মথিয়ে লিখা শুভবাৰ্তা ২৬:১-৭৫
-
পুৰোহিতসকলে যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰে (১-৫)
-
যীচুৰ মূৰত তেল ঢলা হʼল (৬-১৩)
-
শেষ নিস্তাৰ-পৰ্ব আৰু যীচুৰ লগত বিশ্বাসঘাত (১৪-২৫)
-
প্ৰভুৰ সন্ধিয়া ভোজৰ আৰম্ভণি (২৬-৩০)
-
যীচুৱে কৈছিল, পিতৰে তেওঁক অস্বীকাৰ কৰিব (৩১-৩৫)
-
যীচুৱে গেৎচিমানীত প্ৰাৰ্থনা কৰে (৩৬-৪৬)
-
যীচুক গ্ৰেপ্তাৰ কৰা হʼল (৪৭-৫৬)
-
মহা-সভাৰ ওচৰত মোকৰ্দ্দমা (৫৭-৬৮)
-
পিতৰে যীচুক চিনি পাবলৈ অস্বীকাৰ কৰে (৬৯-৭৫)
২৬ যীচুৱে এই সকলো কথা কৈ শেষ কৰাৰ পাছত তেওঁ নিজৰ শিষ্যসকলক কʼলে,
২ “তোমালোকে জানা যে দুদিনৰ পাছত নিস্তাৰ-পৰ্ব হʼব। আৰু মানুহৰ পুত্ৰক কাঠত আঁৰি হত্যা কৰিবলৈ শত্ৰুবিলাকৰ হাতত গতাই দিয়া হʼব।”
৩ তেতিয়া প্ৰধান পুৰোহিত আৰু যিহূদীৰ নেতাসকলে কায়াফা নামৰ মহা-পুৰোহিতৰ চোতালত গোট খালে।
৪ তেওঁলোকে যীচুক ছলেৰে ধৰি* হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিলে।
৫ কিন্তু তেওঁলোকে কৈছিল, “উৎসৱৰ সময়ত নহয়, কাৰণ লোকসকলে হুলস্থুল কৰিব পাৰে।”
৬ যীচু বৈথনিয়াত চিমোনৰ ঘৰত আছিল, যি আগতে কুষ্ঠৰোগী আছিল।
৭ যেতিয়া তেওঁ খোৱা-বোৱা কৰি আছিল,* তেতিয়া এগৰাকী তিৰোতাই বহুমূলীয়া সুগন্ধি তেলৰ বটল লৈ যীচুৰ ওচৰলৈ আহি তেওঁৰ মূৰত তেল ঢালিবলৈ ধৰে।
৮ এয়া দেখি শিষ্যসকলৰ খং উঠে আৰু তেওঁলোকে কʼবলৈ ধৰে, “এই তিৰোতাগৰাকীয়ে কিয় তেল বৰ্বাদ কৰিছে?
