মাৰ্কে লিখা শুভবাৰ্তা ১৪:১-৭২

  • পুৰোহিতসকলে যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰে (১, ২)

  • যীচুৰ মূৰত সুগন্ধি তেল ঢলা হʼল (৩-৯)

  • যিহূদাই যীচুক বিশ্বাসঘাত কৰে (১০, ১১)

  • শেষ নিস্তাৰ-পৰ্ব (১২-২১)

  • প্ৰভুৰ সন্ধিয়া ভোজৰ আৰম্ভণি (২২-২৬)

  • পিতৰে যীচুক অস্বীকাৰ কৰিব বুলি ভৱিষ্যবাণী (২৭-৩১)

  • যীচুৱে গেৎচিমানীত প্ৰাৰ্থনা কৰে (৩২-৪২)

  • যীচুক গ্ৰেপ্তাৰ কৰা হʼল (৪৩-৫২)

  • মহা-সভাৰ ওচৰত মোকৰ্দ্দমা (৫৩-৬৫)

  • পিতৰে যীচুক চিনি পাবলৈ অস্বীকাৰ কৰে (৬৬-৭২)

১৪  দুদিনৰ পাছত নিস্তাৰ-পৰ্ব আৰু খমিৰ নোহোৱা ৰুটিৰ উৎসৱ আছিল। প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকে* যীচুক ছলেৰে ধৰি* হত্যা কৰিবলৈ সুযোগ বিচাৰি আছিল। ২  কিন্তু তেওঁলোকে কৈছিল, “উৎসৱৰ সময়ত নহয়, এনে কৰিলে হয়তো লোকসকলে হুলস্থূল কৰিব পাৰে।” ৩  যীচুৱে যেতিয়া বৈথনিয়াত চিমোনৰ ঘৰত খোৱা-বোৱা কৰিবলৈ বহিছিল,* যি আগতে কুষ্ঠৰোগী আছিল, তেতিয়া এগৰাকী তিৰোতাই সুগন্ধি তেলৰ বটল* লৈ আহিলে। সেই বটলত বহুমূলীয়া শুদ্ধ জটামাংসীৰ* সুগন্ধি তেল আছিল। সেই তিৰোতাই বটলৰ মুখ ভাঙি যীচুৰ মূৰত ঢালিবলৈ ধৰিলে। ৪  এয়া দেখি কিছুমান লোকৰ খং উঠিল আৰু তেওঁলোকে নিজৰ মাজতে কʼবলৈ ধৰিলে, “এই সুগন্ধি তেল কিয় বৰ্বাদ কৰা হৈছে? ৫  ইয়াক ৩০০ দীনাৰতকৈ* বেছি দামত বিক্ৰী কৰি দুখীয়া লোকসকলক দান কৰিব পৰা গʼলহেঁতেন!” সেই তিৰোতাগৰাকীৰ ওপৰত তেওঁলোকৰ বৰ খং উঠিল।* ৬  কিন্তু যীচুৱে কʼলে, “তোমালোকে তেওঁক কিয় আমনি কৰিছা? তেওঁক কৰিবলৈ দিয়া। তেওঁতো মোৰ কাৰণে বহুত ভাল কাম কৰিছে। ৭  দুখীয়াসকল সদায় তোমালোকৰ লগত থাকিব আৰু তোমালোকে সদায় তেওঁলোকক সহায় কৰিব পাৰা, কিন্তু মই তোমালোকৰ লগত সদায় নাথাকিম। ৮  তেওঁ যি কৰিব পাৰিলে, সেয়া কৰিলে। তেওঁ মোৰ শৰীৰত সুগন্ধিৰ তেল লগোৱাৰ যোগেদি মৃত্যুৰ পাছত মোক কবৰ দিবলৈ প্ৰস্তুত কৰিলে। ৯  মই তোমালোকক সঁচাকৈ কৈছোঁ, গোটেই জগতত যʼতেই শুভবাৰ্তা প্ৰচাৰ কৰা হʼব, তাতেই এই তিৰোতাগৰাকীৰ স্মৃতিত তেওঁ কৰা কামৰ বিষয়ে উল্লেখ কৰা হʼব।” ১০  বাৰজনৰ মাজৰ এজন, যাক যিহূদা ঈষ্কৰিয়োতীয়া বুলি কোৱা হয়, তেওঁ প্ৰধান পুৰোহিতসকলৰ ওচৰলৈ গʼল যাতে তেওঁ যীচুক ধৰিবলৈ তেওঁলোকক সহায় কৰিব পাৰে। ১১  যিহূদাৰ কথা শুনি তেওঁলোক বহুত আনন্দিত হʼল আৰু তেওঁক ৰূপৰ মুদ্ৰা দিবলৈ প্ৰতিজ্ঞা কৰিলে। তেতিয়াৰে পৰা যিহূদাই