মথিয়ে লিখা শুভবাৰ্তা ২৭:১-৬৬
২৭ যেতিয়া ৰাতিপুৱা হʼল, তেতিয়া সকলো প্ৰধান পুৰোহিত আৰু যিহূদী নেতাসকলে যীচুক হত্যা কৰিবলৈ নিজৰ মাজতে আলোচনা কৰিলে।
২ তেওঁলোকে যীচুক বান্ধি ৰাজ্যপাল পীলাতৰ ওচৰলৈ লৈ গʼল আৰু তেওঁৰ হাতত গতাই দিলে।
৩ যীচুৰ লগত বিশ্বাসঘাত কৰা যিহূদাই যেতিয়া দেখিলে যে যীচুক মৃত্যুদণ্ড দিয়া হৈছে, তেতিয়া তেওঁৰ বহুত দুখ লাগিল। তেওঁ প্ৰধান পুৰোহিত আৰু যিহূদীৰ নেতাসকলক ৰূপৰ সেই ৩০ টা মুদ্ৰা ঘূৰাই দি
৪ কʼলে, “মই এজন নিৰ্দোষী ব্যক্তিৰ* লগত বিশ্বাসঘাত কৰি পাপ কৰিলোঁ।” তেওঁলোকে কʼলে, “তাতে আমাৰ কি আহে যায়? তুমিয়ে জানা!”*
৫ তেতিয়া তেওঁ ৰূপৰ মুদ্ৰা মন্দিৰত পেলাই দিলে আৰু গৈ ফাঁচি লগাই আত্মহত্যা কৰিলে।
৬ কিন্তু প্ৰধান পুৰোহিতসকলে সেই ৰূপৰ মুদ্ৰাবোৰ লৈ কʼলে, “এইবোৰক মন্দিৰৰ দানৰ বাকচত ৰখাটো সঠিক নহʼব। কাৰণ, এয়া তেজৰ মূল্য হয়।”
৭ তেওঁলোকে নিজৰ মাজতে কথা পতাৰ পাছত সেই টকাৰে বিদেশীসকলক কবৰ দিবলৈ কুমাৰৰ মাটি কিনি লʼলে।
৮ সেই কাৰণে, সেই মাটিক আজিলৈকে তেজৰ মাটি বুলি কোৱা হয়।
৯ ইয়াৰ পৰা ভৱিষ্যবক্তা যিৰিমিয়াই কোৱা এই বাক্য পূৰ হʼল, “তেওঁলোকে ৩০ টা ৰূপৰ মুদ্ৰা লʼলে, যি সেই ব্যক্তিৰ কাৰণে নিৰ্ধাৰিত মূল্য আছিল। ইস্ৰায়েলৰ কিছুমান সন্তানে সেই ব্যক্তিৰ কাৰণে এক মূল্য নিৰ্ধাৰণ কৰিছিল।
১০ আৰু তেওঁলোকে এই মুদ্ৰা কুমাৰৰ মাটিৰ কাৰণে দিলে, যিদৰে যিহোৱাই* মোক আজ্ঞা দিছিল।”
১১ পাছত যীচুক ৰাজ্যপালৰ সন্মুখত থিয় কৰোৱা হʼল আৰু ৰাজ্যপালে তেওঁক সুধিলে, “তুমি যিহূদীসকলৰ ৰজা নে?” যীচুৱে উত্তৰ দিলে, “আপুনি নিজেই এইদৰে কৈছে।”
১২ কিন্তু প্ৰধান পুৰোহিত আৰু যিহূদীৰ নেতাসকলে যেতিয়া যীচুৰ বিৰুদ্ধে বিভিন্ন অভিযোগ কৰিবলৈ ধৰিলে, তেতিয়া যীচুৱে একো উত্তৰ নিদিলে।
১৩ তেতিয়া পীলাতে তেওঁক কʼলে, “তুমি শুনা নাই নে, এই লোকসকলে তোমাৰ ওপৰত কি কি অভিযোগ লগাইছে?”
