মথিয়ে লিখা শুভবাৰ্তা ৭:১-২৯
৭ তোমালোকে আনৰ নিন্দা নকৰিবা, তেতিয়াহে তোমালোকৰো নিন্দা কৰা নহʼব।
২ কিয়নো তোমালোকে যিদৰে আনক নিন্দা কৰা, ঠিক সেইদৰে আনেও তোমালোকক নিন্দা কৰিব আৰু যি জোখেৰে তোমালোকে আনক জোখা, সেই জোখেৰে তোমালোককো জোখা হʼব।
৩ তোমাৰ চকুত থকা ডাঙৰ কাঠৰ টুকুৰালৈ* মন নকৰি, ভায়েৰাৰ চকুত থকা সৰু কুটাডালিলৈ কিয় মন কৰিছা?
৪ যদি তোমাৰ চকুত ডাঙৰ কাঠৰ টুকুৰা থাকে, তেনেহʼলে তুমি নিজৰ ভাইক কেনেকৈ কʼব পাৰিবা যে আহা, তোমাৰ চকুৰ পৰা কুটাডালি উলিয়াই দিওঁ?
৫ হে কপটীয়া, প্ৰথমে নিজৰ চকুত থকা কাঠৰ টুকুৰাডাল ওলোৱা, তেতিয়াহে নিজৰ ভায়েৰাৰ চকুৰ পৰা কুটাডালি উলিয়াবলৈ ভালকৈ দেখা পাবা।
৬ যিবোৰ বস্তু ঈশ্বৰৰ হয়, সেইবোৰ কুকুৰক নিদিবা আৰু মূল্যৱান বস্তু গাহৰিৰ আগত পেলাই নিদিবা। যদি তোমালোকে এইদৰে কৰা, তেনেহʼলে সিহঁতে সেইবোৰ গচকি শেষ কৰিব আৰু তোমালোককে বেয়াকৈ আঘাত কৰিব।
৭ খুজি থাকা, তেতিয়াহে তোমালোকক দিয়া হʼব। বিচাৰি থাকা, তেতিয়াহে তোমালোকে পাবা। টুকুৰিয়াই থাকা, তেতিয়াহে তোমালোকৰ কাৰণে দুৱাৰ খোলা হʼব।
৮ কিয়নো যিজনে খোজে, তেওঁ পায় আৰু যিজনে বিচাৰে তেওঁ দেখা পায় আৰু যিজনে টুকুৰিয়ায়, তেওঁৰ কাৰণে দুৱাৰ খোলা হয়।
৯ যদি তোমাৰ সন্তানে আহাৰ বিচাৰে, তেন্তে নিশ্চয় তুমি শিল নিদিয়া!
১০ বা যদি তোমাক মাছ খোজে, তেনেহʼলে তুমি তাক নিশ্চয় সাপ নিদিয়া!
১১ বহুতো বেয়া কাম কৰাৰ সত্ত্বেও যদি তোমালোকে নিজৰ লʼৰা-ছোৱালীক ভাল বস্তু দিব জানা, তেনেহʼলে স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে খোজাবিলাকক তাতকৈ বেছি ভাল বস্তু নিদিব নে?
১২ আনে তোমাৰ লগত যিদৰে ব্যৱহাৰ কৰাটো তুমি বিচাৰা, ঠিক সেইদৰে তুমিও আনৰ লগত ব্যৱহাৰ কৰা। কিয়নো এয়া নিয়ম আৰু ভৱিষ্যবক্তাসকলৰ বাক্যৰ* মূল শিক্ষা।
১৩ ঠেক দুৱাৰেদি সোমোৱা, কিয়নো যি দুৱাৰে আৰু যি বাটে সৰ্বনাশলৈ নিয়ে, সেই দুৱাৰ বহল, বাটো সহজ আৰু সেই ফালেদি সোমোৱা লোকসকলৰ সংখ্যাও বহুত।
১৪ কিন্তু যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে, সেই দুৱাৰ ঠেক আৰু বাটো কঠিন আৰু ইয়াক পোৱা লোকসকলৰ সংখ্যাও কম।
১৫ মিছা কোৱা এনে মানুহৰ পৰা সাৱধান হোৱা, যিসকলে তোমাৰ ওচৰলৈ আহে আৰু ঈশ্বৰৰ বিষয়ে শিকাইছোঁ বুলি কয়। সিহঁতে ভেড়াৰ নিচিনা হানি নকৰোঁ বুলি ভাও ধৰে। কিন্তু আচলতে সিহঁতে তোমালোকক ভুকাতুৰ বনৰীয়া জন্তুৰ দৰে হানি কৰিব বিচাৰে।
১৬ যিদৰে ফলৰ যোগেদি তোমালোকে তাৰ গছজোপাক চিনি পোৱা, ঠিক সেইদৰে সিহঁতৰ কামৰ যোগেদি তোমালোকে সিহঁতক চিনি পাবা। লোকসকলে কেতিয়াবা কাঁইটীয়া গছৰ পৰা আঙুৰ বা বনৰীয়া গছৰ পৰা ডিমৰু ছিঙে নে?
