যোহনলৈ দিয়া প্ৰকাশিত বাক্য ৪:১-১১
৪ ইয়াৰ পাছত চোৱা মই কি দেখিলোঁ, স্বৰ্গত এখন খোলা দুৱাৰ আছে আৰু যি মাত মই আগতে শুনিছিলোঁ, সেয়া তূৰীৰ দৰে মাত আছিল আৰু সেই মাতে মোক কʼলে, “ইয়াত ওপৰলৈ আহা, মই তোমাক সেই বিষয়বোৰ দেখুৱাম, যিবোৰ নিশ্চয় হʼব।”
২ ইয়াৰ পাছত লগে লগে পবিত্ৰ শক্তি মোৰ ওপৰত আহিল আৰু মই স্বৰ্গত এটা সিংহাসন দেখিলোঁ আৰু তাৰ ওপৰত কোনোবাই বহি আছিল।
৩ আৰু যিজন বহিছিল, তেওঁৰ ৰূপ সূৰ্যকান্ত আৰু ৰঙা ৰঙৰ বহুমূলীয়া ৰত্নৰ নিচিনা আছিল আৰু তেওঁৰ সিংহাসনৰ চাৰিওফালে এখন মেঘধনু আছিল, যি দেখাত মৰকত মণিৰ* নিচিনা আছিল।
৪ সেই সিংহাসনৰ চাৰিওফালে ২৪ খন সিংহাসন আছিল আৰু সেই সিংহাসনত মই ২৪ জন প্ৰাচীনক বহি থকা দেখিলোঁ, যিসকলে বগা কাপোৰ পিন্ধিছিল আৰু তেওঁলোকৰ মূৰত সোণৰ কিৰীটি আছিল।
৫ সেই সিংহাসনৰ পৰা বিজুলী, ঢেৰেকনি, মেঘ-গৰ্জনৰ মাত ওলাই আছিল। আৰু সিংহাসনৰ আগত সাতটা ডাঙৰ চাকি আছিল, যʼৰ পৰা শিখা ওলাই আছিল। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰৰ সাতটা পবিত্ৰ শক্তি।
৬ আৰু সিংহাসনৰ সন্মুখত কাঁচৰ দৰে এখন সমুদ্ৰ আছিল, যি স্ফটিকৰ দৰে ইপাৰে-সিপাৰে দেখা পোৱা গৈছিল।
সিংহাসনৰ মাজত আৰু তাৰ চাৰিওফালে চাৰিটা জীৱিত প্ৰাণী আছিল, যিবোৰৰ আগফালে আৰু পিছফালে চকুৰে ভৰি আছিল।
৭ প্ৰথম জীৱিত প্ৰাণী দেখিবলৈ সিংহৰ নিচিনা, দ্বিতীয় জীৱিত প্ৰাণী ষাঁড় গৰুৰ নিচিনা, তৃতীয় জীৱিত প্ৰাণীৰ চেহেৰা মানুহৰ চেহেৰাৰ নিচিনা আৰু চতুৰ্থ জীৱিত প্ৰাণী এটা উৰি থকা ঈগলৰ নিচিনা আছিল।
৮ এই চাৰিটা জীৱিত প্ৰাণীৰ প্ৰত্যেকৰে ছখন ছখনকৈ ডেউকা আছিল। সিহঁতৰ চাৰিওফালে আৰু ভিতৰফালে চকুৰে ভৰি আছিল আৰু সিহঁতে দিনে-ৰাতিয়ে একেৰাহে কয়, “সৰ্বশক্তিমান ঈশ্বৰ যিহোৱা* পবিত্ৰ, পবিত্ৰ, পবিত্ৰ হয়! সেই ঈশ্বৰ, যিজন আছিল, যিজন আছে আৰু যিজন আহি আছে।”
৯ যেতিয়াই এই জীৱিত প্ৰাণীয়ে সিংহাসনত বহা ঈশ্বৰৰ, যিজন সদায় কাললৈকে জীৱিত থাকে, তেওঁৰ মহিমা কৰে আৰু তেওঁক আদৰ আৰু ধন্যবাদ দিয়ে,
১০ তেতিয়াই এই ২৪ জন প্ৰাচীনে সিংহাসনত বহা ঈশ্বৰৰ সন্মুখত পৰি তেওঁৰ উপাসনা কৰে, যিজন সদায় কাললৈকে জীৱিত থাকে আৰু তেওঁলোকে নিজৰ কিৰীটি উলিয়াই তেওঁৰ সিংহাসনৰ সন্মুখত থয় আৰু এইদৰে কয়,
১১ “হে যিহোৱা* আমাৰ ঈশ্বৰ, তুমি মহিমা, আদৰ আৰু শক্তি পোৱাৰ যোগ্য, কিয়নো তুমিয়েই সকলো বস্তু সৃষ্টি কৰিলা আৰু তোমাৰ ইচ্ছাৰ কাৰণেই এইবোৰ অস্তিত্বত আহিল আৰু সৃষ্টি কৰা হʼল।”