মথিয়ে লিখা শুভবাৰ্তা ৪:১-২৫

  • চয়তানে যীচুক ফুচলাবলৈ চেষ্টা কৰিলে (১-১১)

  • যীচুৱে গালীলত প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে (১২-১৭)

  • যীচুৱে চাৰিজন মাছমৰীয়াক তেওঁৰ শিষ্য হʼবলৈ নিমন্ত্ৰণ কৰিলে (১৮-২২)

  • যীচুৱে প্ৰচাৰ কৰিলে, শিকালে আৰু ৰোগীসকলক সুস্থ কৰিলে (২৩-২৫)

৪  তাৰ পাছত ঈশ্বৰৰ পবিত্ৰ শক্তিয়ে যীচুক অৰণ্যলৈ* লৈ যায়। তাত চয়তানে* তেওঁক ফুচলাবলৈ ধৰিলে। ২  যীচুৱে ৪০ দিন আৰু ৪০ ৰাতি একো নোখোৱাকৈ আছিল, তাৰ পাছত তেওঁৰ ভোক লাগিল। ৩  তেতিয়া চয়তানে আহি তেওঁক কʼলে, “যদি তুমি ঈশ্বৰৰ এজন পুত্ৰ হোৱা, তেনেহʼলে এই শিলবোৰক কোৱা, যেন এইবোৰ ৰুটি হৈ যায়।” ৪  কিন্তু যীচুৱে এইদৰে উত্তৰ দিলে, “শাস্ত্ৰত লিখা আছে, ‘মানুহে কেৱল ৰুটিৰে নহয়, কিন্তু যিহোৱাৰ* মুখৰ পৰা ওলোৱা প্ৰত্যেকটো বাক্যৰেহে জীয়াই থাকিব লাগিব।’” ৫  ইয়াৰ পাছত চয়তানে তেওঁক পবিত্ৰ নগৰ যিৰূচালেমলৈ লৈ গʼল আৰু তেওঁক মন্দিৰৰ আটাইতকৈ ওখ ঠাইত নি থিয় কৰালে। ৬  সি যীচুক কʼলে, “যদি তুমি ঈশ্বৰৰ এজন পুত্ৰ হোৱা, তেনেহʼলে ইয়াৰ পৰা তললৈ জাপ মাৰি দিয়া, কিয়নো শাস্ত্ৰত লিখা আছে, ‘তেওঁ তোমাৰ কাৰণে নিজৰ স্বৰ্গদূতসকলক আজ্ঞা দিব। তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব।’” ৭  যীচুৱে চয়তানক কʼলে, “শাস্ত্ৰত এয়াও লিখা আছে, ‘তুমি নিজৰ ঈশ্বৰ যিহোৱাৰ* পৰীক্ষা নলʼবা।’” ৮  তাৰ পাছত চয়তানে যীচুক নিজৰ লগত আটাইতকৈ ওখ পাহাৰলৈ লৈ গʼল আৰু তেওঁক জগতৰ সকলো ৰাজ্য আৰু তাৰ জাক-জমকতা দেখুৱালে। ৯  তাৰ পাছত সি যীচুক কʼলে, “যদি তুমি মূৰ দোৱাই এবাৰ হʼলেও মোৰ উপাসনা কৰা, তেনেহʼলে এই সকলো মই তোমাক দি দিম।” ১০  যীচুৱে তাক কʼলে, “গুচি যা চয়তান! কিয়নো শাস্ত্ৰত লিখা আছে, ‘তুমি কেৱল নিজৰ ঈশ্বৰ যিহোৱাৰ* উপাসনা কৰা আৰু তেওঁৰেই পবিত্ৰ সেৱা কৰা।’” ১১  তেতিয়া চয়তানে তেওঁক এৰি গুচি গʼল আৰু চোৱা! স্বৰ্গদূতসকলে আহি যীচুৰ সেৱা কৰিবলৈ ধৰিলে। ১২  যোহনক গ্ৰেপ্তাৰ কৰা হʼল বুলি যেতিয়া যীচুৱে শুনিলে, তেতিয়া তেওঁ তাৰ পৰা গালীললৈ গুচি গʼল। ১৩  তাৰ পাছত তেওঁ নাচৰৎ এৰি সাগৰৰ তীৰত থকা কফৰনাহূমত থাকিবলৈ ধৰিলে, যি জবূলূন