মাৰ্কে লিখা শুভবাৰ্তা ৮:১-৩৮

  • যীচুৱে ৪,০০০ জনক খোৱালে (১-৯)

  • এটা চিন দেখুৱাবলৈ কʼলে (১০-১৩)

  • ফৰীচীবিলাকৰ আৰু হেৰোদৰ খমিৰ (১৪-২১)

  • বৈৎচৈদাত অন্ধ ব্যক্তিজনক ঠিক কৰা হʼল (২২-২৬)

  • পিতৰে কʼলে যে যীচুৱেই খ্ৰীষ্ট হয় (২৭-৩০)

  • যীচুৰ মৃত্যুৰ ভৱিষ্যবাণী (৩১-৩৩)

  • প্ৰকৃত শিষ্যসকল কোন (৩৪-৩৮)

 সেই সময়ত আকৌ যেতিয়া এটা ডাঙৰ ভীৰ জমা হৈছিল আৰু তেওঁলোকৰ ওচৰত খাবলৈ একো নাছিল, তেতিয়া যীচুৱে শিষ্যসকলক মাতি কʼলে। ২  “এই ভীৰক দেখি মোৰ হৃদয় দয়াৰে ভৰি পৰিছে। কিয়নো তেওঁলোক মোৰ লগত থকা তিনি দিন হৈ গʼল আৰু তেওঁলোকৰ ওচৰত খাবলৈ একোৱেই নাই। ৩  যদি মই তেওঁলোকক ভোকতে পঠিয়াই দিওঁ, তেনেহʼলে তেওঁলোকে বাটত অসুস্থ হৈ পৰিব। তেওঁলোকৰ মাজৰ কিছুমানে বহু দূৰৰ পৰা আহিছে।” ৪  কিন্তু শিষ্যসকলে তেওঁক কʼলে, “এই নিৰ্জন ঠাইত ইমানবোৰ মানুহক খোৱাবৰ বাবে ইমান ৰুটি কোনে কʼৰ পৰা আনিব।” ৫  তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকৰ ওচৰত কেইখন ৰুটি আছে?” তেওঁলোকে কʼলে, “সাতখন।” ৬  তাৰ পাছত তেওঁ লোকসকলক মাটিত বহিবলৈ কʼলে। আৰু তেওঁ সেই সাতখন ৰুটি লৈ প্ৰাৰ্থনাত ধন্যবাদ দিলে। তাৰ পাছত তেওঁ সেইবোৰ ভাঙি শিষ্যসকলক দিলে যাতে তেওঁলোকে লোকসকলৰ মাজত ভগাই দিয়ে। তেতিয়া শিষ্যসকলে ৰুটিবোৰ লোকসকলৰ মাজত ভগাই দিলে। ৭  তেওঁলোকৰ ওচৰত কেইটামান সৰু মাছো আছিল। তেওঁ সেই মাছখিনি লৈ প্ৰাৰ্থনাত ধন্যবাদ দিলে আৰু সেইবোৰো ভগাই দিবলৈ শিষ্যসকলক কʼলে। ৮  তেতিয়া লোকসকলে পেট ভৰাই খালে আৰু যেতিয়া বাচি যোৱা টুকুৰাবোৰ তুলিলে, তেতিয়া সাতখন ডাঙৰ টুকুৰী ভৰি গʼল। ৯  খোৱা মানুহৰ মাজত পুৰুষৰ সংখ্যা প্ৰায় ৪,০০০ আছিল। তাৰ পাছত তেওঁ লোকসকলক বিদায় দিলে। ১০  তেওঁ লগে লগে নিজৰ শিষ্যসকলৰ লগত নাৱত উঠিল আৰু দলমনুথাৰ এলেকালৈ আহিল। ১১  তাত ফৰীচীবিলাকে আহিলে আৰু যীচুৰ লগত তৰ্ক কৰিবলৈ ধৰিলে। তেওঁলোকে যীচুক পৰীক্ষা কৰিবৰ কাৰণে স্বৰ্গৰ পৰা কিবা এটা চিন দেখুৱাবলৈ কʼলে। ১২  তেতিয়া যীচুৱে বহুত দুখীত হৈ কʼলে, “এই যুগৰ লোকসকলে কিয় সদায় চিন চাবলৈ বিচাৰি থাকে? মই সঁচাকৈ কৈছোঁ, এই