মাৰ্কে লিখা শুভবাৰ্তা ৪:১-৪১
৪ আকৌ এবাৰ তেওঁ সাগৰৰ পাৰত শিকাবলৈ ধৰিলে। আৰু এটা ডাঙৰ ভীৰ তেওঁৰ ওচৰলৈ আহি গোট খালে। সেইবাবে, তেওঁ এখন নাৱত উঠি বহিল আৰু পাৰৰ পৰা অলপ দূৰত নাৱত বহি ভীৰক শিকাবলৈ ধৰিলে। আৰু গোটেই ভীৰ পাৰতে আছিল।
২ তেতিয়া যীচুৱে উদাহৰণ দি তেওঁলোকক বহুতো কথা শিকাবলৈ ধৰিলে। তেওঁ কʼলে,
৩ “মন দি শুনা, এজন বীজ সিঁচোঁতা মানুহে বীজ সিঁচিবলৈ ওলাইছে।
৪ যেতিয়া তেওঁ সিঁচি আছিল, তেতিয়া কিছুমান বীজ ৰাস্তাৰ কাষত পৰিল আৰু চৰাইবোৰে আহি সেইবোৰ খাই পেলালে।
৫ কিছুমান বীজ শিলাময় মাটিত পৰিল। তাত মাটি বেছি নথকাৰ বাবে আৰু মাটি গভীৰ নোহোৱাৰ বাবে সোনকালে গজালি ওলালে।
৬ কিন্তু বেলি ওলোৱাৰ পাছত শিপা গভীৰ নোহোৱাৰ কাৰণে সেইবোৰ লেৰেলি শুকাই গʼল।
৭ আন কিছুমান বীজ কাঁইটীয়া বনত পৰিল। আৰু কাঁইটীয়া বনবোৰ বাঢ়ি সেইবোৰক হেঁচি ধৰিলে। আৰু সেইবোৰত ফল নধৰিলে।
৮ কিন্তু কিছুমান বীজ ভাল মাটিত পৰিল আৰু সেইবোৰ গজালি মেলি বাঢ়িবলৈ ধৰিলে। কিছুমানত ৩০ গুণ, কিছুমানত ৬০ গুণ আৰু কিছুমানত ১০০ গুণকৈ ফল লাগিবলৈ ধৰিলে।”
৯ তাৰ পাছত তেওঁ কʼলে, “মই কি কৈ আছোঁ, কাণ পাতি শুনা।”
১০ যেতিয়া যীচু অকলে আছিল, তেতিয়া তেওঁৰ ১২ জন পাঁচনি আৰু বহুতো শিষ্যই তেওঁক এই উদাহৰণবোৰৰ বিষয়ে প্ৰশ্ন কৰিবলৈ ধৰিলে।
১১ যীচুৱে তেওঁলোকক কʼলে, “ঈশ্বৰৰ ৰাজ্যৰ পবিত্ৰ ৰহস্য বুজি পোৱাৰ ক্ষমতা তোমালোকক দিয়া হৈছে। কিন্তু আন লোকসকলৰ কাৰণে এইবোৰ কেৱল উদাহৰণহে।
১২ তেওঁলোকে চাওঁতে চাব, কিন্তু দেখা নাপাব আৰু শুনোঁতে শুনিব, কিন্তু ইয়াৰ অৰ্থ বুজি নাপাব। তেওঁলোকে কেতিয়াও ঈশ্বৰৰ ওচৰলৈ ঘূৰি নাহিব আৰু ক্ষমা নাপাব।”
১৩ তাৰ পাছত তেওঁ কʼলে, “যদি তোমালোকে এই উদাহৰণ বুজি পোৱা নাই, তেনেহʼলে বাকী উদাহৰণবোৰৰ অৰ্থ কেনেকৈ বুজি পাবা?
