যাকোবৰ চিঠি ৩:১-১৮

  • জিভাক নিয়ন্ত্ৰণ কৰা (১-১২)

    • বহুতো লোকে যেন শিক্ষক নহওক ()

  • স্বৰ্গৰ পৰা পোৱা বুদ্ধি (১৩-১৮)

৩  মোৰ ভাইসকল, আমাৰ মাজৰ বহুতো লোকে যেন শিক্ষক নহওক, কিয়নো আমি জানোঁ যে আমি আৰু কঠোৰ শাস্তি পাম। ২  কিয়নো আমি সকলোৱে বহুবাৰ ভুল কৰোঁ।* যদি কোনো মানুহে কথা কোৱাত ভুল নকৰে, তেনেহʼলে তেওঁ সিদ্ধ হয় আৰু নিজৰ গোটেই শৰীৰকো নিয়ন্ত্ৰণত ৰাখিব পাৰে।* ৩  আমি ঘোঁৰাৰ মুখত লেকাম লগাওঁ যাতে সি আমাৰ কথা শুনে আৰু ইয়াৰ পৰা আমি তাৰ গোটেই শৰীৰকো নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ৪  জাহাজবোৰৰ বিষয়েও চিন্তা কৰা! যদিও সেইবোৰ বহুত ডাঙৰ থাকে আৰু তীব্ৰ বতাহত চলোৱা হয়, তথাপি এটা সৰু গুড়ি বʼঠাৰে নাৱিকে সেইবোৰ যʼলৈ বিচাৰে, তালৈ লৈ যাব পাৰে। ৫  ঠিক সেইদৰে, জিভাও আমাৰ শৰীৰৰ এটা সৰু অংগ হয়, তথাপি ইয়ে ডাঙৰ ডাঙৰ ফিতাহি মাৰে। চোৱা! গোটেই জংঘলত জুই লগাবলৈ কেৱল জুইৰ এটি সৰু ফিৰিঙটিয়েই যথেষ্ট। ৬  জিভাও এক জুইৰ দৰে হয়। ইয়ে মানুহৰ শৰীৰৰ অংগবোৰৰ ভিতৰত দুষ্টতাৰ এক জগত, কিয়নো ই গোটেই শৰীৰক অশুচি কৰি দিয়ে আৰু মানুহৰ গোটেই জীৱনত জুই লগাই দিয়ে আৰু ইয়ে নাশ* কৰিব পৰা জুইৰ দৰে ভষ্ম কৰি দিয়ে। ৭  সকলো ধৰণৰ বনৰীয়া জন্তু, চৰাই, বগাই ফুৰা জীৱ-জন্তু আৰু সাগৰৰ প্ৰাণীক ঘৰচীয়া কৰিব পাৰি আৰু মানুহে সিহঁতক নিয়ন্ত্ৰণ কৰি ঘৰচীয়া কৰিও লৈছে। ৮  কিন্তু জিভাক কোনো মানুহে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। ই এনে এক বিপদজনক আৰু নিয়ন্ত্ৰণ কৰিব নোৱাৰা অংগ হয়, যি মাৰাত্মক বিহেৰে পৰিপূৰ্ণ। ৯  এই জিভাৰে আমি নিজৰ পিতৃ যিহোৱাৰ* প্ৰশংসা কৰোঁ আৰু এই জিভাৰেই মানুহক অভিশাপ দিওঁ, যিসকলক “ঈশ্বৰৰ দৰে” সৃষ্টি কৰা হৈছে। ১০  একে মুখৰ পৰাই প্ৰশংসা আৰু অভিশাপ ওলায়। ভাইসকল, এনে হোৱাটো উচিত নহয়। ১১  একেটা ভুমুকৰ পৰা মিঠা আৰু নিমখীয়া পানী ওলায় নে? ১২  মোৰ ভাইসকল, ডিমৰু গছত জলফাই ধৰিব পাৰে নে? বা আঙুৰ গছত ডিমৰু ধৰিব পাৰে নে? নোৱাৰে। ঠিক সেইদৰে, নিমখীয়া পানীৰ ভুমুকৰ পৰা মিঠা পানী ওলাব নোৱাৰে। ১৩  তোমালোকৰ মাজৰ বুদ্ধিমান আৰু বুজি পোৱাৰ ক্ষমতা কাৰ আছে? যাৰ আছে, তেওঁ ইয়াক নিজৰ ভাল আচাৰ-ব্যৱহাৰৰ যোগেদি দেখুৱাওক আৰু বুদ্ধিৰে উৎপন্ন হোৱা কোমল স্বভাৱৰ অনুসৰি কাম কৰক। ১৪  কিন্তু যদি তোমালোকৰ হৃদয়ত ঈৰ্ষা আৰু কাজিয়া কৰাৰ ভাৱনা* আছে, তেনেহʼলে ফিতাহি নামাৰিবা আৰু সত্যৰ বিৰুদ্ধে মিছা কথা নকʼবা। ১৫  এয়া স্বৰ্গৰ পৰা পোৱা বুদ্ধি নহয়, ইয়াৰ পৰিৱৰ্তে এয়া জাগতিক, শাৰীৰিক* আৰু চয়তানৰ বুদ্ধি হয়। ১৬  কিয়নো যʼত ঈৰ্ষা আৰু কাজিয়া হয়,* তাত হুলস্থূল আৰু সকলো ধৰণৰ দুষ্টতাও হʼব। ১৭  কিন্তু যি বুদ্ধি স্বৰ্গৰ পৰা পোৱা যায়, সেয়া সকলোতকৈ প্ৰথমে পবিত্ৰ, তাৰ পাছত শান্তি বজাই ৰখা, নিজৰ মতামতত লাগি নথকা, আজ্ঞা মানিবলৈ সাজু থকা, দয়া আৰু ভাল কামেৰে পৰিপূৰ্ণ হয়। ই পক্ষপাত নকৰে আৰু নিষ্কপট হয়। ১৮  যিসকলে শান্তি বজাই ৰাখে, তেওঁলোকৰ কাৰণে শান্তিৰ পৰিস্থিতিত ভাল ফল ৰোৱা হয়।*

Footnotes

আক্ষ., “উজুটি খাওঁ।”
আক্ষ., “লেকাম লগাব পাৰে।”
আক্ষ., “গেহেনা।”
অতি. ক৫ চাওক।
বা হয়তো, “ডাঙৰ হোৱাৰ স্বাৰ্থপৰ ভাৱনা।”
বা “জন্তুৰ দৰে।”
বা হয়তো, “ডাঙৰ হোৱাৰ স্বাৰ্থপৰ ভাৱনা থাকে।”
বা হয়তো, “তেওঁলোকে শান্তিৰ পৰিস্থিতিত ভাল ফল ৰোৱে।”