মথিয়ে লিখা শুভবাৰ্তা ২৫:১-৪৬
২৫ স্বৰ্গৰাজ্যৰ তুলনা সেই দহগৰাকী কন্যাৰ লগত কৰিব পাৰি, যিসকলে নিজৰ নিজৰ চাকি লৈ দৰাক আগবঢ়াই আনিবলৈ ওলাই গৈছে।
২ তেওঁলোকৰ ভিতৰত পাঁচজনী মূৰ্খ আৰু পাঁচজনী বুদ্ধিমান* আছিল।
৩ কিয়নো মূৰ্খ কেইজনীয়ে নিজৰ নিজৰ লগত চাকিটো লৈছে, কিন্তু তেল লোৱা নাই।
৪ আনহাতে বুদ্ধিমান কেইজনীয়ে চাকিৰ লগতে নিজৰ নিজৰ পাত্ৰত তেলো লʼলে।
৫ যেতিয়া দৰাই আহিবলৈ দেৰি কৰিছিল, তেতিয়া সকলো কন্যাই ভাগৰি টোপনি গʼল।
৬ যেতিয়া মাজনিশাত এই চিঞৰ শুনিবলৈ পোৱা গʼল, ‘চোৱা, দৰা আহিছে! বলা তেওঁক লগ কৰিবলৈ বাহিৰলৈ যাওঁ।’
৭ তেতিয়া সকলো কন্যাই উঠি তেওঁলোকে নিজৰ নিজৰ চাকি সাজু কৰিবলৈ ধৰিলে।
৮ যিসকল মূৰ্খ আছিল, তেওঁলোকে বুদ্ধিমান কেইজনীক কʼলে, ‘তোমালোকৰ তেলৰ পৰা আমাকো অলপ দিয়া, কিয়নো আমাৰ চাকি নুমাবলৈ ধৰিছে।’
৯ কিন্তু বুদ্ধিমান কেইজনীয়ে কʼলে, ‘হয়তো তোমালোকক দিলে আমালৈ নুজুৰিব। সেইবাবে, তেল বেচোঁতাৰ ওচৰলৈ গৈ তোমালোকৰ কাৰণে কিনি আনাগৈ।’
১০ যেতিয়া তেওঁলোকে কিনিবলৈ গৈ আছিল, তেতিয়াই দৰা আহি পালে। যি কেইজনী কন্যা সাজু আছিল, তেওঁলোকে দৰাৰ লগত বিয়াৰ ঘৰত সোমাল আৰু দুৱাৰখন বন্ধ কৰা হʼল।
১১ পাছত আন কেইজনী কন্যাই আহি কʼবলৈ ধৰিলে, ‘দৰা, আমাৰ কাৰণে দুৱাৰখন খুলি দিয়ক!’
১২ কিন্তু দৰাই কʼলে, ‘মই সঁচাকৈ কৈছোঁ, মই তোমালোকক চিনি নাপাওঁ।’
১৩ সেইবাবে, জাগি থাকা, কিয়নো সেই দিন বা সময়ৰ বিষয়ে তোমালোকে নাজানা।
১৪ স্বৰ্গৰাজ্য এনে এজন ব্যক্তিৰ দৰে হয়, যিজনে বিদেশলৈ যোৱাৰ আগতে নিজৰ দাসসকলক মাতি নিজৰ সম্পত্তি গতাই দিলে।
১৫ তেওঁ এজনক পাঁচ গাগৰি,* এজনক দুই গাগৰি, এজনক এক গাগৰি দিলে। এইদৰে প্ৰতিজনকে যোগ্য অনুসাৰে ধন দি বিদেশলৈ গুচি গʼল।
১৬ যিজন দাসে পাঁচ গাগৰি পাইছিল, তেওঁ লগে লগে গৈ সেই পইচা* ব্যৱসায়ত লগাই আৰু পাঁচ গাগৰি লাভ কৰিলে।
১৭ ঠিক সেইদৰে যিজন দাসে দুই গাগৰি পাইছিল, তেওঁ আৰু দুই গাগৰি লাভ কৰিলে।
১৮ কিন্তু যিজন দাসে কেৱল এক গাগৰি পাইছিল, তেওঁ মাটিত গাঁত খান্দি মালিকৰ পইচা লুকুৱাই থʼলে।
১৯ বহুদিনৰ পাছত সেই দাসবিলাকৰ মালিক আহি তেওঁলোকৰ পৰা হিচাপ লʼলে।
২০ যিজন দাসে পাঁচ গাগৰি পাইছিল, তেওঁ নিজৰ লগত আৰু পাঁচ গাগৰি লৈ আহি কʼলে, ‘মালিক আপুনি মোক পাঁচ গাগৰি দিছিল। চাওক, মই আৰু পাঁচ গাগৰি লাভ কৰিলোঁ।’
২১ মালিকে তেওঁক কʼলে, ‘খুব ভাল বিশ্বাসী দাস! তুমি অলপ বিষয়তে বিশ্বাসী আছিলা। মই তোমাক বহুতো বিষয়ৰ ওপৰত গৰাকী পাতিম। তুমি তোমাৰ মালিকৰ লগত আনন্দ কৰা।’