১৭ ঠিক সেইদৰে ভাল গছে ভাল ফল দিয়ে, কিন্তু বেয়া গছে বেয়া ফল দিয়ে।
১৮ ভাল গছে বেয়া ফল দিব নোৱাৰে আৰু বেয়া গছে ভাল ফল দিব নোৱাৰে।
১৯ যদি কোনো এজোপা গছে ভাল ফল নিদিয়ে, তেনেহʼলে মানুহে গছজোপা কাটি জ্বলাই দিয়ে।
২০ সেইবাবে, সিহঁতৰ কামৰ যোগেদি* তোমালোকে সিহঁতক চিনি পাবা।
২১ যিসকলে মোক হে প্ৰভু, হে প্ৰভু বুলি কয়, তেওঁলোক স্বৰ্গৰাজ্যৰ ভাগ নহʼব। কিন্তু যিসকলে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পূৰ কৰে, তেওঁলোকেহে স্বৰ্গৰাজ্যৰ ভাগ হʼব।
২২ এনে এদিন আহিব যিদিনা লোকসকলে মোক কʼব, ‘হে প্ৰভু, হে প্ৰভু, আমি তোমাৰ নামেৰে ভৱিষ্যবাণী কৰা নাই নে, আমি তোমাৰ নামেৰে দুষ্ট স্বৰ্গদূতবিলাকক খেদুৱা নাই নে আৰু তোমাৰ নামেৰে আমি ডাঙৰ ডাঙৰ কাম কৰা নাই নে?’
২৩ তেতিয়া মই সিহঁতক স্পষ্টকৈ কʼম: মই তহঁতক চিনি নাপাওঁ। হে দুষ্টবিলাক, মোৰ ওচৰৰ পৰা আঁতৰি যা!
২৪ সেইবাবে, যিজনে মোৰ এই কথাবোৰ শুনে আৰু পালন কৰে, তেওঁ সেই বুদ্ধিমান ব্যক্তিৰ দৰে হʼব, যিয়ে নিজৰ ঘৰ শিলাৰ ওপৰত বনালে।
২৫ তাৰ পাছত ধাৰাষাৰ বৰষুণ হʼল, বানপানী আহিল, বতাহ-ধুমুহা আহিল আৰু সেই ঘৰটোত খুন্দা মাৰিল, তথাপি ঘৰটো ভাঙি নগʼল, কাৰণ সেয়া শিলাৰ ওপৰত বনোৱা হৈছিল।
২৬ আনহাতে, যিজনে মোৰ এই কথাবোৰ শুনে কিন্তু পালন নকৰে, তেওঁ সেই মূৰ্খৰ নিচিনা হʼব, যিজনে নিজৰ ঘৰ বালিৰ ওপৰত বনালে।
২৭ আৰু ধাৰাষাৰ বৰষুণ হʼল, বানপানী আহিল, বতাহ-ধুমুহা আহিল আৰু সেই ঘৰটোত খুন্দা মাৰিল আৰু ঘৰটো ভাঙি শেষ হৈ গʼল।”
২৮ যেতিয়া যীচুৱে এইবোৰ কথা কৈ শেষ কৰিলে, তেতিয়া যীচুৱে যিদৰে শিকালে সেয়া দেখি ভীৰৰ লোকসকল আচৰিত হʼল,
২৯ কাৰণ যিসকলে নিয়ম শিকায়,* তেওঁলোকৰ দৰে যীচুৱে শিকোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ পৰা পোৱা শক্তিৰ দ্বাৰা তেওঁ শিকাইছিল।
Footnotes
^ বা “চতিলৈ।”
^ এয়া মোচি আৰু ভৱিষ্যবক্তাসকলে লিখা শাস্ত্ৰ হয়।
^ আক্ষ., “ফলৰ যোগেদি।”
^ আক্ষ., “লেখক।” শব্দকোষ চাওক।