যোহনলৈ দিয়া প্ৰকাশিত বাক্য ১৯:১-২১
১৯ ইয়াৰ পাছত মই স্বৰ্গৰ পৰা এনে মাত শুনিলোঁ, যি এটা ডাঙৰ ভীৰৰ ডাঙৰ মাতৰ দৰে আছিল। তেওঁলোকে কৈ আছিল, “যাঃৰ প্ৰশংসা কৰা!* আমাৰ ঈশ্বৰ আমাৰ উদ্ধাৰকৰ্তা হয়, মহিমা আৰু শক্তি তেওঁৰেই হয়,
২ কিয়নো তেওঁৰ নিৰ্ণয়বোৰ সঠিক আৰু সত্য হয়। তেওঁ সেই মহা-বেশ্যাক শাস্তি দিছে, যিজনীয়ে নিজৰ অনৈতিক শাৰীৰিক সম্পৰ্কৰ* দ্বাৰা পৃথিৱীক ভ্ৰষ্ট কৰিছিল। ঈশ্বৰে তাইৰ পৰা নিজৰ দাসসকলৰ তেজৰ প্ৰতিশোধ লʼলে।”
৩ ইয়াৰ লগে লগে তেওঁলোকে দ্বিতীয়বাৰ কʼলে, “যাঃৰ প্ৰশংসা কৰা! বাবিল নগৰ জ্বলি থকাৰ ধোঁৱা সদায় কাললৈকে উঠি থাকিব।”
৪ আৰু সেই ২৪ জন প্ৰাচীন আৰু চাৰিটা জীৱিত প্ৰাণীয়ে উবুৰি হৈ পৰি সেইজন ঈশ্বৰৰ উপাসনা কৰিলে, যিজন সিংহাসনত বহি আছিল আৰু কʼলে, “আমেন! যাঃৰ প্ৰশংসা কৰা!”
৫ আৰু সিংহাসনৰ পৰাও এই মাত ওলাল, যিয়ে কৈ আছিল, “আমাৰ ঈশ্বৰৰ সকলো দাস, তেওঁলৈ ভয় ৰাখোঁতা সৰু-ডাঙৰ সকলো দাস, তেওঁৰ প্ৰশংসা কৰা!”
৬ আৰু মই এনে মাত শুনিলোঁ, যি এক ডাঙৰ ভীৰৰ মাতৰ দৰে আছিল আৰু পানীৰ বহুতো সোঁতৰ মাত আৰু তীব্ৰ মেঘ-গৰ্জনৰ দৰে আছিল। তেওঁলোকে কৈ আছিল, “যাঃৰ প্ৰশংসা কৰা, কিয়নো আমাৰ সৰ্বশক্তিমান ঈশ্বৰ যিহোৱাই* ৰজা হিচাপে শাসন কৰিবলৈ আৰম্ভ কৰিলে!
৭ আহা, আনন্দেৰে উল্লাসিত হওঁ আৰু ঈশ্বৰৰ মহিমা কৰোঁ, কিয়নো ভেড়া পোৱালিৰ বিয়াৰ সময় আহি পৰিছে আৰু তেওঁৰ কন্যা সাজু আছে।
৮ কন্যাক পিন্ধিবলৈ উজ্জ্বল, পৰিষ্কাৰ আৰু মিহি সূতাৰ কাপোৰ দিয়া হৈছে, কিয়নো মিহি সূতাৰ সেই কাপোৰ পবিত্ৰ লোকসকলৰ সঠিক কামক চিত্ৰিত কৰে।”
৯ আৰু তেওঁ মোক কʼলে, “এয়া লিখা: সুখী সেই লোক, যিসকলে ভেড়া পোৱালিৰ বিয়াৰ সন্ধ্যাৰ ভোজত আহিবলৈ নিমন্ত্ৰণ পাইছে।” তেওঁ মোক এয়াও কʼলে, “এয়া ঈশ্বৰৰ সত্য বাক্য হয়।”
১০ এয়া শুনাৰ লগে লগে মই তেওঁৰ উপাসনা কৰিবলৈ তেওঁৰ ভৰিত পৰিলোঁ। কিন্তু তেওঁ মোক কʼলে, “এইদৰে নকৰিবা! মইতো কেৱল তোমাৰ আৰু তোমাৰ ভাইসকলৰ নিচিনা এজন দাস হওঁ, যিসকলে যীচুৰ বিষয়ে সাক্ষ্য দিয়াৰ কাম পাইছে। ঈশ্বৰৰ উপাসনা কৰা, কিয়নো ভৱিষ্যবাণীৰ উদ্দেশ্য হৈছে যীচুৰ বিষয়ে সাক্ষ্য দিয়া।”