৯ ইয়াক বেছি দামত বিক্ৰী কৰি দুখীয়া লোকসকলক দান কৰিব পৰা গʼলহেঁতেন।”
১০ তেওঁলোকৰ এই কথা বুজিব পাৰি যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে এই তিৰোতাগৰাকীক কিয় আমনি কৰিছা? তেওঁতো মোৰ কাৰণে বহুত ভাল কাম কৰিলে।
১১ দুখীয়াসকল সদায় তোমালোকৰ লগত থাকিব। কিন্তু মই তোমালোকৰ লগত সদায় নাথাকিম।
১২ তেওঁ মোৰ শৰীৰত সুগন্ধিৰ তেল লগোৱাৰ যোগেদি মৃত্যুৰ পাছত মোক কবৰ দিবলৈ প্ৰস্তুত কৰিলে।
১৩ মই তোমালোকক সঁচাকৈ কৈছোঁ, গোটেই জগতত যʼতেই শুভবাৰ্তা প্ৰচাৰ কৰা হʼব, তাতেই এই তিৰোতাগৰাকীৰ স্মৃতিত তেওঁ কৰা কামৰ বিষয়ে উল্লেখ কৰা হʼব।”
১৪ তাৰ পাছত ১২ জনৰ মাজত এজন, যাক যিহূদা ঈষ্কৰিয়োতীয়া বুলি কোৱা হয়, তেওঁ প্ৰধান পুৰোহিতসকলৰ ওচৰলৈ গʼল।
১৫ আৰু তেওঁ তেওঁলোকক কʼলে, “যদি মই তেওঁক আপোনালোকৰ হাতত ধৰাই দিওঁ, তেনেহʼলে আপোনালোকে মোক কি দিব?” তেতিয়া তেওঁক ৩০ টা ৰূপৰ মুদ্ৰা দিম বুলি কʼলে।
১৬ তেতিয়াৰে পৰা যিহূদাই যীচুক ধৰাই দিবলৈ সুযোগ বিচাৰি থাকিল।
১৭ খমিৰ নোহোৱা ৰুটিৰ উৎসৱৰ প্ৰথম দিনা যীচুৰ শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি সুধিবলৈ ধৰিলে, “আমি কʼত আপোনাৰ কাৰণে নিস্তাৰ-পৰ্বৰ ভোজ প্ৰস্তুত কৰাটো আপুনি বিচাৰে?”
১৮ তেওঁ কʼলে, “চহৰৰ অমুক ব্যক্তিৰ ওচৰলৈ যোৱা আৰু তেওঁক কোৱা, ‘গুৰুৱে কৈছে, মোৰ মৃত্যুৰ সময় কাষ চাপিছে, মই তোমাৰ ঘৰত মোৰ শিষ্যসকলৰ লগত নিস্তাৰ-পৰ্ব পালন কৰিম।’”
১৯ তেতিয়া শিষ্যসকলে যীচুৱে কোৱাৰ দৰেই কৰিলে আৰু নিস্তাৰ-পৰ্বৰ তৈয়াৰী কৰিলে।
২০ যেতিয়া গধূলি হʼল, তেতিয়া তেওঁ নিজৰ ১২ জন শিষ্যৰ লগত খোৱা-বোৱা কৰিবলৈ বহিল।
২১ যেতিয়া তেওঁলোকে খোৱা-বোৱা কৰি আছিল, তেতিয়া যীচুৱে কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকৰ মাজৰ এজনে মোৰ লগত বিশ্বাসঘাত কৰি মোক ধৰাই দিব।”
২২ এয়া শুনি তেওঁলোকৰ বহুত দুখ লাগিল আৰু এজন এজনকৈ যীচুক সুধিবলৈ ধৰিলে, “প্ৰভু, সেইজন মইতো নহয়?”
২৩ তেওঁ কʼলে, “যিজনে মোৰ লগত একেখন পাত্ৰৰ পৰা খাবলৈ নিছে, তেৱেঁই মোৰ লগত বিশ্বাসঘাত কৰিব।
২৪ এয়া সঁচা যে মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁ তোমালোক সকলোকে এৰি গৈছে। কিন্তু যিজন ব্যক্তিয়ে মানুহৰ পুত্ৰৰ লগত বিশ্বাসঘাত কৰি তেওঁক ধৰাই দিব, তেওঁৰ অৱস্থা বহুত বেয়া হʼব। সেই মানুহজন জন্ম নোহোৱা হʼলেই তেওঁৰ কাৰণে ভাল আছিল।”
২৫ তেতিয়া যীচুক বিশ্বাসঘাত কৰিবলৈ যোৱা যিহূদাই তেওঁক কʼলে, “ৰব্বি, সেইজন মইতো নহয়?” যীচুৱে তেওঁক কʼলে, “তুমি নিজেই কʼলা।”