১৪ তথাপিও যীচুৱে তেওঁক একো উত্তৰ নিদিলে। আনকি, এটা শব্দও নকʼলে। সেইবাবে, ৰাজ্যপালে বৰ আচৰিত হʼল।
১৫ ৰাজ্যপালে প্ৰতিটো নিস্তাৰ-পৰ্বৰ সময়ত লোকসকলৰ ইচ্ছাৰ অনুসৰি কোনো এজন কয়দীক মুকলি কৰি দিয়াৰ পৰম্পৰা আছিল।
১৬ সেই সময়ত বাৰাব্বা নামৰ এজন কুখ্যাত কয়দীক বন্দী কৰি ৰখা হৈছিল।
১৭ সেইবাবে, যেতিয়া তেওঁলোকে একগোট হৈছিল, তেতিয়া পীলাতে তেওঁলোকক সুধিলে, “তোমালোকে কি বিচাৰা, মই তোমালোকৰ কাৰণে কাক মুকলি কৰিম, বাৰাব্বাক নে যীচুক, যাক খ্ৰীষ্ট বুলি কোৱা হয়?”
১৮ পীলাতে জানিছিল যে তেওঁলোকে ঈৰ্ষাৰ কাৰণে যীচুক তেওঁৰ হাতত সোধাই দিছিল।
১৯ ইয়াৰ উপৰিও, যেতিয়া তেওঁ ন্যায়ৰ আসনত বহি আছিল, তেতিয়া তেওঁৰ পত্নীয়ে তেওঁৰ ওচৰলৈ এই বাৰ্তা পঠিয়ালে, “আপুনি সেই ভাল ব্যক্তিজনক একো নকৰিব। কিয়নো তেওঁৰ কাৰণে মই এটা ভয়লগা সপোন দেখিলোঁ আৰু আজি মই বহুত চিন্তিত হৈ আছোঁ।”
২০ কিন্তু প্ৰধান পুৰোহিত আৰু যিহূদীৰ নেতাসকলে বাৰাব্বাক মুকলি কৰিবলৈ আৰু যীচুক হত্যা কৰিবলৈ কʼবৰ কাৰণে লোকসকলক উচটালে।
২১ ৰাজ্যপালে তেওঁলোকক আকৌ এবাৰ সুধিলে, “তোমালোকে কি বিচাৰা, মই দুজনৰ ভিতৰত কাক মুকলি কৰিম?” তেওঁলোকে কʼলে, “বাৰাব্বাক।”
২২ পীলাতে তেওঁলোকক কʼলে, “তেনেহʼলে মই যীচুক কি কৰিম, যাক খ্ৰীষ্ট বুলি কোৱা হয়?” সকলোৱে কʼলে, “ইয়াক কাঠত আঁৰি দিয়ক!”
২৩ ৰাজ্যপালে কʼলে, “কিয়, তেওঁনো কি অপৰাধ কৰিলে?” কিন্তু তেওঁলোকে আৰু জোৰকৈ চিঞৰিবলৈ ধৰিলে, “ইয়াক কাঠত আঁৰি দিয়ক!”
