যোহনলৈ দিয়া প্ৰকাশিত বাক্য ৬:১-১৭
৬ তাৰ পাছত মই দেখিলোঁ যে সেই ভেড়া পোৱালিয়ে সাতটা মোহৰৰ ভিতৰত এটা মোহৰ খুলিলে আৰু চাৰিটা জীৱিত প্ৰাণীৰ মাজত এটাই মেঘ-গৰ্জনৰ নিচিনা মাতেৰে এইদৰে কোৱা মই শুনিলোঁ, “আহা!”
২ আৰু চোৱা মই কি দেখিলোঁ! এটা বগা ঘোঁৰা আৰু তাৰ ওপৰত উঠাজনৰ ওচৰত এখন ধনু আছিল। আৰু তেওঁক এটা কিৰীটি দিয়া হʼল আৰু তেওঁ জয়লাভ সম্পূৰ্ণ কৰিবলৈ জয় কৰি কৰি ওলাই গʼল।
৩ যেতিয়া তেওঁ দ্বিতীয় মোহৰ খুলিলে, তেতিয়া মই দ্বিতীয় জীৱিত প্ৰাণীক এইদৰে কোৱা শুনিলোঁ, “আহা!”
৪ তাৰ পাছত আৰু এটা ঘোঁৰা আহিল, যি জুইৰ নিচিনা ৰঙা ৰঙৰ আছিল। পৃথিৱীৰ পৰা শান্তি দূৰ কৰিবলৈ তাৰ ওপৰত উঠাজনক অধিকাৰ দিয়া হʼল যাতে লোকসকলে এজনে-আনজনক হত্যা কৰে। তেওঁক এখন ডাঙৰ তৰোৱাল দিয়া হʼল।
৫ যেতিয়া তেওঁ তৃতীয় মোহৰ খুলিলে, তেতিয়া মই তৃতীয় জীৱিত প্ৰাণীক এইদৰে কোৱা শুনিলোঁ, “আহা!” আৰু চোৱা মই কি দেখিলোঁ! এটা কʼলা ৰঙৰ ঘোঁৰা আৰু তাৰ ওপৰত উঠাজনৰ হাতত এখন পাল্লা আছিল।
৬ তেতিয়া মই এনে মাত শুনিলোঁ, যি চাৰিটা জীৱিত প্ৰাণীৰ পৰা অহা যেন লাগিছিল, “এক কিলো* ঘেঁহু এক দীনাৰত* আৰু তিনি কিলো যৱ এক দীনাৰত। আৰু জলফাই তেল আৰু দ্ৰাক্ষাৰস নষ্ট নকৰিবা।”
৭ যেতিয়া তেওঁ চতুৰ্থ মোহৰ খুলিলে, তেতিয়া মই চতুৰ্থ জীৱিত প্ৰাণীক এইদৰে কোৱা শুনিলোঁ, “আহা!”
৮ আৰু চোৱা মই কি দেখিলোঁ! এটা পাতল হালধীয়া ৰঙৰ ঘোঁৰা আৰু তাৰ ওপৰত উঠাজনৰ নাম আছিল মৃত্যু। আৰু কবৰ* তেওঁৰ একেবাৰে পিছে পিছে আহি আছিল। আৰু তেওঁলোকক পৃথিৱীৰ চাৰি ভাগৰ এভাগৰ ওপৰত অধিকাৰ দিয়া হৈছিল যেন তেওঁলোকে দীঘলীয়া তৰোৱাল, আকাল, মাৰাত্মক মহামাৰী আৰু পৃথিৱীৰ বনৰীয়া জন্তুৰ দ্বাৰা লোকসকলক হত্যা কৰে।
৯ যেতিয়া তেওঁ পঞ্চম মোহৰ খুলিলে, তেতিয়া মই বেদীৰ তলত সেই লোকসকলৰ তেজ* দেখিলোঁ, যিসকলক ঈশ্বৰৰ বাক্যৰ অনুসৰি চলাৰ আৰু সাক্ষ্য দিয়াৰ কাৰণে হত্যা কৰা হৈছিল।
১০ আৰু তেওঁলোকে ডাঙৰ মাতেৰে চিঞৰি কʼলে, “হে গোটেই বিশ্বৰ মালিক, তুমি পবিত্ৰ আৰু সত্য হোৱা, পৃথিৱীত থকা লোকসকলৰ ন্যায় কৰিবলৈ আৰু আমাৰ তেজৰ প্ৰতিশোধ লʼবলৈ তুমি আৰু কিমান দিন অপেক্ষা কৰিবা?”
