মাৰ্কে লিখা শুভবাৰ্তা ১৩:১-৩৭
১৩ তেওঁ মন্দিৰৰ পৰা যেতিয়া বাহিৰলৈ গৈ আছিল, তেতিয়া তেওঁৰ শিষ্যসকলৰ মাজৰ এজনে তেওঁক কʼলে, “গুৰু, চাওক! এই শিল আৰু গোটেই মন্দিৰটো কিমান ধুনীয়া!”
২ কিন্তু যীচুৱে তেওঁক কʼলে, “তুমি এয়া যি ডাঙৰ মন্দিৰ দেখিছা, এইবোৰৰ এটাও শিল, আনটো শিলৰ ওপৰত নাথাকিব। সকলোবিলাক ধ্বংস হৈ যাব।”
৩ এবাৰ যীচুৱে জৈতুন পাহাৰত বহি আছিল, যʼৰ পৰা মন্দিৰটো দেখা গৈছিল। তেতিয়া পিতৰ, যাকোব, যোহন আৰু আন্দ্ৰিয়ই আহি অকলশৰে তেওঁক সুধিলে,
৪ “এইবোৰ কেতিয়া হʼব আৰু ইয়াৰ শেষ সময়ৰ চিন কি হʼব? এই বিষয়ে আমাক কওক।”
৫ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “কোনেও যেন তোমালোকক নুভুলায়, এই বিষয়ে সাৱধান হোৱা।
৬ বহুতো লোকে মোৰ নামেৰে আহি কʼব, ‘মই সেইজনেই’ আৰু এইদৰে কৈ তেওঁলোকে বহুতো লোকক ভুলাব।
৭ যেতিয়া তোমালোকে যুদ্ধৰ মাত আৰু যুদ্ধৰ খবৰ শুনিবলৈ পাবা, তেতিয়া ভয় নাখাবা। এইদৰে হʼব লাগিব, কিন্তু তেতিয়াও অন্ত নহʼব।
৮ কিয়নো এটা ৰাষ্ট্ৰই আন এটা ৰাষ্ট্ৰৰ বিৰুদ্ধে আৰু এখন ৰাজ্যই আন এখন ৰাজ্যৰ বিৰুদ্ধে উঠিব। ঠায়ে ঠায়ে ভূমিকম্প আৰু আকালো হʼব। এইবোৰ প্ৰসৱ বেদনাৰ দৰে সমস্যাবোৰৰ আৰম্ভণিহে মাথোন।
৯ কিন্তু তোমালোকে সাৱধানে থাকিবা। লোকসকলে তোমালোকক আদালতত গতাই দিব আৰু তোমালোকক সভাঘৰবোৰত কোবোৱা হʼব। তোমালোকক মোৰ কাৰণে ৰাজ্যপাল আৰু ৰজাবিলাকৰ সন্মুখত থিয় কৰোৱা হʼব যাতে তেওঁলোকে সাক্ষ্য পায়।
১০ আৰু প্ৰথমে সকলো ৰাষ্ট্ৰত শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব।
১১ কিন্তু তোমালোকক যেতিয়া আদালতত গতাই দিব, তেতিয়া আমি কি কʼম বুলি আগতীয়াকৈ চিন্তা নকৰিবা। কিন্তু তোমালোকক সেই সময়ত যি জনোৱা হʼব, তাকেই কʼবা। কাৰণ তোমালোকে নিজে নহয়, কিন্তু পবিত্ৰ শক্তিৰ সহায়তহে কʼবা।
১২ ইয়াৰ উপৰিও, ককায়েকে ভায়েকক বা ভায়েকে ককায়েকক আৰু দেউতাকে নিজৰ সন্তানক মৃত্যুৰ কাৰণে গতাই দিব। সন্তানে নিজৰ মা-দেউতাৰ বিৰুদ্ধে থিয় হʼব আৰু তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব।
১৩ মোৰ নামৰ কাৰণে সকলোৱে তোমালোকক ঘিণ কৰিব। কিন্তু যিজনে শেষলৈকে ধৈৰ্য্য ধৰিব,* তেৱেঁই উদ্ধাৰ পাব।
১৪ কিন্তু তোমালোকে যেতিয়া সেই ধ্বংসকাৰী ঘিণলগীয়া বস্তুক থাকিব নলগীয়া ঠাইত থিয় হৈ থকা দেখিবা (পঢ়োঁতাজনে বুদ্ধি ব্যৱহাৰ কৰক), তেতিয়া যিসকলে যিহূদিয়াত আছে, তেওঁলোকে পাহাৰৰ ফালে পলাবলৈ আৰম্ভ কৰক।
১৫ যিজন ব্যক্তিয়ে ঘৰৰ চাদৰ ওপৰত আছে, তেওঁ তললৈ নামি নাহক আৰু কিবা বস্তু আনিবলৈও ঘৰৰ ভিতৰলৈ নাযাওক।
১৬ যিজন ব্যক্তিয়ে পথাৰত আছে, তেওঁ নিজৰ কাপোৰখন লʼবলৈ উলটি নাযাওক।
১৭ গৰ্ভৱতী তিৰোতা আৰু কেঁচুৱাক গাখীৰ খোৱাওঁতা তিৰোতাসকলৰ বাবে সেই দিনটো কিমান যে ভয়ানক হʼব!
