মথিয়ে লিখা শুভবাৰ্তা ১৩:১-৫৮
-
ৰাজ্যৰ বিষয়ে উদাহৰণবোৰ (১-৫২)
-
বীজ সিঁচোঁতাজন (১-৯)
-
যীচুৱে কিয় উদাহৰণ দিছিল (১০-১৭)
-
বীজ সিঁচোঁতাৰ উদাহৰণৰ অৰ্থ বুজালে (১৮-২৩)
-
ঘেঁহু আৰু বনৰীয়া ঘাঁহ (২৪-৩০)
-
সৰিয়হ গুটি আৰু খমিৰ (৩১-৩৩)
-
যীচুৱে উদাহৰণ দি ভৱিষ্যবাণী পূৰ কৰিলে (৩৪, ৩৫)
-
ঘেঁহু আৰু বনৰীয়া ঘাঁহৰ অৰ্থ বুজালে (৩৬-৪৩)
-
লুকুৱাই ৰখা ধন আৰু বহুমূলীয়া মুকুতা (৪৪-৪৬)
-
ডাঙৰ জাল (৪৭-৫০)
-
ধনৰ বাকচত নতুন আৰু পুৰণি বস্তু (৫১, ৫২)
-
-
যীচুক তেওঁৰ নিজৰ এলেকাতে গ্ৰহণ নকিৰলে (৫৩-৫৮)
১৩ সেই দিনাখন যীচুৱে ঘৰৰ পৰা ওলাই যোৱাৰ পাছত সাগৰৰ পাৰত বহি আছিল।
২ সেই সময়ত লোকসকলৰ এটা ভীৰে তেওঁৰ ওচৰলৈ আহি গোট খালে। সেইবাবে, যীচুৱে নাৱত উঠি বহিল আৰু লোকসকলে সাগৰৰ পাৰতে থিয় হৈ আছিল।
৩ তাৰ পাছত তেওঁ উদাহৰণ দি তেওঁলোকক বহুতো কথা কʼলে, তেওঁ কʼলে “চোৱা! এজন বীজ সিঁচোঁতা মানুহে বীজ সিঁচিবলৈ ওলাইছে।
৪ যেতিয়া তেওঁ সিঁচি আছিল, তেতিয়া কিছুমান বীজ ৰাস্তাৰ কাষত পৰিল আৰু চৰাইবোৰ আহি সেইবোৰ খাই পেলালে।
৫ কিছুমান বীজ শিলাময় মাটিত পৰিল, তাত মাটি বেছি নথকাৰ বাবে আৰু মাটি গভীৰ নোহোৱাৰ বাবে সোনকালে গজালি ওলালে।
৬ কিন্তু বেলি ওলোৱাৰ পাছত শিপা গভীৰ নোহোৱাৰ কাৰণে, সেইবোৰ লেৰেলি শুকাই গʼল।
৭ আন কিছুমান বীজ কাঁইটীয়া বনত পৰিল আৰু কাঁইটীয়া বনবোৰ বাঢ়ি সেইবোৰক হেঁচি ধৰিল।
৮ কিন্তু কিছুমান বীজ ভাল মাটিত পৰিল আৰু কিছুমানত ১০০ গুণ, কিছুমানত ৬০ গুণ, আৰু কিছুমানত ৩০ গুণকৈ ফল লাগিবলৈ ধৰিলে।
৯ মই কি কৈ আছোঁ কাণ পাতি শুনা।”
১০ তাৰ পাছত শিষ্যসকলে যীচুৰ ওচৰলৈ আহি সুধিবলৈ ধৰিলে, “আপুনি লোকসকলক উদাহৰণ দি কিয় শিকায়?”
