মাৰ্কে লিখা শুভবাৰ্তা ১১:১-৩৩
১১ এতিয়া তেওঁলোকে যিৰূচালেমৰ ওচৰৰ জৈতুন পাহাৰৰ বৈৎফগী আৰু বৈথনিয়া গাঁৱৰ ওচৰ পালেহি। তাত তেওঁ নিজৰ দুজন শিষ্যক এইদৰে কৈ পঠালে,
২ “যি গাঁও তোমালোকে দেখা পাইছা, তালৈ যোৱা। তাত গৈয়ে তোমালোকে এটা গাধৰ পোৱালি বান্ধি থোৱা পাবা, যাৰ ওপৰত আজিলৈকে কোনো মানুহে বহা নাই। তাক খুলি লৈ আনা।
৩ যদি কোনোবাই তোমালোকক কয়, ‘এয়া তোমালোকে কি কৰি আছা?’ তেনেহʼলে কʼবা, ‘প্ৰভুক ইয়াৰ প্ৰয়োজন আছে আৰু তেওঁ ইয়াক সোনকালে পঠাই দিব।’”
৪ তেতিয়া তেওঁলোকে ওলাই গʼল আৰু ৰাস্তাৰ কাষৰ এখন দুৱাৰৰ ওচৰত গাধ পোৱালি বান্ধি থোৱা পালে আৰু তেওঁলোকে তাক খুলি লʼলে।
৫ কিন্তু তাত থিয় হৈ থকা কিছুমান মানুহে তেওঁলোকক সুধিলে, “তোমালোকে গাধ পোৱালিটোক কিয় খুলিছা?”
৬ যীচুৱে শিষ্যসকলক যি কৈছিল, ঠিক সেইদৰেই শিষ্যসকলে তেওঁলোকক কʼলে। তেতিয়া তেওঁলোকে শিষ্যসকলক যাবলৈ দিলে।
৭ তেওঁলোকে গাধ পোৱালিটোক যীচুৰ ওচৰলৈ আনিলে আৰু তেওঁলোকে তাৰ ওপৰত নিজৰ কাপোৰ পাৰি দিলে। আৰু যীচু তাৰ ওপৰত বহিল।
৮ বহুতো লোকে নিজৰ কাপোৰবোৰ ৰাস্তাত পাৰি দিলে আৰু আন কিছুমানে গছৰ পৰা ডালবোৰ কাটি ৰাস্তাত পাৰি দিলে।
৯ যিসকলে আগে আগে আৰু পিছে পিছে গৈছিল, তেওঁলোকে চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, “আমি প্ৰাৰ্থনা কৰিছোঁ, তেওঁক ৰক্ষা কৰা! যিজন যিহোৱাৰ* নামেৰে আহে, তেওঁ ধন্য!
১০ আমাৰ পূৰ্বপুৰুষ দায়ূদৰ আহিবলগীয়া ৰাজ্য ধন্য হওক! হে স্বৰ্গত থকা ঈশ্বৰ আমি তোমাক প্ৰাৰ্থনা কৰিছোঁ, তেওঁক ৰক্ষা কৰা!”
১১ তাৰ পাছত তেওঁ যিৰূচালেম পালেহি আৰু মন্দিৰলৈ গʼল। তাত তেওঁ চাৰিওফালে থকা বস্তুবোৰ চালে। যিহেতু প্ৰায় গধূলি হৈছিল, সেইবাবে তেওঁ সেই ১২ জনৰ লগত বৈথনিয়ালৈ গুচি গʼল।
১২ পাছদিনাখন তেওঁলোকে বৈথনিয়াৰ পৰা ওলাই যাওঁতে যীচুৰ ভোক লাগিল।
১৩ দূৰৰ পৰা তেওঁ পাতেৰে সৈতে এজোপা ডিমৰু গছ দেখা পালে। আৰু তাত ফল লাগিছে নে নাই, সেয়া চাবলৈ গছজোপাৰ ওচৰলৈ গʼল। কিন্তু ওচৰলৈ যোৱাৰ পাছত তেওঁ পাতৰ বাহিৰে একো নাপালে। কিয়নো তেতিয়া ডিমৰু লগাৰ বতৰ নাছিল।
১৪ সেইবাবে, তেওঁ গছজোপাক কʼলে, “এতিয়াৰ পৰা তোৰ ফল কোনেও খাব নোৱাৰে।” তেওঁৰ শিষ্যসকলে এই কথা শুনি আছিল।
১৫ এতিয়া তেওঁলোকে যিৰূচালেমলৈ আহিল। তেওঁ মন্দিৰলৈ গʼল আৰু যিসকলে মন্দিৰৰ ভিতৰত কিনা-বেচা কৰিছিল, তেওঁলোকক বাহিৰ কৰিবলৈ ধৰিলে। তেওঁ পইচা সলনি কৰা লোকসকলৰ টেবুল আৰু কপৌ বেচা লোকসকলৰ বেঞ্চবোৰ লুটিয়াই পেলালে।
১৬ তেওঁ কাকো বৰ্তন লৈ মন্দিৰৰ ৰাস্তাইদি যাবলৈ নিদিলে।
