মথিয়ে লিখা শুভবাৰ্তা ২৩:১-৩৯

  • নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাকৰ দৰে নহʼবা (১-১২)

  • নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাকক নিন্দা কৰা হৈছে (১৩-৩৬)

  • যীচুৱে যিৰূচালেমৰ কাৰণে দুখ কৰিছে (৩৭-৩৯)

২৩  ইয়াৰ পাছত যীচুৱে লোকসকলক আৰু তেওঁৰ শিষ্যসকলক কʼলে, ২  “নিয়ম শিকোৱা লোক* আৰু ফৰীচীবিলাকে মোচিৰ আসনত বহি আছে। ৩  সেইবাবে, তেওঁলোকে যি কৰিবলৈ কয়, সেই সকলো পালন কৰা, কিন্তু তেওঁলোকৰ দৰে তোমালোকে কাম নকৰিবা, কিয়নো তেওঁলোকে যি কয়, সেয়া নকৰে। ৪  তেওঁলোকে বনোৱা নিয়ম গধুৰ বোজাৰ দৰে হয়, যিবোৰ তেওঁলোকে লোকসকলৰ কান্ধত দি দিয়ে, কিন্তু নিজে এটা আঙুলিৰেও সেই ভাৰ লৰাব নিবিচাৰে। ৫  তেওঁলোকে সকলো কাম আনক দেখুৱাবলৈ কৰে, সেইবাবে তেওঁলোকে নিজৰ তাবিজ* ডাঙৰকৈ বনায় আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে। ৬  তেওঁলোকে ৰাতিৰ ভোজত প্ৰধান ঠাই আৰু সভাঘৰত সকলোতকৈ আগত থকা* আসনত বহি ভাল পায়। ৭  বজাৰত লোকসকলে নমস্কাৰ কʼলে আৰু গুৰু* বুলি মাতিলে তেওঁলোকে ভাল পায়। ৮  কিন্তু তোমালোকক গুৰু বুলি মতা নহওক, কিয়নো তোমালোকৰ গুৰু এজনেই আছে আৰু তোমালোক সকলোৱে ভাই ভাই। ৯  আৰু পৃথিৱীত কাকো ‘পিতৃ’ বুলি নামাতিবা, কিয়নো তোমালোকৰ এজনেই পিতৃ আছে, যি স্বৰ্গত আছে। ১০  তোমালোকক ‘নেতা’ বুলি কোৱা নহওক, কিয়নো তোমালোকৰ এজনেই নেতা আছে, তেওঁ হৈছে খ্ৰীষ্ট। ১১  কিন্তু তোমালোকৰ মাজত যিজন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ সেৱক হওক। ১২  যি কোনোৱে নিজকে ডাঙৰ কৰে, তেওঁক সৰু কৰা হʼব আৰু যি কোনোৱে নিজকে সৰু কৰে, তেওঁক ডাঙৰ কৰা হʼব। ১৩  হে কপটীয়া নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাক, মই তোমালোকক নিন্দা কৰিছোঁ! কিয়নো মানুহবিলাক নোসোমাবলৈ তোমালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছা। তোমালোকে নিজেও নোসোমোৱা আৰু সোমাবলৈ বিচৰা লোককো ভিতৰত সোমাবলৈ নিদিয়া। ১৪ * — ১৫  হে কপটীয়া নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাক, মই তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোকে এজন ব্যক্তিক যিহূদী ধৰ্ম গ্ৰহণ কৰাবলৈ গোটেই সমুদ্ৰ আৰু পৃথিৱীত ঘূৰি ফুৰা। আৰু যেতিয়া তেওঁ সেই ধৰ্ম গ্ৰহণ কৰে, তেতিয়া তোমালোকে তেওঁক নাশ* হʼবলৈ তোমালোকতকৈ দুগুণ যোগ্য কৰি তোলা। ১৬  আনক পথ দেখুৱা হে অন্ধবিলাক, মই তোমালোকক নিন্দা কৰিছোঁ! তোমালোকে কোৱা, ‘যদি কোনোবাই মন্দিৰৰ শপত খায়, তেনেহʼলে একো নহয়। কিন্তু তেওঁ যদি মন্দিৰৰ সোণৰ শপত খায়, তেনেহʼলে তেওঁ নিজৰ শপত পূৰ কৰিবই লাগিব।’ ১৭  হে মূৰ্খ আৰু অন্ধবিলাক! আচলতে কোনটো ডাঙৰ, সোণ নে সোণক পবিত্ৰ কৰা মন্দিৰ? ১৮  তোমালোকে এয়াও কোৱা, ‘যদি কোনোবাই বেদীৰ শপত খায়, তেনেহʼলে একো নহয়। কিন্তু তেওঁ যদি সেই বেদীৰ ওপৰত ৰখা বলিদানৰ শপত খায়, তেনেহʼলে তেওঁ নিজৰ শপত পূৰ কৰিবই লাগিব।’ ১৯  হে অন্ধবিলাক! আচলতে কোনটো ডাঙৰ, বলিদান নে বলিদানক পবিত্ৰ কৰা সেই বেদী? ২০  সেইবাবে, যিজনে বেদীৰ শপত খায়, তেওঁ বেদী আৰু তাৰ ওপৰত ৰখা সকলো বস্তুৰ শপত খায়। ২১  যিজনে মন্দিৰৰ শপত খায়, তেওঁ মন্দিৰ আৰু মন্দিৰত বাস কৰা ঈশ্বৰৰো শপত খায়। ২২  যিজনে স্বৰ্গৰ শপত খায়, তেওঁ ঈশ্বৰৰ সিংহাসন আৰু তাৰ ওপৰত বহা ঈশ্বৰৰো শপত খায়। ২৩  হে কপটীয়া নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাক, মই তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোকে পদিনা, গুৱামৰি আৰু জীৰাৰ* দশম ভাগ দিয়া, কিন্তু নিয়মৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ অৰ্থাৎ ন্যায়, দয়া আৰু বিশ্বাসী হৈ থকাৰ ওপৰত কোনো গুৰুত্ব নিদিয়া। তোমালোকে এই বস্তুবোৰ দিয়াৰ লগতে আন আজ্ঞাবোৰো অৱহেলা কৰা উচিত নাছিল। ২৪  আনক পথ দেখুৱা হে অন্ধবিলাক! তোমালোকে মহক* চেকি পেলোৱা, কিন্তু উটকে গিলি খোৱা! ২৫  হে কপটীয়া নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাক, মই তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোক সেই কাঁহী-বাটিৰ নিচিনা হয়, যিবোৰ কেৱল বাহিৰৰ পৰা চাফা কৰা হয়, কিন্তু ভিতৰৰ ফালে লেতেৰা হৈ থাকে। তোমালোকৰ অন্তৰ লোভেৰে* পৰিপূৰ্ণ আৰু তোমালোক কেৱল নিজৰ ইচ্ছা পূৰ কৰাত ব্যস্ত হৈ থাকা। ২৬  হে অন্ধ ফৰীচীবিলাক, প্ৰথমে কাঁহী-বাটি ভিতৰৰ পৰা চাফা কৰা, তেতিয়া সেইবোৰ বাহিৰৰ পৰাও চাফা হʼব। ২৭  হে কপটীয়া নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাক, মই তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোক বগাকৈ লিপা কবৰৰ নিচিনা, যি বাহিৰৰ পৰা দেখিবলৈ সুন্দৰ, কিন্তু ভিতৰত মৰা মানুহৰ হাড় আৰু সকলো প্ৰকাৰৰ মলিৰে পৰিপূৰ্ণ। ২৮  ঠিক সেইদৰে, তোমালোকে বাহিৰ ফালে মানুহে দেখাত ভাল ব্যক্তি, কিন্তু ভিতৰত কপট আৰু দুষ্টতাৰে পূৰ হৈ আছা। ২৯  হে কপটীয়া নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাক, মই তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোকে ভৱিষ্যবক্তাসকলৰ কবৰ বনোৱা আৰু ভাল লোকসকলৰ কবৰ* সজোৱা। ৩০  আৰু তোমালোকে কোৱা, ‘যদি আমি নিজৰ পূৰ্বপুৰুষসকলৰ সময়ত থকা হʼলে ভৱিষ্যবক্তাসকলক হত্যা কৰিবলৈ সহযোগ নকৰিলোঁহেঁতেন।’ ৩১  এইদৰে তোমালোক ভৱিষ্যবক্তাসকলক হত্যা কৰাবিলাকৰ সন্তান হয় বুলি নিজৰ বিৰুদ্ধে নিজে সাক্ষ্য দিছা। ৩২  তোমালোকৰ পূৰ্বপুৰুষে যি কাম আৰম্ভ কৰিছিল, তাক শেষ কৰা।* ৩৩  হে সাপ আৰু বিষাক্ত সাপৰ বংশবিলাক, তোমালোকে নাশ* হোৱাৰ পৰা কেনেকৈ বাচি থাকিব পাৰিবা? ৩৪  সেইবাবে, মই তোমালোকৰ ওচৰলৈ ভৱিষ্যবক্তা, বুদ্ধিমান আৰু লোকসকলক শিকোৱা শিক্ষকসকলক পঠাইছোঁ। তেওঁলোকৰ মাজৰ কিছুমানক তোমালোকে হত্যা কৰিবা আৰু কাঠত আঁৰি দিবা আৰু আন কিছুমানক সভাঘৰত চাবুকেৰে কোবাবা আৰু চহৰে চহৰে গৈ তেওঁলোকক তাড়না দিবা। ৩৫  যিমান ভাল মানুহক পৃথিৱীত হত্যা কৰা হৈছে, যেনে, হেবলৰ পৰা বৰখিয়াৰ লʼৰা জখৰিয়ালৈকে, যিসকলক তোমালোকে মন্দিৰ আৰু বেদীৰ মাজত হত্যা কৰিছিলা, সেই সকলোৰে হত্যাৰ দোষ তোমালোকৰ ওপৰত আহি পৰক। ৩৬  মই তোমালোকক সঁচাকৈ কৈছোঁ, এইবোৰ এই যুগৰ লোকসকলৰ ওপৰত আহি পৰিব। ৩৭  যিৰূচালেম, হে যিৰূচালেম, তই ভৱিষ্যবক্তাসকলক হত্যা কৰিলি আৰু যিসকলক তোৰ ওচৰলৈ পঠোৱা হৈছিল, তেওঁলোকক শিল দলিয়াই মাৰিলি। কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোৰ সন্তানবোৰক চপাই লʼবলৈ ইচ্ছা কৰিছিলোঁ। কিন্তু তহঁতি সন্মত নহʼলি। ৩৮  চোৱা! ঈশ্বৰে তোমালোকৰ ঘৰখনক* এৰি দিছে।* ৩৯  মই তোমালোকক কওঁ, ‘যিজন যিহোৱাৰ* নামেৰে আহে, তেওঁ ধন্য!’ এই কথা নোকোৱালৈকে তোমালোকে এতিয়াৰ পৰা মোক কেতিয়াও দেখা নাপাবা।”