১১ তেতিয়া তেওঁ উত্তৰ দিলে, “স্বৰ্গৰাজ্যৰ পবিত্ৰ ৰহস্য বুজি পোৱাৰ ক্ষমতা তোমালোকক দিয়া হৈছে, কিন্তু তেওঁলোকক নহয়।
১২ কিয়নো যাৰ আছে, তেওঁক বেছিকৈ দিয়া হʼব আৰু তেওঁৰ বহুত হʼব। কিন্তু যাৰ নাই তেওঁৰ যি আছে সেইখিনিও তেওঁৰ পৰা নিয়া হʼব।
১৩ মই তেওঁলোকক উদাহৰণ দিওঁ, কাৰণ তেওঁলোকে দেখিও নেদেখে শুনিও নুশুনে আৰু ইয়াৰ অৰ্থও বুজি নাপায়।
১৪ তেওঁলোকৰ ওপৰত যিচয়াই কৰা এই ভৱিষ্যবাণী পূৰ হয় ‘তোমালোকে শুনোতে শুনিবা, কিন্তু ইয়াৰ অৰ্থ অলপো বুজি নাপাবা। আৰু চোৱাতো চাবা, কিন্তু অলপো দেখা নাপাবা।’
১৫ কিয়নো এই লোকসকলৰ হৃদয় শিলৰ দৰে টান হৈ পৰিছে। তেওঁলোকে শুনোতে শুনে, কিন্তু পালন নকৰে, তেওঁলোকে নিজৰ চকু আৰু কাণ বন্ধ কৰি লৈছে যাতে তেওঁলোকে একো দেখা বা শুনা নাপায়। আৰু কেতিয়াও ইয়াৰ অৰ্থ বুজি নাপায়। সেইবাবে, তেওঁলোকে মোৰ ওচৰলৈ উভতি নাহে আৰু মই তেওঁলোকক সুস্থ নকৰোঁ।
১৬ তোমালোক সুখী কাৰণ তোমালোকৰ চকুৱে দেখা পায় আৰু তোমালোকৰ কাণে শুনা পায়।
১৭ মই তোমালোকক সঁচাকৈ কৈছোঁ তোমালোকে যিবোৰ দেখিছা, সেইবোৰ বহুতো ভৱিষ্যবক্তা আৰু ভাল মানুহে চাবলৈ বিচাৰিও দেখা নাপালে আৰু তোমালোকে যিবোৰ শুনিছা, এইবোৰ শুনিবলৈ নাপালে।
১৮ এতিয়া তোমালোকে বীজ সিঁচোঁতাজনৰ উদাহৰণলৈ ধ্যান দিয়া।
১৯ ৰাস্তাৰ কাষত সিঁচা বীজ হৈছে সেই ব্যক্তিজন, যিজনে ৰাজ্যৰ বাক্য শুনে, কিন্তু তাৰ অৰ্থ বুজি নাপায়। পাছে চয়তানে* আহি তেওঁৰ হৃদয়ত সিঁচা বীজটো কাঢ়ি নিয়ে।
২০ শিলাময় মাটিত সিঁচা বীজ হৈছে, সেই ব্যক্তিজন, যিজনে বাক্য শুনাৰ লগে লগে আনন্দেৰে সেয়া গ্ৰহণ কৰে।
২১ কিন্তু তেওঁৰ হৃদয়ত সেই বাক্যৰ শিপা গভীৰ নোহোৱাৰ বাবে সেয়া অলপ সময়ৰ কাৰণে থাকে, যেতিয়া সেই বাক্যৰ কাৰণে সমস্যা বা তাড়না আহে, তেতিয়া তেওঁ লগে লগে বাক্যৰ ওপৰত বিশ্বাস কৰিবলৈ এৰি দিয়ে।*
২২ কাঁইটীয়া বনত সিঁচা বীজ হৈছে, সেই ব্যক্তিজন যিজনে বাক্য শুনে, কিন্তু জগতৰ* চিন্তা আৰু প্ৰলোভনত পেলোৱা ধন সম্পতিৰ শক্তিয়ে বাক্যক হেঁচি ধৰি আৰু তেওঁ কোনো ফল নিদিয়ে।
