মথিয়ে লিখা শুভবাৰ্তা ২৪:১-৫১
২৪ যীচুৱে যেতিয়া মন্দিৰৰ পৰা বাহিৰলৈ গৈ আছিল, তেতিয়া তেওঁৰ শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি তেওঁক গোটেই মন্দিৰটো দেখুৱাবলৈ ধৰিলে।
২ তেতিয়া যীচুৱে শিষ্যসকলক কʼলে, “তোমালোকে এইবোৰ দেখি আচৰিত হৈছা নেকি? মই তোমালোক সঁচাকৈ কৈছোঁ, এইবোৰৰ এটাও শিল, আনটো শিলৰ ওপৰত নাথাকিব। সকলোবিলাক ধ্বংস হৈ যাব।”
৩ যেতিয়া তেওঁ জৈতুন পাহাৰত বহি আছিল, তেতিয়া শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি অকলে তেওঁক সুধিলে, “এইবোৰ কেতিয়া হʼব, আপোনাৰ উপস্থিতি* আৰু এই জগতৰ ব্যৱস্থাৰ* শেষ সময়ৰ চিন কি হʼব? এই বিষয়ে আমাক কওক।”
৪ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “কোনেও যেন তোমালোকক নুভুলায়, এই বিষয়ে সাৱধান হোৱা।
৫ কাৰণ বহুতো লোকে মোৰ নামেৰে আহি কʼব, ‘ময়েই খ্ৰীষ্ট’ আৰু এইদৰে কৈ তেওঁলোকে বহুতো লোকক ভুলাব।
৬ তোমালোকে যুদ্ধৰ মাত আৰু যুদ্ধৰ খবৰ শুনিবলৈ পাবা, কিন্তু ভয় নাখাবা। কিয়নো এইদৰে হʼব লাগিব, কিন্তু তেতিয়াও অন্ত নহʼব।
৭ কিয়নো এটা ৰাষ্ট্ৰই আন এটা ৰাষ্ট্ৰৰ বিৰুদ্ধে আৰু এখন ৰাজ্যই আন এখন ৰাজ্যৰ বিৰুদ্ধে উঠিব। ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হʼব।
৮ এই সকলো প্ৰসৱ বেদনাৰ দৰে সমস্যাবোৰৰ আৰম্ভণিহে মাথোন।
৯ তেতিয়া লোকসকলে তোমালোকক তাড়না দিবলৈ শত্ৰুৰ হাতত গতাই দিব, তোমালোকক হত্যা কৰিব আৰু মোৰ নামৰ কাৰণে সকলো ৰাষ্ট্ৰৰ লোকসকলে তোমালোকক ঘিণ কৰিব।
১০ ইয়াৰ উপৰিও, বহুতো লোক ঈশ্বৰৰ পৰা আঁতৰি যাব,* এজনে-আনজনৰ লগত বিশ্বাসঘাত কৰিব আৰু এজনে-আনজনক ঘিণ কৰিব।
১১ বহুতো মিছা ভৱিষ্যবক্তা ওলাই বহুতো লোকক ভুলাব।
১২ আৰু দুষ্টতা* বাঢ়ি যোৱাৰ বাবে বহুতো লোকৰ প্ৰেম ঠাণ্ডা হৈ পৰিব।
১৩ কিন্তু যিজনে শেষলৈকে ধৈৰ্য্য ধৰিব,* তেৱেঁই উদ্ধাৰ পাব।
১৪ আৰু সকলো ৰাষ্ট্ৰই সাক্ষ্য পাবলৈ ৰাজ্যৰ এই শুভবাৰ্তা গোটেই জগতত প্ৰচাৰ কৰা হʼব আৰু ইয়াৰ পাছতহে অন্ত আহিব।
১৫ সেইবাবে, তোমালোকে যেতিয়া ধ্বংসকাৰী ঘিণলগীয়া বস্তু, যাৰ বিষয়ে ভৱিষ্যবক্তা দানিয়েলে কৈছিল, পবিত্ৰ ঠাইত থিয় হৈ থকা দেখিবা (পঢ়োঁতাজনে বুদ্ধি ব্যৱহাৰ কৰক),
১৬ তেতিয়া যিসকলে যিহূদিয়াত আছে, তেওঁলোকে পাহাৰৰ ফালে পলাবলৈ আৰম্ভ কৰক।
১৭ যিজন ব্যক্তিয়ে ঘৰৰ চাদৰ ওপৰত আছে, তেওঁ নিজৰ ঘৰৰ পৰা বস্তু লʼবলৈ তললৈ নামি নাহক।
১৮ আৰু যিজন ব্যক্তিয়ে পথাৰত আছে, তেওঁ নিজৰ কাপোৰখন লʼবলৈ উলটি নাযাওক।
১৯ গৰ্ভৱতী তিৰোতা আৰু কেঁচুৱাক গাখীৰ খোৱাওঁতা তিৰোতাসকলৰ বাবে সেই দিনটো কিমান যে ভয়ানক হʼব!