যীচুক ধৰাই দিবলৈ সুযোগ বিচাৰি থাকিল। ১২  খমিৰ নোহোৱা ৰুটিৰ উৎসৱৰ প্ৰথম দিনাখন যিহূদীসকলে নিজৰ ৰীতিৰ অনুসৰি নিস্তাৰ-পৰ্বৰ বলি আগবঢ়াইছিল। সেই দিনাখন শিষ্যসকলে যীচুক সুধিলে, “আমি কʼত গৈ আপোনাৰ কাৰণে নিস্তাৰ-পৰ্বৰ ভোজ প্ৰস্তুত কৰাটো আপুনি বিচাৰে?” ১৩  তেতিয়া তেওঁ নিজৰ দুজন শিষ্যক এয়া কৈ পঠিয়ালে, “চহৰলৈ যোৱা আৰু তাত তোমালোকে পানীৰ কলহ লৈ অহা এজন মানুহক পাবা। তেওঁৰ পিছে পিছে যাবা। ১৪  তেওঁ যিখন ঘৰলৈ যাব, সেই ঘৰৰ মালিকজনক কʼবা, ‘গুৰুৱে সুধিছে, “মই যি ঠাইত মোৰ শিষ্যসকলৰ লগত নিস্তাৰ-পৰ্বৰ আহাৰ খাম, সেই আলহী কোঠালি কʼত?”’ ১৫  তাৰ পাছত তেওঁ তোমালোকক ওপৰৰ সজাই থোৱা এটা ডাঙৰ কোঠালি দেখুৱাব। তাত আমাৰ কাৰণে তৈয়াৰী কৰিবা।” ১৬  তেতিয়া সেই শিষ্যসকলে গৈ চহৰৰ ভিতৰলৈ সোমালে। আৰু যীচুৱে তেওঁলোকক যেনেকৈ কৈছিল, তেনেকৈ তেওঁলোকে দেখা পালে আৰু তাত নিস্তাৰ-পৰ্বৰ কাৰণে তৈয়াৰী কৰিলে। ১৭  গধূলি সময়ত তেওঁ ১২ জনৰ লগত তালৈ আহিল। ১৮  আৰু যেতিয়া তেওঁলোকে খোৱা-বোৱা কৰি আছিল,* তেতিয়া যীচুৱে কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকৰ মাজৰ এজনে যি মোৰ লগত খাই আছে, তেওঁ মোৰ লগত বিশ্বাসঘাত কৰি মোক ধৰাই দিব।” ১৯  তেওঁলোকৰ বহুত দুখ লাগিল আৰু এজন এজনকৈ যীচুক কʼবলৈ ধৰিলে, “সেইজন মইতো নহয়?” ২০  তেওঁ কʼলে, “তোমালোকৰ ১২ জনৰ ভিতৰতে এজন হয়, যিজনে মোৰ লগত পাত্ৰত জুবুৰিয়াই খাই আছে। ২১  মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁ তোমালোক সকলোকে এৰি গৈছে। কিন্তু যিজন ব্যক্তিয়ে মানুহৰ পুত্ৰৰ লগত বিশ্বাসঘাত কৰি তেওঁক ধৰাই দিব, তেওঁৰ অৱস্থা বহুত বেয়া হʼব। সেই মানুহজন জন্ম নোহোৱা হʼলেই তেওঁৰ কাৰণে ভাল আছিল।” ২২  যেতিয়া তেওঁলোকে খোৱা-বোৱা কৰি আছিল, তেতিয়া যীচুৱে এখন ৰুটি লʼলে আৰু প্ৰাৰ্থনাত ধন্যবাদ দি সেয়া ভাঙি তেওঁলোকক দি কʼলে, “এয়া লোৱা। ইয়ে মোৰ শৰীৰক চিত্ৰিত কৰে।” ২৩  তাৰ পাছত তেওঁ এটা পাত্ৰ লʼলে আৰু প্ৰাৰ্থনাত ধন্যবাদ দি শিষ্যসকলক দিলে আৰু তাৰ পৰা সকলোৱে খালে। ২৪  তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “ইয়ে মোৰ তেজক চিত্ৰিত কৰে, যি ঈশ্বৰৰ লগত কৰা চুক্তিক নিশ্চিত কৰে আৰু যি বহুতো লোকৰ কাৰণে দিয়া হʼব। ২৫  মই তোমালোকক সঁচাকৈ কৈছোঁ, যেতিয়ালৈকে ঈশ্বৰৰ ৰাজ্যত মই নতুন দ্ৰাক্ষাৰস* নাখাওঁ, তেতিয়ালৈকে মই দ্ৰাক্ষাৰস কেতিয়াও নাখাম।” ২৬  অৱশেষত, তেওঁলোকে ঈশ্বৰৰ প্ৰশংসাত গীত গালে আৰু তাৰ পাছত জৈতুন পাহাৰলৈ ওলাই গʼল। ২৭  যীচুৱে তেওঁলোকক কʼলে, “তোমালোক সকলোৱে মোক এৰি যাবা।