২৩ ভাল মাটিত সিঁচা বীজ হৈছে, সেই ব্যক্তিজন যিজনে বাক্য শুনে, তাৰ অৰ্থ বুজে আৰু কিছুমানে ১০০ গুণ, কিছুমানে ৬০ গুণ আৰু কিছুমান ৩০ গুণ ফল দিয়ে।”
২৪ যীচুৱে লোকসকলক আৰু এটা উদাহৰণ দিলে, “স্বৰ্গৰ ৰাজ্যৰ তুলনা এনে এজন ব্যক্তিৰ লগত কৰিব পাৰি, যিজনে নিজৰ পথাৰত ভাল বীজ সিঁচিলে।
২৫ ৰাতি লোকসকলে যেতিয়া শুই আছিল, তেতিয়া তেওঁৰ শত্ৰুয়ে আহি ঘেঁহুৰ মাজত বনৰীয়া ঘাঁহৰ বীজ* সিঁচি থৈ গʼল।
২৬ যেতিয়া ঘেঁহুৰ গছ বাঢ়ি থোক ওলালে, তেতিয়া বনৰীয়া ঘাঁহো দেখিবলৈ পোৱা গʼল।
২৭ সেইবাবে, সেই ব্যক্তিজনৰ দাসবিলাকে আহি তেওঁক কʼলে, মালিক আপুনি পথাৰত ভাল বীজ সিঁচা নাছিল নে? তেনেহʼলে তাত বনৰীয়া ঘাঁহ কʼৰ পৰা ওলালে?
২৮ মালিকে কʼলে, ‘এইবোৰ শত্ৰুৰ কাম হয়।’ তেতিয়া তেওঁলোকে কʼলে, ‘আপুনি যদি বিচাৰে, তেনেহʼলে আমি বনৰীয়া ঘাঁহবোৰ উঘালি পেলাম নে?’
২৯ তেওঁ কʼলে, ‘নালাগে! বনৰীয়া ঘাঁহবোৰ উঘালিবলৈ যাওঁতে তোমালোকে কিজানি তাৰ লগতে ঘেঁহুকো উঘালি পেলাবা।
৩০ গতিকে, শস্য দোৱাৰ সময়লৈকে সেইবোৰক একেলগে বাঢ়িবলৈ দিয়া, যেতিয়া শস্য দোৱাৰ সময় আহিব, তেতিয়া মই শস্য দোৱাবিলাকক কʼম যে প্ৰথমে বনৰীয়া ঘাঁহবোৰ উঘালিবা আৰু সেইবোৰক জ্বলাবলৈ মুঠি মুঠিকৈ বান্ধিবা। তাৰ পাছত ঘেঁহুবোৰক মোৰ ভঁৰালত জমা কৰি দিবা।’”
৩১ তেওঁ লোকসকলক আৰু এটা উদাহৰণ দিলে, “স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা আৰু সেই গুটি এজন মানুহে লৈ নিজৰ পথাৰত সিঁচিলে।
৩২ আচলতে এয়া বীজবোৰৰ ভিতৰত আটাইতকৈ সৰু হয়। কিন্তু সেয়া যেতিয়া বাঢ়িবলৈ ধৰে, তেতিয়া ই শাক-পাচলিৰ গছবোৰৰ মাজত সকলোতকৈ ডাঙৰ এজোপা গছ হৈ পৰে আৰু আকাশৰ চৰায়ে আহি তাৰ ডালবোৰত আশ্ৰয় লয়।”
৩৩ যীচুৱে তেওঁলোকক আৰু এটা উদাহৰণ দিলে, “স্বৰ্গৰাজ্য খমিৰৰ* নিচিনা আৰু সেয়া লৈ এগৰাকী তিৰোতাই প্ৰায় ১০ কিলো আটা গুড়ি হানিলে আৰু অৱশেষত গোটেই আটাখিনি খমিৰ হৈ গʼল।”