আৰু নপ্তালী এলেকাত অৱস্থিত আছিল। ১৪  ইয়াৰ পৰা ভৱিষ্যবক্তা যিচয়াৰ যোগেদি কোৱা এই কথাষাৰ পূৰ হʼল, ১৫  “হে জবূলূন দেশ আৰু নপ্তালী দেশ, সাগৰত যোৱা ৰাস্তা আৰু যৰ্দ্দনৰ সিপাৰে থকা ইস্ৰায়েলী নোহোৱা সকলৰ গালীল, ১৬  যিসকল লোকে অন্ধকাৰত আছিল, তেওঁলোকে উজ্জ্বল পোহৰ দেখা পালে। যিসকল লোকে মৃত্যুছাঁয়াৰ* দেশত আছিল, তেওঁলোকৰ ওপৰত পোহৰ পৰিল।” ১৭  সেই সময়ৰ পৰা যীচুৱে এইদৰে প্ৰচাৰ কৰিবলৈ ধৰিলে, অনুতাপ কৰা স্বৰ্গৰাজ্য নিচেই কাষত। ১৮  যীচুৱে গালীল সাগৰৰ পাৰত খোজকাঢ়ি ফুৰোঁতে চিমোন, যাক পিতৰ বুলিও কোৱা হয় আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক সাগৰত জাল পেলোৱা দেখিলে। তেওঁলোক দুয়োজন মাছমৰীয়া আছিল। ১৯  যীচুৱে তেওঁলোকক কʼলে, “মোৰ পিছে পিছে আহা আৰু তোমালোকে যিদৰে মাছ ধৰা, ঠিক সেইদৰে মই তোমালোকক মানুহ ধৰিবলৈ শিকাম।” ২০  তেওঁলোকে লগে লগে নিজৰ জাল এৰি তেওঁৰ পিছে পিছে গʼল। ২১  তাৰ পৰা আগুৱাই যাওঁতে যীচুৱে যাকোব আৰু তেওঁৰ ভাই যোহনক দেখিলে। তেওঁলোক দুয়োজন চিবদিয়ৰ লʼৰা আছিল। তেওঁলোকে নিজৰ পিতৃৰ লগত নাৱত নিজৰ জাল ঠিক কৰি আছিল। যীচুৱে তেওঁলোককো মাতিলে। ২২  তেওঁলোকে লগে লগে নাও আৰু নিজৰ পিতৃক এৰি তেওঁৰ পিছে পিছে গʼল। ২৩  তাৰ পাছত যীচুৱে গালীলৰ গোটেই ঠাইত ফুৰি তেওঁলোকৰ সভাঘৰত শিকাবলৈ আৰু ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ধৰিলে। তেওঁ লোকসকলৰ সকলো ধৰণৰ বেমাৰ আৰু শাৰীৰিকভাৱে দুৰ্বল লোকক সুস্থ কৰি থাকিল। ২৪  এই খবৰ গোটেই চিৰিয়াত বিয়পি পৰিল। লোকসকলে বিভিন্ন ধৰণৰ বেমাৰী, বেমাৰৰ কাৰণে কষ্ট পাই থকা লোক, দুষ্ট স্বৰ্গদূতে পোৱা লোক, মৃগী বেমাৰ হোৱা লোক আৰু জঠৰ ৰোগীক* তেওঁৰ ওচৰলৈ আনিলে। যীচুৱে সেই সকলোকে সুস্থ কৰিলে। ২৫  সেইবাবে গালীল, দিকাপলি,* যিৰূচালেম আৰু যিহূদিয়াৰ পৰা আৰু যৰ্দ্দনৰ সিপাৰৰ পৰা অহা বহুতো মানুহ যীচুৰ পিছে পিছে গʼল।

Footnotes

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।
আক্ষ., “দিয়াবল।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
শব্দকোষ চাওক।
অৰ্থাৎ গোটেই শৰীৰ বা শৰীৰৰ কোনো এটা অংগ লৰচৰ কৰিব নোৱাৰা লোক।
বা “দহখন চহৰৰ এলেকা।”