২২ ইয়াৰ পাছত যিজন দাসে দুই গাগৰি পাইছিল, তেওঁ আহি কʼলে, ‘মালিক আপুনি মোক দুই গাগৰি দিছিল। চাওক, মই আৰু দুই গাগৰি লাভ কৰিলোঁ।’
২৩ মালিকে তেওঁক কʼলে, ‘খুব ভাল বিশ্বাসী দাস! তুমি অলপ বিষয়তে বিশ্বাসী আছিলা। মই তোমাক বহুতো বিষয়ৰ ওপৰত গৰাকী পাতিম। তুমি তোমাৰ মালিকৰ লগত আনন্দ কৰা।’
২৪ অৱশেষত যিজন দাসে এক গাগৰি পাইছিল, তেওঁ আহি কʼলে, ‘মালিক মই জানিছিলোঁ আপুনি এজন কঠোৰ মানুহ, আপুনি যি ঠাইত বোৱা নাই, তাতে দায় আৰু যি ঠাইত সিঁচা নাই, তাতে চপায়।
২৫ সেইবাবে, মোৰ ভয় লাগিল আৰু আপুনি দিয়া গাগৰি মই মাটিত লুকুৱাই থলোঁ। এয়া লওক আপোনাৰ গাগৰি।’
২৬ মালিকে তেওঁক কʼলে, ‘হে দুষ্ট আৰু এলেহুৱা দাস, মই যি ঠাইত নবওঁ তাতে দাওঁ আৰু যি ঠাইত নিসিঁচোঁ তাতে চপাওঁ, ইয়াকে যদি তুমি জানিছিলা?
২৭ তেনেহʼলে তুমি মোৰ পইচা মহাজনৰ ওচৰত কিয় জমা নকৰিলা। এইদৰে কৰা হʼলে মই উভতি আহি সুতে সৈতে মোৰ পইচা পালোঁহেঁতেন।
২৮ সেইবাবে, তেওঁৰ পৰা সেই গাগৰি লৈ যিজনৰ ওচৰত দহ গাগৰি আছে, তেওঁক দি দিয়া।
২৯ কিয়নো যাৰ আছে, তেওঁক বেছিকৈ দিয়া হʼব আৰু তেওঁৰ বহুত হʼব। কিন্তু যাৰ নাই, তেওঁৰ যি আছে সেইখিনিও তেওঁৰ পৰা নিয়া হʼব।
৩০ কোনো কামৰ যোগ্য নোহোৱা এই দাসক বাহিৰত আন্ধাৰত পেলাই দিয়া, যʼত সি কান্দিব আৰু দাঁত কৰচিব।’
৩১ যেতিয়া মানুহৰ পুত্ৰই সকলো স্বৰ্গদূতৰ লগত মহিমাৰে সৈতে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব।
৩২ আৰু সকলো ৰাষ্ট্ৰৰ লোকসকলক তেওঁৰ ওচৰত একগোট কৰা হʼব। ৰখীয়াই যিদৰে ছাগলীৰ পৰা ভেড়াবোৰক পৃথক কৰে, ঠিক সেইদৰে তেওঁ লোকসকলক দুটা সমূহত ভাগ কৰিব।
৩৩ তেওঁ ভেড়াবোৰক নিজৰ সোঁফালে কৰিব, কিন্তু ছাগলীবোৰক নিজৰ বাওঁফালে কৰিব।
৩৪ ইয়াৰ পাছত ৰজাই তেওঁৰ সোঁফালে থকা লোকসকলক কʼব, ‘মোৰ পিতৃৰ পৰা আশীৰ্বাদ পোৱা লোকসকল, আহা, সেই ৰাজ্যৰ অধিকাৰী হোৱা যি জগতৰ আৰম্ভণিৰে পৰা তোমালোকৰ কাৰণে ৰাখি থোৱা আছে।
৩৫ কাৰণ মই ভোকত থকাৰ সময়ত তোমালোকে মোক খাবলৈ দিলা। মোৰ পিয়াহ লগাৰ সময়ত তোমালোকে মোক পানী দিলা। তোমালোকৰ কাৰণে মই অচিনাকী থকাৰ সময়ত তোমালোকে মোক নিজৰ ঘৰত থাকিবলৈ দিলা।
৩৬ মই উদঙে* থকাৰ সময়ত তোমালোকে মোক কাপোৰ দিলা। মই বেমাৰত থকাৰ সময়ত তোমালোকে মোৰ চোৱা-চিতা কৰিলা। মই জেলত থকাৰ সময়ত তোমালোকে মোক লগ কৰিবলৈ আহিলা।’
৩৭ তেতিয়া ভাল মানুহে তেওঁক কʼব, ‘হে প্ৰভু, আমি কেতিয়া আপোনাক ভোক লগা দেখি খাবলৈ দিছিলোঁ বা পিয়াহ লাগোতে পানী দিছিলোঁ?