৩৪ যীচুৱে এই সকলো কথা লোকসকলক উদাহৰণ দি কৈছিল। তেওঁ উদাহৰণ নিদিয়াকৈ একো কথা কোৱা নাছিল।
৩৫ যাতে ভৱিষ্যবক্তাই কোৱা এই কথাষাৰ পূৰ হয়, “মই উদাহৰণ দি শিকাম আৰু আৰম্ভণিৰে পৰা* যিবোৰ কথা গুপ্ত আছিল, সেইবোৰ প্ৰকাশ কৰিম।”
৩৬ ইয়াৰ পাছত যীচুৱে লোকসকলক বিদায় দি ঘৰলৈ আহিল। তেতিয়া তেওঁৰ শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি কʼলে, “পথাৰৰ বনৰীয়া ঘাঁহৰ উদাহৰণৰ অৰ্থ আমাক বুজাই দিয়ক।”
৩৭ তেওঁ কʼলে, “ভাল বীজ সিঁচোঁতাজন মানুহৰ পুত্ৰ হয়।
৩৮ পথাৰখন হৈছে এই জগত। ভাল বীজ হৈছে ৰাজ্যৰ সন্তানসকল। কিন্তু বনৰীয়া ঘাঁহৰ বীজ হৈছে চয়তানৰ সন্তানসকল।
৩৯ আৰু যিজন শত্ৰুৱে সেইবোৰ সিঁচিলে সি হৈছে চয়তান। শস্য দোৱা হৈছে জগতৰ ব্যৱস্থাৰ* শেষ সময় আৰু শস্য দোৱাসকল হৈছে স্বৰ্গদূত।
৪০ সেইবাবে, বনৰীয়া ঘাঁহবোৰ গোটাই যেনেকৈ জ্বলাই দিয়া হয়, ঠিক তেনেকৈ এই জগতৰ ব্যৱস্থাৰ শেষ সময়ত হʼব।
৪১ মানুহৰ পুত্ৰই নিজৰ স্বৰ্গদূতসকলক পঠাব আৰু তেওঁলোকে তেওঁৰ ৰাজ্যৰ পৰা সেই সকলো লোককে একগোট কৰিব, যিসকলে আনক পাপলৈ নিয়ে* আৰু যিসকলে দুষ্ট কাম কৰে।
৪২ স্বৰ্গদূতে তেওঁলোকক অগ্নিকুণ্ডত পেলাই দিব, যʼত তেওঁলোকে কান্দিব আৰু দাঁত কৰচিব।
৪৩ সেই সময়ত ভাল মানুহে নিজৰ পিতৃৰ ৰাজ্যত সূৰ্য্যৰ দৰে জিলিকিব। মই কি কৈ আছোঁ কাণ পাতি শুনা।
৪৪ স্বৰ্গৰ ৰাজ্য মাটিত লুকুৱাই ৰখা ধনৰ নিচিনা হয়। এজন মানুহে সেই ধন বিচাৰি পোৱাৰ পাছত আকৌ তাতে লুকুৱাই থʼলে। তাৰ পাছত তেওঁ আনন্দেৰে গৈ তেওঁৰ যি যি আছিল সকলো বেছি সেই মাটি কিনি লʼলে।
৪৫ ইয়াৰ উপৰিও স্বৰ্গৰাজ্য এনে এজন ব্যৱসায়ীৰ নিচিনা হয়, যিজনে উত্তম মুকুতা বিচাৰি ফুৰে।
৪৬ যেতিয়া তেওঁ এটা বহুমূলীয়া মুকুতা বিচাৰি পালে, তেতিয়া তেওঁ লগে লগে গৈ নিজৰ যি যি আছিল সকলো বেচি সেই মুকুতাটো কিনি লʼলে।
৪৭ লগতে স্বৰ্গৰাজ্য এখন ডাঙৰ জালৰ নিচিনা, সেই জাল সাগৰত পেলোৱা হʼল আৰু সকলো বিধৰ মাছ সেই জালত উঠিল।