* কিয়নো লিখা আছে, ‘মই ৰখীয়াক আঘাত কৰিম আৰু ভেড়াবোৰ ছিন্ন-ভিন্ন হৈ যাব।’ ২৮  কিন্তু যেতিয়া মোক জীয়াই তোলা হʼব, তেতিয়া তোমালোকতকৈ আগতেই মই গালীললৈ যাম।” ২৯  কিন্তু পিতৰে তেওঁক কʼলে, “এওঁলোকে আপোনাক এৰি গʼলেও মই আপোনাক কেতিয়াও এৰি নাযাম।” ৩০  তেতিয়া যীচুৱে তেওঁক কʼলে, “মই তোমাক সঁচাকৈ কৈছোঁ, আজি ৰাতি, হয় আজি ৰাতিয়েই কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে তুমি মোক তিনিবাৰ চিনি পাবলৈ অস্বীকাৰ কৰিবা।” ৩১  কিন্তু পিতৰে বাৰে বাৰে কʼবলৈ ধৰিলে, “আপোনাৰ লগত মৰিব লগা হʼলেও মই আপোনাক কেতিয়াও চিনি পাবলৈ অস্বীকাৰ নকৰিম।” আন শিষ্যসকলেও এইদৰেই কʼবলৈ ধৰিলে। ৩২  তাৰ পাছত তেওঁলোকে গেৎচিমানী নামৰ ঠাইলৈ আহিলে আৰু যীচুৱে নিজৰ শিষ্যসকলক কʼলে, “মই তালৈ প্ৰাৰ্থনা কৰিবলৈ গৈ আছোঁ, তোমালোকে ইয়াতে বহি থাকা।” ৩৩  তাৰ পাছত তেওঁ পিতৰ, যাকোব আৰু যোহনক নিজৰ লগত লৈ গʼল। তেওঁ ব্যাকুল হৈ দুখত ভাঙি পৰিবলৈ ধৰিলে। ৩৪  যীচুৱে তেওঁলোকক কʼলে, “মোৰ বহুত দুখ লাগিছে, আনকি মোৰ মৰো মৰো অৱস্থা হৈছে। তোমালোকে ইয়াতে থাকি জাগি থাকা।” ৩৫  তাৰ পাছত তেওঁ অলপ আগুৱাই গৈ মাটিত পৰি এইদৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে যে যদি সম্ভৱ হয়, তেনেহʼলে এই কঠিন পৰিস্থিতি যেন তেওঁৰ পৰা দূৰ হয়। ৩৬  তেওঁ কʼলে, “হে আব্বা, হে পিতৃ, তোমাৰ কাৰণে সকলো সম্ভৱ। এই পাত্ৰ মোৰ পৰা আঁতৰাই দিয়া। তথাপি মই যি বিচাৰোঁ, সেয়া নহয়, কিন্তু তুমি বিচৰাৰ দৰেই হওক।” ৩৭  তাৰ পাছত শিষ্যসকলৰ ওচৰলৈ আহি তেওঁলোকক টোপনি যোৱা দেখি তেওঁ পিতৰক কʼলে, “চিমোন, তুমি শুই আছা? মোৰ লগত এঘণ্টাও জাগি থাকিবলৈ তোমাৰ শক্তি নাই নে? ৩৮  পৰীক্ষাত যেন নপৰা, এই কাৰণে তোমালোকে জাগি থাকা আৰু প্ৰাৰ্থনা কৰি থাকা। হৃদয় সাজু আছে,* কিন্তু শৰীৰ দুৰ্বল।” ৩৯  তেওঁ আকৌ গৈ পুনৰ সেই একেই প্ৰাৰ্থনা কৰিলে। ৪০  তেওঁ আকৌ শিষ্যসকলৰ ওচৰলৈ আহিলে আৰু তেওঁলোকক শুই থকা দেখিলে। কিয়নো তেওঁলোকৰ চকু টোপনিত জাপ খাই গৈছিল। তেওঁলোকে যীচুক কি কʼব লাগে একোৱেই বুজি পোৱা নাছিল। ৪১  তাৰ পাছত যীচুৱে তৃতীয়বাৰ তেওঁলোকৰ ওচৰলৈ আহিলে আৰু কʼলে, “তোমালোকে এনে এক সময়ত শুই আছা আৰু আৰাম কৰিছা। বহুত হʼল! চোৱা, সেই সময় আহি পৰিছে। এতিয়া মানুহৰ পুত্ৰৰ লগত