যোহনলৈ দিয়া প্ৰকাশিত বাক্য ৭:১-১৭
৭ ইয়াৰ পাছত মই দেখিলোঁ যে পৃথিৱীৰ চাৰিটা চুকত চাৰিজন স্বৰ্গদূত থিয় হৈ আছে আৰু তেওঁলোকে পৃথিৱীৰ চাৰি বতাহক মজবুতেৰে ধৰি ৰাখিছে যাতে পৃথিৱী বা সমুদ্ৰক বা কোনো গছৰ ওপৰত যেন বতাহ নবলে।
২ আৰু মই পূব দিশৰ পৰা আৰু এজন স্বৰ্গদূতক উঠি অহা দেখিলোঁ, যিজনৰ লগত জীৱিত ঈশ্বৰৰ মোহৰ আছিল। আৰু তেওঁ সেই চাৰিজন স্বৰ্গদূতক, যিসকলক পৃথিৱী আৰু সমুদ্ৰক হানি কৰিবলৈ অধিকাৰ দিয়া হৈছিল, তেওঁলোকক ডাঙৰ মাতেৰে চিঞৰি কʼলে,
৩ “যেতিয়ালৈকে আমি নিজৰ ঈশ্বৰৰ দাসসকলৰ কপালত মোহৰ নামাৰোঁ, তেতিয়ালৈকে পৃথিৱী বা সমুদ্ৰ বা গছ-গছনিবোৰক ক্ষতি নকৰিবা।”
৪ আৰু মই তেওঁলোকৰ সংখ্যা শুনিলোঁ, যিসকলৰ কপালত মোহৰ মৰা হৈছিল। তেওঁলোক ১,৪৪,০০০ জন আছিল আৰু তেওঁলোকক ইস্ৰায়েলৰ পুত্ৰসকলৰ প্ৰতিটো গোষ্ঠীৰ পৰা লোৱা হৈছিল:
৫ যিহূদা গোষ্ঠীৰ পৰা ১২,০০০ জনক মোহৰ মৰা হৈছিল,ৰূবেন গোষ্ঠীৰ পৰা ১২,০০০ জনক,গাদ গোষ্ঠীৰ পৰা ১২,০০০ জনক,
৬ আচেৰ গোষ্ঠীৰ পৰা ১২,০০০ জনক,নপ্তালী গোষ্ঠীৰ পৰা ১২,০০০ জনক,মনচি গোষ্ঠীৰ পৰা ১২,০০০ জনক,
৭ চিমিয়োন গোষ্ঠীৰ পৰা ১২,০০০ জনক,লেবী গোষ্ঠীৰ পৰা ১২,০০০ জনক,ইচাখৰ গোষ্ঠীৰ পৰা ১২,০০০ জনক,
৮ জবূলূন গোষ্ঠীৰ পৰা ১২,০০০ জনক,যোচেফ গোষ্ঠীৰ পৰা ১২,০০০ জনকআৰু বিন্যামীন গোষ্ঠীৰ পৰা ১২,০০০ জনক মোহৰ মৰা হʼল।
৯ ইয়াৰ পাছত চোৱা মই কি দেখিলোঁ! সকলো ৰাষ্ট্ৰ, গোষ্ঠী, জাতি আৰু ভাষাৰ মাজৰ পৰা ওলোৱা এটা ডাঙৰ ভীৰ, যাক কোনো মানুহে গণিব নোৱাৰে, তেওঁলোক বগা কাপোৰ পিন্ধি আৰু হাতত খেজুৰৰ ডাল লৈ সিংহাসনৰ আগত আৰু ভেড়া পোৱালিৰ আগত থিয় হৈ আছে।
১০ আৰু এই ভীৰে ডাঙৰ মাতেৰে বাৰে বাৰে চিঞৰি কৈছে, “আমাক উদ্ধাৰ কৰাৰ কাৰণে সিংহাসনত বহা আমাৰ ঈশ্বৰ আৰু ভেড়া পোৱালিৰ প্ৰতি আমি কৃতজ্ঞ।”
১১ সকলো স্বৰ্গদূত, যিসকল সেই সিংহাসনৰ, প্ৰাচীনসকলৰ আৰু চাৰিটা জীৱিত প্ৰাণীৰ চাৰিওফালে থিয় হৈ আছিল, সিংহাসনৰ আগত উবুৰি হৈ পৰি ঈশ্বৰৰ উপাসনা কৰিবলৈ ধৰিলে
১২ আৰু কʼবলৈ ধৰিলে, “আমেন! আমাৰ ঈশ্বৰৰ সদায় প্ৰশংসা, ধন্যবাদ আৰু মহিমা হৈ থাকক আৰু বুদ্ধি, আদৰ, ক্ষমতা আৰু শক্তি সদায় তেওঁৰেই হওক। আমেন।”
১৩ এয়া দেখি এজন প্ৰাচীনে মোক কʼলে, “বগা কাপোৰ পিন্ধা এওঁলোক কোন হয় আৰু কʼৰ পৰা আহিছে?”
১৪ তেতিয়া মই লগে লগে তেওঁক কʼলোঁ, “মোৰ প্ৰভু, তুমিয়েই জানা যে এওঁলোক কোন হয়।” আৰু তেওঁ মোক কʼলে, “এওঁলোক সেই লোকসকল হয়, যিসকলে সেই মহা-সংকটৰ পৰা ওলাই আহিছে আৰু এওঁলোকে নিজৰ কাপোৰ ভেড়া পোৱালিৰ তেজেৰে ধুই বগা কৰিছে।
১৫ এই কাৰণে এওঁলোক ঈশ্বৰৰ সিংহাসনৰ আগত আছে আৰু দিনে-ৰাতিয়ে তেওঁৰ মন্দিৰত তেওঁৰ পবিত্ৰ সেৱা কৰে। আৰু সিংহাসনত বহা ঈশ্বৰে তেওঁলোকক সুৰক্ষিত ৰাখিব।*
১৬ এওঁলোকৰ আৰু কেতিয়াও ভোক-পিয়াহ নালাগিব আৰু এওঁলোকৰ গাত সূৰ্যৰ চোকা ৰʼদ আৰু তাপ নপৰিব।
১৭ কিয়নো সেই ভেড়া পোৱালিয়ে, যিজন সিংহাসনৰ ওচৰত* আছে, এওঁলোকক ৰখীয়াৰ দৰে জীৱনৰ পানীৰ ভুমুকলৈ লৈ যাব। আৰু ঈশ্বৰে এওঁলোকৰ আটাই চকুপানী মচি দিব।”