২৬ যেতিয়া তেওঁলোকে খোৱা-বোৱা কৰি আছিল, তেতিয়া যীচুৱে এখন ৰুটি লʼলে আৰু প্ৰাৰ্থনাত ধন্যবাদ দি সেয়া ভাঙি নিজৰ শিষ্যসকলক দি কʼলে, “লোৱা, এয়া খোৱা। ইয়ে মোৰ শৰীৰক চিত্ৰিত কৰে।”
২৭ তাৰ পাছত তেওঁ এটা পাত্ৰ লʼলে আৰু প্ৰাৰ্থনাত ধন্যবাদ দি শিষ্যসকলক দিলে আৰু তেওঁলোকক কʼলে, “তোমালোকে সকলোৱে ইয়াৰ পৰা খোৱা।
২৮ কিয়নো ইয়ে মোৰ তেজক চিত্ৰিত কৰে, যি বহুতো লোকৰ পাপৰ ক্ষমাৰ কাৰণে দিয়া হʼব আৰু ঈশ্বৰৰ লগত কৰা চুক্তিক নিশ্চিত কৰিব।
২৯ মই তোমালোকক কৈছোঁ, যেতিয়ালৈকে নিজৰ পিতৃৰ ৰাজ্যত তোমালোকৰ লগত মই নতুন দ্ৰাক্ষাৰস নাখাওঁ, তেতিয়ালৈকে মই এই দ্ৰাক্ষাৰস কেতিয়াও নাখাম।”
৩০ অৱশেষত, তেওঁলোকে ঈশ্বৰৰ প্ৰশংসাত গীত গালে আৰু তাৰ পাছত জৈতুন পাহাৰলৈ ওলাই গʼল।
৩১ ইয়াৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “আজি ৰাতি মোৰ লগত যি হʼব, তাৰ কাৰণে তোমালোক সকলোৱে মোক এৰি যাবা।* কিয়নো লিখা আছে, ‘মই ৰখীয়াক আঘাত কৰিম আৰু জাকৰ ভেড়াবোৰ ছিন্ন-ভিন্ন হৈ যাব।’
৩২ কিন্তু যেতিয়া মোক জীয়াই তোলা হʼব, তেতিয়া তোমালোকতকৈ আগতেই মই গালীললৈ যাম।”
৩৩ কিন্তু পিতৰে তেওঁক কʼলে, “আপোনাৰ লগত যি হʼব, তাৰ কাৰণে আন সকলোৱে এৰি গʼলেও মই আপোনাক কেতিয়াও এৰি নাযাওঁ।”
৩৪ যীচুৱে তেওঁক কʼলে, “মই তোমাক সঁচাকৈ কৈছোঁ, আজি ৰাতি কুকুৰাই ডাক দিয়াৰ আগেয়ে তুমি মোক তিনিবাৰ চিনি পাবলৈ অস্বীকাৰ কৰিবা।”
৩৫ পিতৰে তেওঁক কʼলে, “আপোনাৰ লগত মৰিব লগা হʼলেও মই আপোনাক কেতিয়াও চিনি পাবলৈ অস্বীকাৰ নকৰিম।” আন শিষ্যসকলেও এইদৰেই কʼলে।
৩৬ তেতিয়া যীচুৱে নিজৰ শিষ্যসকলৰ লগত গেৎচিমানী নামৰ ঠাইলৈ আহিলে আৰু তেওঁ নিজৰ শিষ্যসকলক কʼলে, “মই তালৈ প্ৰাৰ্থনা কৰিবলৈ গৈ আছোঁ, তোমালোকে ইয়াতে বহি থাকা।”
৩৭ আৰু তেওঁ পিতৰ আৰু চিবদিয়ৰ দুজন লʼৰাক নিজৰ লগত লৈ গʼল। তেওঁ ব্যাকুল আৰু দুখত ভাঙি পৰিবলৈ ধৰিলে।
৩৮ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “মোৰ বহুত দুখ লাগিছে, আনকি মোৰ মৰো মৰো অৱস্থা হৈছে। তোমালোকে ইয়াতে থাকি মোৰ লগত জাগি থাকা।”
৩৯ তাৰ পাছত তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি এইদৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, “হে মোৰ পিতৃ, যদি সম্ভৱ হয়, তেনেহʼলে এই পাত্ৰ মোৰ পৰা আঁতৰাই দিয়া। তথাপিও মোৰ ইচ্ছা নহয়, কিন্তু তোমাৰ ইচ্ছা পূৰ হওক।”
৪০ তাৰ পাছত শিষ্যসকলৰ ওচৰলৈ আহি তেওঁলোকক টোপনি যোৱা দেখি তেওঁ পিতৰক কʼলে, “তোমালোকে মোৰ লগত এঘণ্টাও জাগি থাকিব নোৱাৰিলা নে?