১৮ জাৰকালিত যেন এইদৰে নহয়, তাৰ কাৰণে প্ৰাৰ্থনা কৰি থাকা।
১৯ কিয়নো সেই সময়ত এনে সংকট হʼব, যি ঈশ্বৰে সৃষ্টি কৰা জগতৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে কেতিয়াও হোৱা নাই আৰু নহʼবও।
২০ আচলতে, যিহোৱাই* যদি সেই দিনৰ সংখ্যা কম নকৰে, তেনেহʼলে কোনো মানুহ ৰক্ষা নপৰিব। কিন্তু ঈশ্বৰে বাছনি কৰা লোকৰ কাৰণে তেওঁ সেই দিনৰ সংখ্যা কম কৰিছে।
২১ সেই সময়ত যদি কোনোবাই তোমালোকক কয়, ‘চোৱা! খ্ৰীষ্ট ইয়াত আছে,’ ‘চোৱা! তেওঁ তাত আছে,’ তেনেহʼলে বিশ্বাস নকৰিবা।
২২ কিয়নো মিছা খ্ৰীষ্ট আৰু মিছা ভৱিষ্যবক্তা ওলাব আৰু সম্ভৱ হʼলে বাছনি কৰা লোকসকলকো ভুলাবলৈ তেওঁলোকে চমৎকাৰ কৰিব।
২৩ সেইবাবে, তোমালোকে সাৱধানে থাকিবা। মই তোমালোকক সকলো কথা আগতীয়াকৈ জনালোঁ।
২৪ কিন্তু সেই সময়ত, সেই সংকটৰ পাছত সূৰ্য্য অন্ধকাৰময় হʼব, চন্দ্ৰই পোহৰ নিদিব,
২৫ আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ শক্তিবোৰ লৰোৱা হʼব।
২৬ তাৰ পাছত তেওঁলোকে মানুহৰ পুত্ৰক সম্পূৰ্ণ শক্তি আৰু মহিমাৰে সৈতে মেঘৰ ওপৰত অহা দেখিব।
২৭ তাৰ পাছত তেওঁ স্বৰ্গদূতসকলক পঠাব আৰু তেওঁলোকে পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে, চাৰিও দিশৰ পৰা ঈশ্বৰে বাছনি কৰা লোকসকলক একগোট কৰিব।
২৮ এতিয়া ডিমৰু গছৰ উদাহৰণৰ পৰা এই কথা শিকা: যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে, তেতিয়া গৰমকাল ওচৰ পালেহি বুলি তোমালোকে জানা।
২৯ ঠিক সেইদৰে, যেতিয়া তোমালোকে এই কথাবোৰ হোৱা দেখিবা, তেতিয়া মানুহৰ পুত্ৰ ওচৰ চাপি, দুৱাৰ মুখ পালেহি বুলি তোমালোকে জানিবা।
৩০ মই তোমালোকক সঁচাকৈ কৈছোঁ, যেতিয়ালৈকে এই সকলো কথা পূৰ নহʼব, তেতিয়ালৈকে এই যুগৰ লোকসকল কেতিয়াও লুপ্ত নহʼব।
৩১ আকাশ আৰু পৃথিৱী লুপ্ত হʼব, কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহʼব।
৩২ পিতৃৰ বাহিৰে স্বৰ্গৰ দূত, পুত্ৰ বা আন কোনেও সেই দিন আৰু সেই সময়ৰ বিষয়ে নাজানে।
৩৩ জাগি থাকা আৰু সতৰ্ক হৈ থাকা। কিয়নো তোমালোকে নাজানা যে নিৰ্ধাৰিত কৰা সময় কেতিয়া আহিব।
৩৪ এয়া এনে এজন ব্যক্তিৰ দৰে হয়, যিজনে বিদেশলৈ যাবলৈ ওলাইছে। কিন্তু ঘৰ এৰি যোৱাৰ আগতে তেওঁ নিজৰ দাসবিলাকক অধিকাৰ দিয়ে আৰু প্ৰতিজনকে নিজৰ নিজৰ কাম ভাগ কৰি দিয়ে। আৰু দুৱাৰ ৰখীয়াক জাগি থাকিবলৈ আদেশ দিয়ে।
৩৫ সেইবাবে, তোমালোকে জাগি থাকা। কিয়নো ঘৰৰ মালিক কেতিয়া আহিব, গধূলি নে মাজৰাতি নে কুকুৰাই ডাক দিয়াৰ সময়ত নে ৰাতিপুৱা, সেয়া তোমালোকে নাজানা।
৩৬ তেওঁ হঠাতে আহি যেন তোমালোকক শুই থকা অৱস্থাত নাপায়।
৩৭ কিন্তু মই তোমালোকক যি কওঁ, সেয়া সকলোকে কওঁ, জাগি থাকা।”