২০ তোমালোকে যেন জাৰকালি বা বিশ্ৰাম-বাৰে পলাবলগীয়া নহয়, তাৰ কাৰণে প্ৰাৰ্থনা কৰি থাকা।
২১ কিয়নো সেই সময়ত এনে মহা-সংকট হʼব, যি জগতৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে কেতিয়াও হোৱা নাই আৰু নহʼবও।
২২ আচলতে সেই দিনৰ সংখ্যা যদি কম কৰা নহয়, তেনেহʼলে কোনো মানুহ ৰক্ষা নপৰিব। কিন্তু বাছনি কৰা লোকৰ কাৰণে সেই দিনৰ সংখ্যা কম কৰা হʼব।
২৩ সেই সময়ত যদি কোনোবাই তোমালোকক কয়, ‘চোৱা! খ্ৰীষ্ট ইয়াত আছে,’ বা ‘তাত আছে,’ তেনেহʼলে বিশ্বাস নকৰিবা।
২৪ কিয়নো মিছা খ্ৰীষ্ট আৰু মিছা ভৱিষ্যবক্তা ওলাব আৰু সম্ভৱ হʼলে বাছনি কৰা লোকসকলকো ভুলাবলৈ তেওঁলোকে ডাঙৰ ডাঙৰ চমৎকাৰ কৰিব।
২৫ চোৱা! মই তোমালোকক আগতীয়াকৈ সাৱধান কৰিছোঁ।
২৬ সেইবাবে, মানুহে যদি তোমালোকক কয়, ‘চোৱা! তেওঁ অৰণ্যত* আছে,’ তেনেহʼলে বাহিৰলৈ নাযাবা। ‘চোৱা! তেওঁ ভিতৰ কোঠালিত আছে,’ তেনেহʼলে বিশ্বাস নকৰিবা।
২৭ কিয়নো যেনেকৈ বিজুলীয়ে পূব দিশত চমকনি মাৰিলে পশ্চিমলৈকে দেখিবলৈ পোৱা যায়। মানুহৰ পুত্ৰৰ উপস্থিতিও* তেনেকুৱাই হʼব।
২৮ যʼত মৃতদেহ থাকে, তাত ঈগলো* গোট খায়।
২৯ সেই সময়ৰ সংকটৰ পাছতেই সূৰ্য্য অন্ধকাৰময় হʼব, চন্দ্ৰই পোহৰ নিদিব, আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ শক্তিবোৰ লৰোৱা হʼব।
৩০ তেতিয়া মানুহৰ পুত্ৰৰ চিন আকাশত দেখিবলৈ পোৱা যাব আৰু পৃথিৱীৰ সকলো জাতিয়ে দুখত হিয়া ভুকুৱাব আৰু তেওঁলোকে মানুহৰ পুত্ৰক শক্তি আৰু মহিমাৰে সৈতে আকাশৰ মেঘৰ ওপৰত অহা দেখিব।
৩১ আৰু তেওঁ তুৰীৰ মহা শব্দেৰে নিজৰ স্বৰ্গদূতসকলক পঠাব আৰু তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন এক সীমালৈকে, চাৰিও দিশৰ পৰা তেওঁৰ বাছনি কৰা লোকসকলক একগোট কৰিব।
৩২ এতিয়া ডিমৰু গছৰ উদাহৰণৰ পৰা এই কথা শিকা: যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে, তেতিয়া গৰমকাল ওচৰ পালেহি বুলি তোমালোকে জানা।
৩৩ ঠিক সেইদৰে, যেতিয়া তোমালোকে এই সকলো কথা হোৱা দেখিবা, তেতিয়া মানুহৰ পুত্ৰ ওচৰ চাপি, দুৱাৰ মুখ পালেহি বুলি তোমালোকে জানিবা।
৩৪ মই তোমালোকক সঁচাকৈ কৈছোঁ, যেতিয়ালৈকে এই সকলো কথা পূৰ নহʼব, তেতিয়ালৈকে এই যুগৰ লোকসকল কেতিয়াও লুপ্ত নহʼব।
৩৫ আকাশ আৰু পৃথিৱী লুপ্ত হʼব, কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহʼব।