৪১ পৰীক্ষাত যেন নপৰা এই কাৰণে তোমালোকে জাগি থাকা আৰু প্ৰাৰ্থনা কৰি থাকা। হৃদয় সাজু আছে,* কিন্তু শৰীৰ দুৰ্বল।”
৪২ তাৰ পাছত তেওঁ দ্বিতীয় বাৰ গৈ এইদৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, “হে মোৰ পিতৃ, এই পাত্ৰৰ পৰা খোৱাৰ বাহিৰে যদি আন কোনো উপায় নাই, তেনেহʼলে তোমাৰ ইচ্ছা পূৰ হওক।”
৪৩ তেওঁ আকৌ শিষ্যসকলৰ ওচৰলৈ আহিলে আৰু তেওঁলোকক শুই থকা দেখিলে। কিয়নো তেওঁলোকৰ চকু টোপনিত জাপ খাই গৈছিল।
৪৪ তাৰ পাছত যীচুৱে শিষ্যসকলক তাতে এৰি আকৌ তৃতীয় বাৰ গৈ সেই একে প্ৰাৰ্থনা কৰিলে।
৪৫ তাৰ পাছত তেওঁ আকৌ শিষ্যসকলৰ ওচৰলৈ আহি এইদৰে কʼলে, “তোমালোকে এনে এক সময়ত শুই আছা আৰু আৰাম কৰিছা! চোৱা, সেই সময় আহি পৰিছে, যেতিয়া মানুহৰ পুত্ৰৰ লগত বিশ্বাসঘাত কৰি তেওঁক পাপীবিলাকৰ হাতত গতাই দিয়া হʼব।
৪৬ উঠা, বʼলা যাওঁ। চোৱা, যিজনে মোৰ লগত বিশ্বাসঘাত কৰিব, তেওঁ ওচৰ পালেহি।”
৪৭ তেওঁ কৈ থাকোঁতেই যিহূদা আহিল, যি ১২ জনৰ ভিতৰত এজন আছিল। তেওঁৰ লগত তৰোৱাল আৰু লাঠি লোৱা লোকসকলৰ এটা ডাঙৰ ভীৰ আহিছিল আৰু তেওঁলোকক প্ৰধান পুৰোহিত আৰু যিহূদীৰ নেতাসকলে পঠাইছিল।
৪৮ তেওঁৰ লগত বিশ্বাসঘাত কৰাজনে তেওঁলোকক এইদৰে কৈ এটা চিন দিছিল, “যিজনক মই চুমা খাম, তেৱেঁই সেইজন। তেওঁক গ্ৰেপ্তাৰ কৰি লʼবা।”
৪৯ যিহূদাই যীচুৰ ওচৰলৈ গৈ তেওঁক কʼলে, “নমস্কাৰ ৰব্বি!” আৰু তেওঁক মৰমেৰে চুমা খালে।
৫০ কিন্তু যীচুৱে তেওঁক কʼলে, “তুমি কি উদ্দেশ্যেৰে ইয়ালৈ আহিছা?” তেতিয়া তেওঁলোকে আগলৈ আহি যীচুক ধৰি গ্ৰেপ্তাৰ কৰি লʼলে।
৫১ কিন্তু সেই সময়তেই যীচুৰ লগত যিসকল আছিল, তেওঁলোকৰ মাজৰ এজনে নিজৰ তৰোৱালখন উলিয়াই মহা-পুৰোহিতৰ এজন দাসক আঘাত কৰি তেওঁৰ কাণ এখন কাটি পেলালে।
৫২ তেতিয়া যীচুৱে তেওঁক কʼলে, “নিজৰ তৰোৱাল খাপত ভৰাই থোৱা। কিয়নো যিজনে তৰোৱাল ধৰে, তেওঁক তৰোৱালেৰে নাশ কৰা হʼব।
৫৩ তুমি কি ভাবা, মই নিজৰ পিতৃক এতিয়াই মোৰ কাৰণে হাজাৰ হাজাৰ স্বৰ্গদূতক* পঠিয়াবলৈ মিনতি কৰিব নোৱাৰোঁ নে?