১৪ বীজ সিঁচোঁতাজনে ঈশ্বৰৰ বাক্য সিঁচে।
১৫ ৰাস্তাৰ কাষত সিঁচা বীজ হৈছে সেই লোকসকল, যিসকলে ঈশ্বৰৰ বাক্য শুনে, কিন্তু চয়তানে লগে লগে আহি তেওঁলোকৰ হৃদয়ত সিঁচা বীজটো লৈ যায়।
১৬ শিলাময় মাটিত সিঁচা বীজ হৈছে সেই লোকসকল, যিসকলে ঈশ্বৰৰ বাক্য শুনাৰ লগে লগে আনন্দেৰে সেইবোৰ পালন কৰে।
১৭ কিন্তু তেওঁলোকৰ হৃদয়ত সেই বাক্যৰ শিপা গভীৰ নোহোৱাৰ বাবে সেয়া অলপ সময়ৰ কাৰণে থাকে। যেতিয়া সেই বাক্যৰ কাৰণে সমস্যা বা তাড়না আহে, তেতিয়া তেওঁলোকে লগে লগে বাক্যৰ ওপৰত বিশ্বাস কৰিবলৈ এৰি দিয়ে।*
১৮ আৰু কিছুমান বীজ কাঁইটীয়া বনত সিঁচা হৈছিল। তেওঁলোক হৈছে সেই লোকসকল, যিসকলে বাক্য শুনে,
১৯ কিন্তু জগতৰ* চিন্তা আৰু প্ৰলোভনত পেলোৱা ধন-সম্পত্তিৰ শক্তি আৰু সকলো বস্তু পাবলৈ কৰা ইচ্ছাই বাক্যক হেঁচি ধৰে। আৰু তেওঁলোকে কোনো ফল নিদিয়ে।
২০ অৱশেষত, ভাল মাটিত সিঁচা বীজ হৈছে, সেই লোকসকল, যিসকলে বাক্য শুনে আৰু সেয়া আনন্দেৰে পালন কৰে। আৰু কিছুমানে ৩০ গুণ, কিছুমানে ৬০ গুণ আৰু কিছুমানে ১০০ গুণ ফল দিয়ে।”
২১ তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “কোনোবাই চাকি জ্বলাই ঢাকি ৰাখে নে?* বা বিচনাৰ তলত থয় নে? তেওঁ ইয়াক টেবুলৰ ওপৰত নাৰাখে নে?
২২ গুপনে ৰখা এনে কোনো বিষয় নাই, যি প্ৰকাশ নাপাব। সাৱধানে ৰখা এনে কোনো বিষয় নাই, যি প্ৰকাশ নাপাব।
২৩ মই কি কৈ আছোঁ, কাণ পাতি শুনা।”
২৪ তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে যি শুনিছা, তালৈ মন দিয়া। যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকৰ কাৰণেও জোখা হʼব। আনকি তোমালোকক আৰু বেছিকৈহে দিয়া হʼব।
২৫ কিয়নো যাৰ আছে, তেওঁক বেছিকৈ দিয়া হʼব। কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেইখিনিও তেওঁৰ পৰা নিয়া হʼব।”
২৬ তাৰ পাছত তেওঁ কʼলে, “ঈশ্বৰৰ ৰাজ্য এইদৰে হয়। এজন মানুহে মাটিত বীজ সিঁচে।
২৭ সেই মানুহজন সদায় ৰাতি শুৱে আৰু ৰাতিপুৱা উঠে। সেই সময়ছোৱাত বীজৰ পৰা অংকুৰ ওলায় আৰু নিজে নিজে বাঢ়ে। কিন্তু কেনেকৈ হয়, সেয়া তেওঁ নাজানে।
২৮ মাটিয়ে নিজে নিজে লাহে লাহে ফল দিয়ে। প্ৰথমে অংকুৰ ওলায়, তাৰ পাছত ঠাৰি আৰু শেষত শস্যৰ থোক ওলায়।
২৯ তাৰ পাছত শস্য পকাৰ লগে লগে তেওঁ কাঁচি লগায়। কিয়নো শস্য দোৱাৰ সময় হʼল।”
৩০ তাৰ পাছত তেওঁ কʼলে, “আমি ঈশ্বৰৰ ৰাজ্যক কিহৰ লগত তুলনা কৰিম বা কি উদাহৰণ দি বুজাম?
৩১ ইয়াক সৰিয়হ গুটিৰ লগত তুলনা কৰিব পাৰি। যেতিয়া এই গুটি মাটিত সিঁচা হয়, তেতিয়া ই বীজবোৰৰ ভিতৰত আটাইতকৈ সৰু হয়।
৩২ কিন্তু সিঁচাৰ পাছত যেতিয়া সেয়া বাঢ়িবলৈ ধৰে, তেতিয়া ই শাক-পাচলি গছবোৰৰ মাজত সকলোতকৈ ডাঙৰ হৈ পৰে। আৰু এই গছত ডাঙৰ ডাঙৰ ডাল ওলায়, যাৰ ছাঁত আকাশৰ চৰায়ে আহি আশ্ৰয় লয়।”
৩৩ এইদৰে বহুতো উদাহৰণ দি তেওঁলোকে যিমান বুজিব পাৰিছিল, সেই অনুসৰি যীচুৱে তেওঁলোকক ঈশ্বৰৰ বাক্য শিকাইছিল।
৩৪ সঁচাকৈ, তেওঁ উদাহৰণ নিদিয়াকৈ একো কথা কোৱা নাছিল। কিন্তু নিজৰ শিষ্যসকলক অকলশৰে সেই সকলো কথাৰ অৰ্থ বুজাই দিছিল।
৩৫ সেই দিনাখন যেতিয়া গধূলি হʼল, তেতিয়া যীচুৱে শিষ্যসকলক কʼলে, “বʼলা আমি সাগৰৰ সিপাৰলৈ যাওঁ।”
৩৬ সেইবাবে, ভীৰক বিদায় দিয়াৰ পাছত তেওঁলোকে যীচুক নাৱত লৈ গʼল। আৰু তেওঁৰ নাৱৰ লগত আন নাওবোৰো আছিল।
৩৭ তেতিয়া ডাঙৰ ধুমুহা আহিল। আৰু ঢৌৱে বহুত জুৰেৰে বাৰে বাৰে নাওখনত খুন্দা মাৰিবলৈ ধৰিলে, যাৰ বাবে নাওখনত পানী ভৰিবলৈ ধৰিলে।
৩৮ কিন্তু যীচু নাৱৰ পিছৰ অংশত গাৰুত মূৰ দি শুই আছিল। শিষ্যসকলে তেওঁক জগালে আৰু কʼলে, “হে গুৰু, আমি এতিয়া মৰিম, তথাপি আপোনাৰ চিন্তা নাই নে?”
৩৯ তেতিয়া তেওঁ উঠি ধুমুহাক ধমকি দিলে আৰু সাগৰৰ ঢৌক কʼলে, “শ্ব! শান্ত হৈ যা!” তেতিয়া ধুমুহা কমি গʼল আৰু একেবাৰে শান্ত হৈ পৰিল।
৪০ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে কিয় ইমান ভয় খাইছা?* এতিয়ালৈকে তোমালোকৰ বিশ্বাস হোৱা নাই নে?”
৪১ কিন্তু তেওঁলোকে বহুত ভয় খালে আৰু এজনে-আনজনক কʼবলৈ ধৰিলে, “আচলতে এওঁনো কোন হয়? ধুমুহা আৰু সাগৰেও তেওঁৰ কথা মানে!”
Footnotes
^ আক্ষ., “উজুটি খায়।”
^ বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।
^ বা “ইয়াক টুকুৰীত ঢাকি ৰাখে নে?”
^ বা “তোমালোকৰ হৃদয় কিয় কপি উঠিছে?”