মাৰ্কে লিখা শুভবাৰ্তা ৯:১-৫০

  • যীচুৰ ৰূপ সলনি হʼল (১-১৩)

  • দুষ্ট স্বৰ্গদূতে পোৱা লʼৰাজন সুস্থ হʼল (১৪-২৯)

    • যাৰ বিশ্বাস আছে, তেওঁৰ কাৰণে সকলো সম্ভৱ (২৩)

  • যীচুৱে আকৌ এবাৰ নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (৩০-৩২)

  • শিষ্যসকলে কাজিয়া কৰে যে কোন ডাঙৰ হয় (৩৩-৩৭)

  • যিজন আমাৰ বিৰুদ্ধে নহয়, তেওঁ আমাৰ লগত আছে (৩৮-৪১)

  • উজুটি খোৱায় (৪২-৪৮)

  • “তোমালোক নিমখৰ দৰে হোৱা” (৪৯, ৫০)

 তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকৰ মাজত এনে কিছুমান লোক ইয়াত থিয় হৈ আছে, যিসকলে ঈশ্বৰৰ ৰাজ্য সম্পূৰ্ণ শক্তিৰে অহা নেদেখালৈকে তেওঁলোকৰ মৃত্যু নহʼব।” ২  ইয়াৰ ছদিনৰ পাছত যীচুৱে পিতৰ, যাকোব আৰু যোহনক লগত লৈ এখন ওখ পাহাৰলৈ উঠি গʼল আৰু তাত তেওঁলোকৰ বাহিৰে কোনো নাছিল। তেওঁলোকৰ সন্মুখতে যীচুৰ ৰূপ সলনি হʼল। ৩  তেওঁৰ কাপোৰ জিলিকিবলৈ ধৰিলে আৰু ইমানেই বগা হʼল যে পৃথিৱীৰ কোনো ধুবীয়ে তেনেদৰে বগা কৰিব নোৱাৰে। ৪  শিষ্যসকলে তাত এলিয়া আৰু মোচিকো দেখা পালে আৰু তেওঁলোকে যীচুৰ লগত কথা পাতি আছিল। ৫  তেতিয়া পিতৰে যীচুক কʼলে, “গুৰু,* আমি ইয়াত থকাটো আমাৰ কাৰণে আনন্দৰ বিষয়। সেইবাবে, আমাক তিনিটা তম্বু সাজিবলৈ দিয়ক, এটা আপোনাৰ কাৰণে, এটা মোচিৰ কাৰণে আৰু এটা এলিয়াৰ কাৰণে।” ৬  আচলতে কি কোৱা উচিত, পিতৰে বুজিয়েই পোৱা নাছিল। কাৰণ তেওঁলোকে বৰ ভয় খাইছিল। ৭  তাৰ পাছত এডোখৰ মেঘে তেওঁলোকক ঢাকি ধৰিলে আৰু সেই মেঘৰ পৰা এই মাত শুনিবলৈ পোৱা গʼল, “এওঁ মোৰ প্ৰিয় পুত্ৰ। এওঁৰ কথা শুনা।” ৮  তাৰ পাছত হঠাতে শিষ্যসকলে চাৰিওফালে চালে। কিন্তু এতিয়া তাত তেওঁলোকে যীচুৰ বাহিৰে আন কাকো দেখা নাপালে। ৯  তেওঁলোকে পাহাৰৰ পৰা নামি অহাৰ সময়ত যীচুৱে তেওঁলোকক সাৱধান কৰি কʼলে যে যেতিয়ালৈকে মানুহৰ পুত্ৰক মৃত্যুৰ পৰা জীয়াই তোলা নহʼব, তেতিয়ালৈকে তেওঁলোকে যি দেখিলে, সেয়া যেন কাকো নকয়। ১০  শিষ্যসকলে এই কথা গুৰুত্ব সহকাৰে লʼলে।* কিন্তু মৃতবিলাকৰ মাজৰ পৰা জীয়াই উঠাৰ বিষয়ে যীচুৱে যি কৈছিল, তাৰ অৰ্থ কি, সেই বিষয়ে তেওঁলোকে নিজৰ মাজতে আলোচনা কৰিবলৈ ধৰিলে। ১১  তেওঁলোকে যীচুক সুধিলে, “এলিয়া প্ৰথমে আহিব লাগে বুলি নিয়ম শিকোৱা লোকে* কিয় কয়?” ১২  তেওঁ কʼলে, “এলিয়া নিশ্চয় প্ৰথমে আহিব আৰু সকলোবোৰ আগৰ দৰেই কৰি দিব। কিন্তু শাস্ত্ৰত কিয় এইদৰে লিখা আছে যে মানুহৰ পুত্ৰক বহুতো দুখ-কষ্ট ভুগিব লাগিব আৰু তেওঁক তুচ্ছ বুলি ভবা হʼব? ১৩  কিন্তু মই তোমালোকক কওঁ যে আচলতে এলিয়া আহি গʼল আৰু তেওঁৰ বিষয়ে যিদৰে লিখা আছে, ঠিক সেইদৰে তেওঁৰ লগত তেওঁলোকে যি বিচাৰিছিল, সেইদৰেই কৰিলে।” ১৪  যেতিয়া তেওঁলোকে বাকী শিষ্যসকলৰ ওচৰলৈ আহিলে, তেতিয়া লোকসকলৰ ভীৰে শিষ্যসকলক আগুৰি ধৰা আৰু নিয়ম শিকোৱা লোকে তেওঁলোকৰ লগত তৰ্ক কৰি থকা দেখিলে। ১৫  কিন্তু ভীৰে যীচুক দেখাৰ লগে লগে আচৰিত হʼল আৰু তেওঁক আদৰণি জনাবলৈ দৌৰি গʼল। ১৬  যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকে তেওঁলোকৰ লগত কিহৰ বিষয়ে তৰ্ক কৰিছা?” ১৭  ভীৰৰ মাজৰ এজনে কʼলে, “গুৰু, মই নিজৰ লʼৰাক আপোনাৰ ওচৰলৈ আনিছিলোঁ। কিয়নো তাক এটা বোবা দুষ্ট স্বৰ্গদূতে পাইছে। ১৮  আৰু যেতিয়াই সি মোৰ লʼৰাক ধৰে, তেতিয়াই তাক মাটিত পেলাই দিয়ে আৰু মোৰ লʼৰাৰ মুখৰ পৰা ফেন ওলাবলৈ ধৰে। সি দাঁত কৰচে আৰু একেবাৰে লেবেজান হৈ পৰে। এই দুষ্ট স্বৰ্গদূতক উলিয়াবলৈ মই আপোনাৰ শিষ্যসকলক কৈছিলোঁ, কিন্তু তেওঁলোকে উলিয়াব নোৱাৰিলে।” ১৯  এয়া শুনি যীচুৱে তেওঁলোকক কʼলে, “হে অবিশ্বাসী লোকসকল,* কিমান দিনলৈকে মই তোমালোকৰ লগত থাকিম? কেতিয়ালৈকে মই তোমালোকক সহ্য কৰিম? লʼৰাজনক মোৰ ওচৰলৈ লৈ আনা।” ২০  তেওঁলোকে সেই লʼৰাজনক যীচুৰ ওচৰলৈ লৈ আনিলে। কিন্তু সেই দুষ্ট স্বৰ্গদূতে যীচুক দেখাৰ লগে লগে লʼৰাজনক পকাই দিলে আৰু লʼৰাটো মাটিত পৰি বাগৰি বাগৰি মুখৰ পৰা ফেন উলিয়াবলৈ ধৰিলে। ২১  তেতিয়া যীচুৱে লʼৰাজনৰ দেউতাকক সুধিলে, “ইয়াৰ এনে অৱস্থা হোৱা কিমান দিন হʼল?” তেওঁ কʼলে, “সৰুৰে পৰা হৈছে। ২২  ইয়াক হত্যা কৰিবলৈ এই দুষ্ট স্বৰ্গদূতে বহুবাৰ ইয়াক জুইত আৰু পানীত পেলাই দিছে। কিন্তু আপুনি যদি কিবা কৰিব পাৰে, তেনেহʼলে আমাক দয়া কৰক আৰু আমাক সহায় কৰক।” ২৩  যীচুৱে তেওঁক কʼলে, “‘আপুনি যদি কিবা কৰিব পাৰে’ এই বুলি কিয় কৈছা? যাৰ বিশ্বাস আছে তেওঁৰ কাৰণে সকলো সম্ভৱ।” ২৪  সেই সময়তে লʼৰাজনৰ দেউতাকে জোৰেৰে কʼলে, “মোৰ বিশ্বাস আছে, কিন্তু মোৰ বিশ্বাস আৰু