১১ আৰু তেওঁলোকৰ মাজৰ প্ৰতিজনক এখনকৈ বগা কাপোৰ দিয়া হʼল। আৰু তেওঁলোকক আৰু অলপ সময় অপেক্ষা কৰিবলৈ কোৱা হʼল, যেতিয়ালৈকে তেওঁলোকৰ সংগী দাসসকলৰ আৰু তেওঁলোকৰ ভাইসকলৰ সংখ্যা পূৰ নহয়, যিসকলক অতি সোনকালে তেওঁলোকৰ দৰেই হত্যা কৰা হʼব।
১২ আৰু মই দেখিলোঁ যে যেতিয়া তেওঁ ষষ্ঠ মোহৰ খুলিলে, তেতিয়া এটা ডাঙৰ ভূমিকম্প হʼল আৰু সূৰ্য্যই কʼলা ডাঠ কাপোৰৰ* দৰে কʼলা হৈ পৰিল আৰু চন্দ্ৰ তেজৰ দৰে ৰঙা হৈ গʼল।
১৩ আৰু জোৰেৰে বতাহ বলাৰ কাৰণে ডিমৰু গছৰ পৰা যিদৰে কেচা ডিমৰু সৰি পৰে, ঠিক সেইদৰে আকাশৰ পৰা তৰাবোৰো পৃথিৱীত পৰিল।
১৪ আৰু আকাশ এনেদৰে নাইকিয়া হৈ গʼল যেন কোনো নুৰাক মেৰিয়াই দিয়া হʼল আৰু প্ৰতিটো পাহাৰ আৰু প্ৰতিটো দ্বীপক নিজৰ নিজৰ ঠাইৰ পৰা আঁতৰাই দিয়া হʼল।
১৫ তেতিয়া পৃথিৱীৰ ৰজা আৰু ডাঙৰ ডাঙৰ অধিকাৰী, সেনাপতি, ধনী আৰু বলৱান লোক, সকলো দাস আৰু স্বাধীন লোক, সকলোৱে গুহা আৰু পাহাৰৰ শিলাবোৰত গৈ লুকালে।
১৬ আৰু তেওঁলোকে সেই পাহাৰ আৰু শিলাবোৰক কৈ থাকিল, “আমাৰ ওপৰত পৰি যা আৰু আমাক লুকুৱাই ৰাখ আৰু আমাক সিংহাসনত বহা ঈশ্বৰ আৰু ভেড়া পোৱালিৰ ক্ৰোধৰ পৰা ৰক্ষা কৰ।
১৭ কিয়নো তেওঁলোকৰ ক্ৰোধৰ ভয়ানক দিন আহি গৈছে আৰু কোনে তেওঁলোকৰ আগত থিয় হʼব পাৰে?”
Footnotes
^ গ্ৰীক ভাষাত খোইনিক্স। এক লিটাৰতকৈ অলপ বেছি।
^ দীনাৰ আছিল ৰোমানসকলৰ ৰূপৰ মুদ্ৰা, যি এদিনৰ মজুৰিৰ সমান আছিল। অতি. খ১৪ চাওক।
^ বা “হেডীজ।” শব্দকোষ চাওক।
^ শব্দকোষত “জীৱন” চাওক।
^ হয়তো ছাগলীৰ নোমেৰে বনোৱা ডাঠ কাপোৰ।