৫৪ যদি মই এইদৰে কৰোঁ, তেনেহʼলে শাস্ত্ৰত কোৱা এই সকলো ঘটিব লাগিব, এই কথাষাৰ কেনেকৈ পূৰ হʼব?”
৫৫ তাৰ পাছত যীচুৱে ভীৰক কʼলে, “এজন ডকাইতক যিদৰে ধৰিবলৈ যায়, তেনেকৈ তোমালোকে মোক তৰোৱাল আৰু লাঠি লৈ গ্ৰেপ্তাৰ কৰিবলৈ আহিছা? মই সদায় মন্দিৰত বহি শিকাইছিলোঁ, তথাপি তোমালোকে মোক গ্ৰেপ্তাৰ নকৰিলা।
৫৬ কিন্তু ভৱিষ্যবক্তাসকলৰ যোগেদি লিখা কথাবোৰ পূৰ হʼবলৈ এই সকলো ঘটিল।” তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গʼল।
৫৭ যিসকলে যীচুক গ্ৰেপ্তাৰ কৰিছিল, তেওঁলোকে যীচুক মহা-পুৰোহিত কায়াফাৰ ওচৰলৈ লৈ গʼল, যʼত নিয়ম শিকোৱা লোক* আৰু যিহূদী নেতাসকল গোট খাই আছিল।
৫৮ কিন্তু পিতৰে মহা-পুৰোহিতৰ চোতাললৈকে, আঁতৰে আঁতৰে তেওঁৰ পিছে পিছে গৈ ভিতৰলৈ সোমাল। তাৰ পাছত তাত কি হʼব, সেয়া চাবলৈ তেওঁ ঘৰৰ সেৱকসকলৰ লগত বহিল।
৫৯ প্ৰধান পুৰোহিত আৰু গোটেই মহা-সভাই যীচুক হত্যা কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰি আছিল।
৬০ যদিও বহুতো মিছা সাক্ষীয়ে সাক্ষ্য দিছিল, কিন্তু যীচুক দোষাৰূপ কৰিবলৈ তেওঁলোকে একোৱেই বিচাৰি নাপালে। তাৰ পাছত দুজন সাক্ষী আহিল।
৬১ আৰু তেওঁলোকে কʼলে, “এই মানুহজনে কৈছিল, ‘মই ঈশ্বৰৰ এই মন্দিৰ ধ্বংস কৰি তিনি দিনৰ ভিতৰতে তাক আকৌ বনাব পাৰোঁ।’”
৬২ এই কথা শুনি মহা-পুৰোহিতে উঠি যীচুক কʼলে, “তই একো উত্তৰ নিদিয় নে? তই শুনা নাই নে, তোৰ ওপৰত তেওঁলোকে কি অভিযোগ লগাইছে?”
৬৩ কিন্তু তেতিয়াও যীচু মনে মনে থাকিল। মহা-পুৰোহিতে তেওঁক আকৌ কʼলে, “মই তোক জীৱিত ঈশ্বৰৰ শপত দিছোঁ, আমাক ক, তই ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হয় নে নহয়?”
