মথিয়ে লিখা শুভবাৰ্তা ৯:১-৩৮

  • যীচুৱে জঠৰ ৰোগীক সুস্থ কৰে (১-৮)

  • মথিক মাতে (৯-১৩)

  • লঘোনৰ বিষয়ে প্ৰশ্ন (১৪-১৭)

  • যায়ীৰৰ ছোৱালী; এগৰাকী তিৰোতাই যীচুৰ কাপোৰ চুৱে (১৮-২৬)

  • যীচুৱে দুজন অন্ধ আৰু বোবা মানুহক সুস্থ কৰে (২৭-৩৪)

  • শস্য বহুত, কিন্তু কাম কৰা মানুহৰ সংখ্যা কম (৩৫-৩৮)

৯  তাৰ পাছত যীচুৱে নাৱত উঠি সাগৰ পাৰ হৈ নিজৰ নগৰলৈ গʼল। ২  আৰু চোৱা! কিছুমান লোকে এজন জঠৰ ৰোগীক* খাটত উঠাই লৈ আহিছিল, যেতিয়া যীচুৱে তেওঁলোকৰ বিশ্বাস দেখিলে, তেতিয়া তেওঁ জঠৰ ৰোগীজনক কʼলে, “চিন্তা নকৰিবা বোপা, তোমাৰ পাপ ক্ষমা কৰা হʼল।” ৩  তেতিয়া কিছুমান নিয়ম শিকোৱা মানুহে* মনতে ভাবিবলৈ ধৰিলে, “এই মানুহজনে ঈশ্বৰক নিন্দা কৰিছে।” ৪  যীচুৱে তেওঁলোকৰ মনৰ কথা বুজি পাই কʼলে “তোমালোকে বেয়া কথাবোৰ কিয় চিন্তা কৰিছা? ৫  কি কোৱাটো বেছি সহজ ‘তোমাৰ পাপ ক্ষমা কৰা হʼল,’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’? ৬  কিন্তু তোমালোকে যেন জানিব পাৰা এই পৃথিৱীত পাপ ক্ষমা কৰাৰ অধিকাৰ মানুহৰ পুত্ৰক দিয়া হৈছে . . .।” তাৰ পাছত যীচুৱে জঠৰ ৰোগীজনক কʼলে, “উঠা আৰু নিজৰ খাটখন তুলি লৈ ঘৰলৈ যোৱা।” ৭  তেতিয়া সেই মানুহজন উঠি নিজৰ ঘৰলৈ গʼল। ৮  এয়া দেখি লোকসকলৰ বহুত ভয় লাগিল আৰু যিজন ঈশ্বৰে এজন মানুহক এই ক্ষমতা দিলে, তেওঁৰ মহিমা কৰিবলৈ ধৰিলে। ৯  তাৰ পাছত যীচুৱে যেতিয়া সেই ঠাইৰ পৰা গৈ আছিল, তেতিয়া মথি নামৰ এজন ব্যক্তিক কৰতোলা ঠাইত বহি থকা দেখিলে। যীচুৱে তেওঁক কʼলে, “মোৰ পিছে পিছে আহা” মথিয়ে তেতিয়াই উঠি তেওঁৰ পিছে পিছে গʼল। ১০  ইয়াৰ পাছত যীচুৱে যেতিয়া এখন ঘৰত খোৱা-বোৱা কৰি আছিল,* তেতিয়া চোৱা! বহুতো কৰতোলা লোক আৰু তেওঁলোকৰ দৰে আন পাপী লোকসকলেও যীচু আৰু তেওঁৰ শিষ্যসকলৰ লগত খাবলৈ বহিল। ১১  কিন্তু এয়া দেখি ফৰীচীবিলাকে তেওঁৰ শিষ্যসকলক কʼবলৈ ধৰিলে, “তোমালোকৰ গুৰুৱে কৰতোলা লোক আৰু পাপীবিলাকৰ লগত কিয় খোৱা-বোৱা কৰে?” ১২  তেওঁলোকৰ কথা শুনি যীচুৱে কʼলে, “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্ৰয়োজন নাই, কিন্তু ৰোগীসকলৰ কাৰণেহে প্ৰয়োজন আছে। ১৩  ‘মই বলিদান নিবিচাৰোঁ, কিন্তু তোমালোকে আনক দয়া কৰাটোহে বিচাৰোঁ’ এই কথাষাৰৰ অৰ্থ কি এই বিষয়ে