৪৮ সেই জাল ভৰি যোৱাৰ পাছত তেওঁলোকে তাক টানি বামলৈ আনিলে। তাৰ পাছত তেওঁলোকে বহি ভাল মাছবোৰ বাছি খালৈত ৰাখিলে আৰু খাব নোৱাৰা মাছবোৰ তেওঁলোকে পেলাই দিলে।
৪৯ এই জগতৰ ব্যৱস্থাৰ শেষ সময়তো এইদৰে হʼব: স্বৰ্গদূতে আহি ভাল মানুহৰ পৰা দুষ্ট লোকসকলক পৃথক কৰিব।
৫০ আৰু দুষ্টবিলাকক অগ্নিকুণ্ডত পেলাই দিব, যʼত তেওঁলোকে কান্দিব আৰু দাঁত কৰচিব।
৫১ তোমালোকে এই সকলো কথাৰ অৰ্থ বুজি পালা নে?” তেওঁলোকে কʼলে, “হয়, পালোঁ।”
৫২ যীচুৱে তেওঁলোকক কʼলে, “যদি তোমালোকে বুজি পাইছা, তেনেহʼলে লোকসকলক শিকোৱা সকলো শিক্ষক, যিসকলক স্বৰ্গৰ ৰাজ্যৰ বিষয়ে শিকোৱা হৈছে, তেওঁলোক ঘৰৰ সেই মালিকৰ নিচিনা হয়, যিজনে নিজৰ ধনৰ বাকচৰ পৰা নতুন আৰু পুৰণি বস্তুবোৰ বাহিৰলৈ লৈ আনে।”
৫৩ এই উদাহৰণবোৰ কোৱাৰ পাছত যীচু তাৰ পৰা গুচি গʼল।
৫৪ তাৰ পাছত তেওঁ নিজৰ এলেকালৈ আহি সভাঘৰত লোকসকলক শিকাবলৈ ধৰিলে। তেওঁৰ কথা শুনি লোকসকলে আচৰিত হৈ কʼবলৈ ধৰিলে, “এই মানুহজনে ইমান বুদ্ধি কʼৰ পৰা পালে আৰু এনেধৰণৰ চমৎকাৰ কৰিবলৈ তেওঁক কোনে শক্তি দিলে?
৫৫ ই জানো সেই বাঢ়ৈৰ লʼৰা নহয়? ইয়াৰ মাকৰ নাম মৰিয়ম আৰু ভায়েকহঁতৰ নাম যাকোব, যোচেফ, চিমোন আৰু যিহূদা নহয় নে?
৫৬ ইয়াৰ ভনীসকলেও আমাৰ মাজতে নাই জানো? তেনেহʼলে ই এই সকলো কথা কʼৰ পৰা শিকিলে?”
৫৭ সেইবাবে, তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস নকৰিলে। কিন্তু যীচুৱে তেওঁলোকক কʼলে, “এজন ভৱিষ্যবক্তাক নিজৰ এলেকা আৰু ঘৰৰ বাহিৰে সকলো ঠাইতে সন্মান কৰা হয়।”
৫৮ তেওঁলোকৰ কম বিশ্বাস থকাৰ কাৰণে যীচুৱে তাত বেছি চমৎকাৰ নকৰিলে।
Footnotes
^ আক্ষ., “সেই দুষ্ট।”
^ আক্ষ., “উজুটি খায়।”
^ বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।
^ ই এনে এক ঘাঁহৰ নিচিনা হয়, যি দেখাত একেবাৰে ঘেঁহুৰ নিচিনা, কিন্তু বিষাক্ত।
^ বা “বেকিং পাউদাৰ।”
^ বা হয়তো, “জগতৰ আৰম্ভণিৰে পৰা।”
^ শব্দকোষ চাওক।
^ আক্ষ., “যিবোৰ বস্তু উজুটি খোৱাৰ কাৰণ হয়।”