৩৮ আমি কেতিয়া আপোনাক অচিনাকী দেখি নিজৰ ঘৰত থাকিবলৈ দিছিলোঁ বা উদঙে দেখি আপোনাক কাপোৰ দিছিলোঁ?
৩৯ আমি কেতিয়া আপোনাক বেমাৰ বা জেলত থকা দেখিছিলোঁ আৰু আপোনাক লগ কৰিবলৈ গৈছিলোঁ?’
৪০ তেতিয়া ৰজাই তেওঁলোকক কʼব, ‘মই তোমালোকক সঁচাকৈ কৈছোঁ, মোৰ এই সৰু ভাইবিলাকৰ মাজৰ এজনৰ লগতো যদি তোমালোকে এইদৰে কৰিছা, তেনেহʼলে সেয়া মোৰ লগত কৰিছা।’
৪১ ইয়াৰ পাছত ৰজাই নিজৰ বাওঁফালে থকা লোকসকলক কʼব, ‘হে অভিশপ্ত লোকসকল, মোৰ পৰা আঁতৰি যা আৰু সদায় জ্বলি থকা সেই জুইলৈ গুচি যা, যি চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকৰ কাৰণে তৈয়াৰ কৰা হৈছে।
৪২ কাৰণ মোৰ ভোক লগাৰ সময়ত তহঁতে মোক একো খাবলৈ নিদিলি আৰু পিয়াহ লগাৰ সময়ত তহঁতে মোক পানী নিদিলি।
৪৩ মই তহঁতৰ কাৰণে অচিনাকী থকাৰ সময়ত তহঁতে মোক নিজৰ ঘৰত থাকিবলৈ নিদিলি। মই উদঙে থকাৰ সময়ত তহঁতে মোক কাপোৰ নিদিলি। মই বেমাৰ আৰু জেলত থকাৰ সময়ত তহঁতে মোৰ চোৱা-চিতা নকৰিলি।’
৪৪ তেতিয়া সিহঁতেও ৰজাক কʼব, ‘হে প্ৰভু, আমি কেতিয়া আপোনাক ভোকত, পিয়াহত, অচিনাকী, উদং, বেমাৰ বা জেলত থকা দেখিছিলোঁ আৰু আপোনাৰ সেৱা নকৰিলোঁ?’
৪৫ তেতিয়া ৰজাই সিহঁতক কʼব, ‘মই তহঁতক সঁচাকৈ কৈছোঁ, মোৰ এই সৰু ভাইবিলাকৰ মাজৰ এজনৰ লগতো যদি তহঁতে এইদৰে কৰা নাই, তেনেহʼলে সেয়া মোৰ লগতো কৰা নাই।’
৪৬ এই লোকসকল সদায়কালৰ কাৰণে নাশ হৈ যাব,* কিন্তু ভাল মানুহে অনন্ত জীৱন লাভ কৰিব।”
Footnotes
^ বা “ভাবি-চিন্তি কাম কৰা।”
^ আক্ষ., “এটা গ্ৰীক গাগৰিৰ ওজন ২০.৪ কিলোগ্ৰাম আছিল।”
^ আক্ষ., “ৰূপ।”
^ বা “শৰীৰ ঢাকিবলৈ মোৰ ওচৰত কাপোৰ নাছিল।”
^ আক্ষ., “সদায়কালৰ বাবে কাটি পেলোৱা হʼব, যেনেকৈ এজোপা গছৰ পৰা ডালবোৰ কাটি পেলোৱা হয়।”