২৪ যেতিয়া পীলাতে দেখিলে যে তেওঁ কোৱাৰ একো লাভ হোৱা নাই, আনকি হুলস্থুল আৰু বেছিকৈ বাঢ়ি গৈছে, তেতিয়া তেওঁ পানী লʼলে আৰু ভীৰৰ ওচৰত নিজৰ হাত ধুই কʼলে, “মই এই মানুহজনৰ তেজৰ পৰা নিৰ্দোষী। তোমালোকেই জানা।”
২৫ তেতিয়া সকলোৱেই কʼলে, “ইয়াৰ তেজৰ দোষ আমাৰ আৰু আমাৰ সন্তানবিলাকৰ ওপৰত আহি পৰক।”
২৬ তেতিয়া তেওঁ বাৰাব্বাক মুকলি কৰি দিলে। কিন্তু যীচুক তেওঁ চাবুকেৰে কোবোৱালে আৰু কাঠত আঁৰি হত্যা কৰিবলৈ তেওঁ লোকসকলৰ হাতত গতাই দিলে।
২৭ ইয়াৰ পাছত ৰাজ্যপালৰ সৈনিকসকলে যীচুক ৰাজ্যপালৰ ভৱনৰ ভিতৰলৈ লৈ গʼল আৰু তেওঁলোকে গোটেই সৈন্যদলক যীচুৰ চাৰিওফালে একগোট কৰিলে।
২৮ তেওঁলোকে যীচুৰ কাপোৰ খুলি তেওঁক উজ্জ্বল ৰঙা ৰঙৰ কাপোৰ পিন্ধালে।
২৯ আৰু কাঁইটেৰে কিৰীটি সাঁজি তেওঁৰ মূৰত দিলে আৰু তেওঁৰ সোঁহাতত এডাল নলখাগৰি দিলে। তাৰ পাছত তেওঁলোকে যীচুৰ সন্মুখত আঁঠুকাঢ়ি এইদৰে কৈ ঠাট্টা কৰিবলৈ ধৰিলে, “হে যিহূদীসকলৰ ৰজা, প্ৰণাম!”*
৩০ তেওঁলোকে তেওঁৰ ওপৰত থু পেলালে আৰু নলখাগৰি লৈ তেওঁৰ মূৰত মাৰিবলৈ ধৰিলে।
৩১ ঠাট্টা কৰাৰ পাছত তেওঁলোকে যীচুৰ সেই ৰঙা ৰঙৰ কাপোৰ খুলি তেওঁৰ কাপোৰ তেওঁকেই পিন্ধাই দিলে। তাৰ পাছত তেওঁলোকে যীচুক কাঠত আঁৰিবলৈ লৈ গʼল।
৩২ তেওঁলোকে গৈ থাকোঁতে কুৰীণীৰ পৰা অহা চিমোন নামেৰে এজন মানুহক লগ পালে। তেওঁলোকে যীচুৰ যাতনাৰ কাঠ* উঠাবলৈ তেওঁক আদেশ দিলে।
৩৩ যেতিয়া তেওঁলোকে গলগথা অৰ্থাৎ মূৰৰ লাওখোলা নামৰ এখন ঠাই পালে,
৩৪ তেতিয়া তেওঁলোকে যীচুক তিতা মিহলোৱা* দ্ৰাক্ষাৰস খাবলৈ দিলে। কিন্তু তেওঁ অলপমান মুখত দিয়াৰ লগে লগে সেয়া খাবলৈ অস্বীকাৰ কৰিলে।
৩৫ সৈনিকসকলে তেওঁক কাঠত গজাল মাৰি দিলে আৰু চিঠি খেলি তেওঁৰ কাপোৰ ভগাই লʼলে।
৩৬ তাৰ পাছত তেওঁলোকে তাতে বহি যীচুক পহৰা দি থাকিল।
৩৭ আৰু তেওঁৰ বিৰুদ্ধে এই অভিযোগ লিখি তেওঁৰ মূৰৰ ওপৰত কাঠত আঁৰি দিলে: “এইজন যিহূদীসকলৰ ৰজা যীচু।”
৩৮ সেই সময়ত তেওঁৰ লগত দুজন ডকাইতক কাঠত আঁৰি দিয়া হৈছিল, এজনক তেওঁৰ সোঁফালে আৰু আনজনক বাওঁফালে।
৩৯ যিসকলে সেই বাটেদি অহা-যোৱা কৰিছিল, তেওঁলোকে মূৰ জোকাৰি জোকাৰি তেওঁৰ নিন্দা কৰিবলৈ ধৰিলে,
৪০ “তইতো মন্দিৰ ভাঙি তিনি দিনৰ ভিতৰতে বনাব পাৰ, এতিয়া নিজকে ৰক্ষা কৰ! তই যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহʼলে যাতনাৰ কাঠৰ পৰা নামি আহ!”