দৃঢ় কৰক।” ২৫  তেতিয়া যীচুৱে দেখিলে যে লোকসকলৰ এটা ভীৰে তেওঁৰ ফালে দৌৰি আহিছে। সেইবাবে, তেওঁ দুষ্ট স্বৰ্গদূতক ধমকি দি কʼলে, “হে বোবা আৰু কলা দুষ্ট দূত, মই তোক আদেশ দিছোঁ, ইয়াৰ শৰীৰৰ পৰা ওলাই যা আৰু কেতিয়াও নোসোমাবি!” ২৬  তেতিয়া সেই দুষ্ট স্বৰ্গদূতে জোৰেৰে চিঞৰিলে আৰু লʼৰাটোক জোৰেৰে পকোৱাৰ পাছত তাৰ শৰীৰৰ পৰা ওলাই গʼল। সেই লʼৰাটো মৰাৰ নিচিনা হʼল আৰু বেছিভাগ লোকে কʼবলৈ ধৰিলে, “লʼৰাটো মৰি গʼল!” ২৭  কিন্তু যীচুৱে তাৰ হাতত ধৰি তাক উঠালে আৰু সি থিয় হৈ গʼল। ২৮  তাৰ পাছত যীচু এটা ঘৰলৈ গʼল আৰু তাত তেওঁৰ শিষ্যসকলে অকলে তেওঁক সুধিলে, “আমি সেই দুষ্ট স্বৰ্গদূতক কিয় উলিয়াব নোৱাৰিলোঁ?” ২৯  তেওঁ কʼলে, “এনেধৰণৰ দূতক কেৱল প্ৰাৰ্থনা কৰাৰ যোগেদিহে উলিয়াব পাৰি।” ৩০  তেওঁলোকে সেই ঠাইৰ পৰা ওলাই গালীলৰ মাজেদি গʼল আৰু যীচু কʼত আছে, এই কথাটো কোনেও নজনাটো তেওঁ বিচাৰিছিল। ৩১  কাৰণ এই সময়ছোৱাত তেওঁ নিজৰ শিষ্যসকলক শিকাই আছিল আৰু তেওঁলোকক কৈ আছিল, “মানুহৰ পুত্ৰৰ লগত বিশ্বাসঘাত কৰা হʼব আৰু তেওঁক লোকসকলৰ হাতত গতাই দিয়া হʼব। লোকসকলে তেওঁক হত্যা কৰিব, কিন্তু মৃত্যুৰ তিনি দিনৰ পাছত তেওঁ জীয়াই উঠিব।” ৩২  কিন্তু শিষ্যসকলে তেওঁৰ কথা বুজি নাপালে আৰু তেওঁক প্ৰশ্ন সুধিবলৈও ভয় কৰিছিল। ৩৩  তাৰ পাছত তেওঁলোকে কফৰনাহূমলৈ আহিল। যেতিয়া তেওঁ ঘৰৰ ভিতৰত আছিল, তেতিয়া তেওঁ শিষ্যসকলক সুধিলে, “ৰাস্তাত তোমালোকে কি কাৰণে কাজিয়া কৰিছিলা?” ৩৪  তেওঁলোকে মনে মনে থাকিল। কাৰণ তেওঁলোকৰ মাজৰ কোন ডাঙৰ হয়, এই কথাক লৈ তেওঁলোকে কাজিয়া কৰিছিল। ৩৫  তেতিয়া তেওঁ বহি ১২ জনক মাতিলে আৰু তেওঁলোকক কʼলে, “কোনোৱে যদি সকলোতকৈ ডাঙৰ হʼব বিচাৰে, তেনেহʼলে তেওঁ সকলোতকৈ সৰু হোৱা উচিত আৰু সকলোৰে সেৱক হোৱা উচিত।” ৩৬  তাৰ পাছত যীচুৱে এটি সৰু লʼৰাক লৈ তেওঁলোকৰ মাজত থিয় কৰালে আৰু তাৰ কান্ধত হাত থৈ তেওঁলোকক কʼলে, ৩৭  “যিসকলে এনে লʼৰাবিলাকৰ এটিকো মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোক গ্ৰহণ কৰে। আৰু যিসকলে মোক গ্ৰহণ কৰে, তেওঁ কেৱল মোকেই নহয় মোক পঠোৱা জনকো গ্ৰহণ কৰে।” ৩৮  যোহনে তেওঁক কʼলে, “গুৰু, আমি এজন মানুহক আপোনাৰ নামেৰে লোকসকলৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূতক উলিওৱা দেখিলোঁ আৰু আমি তাক বাধা দিবলৈ চেষ্টা কৰিলোঁ, কিয়নো সি আমাৰ লোক নহয়।” ৩৯  কিন্তু যীচুৱে কʼলে, “তাক বাধা দিবলৈ চেষ্টা নকৰিবা, কাৰণ এনে কোনো নাই, যিয়ে মোৰ নামেৰে আচৰিত কাম কৰে আৰু লগতে মোৰ বদনামো কৰে। ৪০  যিজন আমাৰ বিৰুদ্ধে নহয়, তেওঁ আমাৰ লগত আছে। ৪১  যি কোনোৱে তুমি খ্ৰীষ্টৰ শিষ্য হয় বুলি তোমালোকক অলপ হʼলেও খাবলৈ পানী দিয়ে। মই তোমালোকক সঁচাকৈ কৈছোঁ, তেওঁ নিজৰ পুৰস্কাৰ কেতিয়াও নেহেৰুৱাব। ৪২  কিন্তু যি কোনোৱে বিশ্বাস কৰা এই সৰুবিলাকৰ মাজৰ এজনকো যদি উজুটি* খোৱায়, তেনেহʼলে তেওঁৰ ডিঙিত এটা জাঁত* বান্ধি সমুদ্ৰৰ গভীৰ পানীত তেওঁক পেলাই দিয়াটোৱেই ভাল হʼব। ৪৩  যদি তোমাৰ হাতে পাপ কৰাইছে,* তেনেহʼলে তাক কাটি দিয়া। কাৰণ দুখন হাতেৰে সৈতে সদায় জ্বলি থকা জুইত নাশ* হোৱাতকৈ এখন হাত নথকাকৈ জীৱন পোৱাটোৱেই তোমাৰ কাৰণে ভাল। ৪৪ * — ৪৫  যদি তোমাৰ ভৰিয়ে তোমাক পাপ কৰাইছে, তেনেহʼলে তাক কাটি দিয়া।* কাৰণ দুখন ভৰিৰে সৈতে নাশ* হোৱাতকৈ এখন ভৰি নথকাকৈ জীৱন পোৱাটোৱেই তোমাৰ কাৰণে ভাল। ৪৬ * — ৪৭  যদি তোমাৰ চকুৱে তোমাক পাপ কৰাইছে,* তেনেহʼলে তাক কাঢ়ি পেলাই দিয়া। কাৰণ দুয়ো চকুৰে সৈতে নাশ* হোৱাতকৈ এটা চকু নথকাকৈ ঈশ্বৰৰ ৰাজ্যত সোমোৱাটোৱেই তোমাৰ কাৰণে ভাল। ৪৮  কাৰণ নাশ হোৱা ঠাইত* কেতিয়াও পোক নমৰে আৰু সদায় জুই জ্বলি থাকে। ৪৯  সেইবাবে, যিদৰে নিমখ চটিওৱা হয়, ঠিক সেইদৰে সকলো মানুহৰ ওপৰত জুই বৰষুৱা হʼব। ৫০  নিমখ উত্তম হয়, কিন্তু নিমখে যদি নিজৰ সোৱাদ হেৰুৱায়, তেনেহʼলে তাক তুমি কি দি আকৌ নিমখীয়া কৰিব পাৰিবা? তোমালোক নিমখৰ দৰে হোৱা আৰু এজনে-আনজনৰ লগত শান্তি বজাই ৰাখা।”

Footnotes

আক্ষ., “ৰব্বি।”
বা হয়তো, “এই কথাটো নিজৰ মাজতে ৰাখিলে।”
আক্ষ., “লেখক।” শব্দকোষ চাওক।
আক্ষ., “প্ৰজন্ম।”
অৰ্থাৎ এনে কিবা কৰে, যাৰ বাবে আনে বিশ্বাস কৰিবলৈ এৰি দিয়ে।
বা “গাধই ঘূৰোৱা জাঁত।”
আক্ষ., “তোমাক উজুটি খোৱাইছে।”
আক্ষ., “গেহেনা।” গেহেনা যিৰূচালেমৰ এনে এক ঠাই আছিল, যʼত জাৱৰ জ্বলোৱা হৈছিল।
অতি. ক৩ চাওক।
আক্ষ., “তোমাক উজুটি খোৱাইছে।”
আক্ষ., “গেহেনা।”
অতি. ক৩ চাওক।
আক্ষ., “তোমাক উজুটি খোৱাইছে।”
আক্ষ., “গেহেনা।”
আক্ষ., “গেহেনা।”