Footnotes

আক্ষ., “লেখক।” শব্দকোষ চাওক।
সৰু আকৃতিৰ বাকচ, যʼত মোচিৰ নিয়মৰ চাৰিটা অংশ থোৱা হৈছিল আৰু যিহূদী পুৰুষসকলে সুৰক্ষাৰ কাৰণে সেয়া কপাল আৰু বাওঁহাতত পিন্ধিছিল।
বা “সকলোতকৈ ভাল।”
আক্ষ., “ৰব্বি।”
অতি. ক৩ চাওক।
আক্ষ., “গেহেনা।”
পদীনা, গুৱামৰি আৰু জীৰা হৈছে বাগিছাত হোৱা এবিধ সৰু গছ, যি লোকসকলে খাদ্যত মচলা হিচাপে ব্যৱহাৰ কৰে।
মূল ভাষাত ই এনে এক সৰু উৰণীয়া পোক হয়, যিয়ে মহৰ দৰে কামোৰে।
বা “লোট কৰা বস্তুৰে।”
বা “স্মৰণীয় কবৰ।”
আক্ষ., “নিজৰ পূৰ্বপুৰুষসকলৰ জোখৰ পাত্ৰ পূৰ কৰা।”
আক্ষ., “গেহেনা।”
অৰ্থাৎ মন্দিৰ।
বা হয়তো, “তোমালৈ নিৰ্জন অৱস্থাত এৰি দিছে।”
অতি. ক৫ চাওক।