যোহনে লিখা শুভবাৰ্তা ১০:১-৪২

  • ৰখীয়া আৰু ভেড়াৰ গঁৰাল (১-২১)

    • যীচু এজন ভাল ৰখীয়া হয় (১১-১৫)

    • মোৰ আৰু ভেড়া আছে (১৬)

  • সমৰ্পণৰ উৎসৱত যিহূদীসকলে যীচুৰ লগত তৰ্ক কৰে (২২-৩৯)

    • বহুতো যিহূদীয়ে বিশ্বাস নকৰিলে (২৪-২৬)

    • “মোৰ ভেড়াবোৰে মোৰ মাত শুনে” (২৭)

    • পুত্ৰ, পিতৃৰ লগত একতাত আছে (৩০, ৩৮)

  • যৰ্দ্দনৰ সিপাৰে থকা বহুতো লোকে বিশ্বাস কৰিলে (৪০-৪২)

১০  “মই তোমালোকক সঁচাকৈ কৈছোঁ, যিজনে ভেড়াৰ গঁৰাললৈ সোমাওঁতে দুৱাৰেদি নোসোমায়, কিন্তু আন কোনো ফালেদি বগাই সোমায়, তেওঁ চোৰ আৰু ডকাইত হয়। ২  কিন্তু যিজনে দুৱাৰেদি সোমায়, তেওঁ ভেড়া ৰখীয়া হয়। ৩  দুৱাৰ ৰখীয়াই তেওঁৰ কাৰণে দুৱাৰ খুলি দিয়ে আৰু ভেড়াবোৰে নিজৰ ৰখীয়াৰ মাত শুনে। আৰু তেওঁ নিজৰ ভেড়াবোৰক নাম ধৰি ধৰি মাতে আৰু বাহিৰলৈ লৈ যায়। ৪  নিজৰ সকলো ভেড়াক বাহিৰলৈ লৈ অনাৰ পাছত তেওঁ ভেড়াবোৰৰ আগে আগে যায় আৰু ভেড়াবোৰে তেওঁৰ পিছে পিছে গৈ থাকে, কিয়নো সিহঁতে তেওঁৰ মাত চিনি পায়। ৫  সিহঁতে কোনো অচিনাকী মানুহৰ পিছে পিছে কেতিয়াও নাযাব, ইয়াৰ পৰিৱৰ্তে সিহঁতে তেওঁৰ ওচৰৰ পৰা পলাইহে যাব, কিয়নো সিহঁতে অচিনাকী মানুহৰ মাত চিনি নাপায়।” ৬  যীচুৱে তেওঁলোকক এই উদাহৰণ দিলে, কিন্তু তেওঁলোকে বুজি নাপালে যে তেওঁ কি কৈ আছে। ৭  সেইবাবে, যীচুৱে আকৌ এবাৰ কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ যে মই ভেড়াবোৰৰ কাৰণে দুৱাৰ হওঁ। ৮  মোৰ আগেয়ে আহি যিসকলে নিজকে প্ৰকৃত ভেড়াৰখীয়া বুলি দাবী কৰিছিল, তেওঁলোক সকলোৱে চোৰ আৰু ডকাইত। কিন্তু ভেড়াবোৰে সিহঁতৰ নুশুনিলে। ৯  ময়েই দুৱাৰ হওঁ, যি কোনোৱে মোৰ মাজেদি সোমায়, তেওঁ উদ্ধাৰ পাব আৰু তেওঁ ভিতৰলৈ আৰু বাহিৰলৈ অহা-যোৱা কৰিব আৰু চৰণীয়া ঠাই পাব। ১০  চোৰে কেৱল চুৰ কৰিবলৈ, হত্যা কৰিবলৈ আৰু ধ্বংস কৰিবলৈ আহে। কিন্তু মই এই কাৰণে আহিছোঁ যাতে ভেড়াবোৰে যেন জীৱন পায়, হয়, অনন্ত জীৱন পায়। ১১  ভাল ৰখীয়া মই হওঁ। ভাল ৰখীয়াই ভেড়াবোৰৰ কাৰণে নিজৰ জীৱন দিয়ে। ১২  কিন্তু মজুৰি দি ৰখা কাম কৰা মানুহ ৰখীয়া নহয় আৰু ভেড়াবোৰ তেওঁৰ নিজৰ নহয়। যেতিয়া তেওঁ বনৰীয়া জন্তুক আহি থকা দেখে, তেতিয়া তেওঁ ভেড়াবোৰ এৰি পলাই যায় (আৰু বনৰীয়া জন্তুৱে ভেড়াবোৰক জপিয়াই ধৰে আৰু সিহঁতক ইফাল-সিফাল কৰি দিয়ে) ১৩  কিয়নো সেই মানুহজনক মজুৰি দি ৰখা হৈছে আৰু তেওঁ ভেড়াবোৰৰ বিষয়ে চিন্তা নকৰে। ১৪  ভাল ৰখীয়া মই হওঁ। মই নিজৰ ভেড়াবোৰক জানোঁ আৰু মোৰ ভেড়াবোৰে মোক জানে, ১৫  যিদৰে পিতৃয়ে মোক জানে আৰু মই পিতৃক জানোঁ। মই নিজৰ ভেড়াবোৰৰ কাৰণে নিজৰ জীৱন দিওঁ। ১৬  মোৰ আৰু অন্য ভেড়া আছে, যিসকল এই গঁৰালৰ নহয়, মই সিহঁতকো আনিব লাগিব। সিহঁতে মোৰ মাত শুনিব আৰু তেতিয়া একেটা জাক আৰু এজন ৰখীয়া হʼব। ১৭  পিতৃয়ে মোক প্ৰেম কৰে, কিয়নো মই নিজৰ জীৱন দিওঁ যাতে মই সেয়া আকৌ ঘূৰাই পাওঁ। ১৮  কোনো মানুহে মোৰ জীৱন মোৰ পৰা লʼব নোৱাৰে, কিন্তু মই নিজ ইচ্ছাৰে ইয়াক দিওঁ, এয়া দিয়াৰ মোৰ অধিকাৰ আছে আৰু আকৌ ঘূৰাই পোৱাৰো অধিকাৰ আছে। এই আজ্ঞা মই নিজৰ পিতৃৰ পৰা পাইছোঁ।” ১৯  এই কথাবোৰৰ কাৰণে যিহূদীসকলৰ মাজত আকৌ এবাৰ কথা নিমিলা হʼল। ২০  বহুতো লোকে কৈ আছিল, “ইয়াক দুষ্ট স্বৰ্গদূতে পাইছে, ই পগলা হৈ গʼল। তোমালোকে ইয়াৰ কথা কিয় শুনিছা?” ২১  আন কিছুমানে কৈ আছিল, “দুষ্ট স্বৰ্গদূতে পোৱা কোনো ব্যক্তিয়েতো এনে কথা কʼব নোৱাৰে। দুষ্ট স্বৰ্গদূতে জানো অন্ধৰ চকু ভাল কৰিব পাৰে?” ২২  সেই সময়ত যিৰূচালেমত মন্দিৰ সমৰ্পণৰ উৎসৱ চলি আছিল। তেতিয়া জাৰকালি আছিল ২৩  আৰু যীচুৱে মন্দিৰৰ দুয়োফালে স্তম্ভ থকা চলোমনৰ বাৰান্দাত খোজকাঢ়ি আছিল। ২৪  তেতিয়া যিহূদীসকলে তেওঁক আগুৰি ধৰি সুধিবলৈ ধৰিলে, “তুমি কোন হোৱা, আমাক কিয় কোৱা নাই? যদি তুমি খ্ৰীষ্ট হোৱা, তেনেহʼলে চিধা-চিধিকৈ কৈ দিয়া।” ২৫  যীচুৱে তেওঁলোকক উত্তৰ দিলে, “মই তোমালোকক কʼলোঁ, কিন্তু তোমালোকে বিশ্বাসেই নকৰা। মোৰ পিতৃৰ নামেৰে মই যি কাম কৰোঁ, সেইবোৰেই মোৰ বিষয়ে সাক্ষ্য দিয়ে। ২৬  তোমালোক মোৰ ভেড়া নোহোৱা, সেই কাৰণে তোমালোকে মোৰ ওপৰত বিশ্বাস নকৰা। ২৭  মোৰ ভেড়াবোৰে মোৰ মাত শুনে আৰু মই সিহঁতক জানোঁ আৰু সিহঁতে মোৰ পিছে পিছে চলে। ২৮  মই সিহঁতক অনন্ত জীৱন দিওঁ আৰু সিহঁতক কেতিয়াও নাশ কৰা নহʼব আৰু কোনেও মোৰ হাতৰ পৰা সিহঁতক কাঢ়ি নলʼব। ২৯  মোৰ পিতৃয়ে মোক যি দিছে, সেয়া বাকী সকলো বস্তুতকৈ মূল্যৱান আৰু কোনেও সিহঁতক পিতৃৰ হাতৰ পৰা কাঢ়ি লʼব নোৱাৰিব। ৩০  মই আৰু পিতৃ এক হওঁ।”