মথিয়ে লিখা শুভবাৰ্তা ১৫:১-৩৯
১৫ ইয়াৰ পাছত যিৰূচালেমৰ পৰা ফৰীচী আৰু নিয়ম শিকোৱা লোকে* যীচুৰ ওচৰলৈ আহি কʼবলৈ ধৰিলে।
২ “আপোনাৰ শিষ্যসকলে পুৰুষে পুৰুষে চলি অহা নিয়মবোৰ কিয় পালন নকৰে? যেনে, খোৱাৰ আগতে তেওঁলোকে হাত নোধোৱে।”*
৩ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “তোমালোকে কিয় নিজৰ পৰম্পৰাৰ কাৰণে ঈশ্বৰৰ আজ্ঞা পালন নকৰা?
৪ উদাহৰণস্বৰূপে, ঈশ্বৰে কৈছিল, ‘নিজৰ মা-দেউতাক সন্মান কৰিবা’ আৰু ‘যি কোনোৱে নিজৰ মা বা দেউতাক বেয়াকৈ কয়,* তেওঁক মৃত্যুদণ্ড দিয়া হʼব।’
৫ কিন্তু তোমালোকে কোৱা, ‘যদি এজন ব্যক্তিয়ে নিজৰ মা বা দেউতাকক কয়, “আপোনালোকে লাভৱান হোৱা মোৰ ওচৰত যি বস্তু আছে, সেই সকলো ঈশ্বৰৰ উদ্দেশ্যে ৰখা উপহাৰ হয়,”
৬ তেনেহʼলে তেওঁ নিজৰ মা-দেউতাক সন্মান কৰাৰ কোনো প্ৰয়োজন নাই।’ এইদৰে তোমালোকে নিজৰ পৰম্পৰাৰ কাৰণে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছা।
৭ হে কপটীয়াবিলাক, যিচয়াই তোমালোকৰ বিষয়ে এইদৰে কৈ ঠিকেই ভৱিষ্যবাণী কৰিছিল।
৮ ‘এই মানুহবোৰে ওঁঠেৰে মোক সন্মান কৰে। কিন্তু তেওঁলোকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে।
৯ তেওঁলোকে অনৰ্থকৰূপে মোৰ উপাসনা কৰে, কিয়নো তেওঁলোকে মানুহৰ ৰীতি-নীতিবোৰ এনেদৰে শিকায়, যেন সেইবোৰ ঈশ্বৰৰৰ শিক্ষা হয়।’”
১০ তেতিয়া যীচুৱে লোকসকলক নিজৰ ওচৰলৈ মাতি কʼলে, “শুনা আৰু এই কথাৰ অৰ্থ বুজা:
১১ মুখত যি সোমায়, সেয়া মানুহক অশুচি নকৰে, কিন্তু মুখৰ পৰা যি ওলায়, সেয়েহে মানুহক অশুচি কৰে।”
১২ তাৰ পাছত শিষ্যসকলে আহি তেওঁক কʼলে, “ফৰীচীসকলে আপোনাৰ কথা শুনি খং কৰিছে বুলি আপুনি জানে নে?”
১৩ তেতিয়া তেওঁ কʼলে, “যিবোৰ গছ পুলি স্বৰ্গত থকা মোৰ পিতৃয়ে ৰোৱা নাই, তাক শিপাৰে সৈতে উঘালি পেলোৱা হʼব।
১৪ তেওঁলোকক তেওঁলোকৰ মতেই থাকিবলৈ দিয়া, তেওঁলোকে নিজেই অন্ধ আৰু আনক পথ দেখুৱায়। যদি অন্ধই অন্ধক পথ দেখুৱায়, তেনেহʼলে দুয়োজনে গাঁতত গৈ পৰিব।”
১৫ এয়া শুনি পিতৰে তেওঁক কʼলে, “আমাক সেই উদাহৰণৰ অৰ্থ বুজাই দিয়ক।”
১৬ যীচুৱে কʼলে, “তুমিও এতিয়ালৈকে বুজি পোৱা নাই নে?
১৭ তোমালোকে নাজানা নে মুখেদি যি সোমায়, সেয়া পেটলৈ যায় আৰু পাছত বাহিৰলৈ ওলায়?
১৮ কিন্তু মুখৰ পৰা যি ওলায়, সেইবোৰ হৃদয়ৰ পৰা ওলায় আৰু সেইবোৰেই এজন মানুহক অশুচি কৰে।
১৯ যেনে, বেয়া চিন্তা, হত্যা, ব্যভিচাৰ, অনৈতিক শাৰীৰিক সম্পৰ্ক,* চোৰ কৰা, মিছা সাক্ষ্য দিয়া আৰু নিন্দাজনক কথা এই সকলোবোৰ হৃদয়ৰ পৰা ওলায়।
২০ এইবোৰেই মানুহক অশুচি কৰে, কিন্তু হাত নোধোৱাকৈ আহাৰ খালে তেওঁক অশুচি নকৰে।”
২১ তাৰ পাছত যীচুৱে তাৰ পৰা ওলাই তূৰ আৰু চীদোনৰ এলেকালৈ গুচি গʼল।
২২ আৰু চোৱা! ফৈনীকিয়াত থকা এগৰাকী তিৰোতা যীচুৰ ওচৰলৈ আহি, চিঞৰি চিঞৰি তেওঁক কʼবলৈ ধৰিলে, “হে প্ৰভু, দায়ূদৰ বংশ, মোলৈ দয়া কৰক। দুষ্ট স্বৰ্গদূতে পোৱাৰ বাবে মোৰ ছোৱালীজনীয়ে বহুত কষ্ট পাইছে।”
২৩ কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে। সেইবাবে, তেওঁৰ শিষ্যসকলে আহি বাৰে বাৰে কʼবলৈ ধৰিলে, “এওঁক পঠাই দিয়ক, কিয়নো এওঁ চিঞৰি চিঞৰি আমাৰ পিছে পিছে আহিছে।”
২৪ তেতিয়া যীচুৱে কʼলে, “মোক ইস্ৰায়েল জাতিৰ হেৰুৱা ভেড়াবোৰৰ বাহিৰে বেলেগৰ ওচৰলৈ পঠোৱা নাই।”
২৫ কিন্তু সেই তিৰোতাগৰাকী যীচুৰ ওচৰলৈ আহি মূৰ দোৱাই প্ৰণাম কৰি কʼলে, “হে প্ৰভু মোক সহায় কৰক!”