১১ মই স্বৰ্গ মুকলি হোৱা দেখিলোঁ আৰু চোৱা! এটা বগা ঘোঁৰা। আৰু যিজন তাৰ ওপৰত বহিছিল, তেওঁক বিশ্বাসযোগ্য আৰু সত্য বুলি কোৱা হয়। তেওঁ সঠিক মানদণ্ডৰ অনুসৰি ন্যায় কৰে আৰু যুদ্ধ কৰে।
১২ তেওঁৰ চকু জুইৰ শিখা হয় আৰু তেওঁৰ মূৰত বহুতো কিৰীটি আছে। তেওঁৰ গাত এটা নাম লিখা আছে, যাৰ অৰ্থ তেওঁৰ বাহিৰে আৰু কোনেও নাজানে।
১৩ আৰু তেওঁ তেজৰ দাগ থকা* এযোৰ কাপোৰ পিন্ধি আছে আৰু তেওঁক এই নামেৰে মতা হয়, ঈশ্বৰৰ বাক্য।
১৪ তেওঁৰ পিছে পিছে স্বৰ্গৰ সেনাই বগা ঘোঁৰাত আহি আছে আৰু তেওঁলোকে বগা, পৰিষ্কাৰ আৰু মিহি সূতাৰ কাপোৰ পিন্ধিছিল।
১৫ আৰু সেই ঘোঁৰাৰ ওপৰত বহাজনৰ মুখৰ পৰা এখন চোকা ধাৰ থকা দীঘল তৰোৱাল ওলায় যাতে তেওঁ সেই তৰোৱালখনেৰে ৰাষ্ট্ৰক আঘাত কৰিব পাৰে। আৰু তেওঁ ৰখীয়াৰ দৰে লোহাৰ দণ্ডেৰে তেওঁলোকক শাসন কৰিব। ইয়াৰ উপৰিও, তেওঁ সৰ্বশক্তিমান ঈশ্বৰৰ ক্ৰোধৰ গাঁততো পেৰিব।
১৬ তেওঁৰ কাপোৰত, হয় তেওঁৰ কৰঙনত এটা নাম লিখা আছে: ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু।
১৭ মই আৰু এজন স্বৰ্গদূতক দেখিলোঁ, যিজন সূৰ্যৰ মাজত থিয় হৈ আছিল। তেওঁ ডাঙৰ মাতেৰে চিঞৰিলে আৰু আকাশত উৰি ফুৰা গোটেই চৰাইক কʼলে, “ইয়ালৈ আহা, ঈশ্বৰৰ সন্ধ্যাৰ ডাঙৰ ভোজৰ কাৰণে একগোট হোৱা
১৮ যাতে তোমালোকে ৰজা, সেনাপতি, শক্তিশালী ব্যক্তি, ঘোঁৰা আৰু ঘোঁৰাত উঠাবিলাকৰ মাংস খাব পাৰা। লগতে, স্বাধীন লোক আৰু দাস আৰু সৰু-ডাঙৰ সকলোৰে মাংস খাব পাৰা।”
১৯ আৰু মই দেখিলোঁ যে বনৰীয়া জন্তু আৰু পৃথিৱীৰ ৰজা আৰু তেওঁলোকৰ সেনাবিলাকে সেই ঘোঁৰাত উঠাজনৰ আৰু তেওঁৰ সেনাবিলাকৰ লগত যুদ্ধ কৰিবলৈ একগোট হʼল।
২০ আৰু সেই বনৰীয়া জন্তুক, তাৰ লগতে সেই মিছা ভৱিষ্যবক্তাক ধৰা হʼল, যিয়ে বনৰীয়া জন্তুৰ আগত চমৎকাৰ কৰি সেই লোকসকলক ভুল পথলৈ নিছিল, যিসকলে নিজৰ ওপৰত বনৰীয়া জন্তুৰ চিন লগাইছিল আৰু যিসকলে তাৰ মূৰ্তিক পূজা কৰিছিল। এই দুয়োকে জীয়াই জীয়াই জুইৰ সেই হ্ৰদত পেলাই দিয়া হʼল, যি গন্ধকেৰে জ্বলি থাকে।
২১ আৰু ঘোঁৰাত বহাজনৰ মুখৰ পৰা ওলোৱা দীঘল তৰোৱালেৰে বাকী লোকসকলক হত্যা কৰা হʼল। আৰু গোটেই চৰায়ে পেট ভৰাই সিহঁতৰ মাংস খালে।
Footnotes
^ বা “হাল্লিলুয়া!” “যাঃ” হৈছে যিহোৱাৰ নামৰ সংক্ষিপ্ত ৰূপ।
^ গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
^ অতি. ক৫ চাওক।
^ বা হয়তো, “তেজ ছটিওৱা।”