৩৬ পিতৃৰ বাহিৰে স্বৰ্গৰ দূত, পুত্ৰ বা আন কোনেও সেই দিন আৰু সেই সময়ৰ বিষয়ে নাজানে।
৩৭ নোহৰ দিনৰ পৰিস্থিতি যেনেকুৱা আছিল, মানুহৰ পুত্ৰৰ উপস্থিতিৰ* সময়ৰ পৰিস্থিতিও তেনেকুৱাই হʼব।
৩৮ কাৰণ জলপ্লাৱনৰ আগেয়ে যেতিয়ালৈকে নোহ জাহাজত সোমোৱা নাছিল, তেতিয়ালৈকে লোকসকলে খোৱা-বোৱা আৰু বিয়া-বাৰু কৰিছিল
৩৯ আৰু যেতিয়ালৈকে জলপ্লাৱন আহি সকলোকে উটুৱাই নিনিলে, তেতিয়ালৈকে তেওঁলোকে কোনো ধ্যানেই নিদিলে। মানুহৰ পুত্ৰৰ উপস্থিতিও ঠিক তেনেকুৱাই হʼব।
৪০ তেতিয়া দুজন মানুহ পথাৰত কাম কৰি থাকিব, এজনক লোৱা হʼব, কিন্তু আনজনক এৰি দিয়া হʼব।
৪১ দুগৰাকী তিৰোতাই হাতেৰে জাঁত পিহি থাকিব, এগৰাকীক লোৱা হʼব, কিন্তু আন গৰাকীক এৰি দিয়া হʼব।
৪২ সেইবাবে, জাগি থাকা; কিয়নো তোমালোকৰ প্ৰভু কোন সময়ত আহিব, সেয়া তোমালোকে নাজানা।
৪৩ কিন্তু এই বিষয়ে চিন্তা কৰা, কোন পৰত* চোৰ আহিব, সেই বিষয়ে গৃহস্থজনে জনা হʼলে জাগি থাকি চোৰক নিজৰ ঘৰত সোমাবলৈ নিদিলেহেঁতেন।
৪৪ সেইবাবে, তোমালোকেও সাজু হৈ থাকা, কিয়নো যি সময়ৰ কথা তোমালোকে ভবাই নাই, সেই সময়তে মানুহৰ পুত্ৰ আহিব।
৪৫ সেই বিশ্বাসী আৰু বুদ্ধিমান* দাস কোন, যিজনক উচিত সময়ত আহাৰ দিবলৈ তেওঁৰ মালিকে নিজৰ ঘৰৰ কৰ্মচাৰীৰ ওপৰত গৰাকী পাতিলে?
৪৬ মালিকে আহি যদি সেই দাসক এইদৰেই কৰা দেখে, তেনেহʼলে সেই দাস সুখী!
৪৭ মই তোমালোকক সঁচাকৈ কৈছোঁ, মালিকে নিজৰ সকলো সম্পত্তিৰ ওপৰত তেওঁক গৰাকী পাতিব।
৪৮ কিন্তু সেই দুষ্ট দাসজনে যদি মনতে ভাবে, ‘মোৰ মালিকে আহিবলৈ দেৰি কৰিছে’
৪৯ আৰু নিজৰ লগত কাম কৰা আন দাসসকলক মাৰ-পিট কৰিবলৈ আৰু মতলীয়াবোৰৰ লগত খোৱা-বোৱা কৰিবলৈ ধৰে,
৫০ তেনেহʼলে যি দিনৰ বিষয়ে সেই দাসে আশাই কৰা নাই আৰু যি সময়ৰ বিষয়ে তেওঁ নাজানে, সেই দিন বা সেই সময়তেই তেওঁৰ মালিক আহিব।
৫১ আৰু মালিকে তেওঁক কঠোৰ শাস্তি দিব আৰু সেই ঠাইত পেলাই দিব, যʼত কপটীয়াবিলাকক পেলোৱা হয়। তাত সি কান্দিব আৰু দাঁত কৰচিব।
Footnotes
^ শব্দকোষ চাওক।
^ শব্দকোষ চাওক।
^ বা “উজুটি খাব।”
^ অৰ্থাৎ ঈশ্বৰৰ নিয়মক তুচ্ছ বুলি গণ্য কৰা।
^ বা “ধৰে।”
^ ই এক কম লোকসকল থকা অঞ্চলক বুজায়।
^ শব্দকোষ চাওক।
^ বা হয়তো, “শগুন।”
^ শব্দকোষ চাওক।
^ বা “ৰাতিৰ কোনটো ভাগত।”
^ বা “ভাবি-চিন্তি কাম কৰা।”