৰে কোৱা কথা।”
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
বা “যাত্ৰা কৰা সদাগৰবিলাকে।”
বা “অপৰাধ কৰিছে।”
অতি. ক৫ চাওক।
বিভিন্ন ৰং থকা এবিধ পাথৰ।
আক্ষ., “ভাৰতৰ এবিধ মছলা।”
সেই সুগন্ধি বস্তু হৈছে ধূনাএঁঠা।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”