শিকা গৈ, কিয়নো যিবিলাকে আনতকৈ নিজকে ভাল বুলি ভাবে মই তেওঁলোকক নহয়, কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ।” ১৪  তাৰ পাছত যোহনৰ শিষ্যসকলে যীচুৰ ওচৰত আহি সুধিবলৈ ধৰিলে “আমি আৰু ফৰীচীসকলে প্ৰায়েই লঘোন দিওঁ, কিন্তু আপোনাৰ শিষ্যসকলে কিয় লঘোন নিদিয়ে?” ১৫  যীচুৱে তেওঁলোকক কʼলে, “যেতিয়ালৈকে দৰা নিজৰ বন্ধুসকলৰ লগত থাকে, তেতিয়ালৈকে তেওঁলোকে শোক কৰে নে? নকৰে। কিন্তু এনে এদিন আহিব, যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হʼব, তেতিয়া তেওঁলোকে লঘোন দিব। ১৬  কোনেও পুৰণি কাপোৰত নতুন কাপোৰৰ টাপলি নামাৰে। এনে কৰিলে টাপলি মৰা নতুন কাপোৰে সেই পুৰণি কাপোৰক ফালি নিয়ে আৰু ফটা ডোখৰ আৰু বেছিকৈহে ফাটি যায়। ১৭  আৰু কোনেও নতুন দ্ৰাক্ষাৰস পুৰণি দ্ৰাক্ষাৰসৰ মোনাত* নথয়। যদি তেওঁলোকে এইদৰে কৰে, তেনেহʼলে মোনাটো ফাটি যাব আৰু দ্ৰাক্ষাৰস পৰি যাব আৰু মোনাটো নষ্ট হৈ যাব। কিন্তু লোকসকলে নতুন দ্ৰাক্ষাৰস নতুন মোনাত থয়, তেতিয়াহে দুয়ো সুৰক্ষিত থাকে।” ১৮  যীচুৱে তেওঁলোকক এই কথাবোৰ কৈ থকাৰ সময়ত, চোৱা! এজন অধিকাৰীয়ে তেওঁৰ ওচৰলৈ আহি, তেওঁক মূৰ দোৱাই প্ৰণাম কৰিলে আৰু কʼলে, “এতিয়ালৈকে হয়তো মোৰ ছোৱালীজনীৰ মৃত্যু হʼল, তথাপিও বলক আৰু তাইৰ ওপৰত হাত ৰাখক, তাতে তাই আকৌ জীয়াই উঠিব।” ১৯  তাৰ পাছত যীচু উঠিল আৰু নিজৰ শিষ্যসকলৰ সৈতে সেই ব্যক্তিজনৰ লগত গʼল। ২০  আৰু চোৱা! ১২ বছৰৰ পৰা তেজ বোৱা বেমাৰত ভোগী থকা এগৰাকী তিৰোতাই যীচুৰ পিছফালে আহি, তেওঁৰ কাপোৰৰ দহি চুলে। ২১  কিয়নো তেওঁ মনে-মনে ভাবিছিল যে “যদি মই তেওঁৰ কাপোৰখনকে চুই লওঁ, তেনেহʼলে মই ভাল হৈ যাম।” ২২  যীচুৱে ঘূৰি চাই তেওঁক কʼলে, “মোৰ ছোৱালী, ভয় নকৰিবা, তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে।” সেই সময়তে তিৰোতাগৰাকী সুস্থ হʼল। ২৩  যেতিয়া যীচুৱে সেই অধিকাৰীৰ ঘৰ পালেগৈ, তেতিয়া তেওঁ বাঁহী বজোৱা লোক আৰু হুলস্থূল কৰি থকা লোকক দেখা পালে। ২৪  যীচুৱে তেওঁলোকক কʼলে, “তোমালোক ইয়াৰ পৰা আঁতৰি যোৱা, কিয়নো ছোৱালীজনী মৰা নাই, টোপনি গৈছে।” এই কথা শুনি তেওঁলোকে যীচুক ঠাট্টা কৰিবলৈ ধৰিলে। ২৫  লোকসকলক ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ পাছত যীচুৱে ভিতৰলৈ গʼল আৰু