বিশ্বাসঘাত কৰি তেওঁক পাপীবিলাকৰ হাতত গতাই দিয়া হʼব। ৪২  উঠা, বʼলা যাওঁ। চোৱা, যিজনে মোৰ লগত বিশ্বাসঘাত কৰিব, তেওঁ ওচৰ পালেহি।” ৪৩  তেওঁ কৈ থাকোঁতেই যিহূদা আহিল, যি ১২ জনৰ ভিতৰত এজন আছিল। তেওঁৰ লগত তৰোৱাল আৰু লাঠি লোৱা লোকসকলৰ এটা ডাঙৰ ভীৰ আছিল আৰু তেওঁলোকক প্ৰধান পুৰোহিত, নিয়ম শিকোৱা লোক আৰু যিহূদীৰ নেতাসকলে পঠাইছিল। ৪৪  তেওঁৰ লগত বিশ্বাসঘাত কৰাজনে তেওঁলোকক এইদৰে কৈ আগতীয়াকৈ এটা চিন দিছিল, “যিজনক মই চুমা খাম, তেৱেঁই সেইজন। তেওঁক গ্ৰেপ্তাৰ কৰি লʼব আৰু সাৱধানেৰে লৈ যাব।” ৪৫  তেওঁ যীচুৰ ওচৰলৈ আহি কʼলে, “ৰব্বী!” আৰু তেওঁক মৰমেৰে চুমা খালে। ৪৬  তেতিয়া তেওঁলোকে যীচুক ধৰি গ্ৰেপ্তাৰ কৰি লʼলে। ৪৭  কিন্তু তাত যিসকল থিয় হৈ আছিল, তেওঁলোকৰ মাজৰ এজনে নিজৰ তৰোৱালখন উলিয়াই মহা-পুৰোহিতৰ এজন দাসক আঘাত কৰি তেওঁৰ কাণ এখন কাটি পেলালে। ৪৮  যীচুৱে ভীৰক কʼলে, “এজন ডকাইতক যিদৰে ধৰিবলৈ যায়, তেনেকৈ তোমালোকে মোক তৰোৱাল আৰু লাঠি লৈ গ্ৰেপ্তাৰ কৰিবলৈ আহিছা? ৪৯  মই সদায় মন্দিৰত তোমালোকক শিকাইছিলোঁ, তথাপি তোমালোকে মোক গ্ৰেপ্তাৰ নকৰিলা। কিন্তু শাস্ত্ৰৰ বাক্য পূৰ হʼবলৈ এই সকলো ঘটিল।” ৫০  তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গʼল। ৫১  কিন্তু এজন ডেকাই মিহি সূতাৰে তৈয়াৰ কৰা এখন কাপোৰ গাত লৈ তেওঁৰ পিছে পিছে যাবলৈ ধৰিলে। কিন্তু ভীৰে যেতিয়া তেওঁক ধৰিবলৈ চেষ্টা কৰিলে, ৫২  তেতিয়া তেওঁ সেই কাপোৰখন পেলাই উদঙে* পলাই গʼল। ৫৩  এতিয়া তেওঁলোকে যীচুক মহা-পুৰোহিতৰ ওচৰলৈ লৈ গʼল। আৰু তাত সকলো প্ৰধান পুৰোহিত, যিহূদীৰ নেতা আৰু নিয়ম শিকোৱা লোকসকল গোট খালে। ৫৪  কিন্তু পিতৰে মহা-পুৰোহিতৰ চোতাললৈকে, আঁতৰে আঁতৰে তেওঁৰ পিছে পিছে গʼল। তেওঁ ঘৰৰ সেৱকসকলৰ লগত বহিল আৰু জুই পুৱাবলৈ ধৰিলে। ৫৫  প্ৰধান পুৰোহিত আৰু গোটেই মহা-সভাই যীচুক হত্যা কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰি আছিল। কিন্তু তেওঁলোকে এজনো সাক্ষী বিচাৰি নাপালে। ৫৬  যদিও বহুতো মিছা সাক্ষীয়ে তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিছিল, কিন্তু তেওঁলোকৰ এজনৰ কথা আনজনৰ লগত মিল খোৱা নাছিল। ৫৭  কিছুমান লোকে থিয় হৈ তেওঁৰ বিৰুদ্ধে এই মিছা সাক্ষ্য দিলে, ৫৮  “আমি এই মানুহজনক এইদৰে কোৱা শুনিছোঁ যে মই হাতেৰে বনোৱা এই মন্দিৰটো ধ্বংস কৰি তিনি দিনৰ ভিতৰত আৰু এটা মন্দিৰ বনাম, যি মানুহৰ হাতেৰে বনোৱা নহয়।” ৫৯  কিন্তু এই