যুগৰ লোকসকলক কোনো চিন দেখুৱা নহʼব।” ১৩  এয়া কোৱাৰ পাছত যীচুৱে তেওঁলোকক এৰি আকৌ নাৱত উঠি সিপাৰলৈ গুচি গʼল। ১৪  শিষ্যসকলে নিজৰ লগত ৰুটি নিবলৈ পাহৰি গৈছিল আৰু নাৱত এখন ৰুটিৰ বাহিৰে তেওঁলোকৰ ওচৰত একো নাছিল। ১৫  যীচুৱে তেওঁলোকক সাৱধান কৰি কʼলে, “তোমালোকে নিজৰ চকু খুলি ৰাখিবা আৰু ফৰীচীবিলাকৰ খমিৰ আৰু হেৰোদৰ খমিৰৰ পৰা সাৱধানে থাকিবা।” ১৬  তেওঁলোকে নিজৰ লগত ৰুটি কিয় অনা নাই বুলি এজনে-আনজনৰ লগত কাজিয়া কৰিবলৈ ধৰিলে। ১৭  এয়া দেখি যীচুৱে তেওঁলোকক কʼলে, “ৰুটি নাই বুলি তোমালোকে কিয় কাজিয়া কৰিছা? মই কি কʼব বিচাৰিছোঁ, তোমালোকে বুজি পোৱা নাই নে? তোমালোকৰ হৃদয়ে এতিয়াও বুজি পোৱা নাই নে?” ১৮  ‘চকু থাকিও তোমালোকে নেদেখা নে? কাণ থাকিও তোমালোকে নুশুনা নে? তোমালোকৰ মনত নাই নে?’ ১৯  “মই যেতিয়া পাঁচখন ৰুটি ভাঙি ৫,০০০ পুৰুষক খোৱাইছিলোঁ, তেতিয়া তোমালোকে বাচি যোৱা টুকুৰাবোৰ কেইটা টুকুৰীত তুলিছিলা?” তেওঁলোকে কʼলে, “১২ টা।” ২০  “যেতিয়া মই সাতখন ৰুটি ভাঙি ৪,০০০ পুৰুষক খোৱাইছিলোঁ, তেতিয়া তোমালোকে বাচি যোৱা টুকুৰাবোৰ কেইটা ডাঙৰ টুকুৰীত তুলিছিলা?” তেওঁলোকে কʼলে, “সাতটা।” ২১  তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে এতিয়াও মোৰ কথা বুজি পোৱা নাই নে?” ২২  তাৰ পাছত তেওঁলোকে বৈৎচৈদালৈ আহিল। ইয়াত লোকসকলে যীচুৰ ওচৰলৈ এজন অন্ধ মানুহক লৈ আহে আৰু সেই মানুহজনক চুবলৈ তেওঁলোকে যীচুক মিনতি কৰিবলৈ ধৰে। ২৩  যীচুৱে অন্ধ মানুহজনৰ হাতত ধৰি তেওঁক গাঁৱৰ বাহিৰলৈ লৈ গʼল। তেওঁ সেই মানুহজনৰ চকুত থু লগালে আৰু তেওঁৰ গাত হাত থৈ তেওঁক সুধিলে, “তুমি কিবা দেখা পাইছা নে?” ২৪  সেই মানুহজনে ওপৰলৈ চাই কʼলে, “মই লোকসকলক দেখা পাইছোঁ, কিন্তু তেওঁলোকক খোজকাঢ়ি ফুৰা গছৰ নিচিনা যেন লাগিছে।” ২৫  যীচুৱে আকৌ সেই মানুহজনৰ চকুত হাত থʼলে আৰু তেওঁ স্পষ্টকৈ দেখা পালে। সেই মানুহজনে নিজৰ চকুৰ দৃষ্টি ঘূৰাই পালে আৰু তেওঁ সকলোবোৰ ভালদৰে দেখা পালে। ২৬  তেতিয়া যীচুৱে তেওঁক ঘৰলৈ পঠিয়াই দি কʼলে, “এই গাঁৱলৈ নাযাবা।” ২৭  যীচু আৰু তেওঁৰ শিষ্যসকলে এতিয়া কৈচৰিয়া ফিলিপীৰ গাঁওবোৰলৈ যাবলৈ ওলাই গʼল। ৰাস্তাত তেওঁ নিজৰ শিষ্যসকলক সুধিবলৈ ধৰিলে, “লোকসকলে মোৰ বিষয়ে কি কয়, মই কোন?” ২৮  তেওঁলোকে কʼলে, “কিছুমানে কয়, যোহন বাপ্তিষ্মা দিওঁতা, আন কিছুমানে কয়, এলিয়া আৰু কিছুমানে আপুনি ভৱিষ্যবক্তাসকলৰ মাজৰ এজন হয় বুলি কয়।” ২৯  তাৰ পাছত সেই একেই প্ৰশ্ন তেওঁ শিষ্যসকলক সুধিলে, “কিন্তু তোমালোকে কি কোৱা মই কোন?” পিতৰে উত্তৰ দিলে, “আপুনি খ্ৰীষ্ট হয়।” ৩০  তেতিয়া যীচুৱে তেওঁৰ বিষয়ে কাকো নকʼবলৈ তেওঁলোকক সাৱধান কৰি কʼলে। ৩১  তাৰ পাছত তেওঁ শিষ্যসকলক কʼবলৈ ধৰিলে যে মানুহৰ পুত্ৰক বহুতো দুখ-কষ্ট ভুগিব লাগিব আৰু যিহূদী নেতা, প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলে* তেওঁক অস্বীকাৰ কৰিব আৰু তেওঁক হত্যা কৰা হʼব। তাৰ পাছত তৃতীয় দিনাখন তেওঁ আকৌ জীয়াই উঠিব। ৩২  যীচুৱে এই কথা তেওঁলোকক স্পষ্টকৈ কৈ আছিল। কিন্তু পিতৰে তেওঁক অকলশৰীয়াকৈ নি টানকৈ কʼবলৈ ধৰিলে। ৩৩  তেতিয়া যীচুৱে নিজৰ শিষ্যসকলৰ ফালে ঘূৰি চালে আৰু পিতৰক খঙেৰে কʼলে, “হে চয়তান, মোৰ ওচৰৰ পৰা গুচি যা! কিয়নো তোৰ চিন্তাধাৰা ঈশ্বৰৰ দৰে নহয়, কিন্তু মানুহৰ দৰে হয়।” ৩৪  এতিয়া যীচুৱে নিজৰ শিষ্যসকলৰ সৈতে ভীৰৰ লোকসকলক নিজৰ ওচৰলৈ মাতিলে আৰু কʼলে, “যদি কোনোৱে মোৰ পিছে পিছে আহিব বিচাৰে, তেনেহʼলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ যাতনাৰ কাঠ* উঠাই মোৰ পিছে পিছে আহি থাকক। ৩৫  কিয়নো যি কোনোৱে নিজৰ জীৱন বচাব বিচাৰে, তেওঁ তাক হেৰুৱাব আৰু যি কোনোৱে মোৰ আৰু শুভবাৰ্তাৰ কাৰণে নিজৰ জীৱন হেৰুৱাব, তেওঁ তাক পাব। ৩৬  এজন ব্যক্তিয়ে গোটেই জগতখন লাভ কৰিও যদি নিজৰ জীৱন হেৰুৱায়, তেনেহʼলে তেওঁৰ কি লাভ? ৩৭  মানুহে নিজৰ জীৱনৰ সলনি কি দিব পাৰে? ৩৮  যি কোনোৱে এই বিশ্বাসঘাতক* আৰু পাপী যুগৰ লোকসকলৰ ওচৰত মোৰ শিষ্য হʼবলৈ আৰু মোৰ বাক্যৰ ওপৰত বিশ্বাস কৰিবলৈ লাজ অনুভৱ কৰে, তেওঁক মানুহৰ পুত্ৰও সেই সময়ত গ্ৰহণ কৰিবলৈ লাজ অনুভৱ কৰিব, যেতিয়া তেওঁ নিজৰ পিতৃৰ মহিমাৰে সৈতে পবিত্ৰ স্বৰ্গদূতসকলৰ লগত আহিব।”

Footnotes

আক্ষ., “লেখক।” শব্দকোষ চাওক।
শব্দকোষ চাওক।
আক্ষ., “ব্যভিচাৰী।”