৬৪ যীচুৱে তেওঁক কʼলে, “আপুনি নিজেই কʼলে। তথাপি মই আপোনালোকক কৈছোঁ, এতিয়াৰ পৰা আপোনালোকে মানুহৰ পুত্ৰক শক্তিশালী ঈশ্বৰৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘৰ ওপৰত আহি থকা দেখিব।”
৬৫ তেতিয়া মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি কʼলে, “সি ঈশ্বৰৰ নিন্দা কৰিছে! এতিয়া আমাক আৰু সাক্ষীৰ প্ৰয়োজন আছে নে? চোৱা! তোমালোকে নিজেই ঈশ্বৰৰ নিন্দা কৰা শুনিলা।
৬৬ গতিকে তোমালোকে কি ভাবা?” তেওঁলোকে উত্তৰ দি কʼলে, “এওঁ মৃত্যুদণ্ডৰ যোগ্য।”
৬৭ ইয়াৰ পাছত তেওঁলোকে যীচুৰ মুখত থু পেলালে আৰু ঘোচা মাৰিলে। আন কিছুমানে এইদৰে কৈ তেওঁক চৰ মাৰিলে,
৬৮ “হে খ্ৰীষ্ট, তই যদি ভৱিষ্যবক্তা হয়, তেনেহʼলে ক, তোক কোনে মাৰিলে?”
৬৯ পিতৰে বাহিৰৰ চোতালত বহি আছিল। সেই সময়তেই এজনী চাকৰণী তেওঁৰ ওচৰলৈ আহি কʼলে, “তুমিও গালীলীয়া যীচুৰ লগত আছিলা!”
৭০ কিন্তু তেওঁ সকলোৰে আগত অস্বীকাৰ কৰি কʼলে, “মই নাজানোঁ, তুমি কি কৈ আছা।”
৭১ যেতিয়া তেওঁ বাহিৰলৈ ওলাই চোতালৰ দুৱাৰৰ ফালে গৈ আছিল, তেতিয়া আন এজনী চাকৰণীয়ে তেওঁক দেখা পালে আৰু তাত থকা লোকসকলক কʼলে, “এই মানুহজন নাচৰতীয়া যীচুৰ লগত আছিল।”
৭২ আৰু এবাৰ তেওঁ শপত খাই অস্বীকাৰ কৰি কʼলে, “সেই মানুহজনক মই চিনি নাপাওঁ!”
৭৩ অলপ সময়ৰ পাছত আশে-পাশে থিয় হৈ থকা লোকসকলে পিতৰৰ ওচৰলৈ আহি কʼবলৈ ধৰিলে, “অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন। কিয়নো তোমাৰ কথাৰ পৰা* জানিব পৰা গৈছে।”
৭৪ তেতিয়া তেওঁ নিজকে শাও দি আৰু শপত খাই কʼলে, “মই সেই মানুহজনক চিনি নাপাওঁ!” সেই সময়তেই এটা কুকুৰাই ডাক দিলে।
৭৫ তেতিয়া যীচুৱে কোৱা সেই কথালৈ পিতৰৰ মনত পৰিল, “কুকুৰাই ডাক দিয়াৰ আগেয়ে তুমি মোক তিনি বাৰ চিনি পাবলৈ অস্বীকাৰ কৰিবা।” আৰু তেওঁ বাহিৰলৈ ওলাই গৈ হোক-হোকাই কান্দিবলৈ ধৰিলে।
Footnotes
^ বা “গ্ৰেপ্তাৰ কৰি।”
^ বা “মেজত একেলগে বহিছিল।”
^ আক্ষ., “তোমালোক সকলোৱে উজুটি খাবা।”
^ বা “ইচ্ছুক আছে।”
^ আক্ষ., “১২ বাহিনী।”
^ আক্ষ., “লেখক।” শব্দকোষ চাওক।
^ বা “কথা কোৱাৰ ধৰণৰ পৰা।”