বিষয়টো তেওঁলোকৰ এজনৰ কথা আনজনৰ লগত মিল খোৱা নাছিল। ৬০  তাৰ পাছত মহা-পুৰোহিতে তেওঁলোকৰ মাজত থিয় হʼল আৰু তেওঁ যীচুক সুধিলে, “তই একো উত্তৰ নিদিয় নে? তই শুনা নাই নে, তোৰ ওপৰত তেওঁলোকে কি অভিযোগ লগাইছে?” ৬১  কিন্তু তেতিয়াও যীচু মনে মনে থাকিল আৰু তেওঁ একো উত্তৰ নিদিলে। মহা-পুৰোহিতে তেওঁক আকৌ এবাৰ প্ৰশ্ন সুধিবলৈ ধৰিলে আৰু তেওঁক কʼলে, “তই মহান ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হয় নে?” ৬২  যীচুৱে কʼলে, “হয়, ময়েই সেইজন। আৰু আপোনালোকে মানুহৰ পুত্ৰক শক্তিশালী ঈশ্বৰৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘৰ ওপৰত আহি থকা দেখিব।” ৬৩  এয়া শুনি মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি কʼলে, “এতিয়া আমাক আৰু সাক্ষীৰ প্ৰয়োজন আছে নে? ৬৪  তোমালোকে নিজেই ঈশ্বৰৰ নিন্দা কৰা শুনিলা। গতিকে তোমালোকে কি ভাবা?” এওঁ মৃত্যুদণ্ডৰ যোগ্য বুলি সকলোৱে কʼলে। ৬৫  কিছুমান লোকে তেওঁৰ ওপৰত থু পেলাবলৈ ধৰিলে আৰু তেওঁৰ মুখখন ঢাকি তেওঁক ঘোচা মাৰিবলৈ ধৰিলে আৰু তেওঁক কʼলে, “তই যদি ভৱিষ্যবক্তা হয়, তেনেহʼলে ক, তোক কোনে মাৰিলে!” আৰু পহৰা দিয়া লোকসকলে তেওঁক চৰ মাৰিলে আৰু তেওঁক লৈ গʼল। ৬৬  যেতিয়া পিতৰ চোতালত আছিল, তেতিয়া মহা-পুৰোহিতৰ এজনী চাকৰণী তালৈ আহিল। ৬৭  পিতৰক জুই পুৱাই থকা দেখি তাই একেথৰে পিতৰলৈ চাই কʼলে, “তুমিও সেই নাচৰতীয়া যীচুৰ লগত আছিলা।” ৬৮  কিন্তু এইদৰে কৈ তেওঁ অস্বীকাৰ কৰি কʼলে, “মই তেওঁক চিনি নাপাওঁ। আৰু মই নাজানোঁ তুমি কি কৈ আছা।” তেতিয়া তেওঁ প্ৰৱেশ দুৱাৰৰ ওচৰলৈ গুচি গʼল। ৬৯  তাত সেই চাকৰণীজনীয়ে তেওঁক দেখিলে আৰু তাত থিয় হৈ থকা লোকসকলক আকৌ এবাৰ কʼলে, “ইও তেওঁলোকৰ মাজৰ এজন হয়।” ৭০  পিতৰে আকৌ অস্বীকাৰ কৰিবলৈ ধৰিলে। অলপ সময়ৰ পাছত আশে-পাশে থিয় হৈ থকা লোকসকলে পিতৰক আকৌ কʼবলৈ ধৰিলে, “অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন। কাৰণ তুমি এজন গালীলীয়া হয়।” ৭১  কিন্তু তেওঁ নিজকে শাও দি আৰু শপত খাই কʼলে, “যাৰ বিষয়ে তোমালোকে কৈ আছা, সেই মানুহজনক মই চিনি নাপাওঁ!” ৭২  সেই সময়তেই এটা কুকুৰাই দ্বিতীয়বাৰ ডাক দিলে আৰু যীচুৱে কোৱা এই কথালৈ পিতৰৰ মনত পৰিল, “কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে তুমি মোক তিনিবাৰ চিনি পাবলৈ অস্বীকাৰ কৰিবা।” তেতিয়া পিতৰে আৰু নিজকে ৰখাব নোৱাৰিলে আৰু তেওঁ হোক-হোকাই কান্দিবলৈ ধৰিলে।