* ৩১  আকৌ এবাৰ যিহূদীসকলে তেওঁক মাৰিবলৈ শিল উঠালে। ৩২  যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক পিতৃৰ ফালৰ পৰা বহুতো ভাল কাম কৰি দেখুৱালোঁ। সেইবোৰৰ মাজত কোনটো কামৰ কাৰণে তোমালোকে মোক শিল দলিয়াই মাৰিব বিচাৰিছা?” ৩৩  যিহূদীসকলে তেওঁক উত্তৰ দিলে, “ভাল কামৰ কাৰণে আমি তোমাক শিল দলিয়াই মাৰিব বিচৰা নাই, কিন্তু তুমি ঈশ্বৰৰ নিন্দা কৰিছা। তুমি মানুহ হৈও নিজকে ঈশ্বৰ বুলি দাবী কৰিছা। সেই কাৰণেহে মাৰিব বিচাৰিছোঁ।” ৩৪  যীচুৱে তেওঁলোকক কʼলে, “তোমালোকৰ নিয়মত এইদৰে লিখা নাই নে, ‘মই কʼলোঁ, “তোমালোক সকলো ঈশ্বৰ* হোৱা।”’ ৩৫  যদি সেই লোকসকলক তেওঁ ‘ঈশ্বৰ’ বুলি কয়, যিসকলক ঈশ্বৰৰ বাক্যই দোষী কৰিছে আৰু শাস্ত্ৰৰ এই কথাক মিছা বুলি কʼব নোৱাৰি। ৩৬  তেনেহʼলে তোমালোকে এই কথা কেনেকৈ কʼব পাৰা যে মই নিজকে ঈশ্বৰৰ পুত্ৰ বুলি কৈ তেওঁৰ নিন্দা কৰিছোঁ, যিহেতু তেওঁ নিজেই মোক পবিত্ৰ কৰি জগতলৈ পঠিয়ালে। ৩৭  যদি মই পিতৃৰ কাম কৰা নাই, তেনেহʼলে মোৰ ওপৰত বিশ্বাস নকৰিবা। ৩৮  কিন্তু যদি মই নিজৰ পিতৃৰ কাম কৰি আছোঁ, তেনেহʼলে মোৰ ওপৰত বিশ্বাস নকৰিলেও, অন্ততঃ মোৰ কামৰ ওপৰতো বিশ্বাস কৰা যাতে তোমালোকে জানিব পাৰা আৰু বুজিব পাৰা যে পিতৃ মোৰ লগত আৰু মই পিতৃৰ লগত একতাত আছোঁ।” ৩৯  সেইবাবে, তেওঁলোকে আকৌ এবাৰ তেওঁক ধৰিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ তেওঁলোকৰ হাতৰ পৰা ওলাই গʼল। ৪০  তাৰ পাছত তেওঁ যৰ্দ্দনৰ সিপাৰে থকা সেই ঠাইলৈ গুচি গʼল, যʼত যোহনে আগতে বাপ্তিষ্মা দিছিল* আৰু তেওঁ তাতে থাকিল। ৪১  বহুতো লোকে তেওঁৰ ওচৰলৈ আহিলে আৰু কʼবলৈ ধৰিলে, “যোহনেতো এটাও চমৎকাৰ কৰা নাছিল, কিন্তু তেওঁ এই মানুহজনৰ বিষয়ে যিবোৰ কৈছিল, সেই সকলো সঁচা আছিল।” ৪২  তাত বহুতো লোকে যীচুৰ ওপৰত বিশ্বাস কৰিলে।

Footnotes

বা “মোৰ আৰু পিতৃৰ মাজত একতা আছে।”
বা “ঈশ্বৰৰ নিচিনা।”
বা “সম্পূৰ্ণৰূপে পানীত ডুবাইছিল।”