৪১ এইদৰে প্ৰধান পুৰোহিতেও নিয়ম শিকোৱা* আৰু যিহূদী নেতাসকলৰ লগত মিলি তেওঁৰ ঠাট্টা কৰিবলৈ ধৰিলে,
৪২ “সি আনক বচালে, কিন্তু নিজকে বচাব নোৱাৰে! ই বোলে ইস্ৰায়েলৰ ৰজা। এতিয়া সি যাতনাৰ কাঠৰ পৰা নামি দেখাওক, তেতিয়াহে আমি তাক বিশ্বাস কৰিব পাৰিম।
৪৩ ই ঈশ্বৰৰ ওপৰত ভৰসা কৰিছে, যদি ঈশ্বৰ তাৰ পৰা আনন্দিত, তেনেহʼলে তাক বচাব। কিয়নো ই কৈছে, ‘মই ঈশ্বৰৰ পুত্ৰ।’”
৪৪ আনকি তেওঁৰ দুয়োফালে কাঠত আঁৰি দিয়া ডকাইত কেইজনেও তেওঁৰ বিষয়ে বেয়াকৈ কৈছিল।
৪৫ ছয় ঘণ্টাৰ* পৰা ন ঘণ্টালৈকে* গোটেই দেশত অন্ধকাৰ হৈ আছিল।
৪৬ প্ৰায় ন ঘণ্টাৰ সময়ছোৱাত যীচুৱে জোৰকৈ চিঞৰী কʼলে, “এলী, এলী, লামা চবক্তানী?” যাৰ অৰ্থ হৈছে, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি মোক কিয় এৰি দিলা?”
৪৭ এয়া শুনি তাত থিয় হৈ থকা কিছুমান লোকে কʼবলৈ ধৰিলে, “এই মানুহজনে এলিয়াক মাতিছে।”
৪৮ তেওঁলোকৰ মাজৰ এজনে লগে লগে দৌৰি গৈ এটা স্পঞ্জৰ টুকুৰা টেঙা দ্ৰাক্ষাৰসত ডুবালে আৰু নলখাগৰিত লগাই তেওঁক খাবলৈ দিলে।
৪৯ কিন্তু আন লোকসকলে কʼলে, “চাওঁচোন, এলিয়াই ইয়াক বচাবলৈ আহে নে নাহে।”
৫০ যীচুৱে আকৌ এবাৰ জোৰকৈ চিঞৰিলে আৰু প্ৰাণ ত্যাগ কৰিলে।
৫১ আৰু চোৱা! মন্দিৰৰ পৰ্দা ওপৰৰ পৰা তললৈকে ফাটি দুভাগ হʼল, ভূমিকম্প হʼল আৰু শিলাবোৰ ফাটি গʼল।
৫২ কবৰবোৰ* খুলি গʼল আৰু মৃত্যুৰ টোপনিত যোৱা ঈশ্বৰৰ বহুতো লোকৰ মৃতদেহ কবৰৰ পৰা বাহিৰলৈ ওলাই পৰিল।
৫৩ আৰু কবৰস্থানত থকা বহুতো লোকে সেই মৃতদেহবোৰ দেখিলে। (যিসকলে কবৰৰ ওচৰলৈ গৈছিল, তেওঁলোকে যীচুক জীৱিত কৰাৰ পাছত পবিত্ৰ চহৰলৈ আহিল।)
৫৪ কিন্তু সেনাপতি আৰু তেওঁৰ লগত পহৰা দিয়া লোকসকলে যেতিয়া ভূমিকম্প আৰু সেই সকলো ঘটনা দেখিলে, তেতিয়া তেওঁলোকে বৰ ভয় খালে আৰু কʼবলৈ ধৰিলে, “সঁচাকৈ, তেওঁ ঈশ্বৰৰ পুত্ৰ আছিল।”
৫৫ তাত বহুতো তিৰোতাই দূৰত থিয় হৈ চাই আছিল, তেওঁলোকে যীচুৰ সেৱা কৰিবলৈ গালীলৰ পৰা তেওঁৰ লগত আহিছিল।