২৬ তেওঁ কʼলে, “লʼৰা-ছোৱালীৰ খোৱা বস্তুবোৰ লৈ কুকুৰৰ পোৱালিৰ আগত পেলাই দিয়াটো উচিত নহয়।”
২৭ তেতিয়া তিৰোতাগৰাকীয়ে কʼলে, “ঠিকেই কৈছে প্ৰভু, তথাপিওতো কুকুৰৰ পোৱালিয়ে নিজৰ মালিকৰ টেবুলৰ পৰা পৰি যোৱা টুকুৰাবোৰ খায়।”
২৮ এয়া শুনি যীচুৱে তেওঁক কʼলে, “তোমাৰ বিশ্বাস বহুত, যিদৰে তুমি বিচাৰিছা, তোমালৈ সেইদৰেই হওক।” আৰু সেই সময়তে তেওঁ ছোৱালীজনী ভাল হৈ গʼল।
২৯ তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা ওলাই গালীল সাগৰৰ ওচৰলৈ গʼল আৰু তেওঁ গৈ পাহাৰৰ ওপৰত উঠি বহিল।
৩০ তেতিয়া বহুতো লোকে তেওঁৰ ওচৰলৈ আহিলে আৰু তেওঁলোকে নিজৰ লগত খোৰা, অন্ধ, বোবা আৰু এনে বহুতো অসুস্থ ব্যক্তিক লৈ আহি তেওঁৰ ভৰিৰ ওচৰত শুৱাই দিলে আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
৩১ যেতিয়া লোকসকলে দেখিলে যে বোবাই কথা কʼব পাৰিছে, খোৰাই খোজকাঢ়িব পাৰিছে আৰু অন্ধই দেখা পাইছে, তেতিয়া তেওঁলোকে আচৰিত হৈ ইস্ৰায়েলৰ ঈশ্বৰৰ মহিমা কৰিলে।
৩২ তেতিয়া যীচুৱে নিজৰ শিষ্যসকলক মাতি কʼলে, “তেওঁলোকক দেখি মোৰ হৃদয় দয়াৰে ভৰি পৰিছে, কিয়নো তেওঁলোক মোৰ লগত থকা তিনিদিন হৈ গʼল আৰু তেওঁলোকৰ ওচৰত খাবলৈ একোৱেই নাই। মই তেওঁলোকক ভোকত পঠিয়াব নিবিচাৰোঁ, হয়তো তেওঁলোকে বাটত অসুস্থ হৈ পৰিব পাৰে।”
৩৩ কিন্তু শিষ্যসকলে তেওঁক কʼলে, “এই নিৰ্জন ঠাইত ইমানবোৰ মানুহক খোৱাবৰ বাবে আমি ইমান ৰুটি কʼত পাম?”
৩৪ যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকৰ ওচৰত কেইখন ৰুটি আছে?” তেওঁলোকে কʼলে “সাতখন আৰু কেইটামান সৰু মাছো আছে।”
৩৫ তেতিয়া যীচুৱে লোকসকলক মাটিত বহিবলৈ কʼলে
৩৬ আৰু তেওঁ সেই সাতখন ৰুটি আৰু মাছ লৈ প্ৰাৰ্থনাত ধন্যবাদ দিলে। তাৰ পাছত তেওঁ সেইবোৰ ভাঙি শিষ্যসকলক দিলে আৰু শিষ্যসকলে লোকসকলৰ মাজত ভগাই দিলে।
৩৭ সকলোৱে পেট ভৰাই খালে আৰু যেতিয়া বাচি যোৱা টুকুৰাবোৰ তুলিলে, তেতিয়া সাতখন টুকুৰি ভৰি গʼল।
৩৮ খোৱা মানুহৰ মাজত তিৰোতা আৰু লʼৰা-ছোৱালীক বাদ দি প্ৰায় ৪,০০০ জন পুৰুষ আছিল।
৩৯ অৱশেষত তেওঁ লোকসকলক বিদায় দিলে আৰু তেওঁ নাৱত উঠি মগদন এলেকালৈ আহিল।
Footnotes
^ আক্ষ., “লেখক।” শব্দকোষ চাওক।
^ অৰ্থাৎ পৰম্পৰাৰ অনুসৰি হাত নোধোৱে।
^ বা “গালি পাৰে।”
^ গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।