ফিলীমনলৈ চিঠি ১:১-২৫

  • নমস্কাৰ (১-৩)

  • ফিলীমনৰ প্ৰেম আৰু বিশ্বাস (৪-৭)

  • ওনীচিমৰ কাৰণে পৌলৰ অনুৰোধ (৮-২২)

  • অৱশেষত নমস্কাৰ (২৩-২৫)

১  মই পৌল, যিজন খ্ৰীষ্ট যীচুৰ কাৰণে বন্দী হৈ আছোঁ, আমাৰ ভাই তীমথিয়ৰ লগত আমাৰ মৰমৰ সহকৰ্মী ফিলীমনলৈ লিখি আছোঁ। ২  লগতে আমাৰ ভনী আপ্পিয়া আৰু আমাৰ সহসেনা আৰ্খিপ্প আৰু তোমাৰ ঘৰত গোট খোৱা মণ্ডলীকো লিখি আছোঁ: ৩  আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰৰ ফালৰ পৰা আৰু প্ৰভু যীচু খ্ৰীষ্টৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক। ৪  মই যেতিয়াই নিজৰ প্ৰাৰ্থনাত তোমাক মনত পেলাওঁ, তেতিয়াই সদায় নিজৰ ঈশ্বৰক ধন্যবাদ দিওঁ, ৫  কিয়নো তোমালোকৰ বিশ্বাস আৰু প্ৰভু যীচু আৰু সকলো পবিত্ৰ লোকৰ প্ৰতি থকা তোমালোকৰ প্ৰেমৰ বিষয়ে শুনি থাকোঁ। ৬  মই প্ৰাৰ্থনা কৰিছোঁ যে তুমি যি বিশ্বাসৰ সহভাগী হোৱা, সেই বিশ্বাসেই তোমাক সেই আশীৰ্বাদবোৰৰ অনুভৱ কৰিবলৈ উৎসাহিত কৰক, যিবোৰ আমি খ্ৰীষ্টৰ যোগেদি পাইছোঁ। ৭  মোৰ ভাই, যেতিয়া মই তোমাৰ প্ৰেমৰ বিষয়ে শুনিলোঁ, তেতিয়া মই বহুত আনন্দিত হʼলোঁ আৰু শান্ত্বনা পালোঁ, কিয়নো তোমাৰ কাৰণে পবিত্ৰ লোকসকলৰ হৃদয় সতেজ হʼল। ৮  ইয়াৰ কাৰণে, যদিও মই খ্ৰীষ্টৰ পাঁচনি* হিচাপে মই তোমাক সংকোচ নকৰাকৈ আদেশ দিব পাৰোঁ যে তুমি সেয়া কৰা, যি সঠিক হয়। ৯  তথাপি মই প্ৰেমৰ আধাৰত তোমাক অনুৰোধ কৰিছোঁ, কিয়নো মই পৌল এজন বৃদ্ধ হওঁ আৰু এতিয়া খ্ৰীষ্ট যীচুৰ কাৰণে বন্দী হৈ আছোঁ। ১০  মই নিজৰ সন্তানৰ বিষয়ে অৰ্থাৎ বন্দী হৈ থকাৰ সময়ত* মই যাৰ পিতৃ হৈছিলোঁ, সেই ওনীচিমৰ বিষয়ে তোমাক অনুৰোধ কৰিছোঁ। ১১  এওঁ আগতে তোমাৰ কাৰণে কোনো কামৰ নাছিল, কিন্তু এতিয়া এওঁ তোমাৰ কাৰণে আৰু মোৰ কাৰণেও বহুত কামৰ হয়। ১২  মই তেওঁক, হয়, মোৰ অতি মৰমৰ ওনীচিমক আকৌ তোমাৰ ওচৰলৈ পঠাই আছোঁ। ১৩  মই এওঁক নিজৰ ওচৰত ৰাখিব বিচাৰোঁ যাতে যেতিয়ালৈকে মই শুভবাৰ্তাৰ কাৰণে বন্দী হৈ থাকোঁ, তেতিয়ালৈকে এওঁ তোমাৰ সলনি মোৰ সেৱা কৰিব পাৰে। ১৪  কিন্তু তোমাৰ সন্মতিৰ অবিহনে মই একো কৰিব নিবিচাৰোঁ যাতে তুমি কোনো হেঁচাত পৰি নহয়, কিন্তু নিজ ইচ্ছাৰে ভাল কাম কৰা। ১৫  হয়তো ইয়াৰ কাৰণেই তেওঁ কিছু সময়ৰ বাবে তোমাৰ পৰা পৃথক হৈ গৈছিল যাতে তুমি তেওঁক সদায়ৰ কাৰণে আকৌ পাব পাৰা। ১৬  কিন্তু এতিয়া এজন দাস হিচাপে নহয়, ইয়াৰ পৰিৱৰ্তে মৰমৰ ভাইৰ দৰে। বিশেষকৈ মোৰ কাৰণে তেওঁ অতি মৰমৰ হয়। তোমাৰ কাৰণেতো তেওঁ আৰু বেছি মৰমৰ হʼব, কিয়নো দাস হোৱাৰ লগতে তেওঁ প্ৰভুত তোমাৰ ভাইয়ো হয়। ১৭  সেইবাবে, যদি তুমি মোক নিজৰ বন্ধু* বুলি ভাবা, তেনেহʼলে মোক যিদৰে আদৰণি জনালাহেঁতেন, ঠিক সেইদৰে তেওঁকো প্ৰেমেৰে আদৰণি জনোৱা। ১৮  যদি তেওঁ তোমাৰ কিবা ক্ষতি কৰিছে বা তেওঁ তোমাক ধাৰ দিবলগীয়া আছে, তেনেহʼলে সেয়া মই তোমাক দিম। ১৯  মই পৌল এয়া নিজ হাতেৰে লিখি আছোঁ: মই তোমাৰ ক্ষতিপূৰণ কৰিম। অৱশ্যে মই তোমাক এয়া কোৱাৰ প্ৰয়োজন নাই যে তুমি নিজে নিজৰ জীৱনৰ কাৰণে মোৰ ধৰুৱা হোৱা। ২০  হয় মোৰ ভাই, প্ৰভুত মোক এই সহায় কৰা। খ্ৰীষ্টত মোৰ হৃদয় সতেজ কৰা। ২১  মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে তুমি মোৰ কথা নিশ্চয় শুনিবা, সেইবাবে মই তোমালৈ লিখি আছোঁ। মই জানোঁ যে মই যি কৈছোঁ, তুমি তাতকৈ বেছি কৰিবা। ২২  লগতে মই থাকিবলৈ ঠাইৰ ব্যৱস্থা কৰিবা, কিয়নো মই আশা কৰোঁ যে তোমালোকৰ প্ৰাৰ্থনাৰ কাৰণে মই অতি সোনকালে তোমালোকক লগ কৰিবলৈ আহিব পাৰোঁ।* ২৩  ইপাফ্ৰা, যিজন খ্ৰীষ্ট যীচুত মোৰ লগত বন্দী হৈ আছে, তোমালোকক নমস্কাৰ জনাইছে ২৪  আৰু মাৰ্ক, আৰিষ্টাৰ্খ, দীমা আৰু লূকেও, যিসকল মোৰ সহকৰ্মী হয়, তোমালোকক নমস্কাৰ জনাইছে। ২৫  তোমালোকে যি সঠিক মনোবৃত্তি দেখুৱা, তাৰ কাৰণে প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক।

Footnotes

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
আক্ষ., “শিকলিত বান্ধ খাই থকাৰ সময়ত।”
আক্ষ., “সহভাগী।”
বা “তোমালোকৰ কাৰণে মুকলি কৰা হʼব।”