Footnotes

আক্ষ., “লেখক।” শব্দকোষ চাওক।
বা “গ্ৰেপ্তাৰ কৰি।”
বা “মেজত একেলগে বহিছিল।”
আক্ষ., “এলাবেষ্টাৰ বটল।” সুগন্ধি তেল থোৱা সৰু বটল। মিচৰ দেশত এলাবেষ্টাৰ্ণ বুলি কোৱা ঠাইৰ ওচৰত পোৱা এক ধৰণৰ শিলৰ পৰা এই বটল বনোৱা হৈছিল।
জটামাংসী হৈছে এনে এক উদ্ভিদ, যাৰ শিপা আৰু কাণ্ডৰ পৰা সুগন্ধ ওলায়।
দীনাৰ আছিল ৰোমানসকলৰ ৰূপৰ মুদ্ৰা। অতি. খ১৪ চাওক।
বা “সেই তিৰোতাগৰাকীক খঙেৰে কʼলে; তেওঁক গালি পাৰিলে।”
বা “মেজত একেলগে বহি আছিল।”
বা “আঙুৰৰ পৰা বনোৱা ৱাইন।”
আক্ষ., “তোমালোক সকলোৱে উজুটি খাবা।”
বা “ইচ্ছুক আছে।”
বা “কম কাপোৰ পিন্ধি।”