৫৬ তেওঁলোকৰ ভিতৰত মৰিয়ম মগ্দলীনী, যাকোব আৰু যোচিৰ মা মৰিয়ম আৰু চিবদিয়ৰ লʼৰা দুজনৰ মাকো আছিল।
৫৭ যেতিয়া গধূলি হৈ আহিছিল, তেতিয়া অৰিমাথিয়াত থকা যোচেফ নামৰ ব্যক্তিজন তালৈ আহিলে। তেৱোঁ যীচুৰ এজন শিষ্য হৈছিল।
৫৮ এই ব্যক্তিজনে পীলাতৰ ওচৰলৈ গৈ যীচুৰ মৃতদেহ খুজিলে। তেতিয়া পীলাতে তেওঁক যীচুৰ মৃতদেহ দিবলৈ সৈনিকসকলক আদেশ দিলে।
৫৯ যোচেফে সেই মৃতদেহ লৈ তাক মিহি সূতাৰে তৈয়াৰ কৰা চাফা কাপোৰেৰে মেৰিয়ালে,
৬০ আৰু তেওঁ নিজৰ নতুন কবৰত ৰাখিলে, যি তেওঁ শিলা খান্দি বনাইছিল। তাৰ পাছত এচটা ডাঙৰ শিল বগৰাই আনি কবৰৰ দুৱাৰত থʼলে আৰু তেওঁ তাৰ পৰা গুচি গʼল।
৬১ কিন্তু মৰিয়ম মগ্দলীনী আৰু আনজনী মৰিয়ম তাতে কবৰৰ ওচৰত বহি আছিল।
৬২ পাছদিনা অৰ্থাৎ বিশ্ৰাম-বাৰৰ দিনাখন* প্ৰধান পুৰোহিত আৰু ফৰীচীসকলে পীলাতৰ ওচৰত গোট খালে।
৬৩ আৰু কʼবলৈ ধৰিলে, “প্ৰভু, আমাৰ মনত আছে সেই মিছলীয়াজনে জীয়াই থাকোঁতে কৈছিল যে ‘তিনিদিনৰ পাছত মই আকৌ জীয়াই উঠিম।’
৬৪ সেইবাবে তিনি দিনলৈকে কবৰৰ পহৰা দিবলৈ আজ্ঞা দিয়ক, যাতে তেওঁৰ শিষ্যসকলে আহি তেওঁৰ মৃতদেহ চুৰ কৰি নিব নোৱাৰে আৰু লোকসকলক এইদৰে কʼব নোৱাৰে, ‘তেওঁক মৃত লোকসকলৰ মাজৰ পৰা জীয়াই তোলা হʼল!’ যদি এইদৰে হয়, তেনেহʼলে এই প্ৰথম মিছাতকৈ শেষ মিছা আৰু বেছি হানিজনক হʼব।”
৬৫ পীলাতে তেওঁলোকক কʼলে, “তোমালোকে পহৰা দিয়া মানুহবিলাকক লৈ যাব পাৰা আৰু যেনেকৈ পহৰা দিব বিচাৰা, তেনেকৈ দিয়া।”
৬৬ তেতিয়া তেওঁলোক গʼল আৰু তেওঁলোকে এচটা ডাঙৰ শিলেৰে কবৰৰ দুৱাৰ ভালদৰে বন্ধ কৰিলে আৰু পহৰা দিয়া মানুহবিলাকক পহৰা দিবলৈ দায়িত্ব দিলে।
Footnotes
^ আক্ষ., “তেজৰ।”
^ বা “এয়া তোমাৰ সমস্যা।”
^ অতি. ক৫ চাওক।
^ বা “তোমাৰ জয় হওক।”
^ শব্দকোষ চাওক।
^ এয়া উদ্ভিদৰ পৰা তৈয়াৰ কৰা কোনো নিচা জাতীয় পদাৰ্থ হʼব পাৰে।
^ আক্ষ., “লেখক।” শব্দকোষ চাওক।
^ অৰ্থাৎ দুপৰীয়া প্ৰায় ১২ বজাৰ।
^ অৰ্থাৎ আবেলি প্ৰায় ৩ বজালৈকে।
^ বা “স্মৰণীয় কবৰ।”
^ আক্ষ., “আয়োজনৰ দিনৰ পাছদিনা।”