১৭ তেওঁ লোকসকলক শিকালে আৰু তেওঁলোকক কʼলে, “শাস্ত্ৰত এইদৰে লিখা নাই নে, ‘মোৰ ঘৰ সকলো ৰাষ্ট্ৰৰ কাৰণে প্ৰাৰ্থনাৰ ঘৰ বুলি কোৱা হʼব’? কিন্তু তোমালোকে ইয়াক ডকাইতৰ আড্ডা* বনাইছা।”
১৮ যেতিয়া প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা* লোকসকলে এই কথা শুনিলে, তেতিয়া তেওঁলোকে যীচুক হত্যা কৰিবলৈ উপায় বিচাৰিবলৈ ধৰিলে। কিয়নো তেওঁলোকে তেওঁক ভয় কৰিছিল আৰু গোটেই ভীৰৰ লোকসকলে তেওঁৰ শিক্ষাৰ পৰা আচৰিত হৈছিল।
১৯ যেতিয়া গধূলি হʼল, তেতিয়া তেওঁলোকে চহৰৰ পৰা ওলাই গʼল।
২০ পাছদিনাখন যেতিয়া তেওঁলোকে ৰাতিপুৱা সোনকালে সেই ফালেদি গৈ আছিল, তেতিয়া তেওঁলোকে দেখিলে যে ডিমৰুৰ সেই গছজোপা গুড়িৰ পৰা শুকাই গৈছে।
২১ পিতৰে যোৱা কালিৰ কথা মনত পেলাই কʼলে, “গুৰু, চাওক! আপুনি শাও দিয়া সেই ডিমৰু গছজোপা শুকাই গৈছে।”
২২ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখা।
২৩ মই তোমালোকক সঁচাকৈ কৈছোঁ, যি কোনোৱে এই পাহাৰটোক কয়, ‘ইয়াৰ পৰা উঠি সাগৰত পৰগৈ,’ আৰু নিজৰ মনতো সন্দেহ নকৰি তেওঁ যি কৈছে, সেয়া নিশ্চয় হʼব বুলি যদি বিশ্বাস ৰাখে, তেনেহʼলে তেওঁ কোৱাৰ দৰেই হʼব।
২৪ সেইবাবে, মই তোমালোকক কৈছোঁ, তোমালোকে প্ৰাৰ্থনাত যি খোজা, সেয়া নিশ্চয় পাম বুলি যদি বিশ্বাস ৰাখা, তেনেহʼলে সেইবোৰ নিশ্চয় পাবা।
২৫ তোমালোকে যেতিয়া থিয় হৈ প্ৰাৰ্থনা কৰা, তেতিয়া তোমালোকৰ হৃদয়ত কাৰোবাৰ বিৰুদ্ধে যদি কিবা আছে, তেনেহʼলে তেওঁক ক্ষমা কৰি দিয়া। তেতিয়া তোমাৰ স্বৰ্গত থকা পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা কৰিব।”
২৬ * —
২৭ তেওঁলোকে আকৌ এবাৰ যিৰূচালেমলৈ আহিল। যেতিয়া তেওঁ মন্দিৰত খোজকাঢ়ি আছিল, তেতিয়া প্ৰধান পুৰোহিত, নিয়ম শিকোৱা লোক আৰু যিহূদীৰ নেতাসকলে তেওঁৰ ওচৰলৈ আহিল।
২৮ আৰু তেওঁক কʼবলৈ ধৰিলে, “তুমি এইবোৰ কি অধিকাৰেৰে কৰিছা? আৰু এই অধিকাৰ তোমাক কোনে দিলে?”
২৯ যীচুৱে তেওঁলোকক কʼলে, “ময়ো তোমালোকক এটা প্ৰশ্ন সোধোঁ। তোমালোকে তাৰ উত্তৰ দিয়া, তেতিয়াহে মই তোমালোকক কʼম যে মই এইবোৰ কি অধিকাৰেৰে কৰিছোঁ।
৩০ যোহন বাপ্তিষ্মা দিওঁতাক কোনে পঠাইছিল, স্বৰ্গত থকা ঈশ্বৰে, নে মানুহে? উত্তৰ দিয়া।”
৩১ তেওঁলোকে এজনে-আনজনক কʼবলৈ ধৰিলে, “যদি আমি কওঁ, ‘ঈশ্বৰে পঠাইছে,’ তেনেহʼলে তেওঁ আমাক কʼব, ‘তোমালোকে কিয় তেওঁক বিশ্বাস নকৰিলা?’
৩২ কিন্তু আমি কেনেকৈ সাহস কৰি কʼম যে তেওঁক মানুহে পঠাইছিল?” তেওঁলোকে লোকসকলক ভয় কৰিছিল, কিয়নো সকলোৱে যোহনক এজন ভৱিষ্যবক্তা বুলি বিশ্বাস কৰিছিল।
৩৩ সেইবাবে, তেওঁলোকে যীচুক উত্তৰ দিলে, “আমি নাজানোঁ।” তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “তেনেহʼলে ময়ো তোমালোকক নকওঁ যে মই এইবোৰ কি অধিকাৰেৰে কৰিছোঁ।”