মাৰ্কে লিখা শুভবাৰ্তা ১৬:১-৮

  • যীচু জীয়াই উঠিল (১-৮)

১৬  বিশ্ৰাম-বাৰ* শেষ হোৱাৰ পাছত মৰিয়ম মগ্দলীনী, যাকোবৰ মা মৰিয়ম আৰু চালোমীয়ে যীচুৰ শৰীৰত লগাবলৈ সুগন্ধি দ্ৰব্য কিনিলে। ২  তেওঁলোকে সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱাতে সূৰ্য্য ওলোৱাৰ লগে লগে কবৰলৈ* আহিল। ৩  তেওঁলোকে নিজৰ মাজতে কৈ আছিল, “কোনে আমাৰ কাৰণে কবৰৰ দুৱাৰ মুখৰ পৰা শিলচটা আঁতৰাই দিব?” ৪  কিন্তু তেওঁলোকে চাই দেখিলে যে শিলচটা আগৰে পৰা আঁতৰাই থোৱা আছিল, যদিও সেই শিলচটা বহুত ডাঙৰ আছিল। ৫  যেতিয়া তেওঁলোকে কবৰৰ ভিতৰলৈ সোমালে, তেতিয়া তেওঁলোকে দেখিলে যে এজন ডেকা ব্যক্তিয়ে বগা কাপোৰ পিন্ধি সোঁফালে বহি আছে। আৰু তেওঁলোক আচৰিত হৈ গʼল। ৬  তেওঁ তেওঁলোকক কʼলে, “আচৰিত নহʼবা। তোমালোকে নাচৰতীয়া যীচুক বিচাৰি আছা ন, যিজনক কাঠত আঁৰি হত্যা কৰা হৈছে? তেওঁক জীৱিত কৰা হৈছে আৰু তেওঁ ইয়াত নাই। চোৱা, এই ঠাইখনত তেওঁক থোৱা হৈছিল। ৭  যোৱা, পিতৰ আৰু আন শিষ্যসকলক কোৱাগৈ, ‘তেওঁ তোমালোকতকৈ আগতে গালীললৈ যাব। তেওঁ তোমালোকক কোৱাৰ দৰে তাত তোমালোকে তেওঁক দেখা পাবা।’” ৮  তাৰ পাছত তেওঁলোকে বাহিৰলৈ ওলাই আহিলে আৰু ভয়ত কঁপি কঁপি আচৰিত হৈ কবৰৰ পৰা পলাই গʼল। তেওঁলোকে কাকো একো নকʼলে। কিয়নো তেওঁলোকে বহুত ভয় খাইছিল।*

Footnotes

বা “আৰাম কৰা দিন।” শব্দকোষ চাওক।
বা “স্মৰণীয় কবৰলৈ।”
আটাইতকৈ পুৰণি ভৰসাযোগ্য হস্তলিপিবোৰৰ অনুসৰি মাৰ্ক কিতাপ ৮ পদত শেষ হৈ যায়। অতি. ক৩ চাওক।