ছোৱালীজনীৰ হাতখন ধৰিলে, তেতিয়া ছোৱালীজনী উঠি বহিল ২৬  আৰু এই ঘটনাটো গোটেই এলেকাত বিয়পি পৰিল। ২৭  যেতিয়া যীচুৱে তাৰ পৰা গৈ আছিল, তেতিয়া দুজন অন্ধ ব্যক্তিয়ে তেওঁৰ পিছে পিছে আহি এইদৰে কৈ চিঞৰিবলৈ ধৰিলে, “হে দায়ূদৰ বংশ আমাক দয়া কৰক।” ২৮  যেতিয়া যীচুৱে ঘৰৰ ভিতৰত সোমালে, তেতিয়া সেই দুজন অন্ধ ব্যক্তিয়ে তেওঁৰ ওচৰলৈ আহিল। সেই সময়ত যীচুৱে তেওঁলোকক সুধিলে, “এই কাম মই কৰিব পাৰোঁ বুলি তোমালোকে বিশ্বাস কৰা নে?” তেওঁলোকে কʼলে “হয়, প্ৰভু।” ২৯  তেতিয়া যীচুৱে তেওঁলোকৰ চকু চুই কʼলে, “তোমালোকে যিদৰে বিশ্বাস কৰিছা, তোমালোকৰ লগত সেইদৰেই হওক।” ৩০  আৰু তেওঁলোকে চকুৰে দেখা পালে, তাৰ পাছত যীচুৱে তেওঁলোকক সাৱধান কৰি কʼলে, “চোৱা এই বিষয়ে কাকো নকʼবা।” ৩১  কিন্তু তেওঁলোকে ওলাই গৈ গোটেই এলেকাত তেওঁৰ বিষয়ে কৈ দিলে। ৩২  তাৰ পাছত তেওঁলোকে যেতিয়া তাৰ পৰা গৈ আছিল, তেতিয়া চোৱা! লোকসকলে দুষ্ট স্বৰ্গদূতে পোৱা এজন বোবা ব্যক্তিক তেওঁৰ ওচৰলৈ লৈ আহিল। ৩৩  যেতিয়া দুষ্ট স্বৰ্গদূতক তেওঁৰ পৰা উলিয়াই দিলে, তেতিয়া সেই ব্যক্তিজনে কথা কʼবলৈ ধৰিলে। এয়া দেখি ভীৰৰ লোকসকলে আচৰিত হʼল আৰু কʼবলৈ ধৰিলে, “ইস্ৰায়েলত এনেকুৱা আগতে কেতিয়াও দেখা নাই।” ৩৪  কিন্তু ফৰীচীবিলাকে কʼলে, “সি দুষ্ট স্বৰ্গদূতবিলাকৰ ৰজাৰ সহায়ত দুষ্ট স্বৰ্গদূতক উলিয়ায়।” ৩৫  যীচুৱে গোটেই চহৰ আৰু গাঁৱত ফুৰি তেওঁলোকৰ সভাঘৰত শিকাবলৈ আৰু ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ধৰিলে। তেওঁ লোকসকলৰ সকলো ধৰণৰ বেমাৰ আৰু শাৰীৰিকভাৱে দুৰ্বল লোকসকলক সুস্থ কৰি থাকিল। ৩৬  যেতিয়া যীচুৱে লোকসকলৰ ভীৰক দেখিলে, তেতিয়া তেওঁৰ হৃদয়খন দয়াৰে ভৰি পৰিল। কাৰণ সিহঁত আঘাত পোৱা ভেড়াৰ নিচিনা আছিল আৰু ৰখীয়া নোহোৱা ভেড়াৰ দৰে তেওঁলোকক ইফালে-সিফালে ঘূৰি ফুৰিবলৈ এৰি দিয়া হৈছিল। ৩৭  তেতিয়া যীচুৱে নিজৰ শিষ্যসকলক কʼলে, “সঁচাকৈ শস্য বহুত, কিন্তু কাম কৰা মানুহৰ সংখ্যা কম।” ৩৮  সেইবাবে, খেতিৰ মালিকক মিনতি কৰা যাতে তেওঁ শস্য দাবলৈ আৰু কাম কৰা মানুহ পঠাই দিয়ে।

Footnotes

অৰ্থাৎ গোটেই শৰীৰ বা শৰীৰৰ কোনো এটা অংগ লৰচৰ কৰিব নোৱাৰা লোক।
আক্ষ., “লেখক।” শব্দকোষ চাওক।
বা “মেজত একেলগে বহিছিল।”
জন্তুৰ চালেৰে বনুৱা মোনা।