যোহনে লিখা শুভবাৰ্তা ১৪:১-৩১
১৪ “তোমালোকৰ হৃদয় দুখত ভাঙি নপৰক। ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা আৰু মোৰ ওপৰতো বিশ্বাস কৰা।
২ মোৰ পিতৃৰ ঘৰত থাকিবলৈ বহুত ঠাই আছে। নথকা হʼলে মই তোমালোকক এই কথা নকʼলোঁহেঁতেন। কিন্তু এতিয়া মই তোমালোকৰ কাৰণে ঠাই প্ৰস্তুত কৰিবলৈ গৈ আছোঁ।
৩ আৰু মই যেতিয়া গৈ তোমালোকৰ কাৰণে ঠাই প্ৰস্তুত কৰিম, তেতিয়া মই আকৌ আহিম আৰু তোমোলোকক নিজৰ ঘৰলৈ লৈ যাম যাতে যʼত মই থাকোঁ, তাত যেন তোমালোকেও থাকা।
৪ যʼলৈ মই গৈ আছোঁ, তাৰ ৰাস্তা তোমালোকে জানা।”
৫ থোমাই তেওঁক কʼলে, “প্ৰভু, আমি নাজানোঁ যে আপুনি কʼলৈ গৈ আছে। তেনেহʼলে আমি তাৰ ৰাস্তা কেনেকৈ জানিম?”
৬ যীচুৱে তেওঁক কʼলে, “ময়েই সেই ৰাস্তা, সত্য আৰু জীৱন হওঁ। মোৰ যোগেদি নাহিলে পিতৃৰ ওচৰলৈ কোনেও আহিব নোৱাৰে।
৭ তোমালোকে মোক সঁচাকৈ জনা হʼলে মোৰ পিতৃকো জানিলাহেঁতেন। এই সময়ৰ পৰা তোমালোকে তেওঁক জানিবা, আচলতে তোমালোকে তেওঁক দেখিছা।”
৮ ফিলিপে তেওঁক কʼলে, “প্ৰভু, আমাক পিতৃক দেখুৱাওক, ইমানেই আমাৰ কাৰণে যথেষ্ট।”
৯ যীচুৱে তেওঁক কʼলে, “ফিলিপ, মই ইমান দিনৰ পৰা তোমালোকৰ লগতে আছোঁ, তথাপি তুমি মোক জানিব নোৱাৰিলা? যিজনে মোক দেখিলে তেওঁ পিতৃকো দেখিলে। তেনেহʼলে তুমি কিয় ‘আমাক পিতৃ দেখুৱাওক বুলি কোৱা’?
১০ মই পিতৃৰ লগত আৰু পিতৃ মোৰ লগত একতাত আছে বুলি তুমি বিশ্বাস নকৰা নে? মই যিবোৰ কথা কওঁ, সেইবোৰ নিজৰ ফালৰ পৰা নকওঁ, ইয়াৰ পৰিৱৰ্তে মোৰ লগত একতাত থকা পিতৃয়ে মোৰ যোগেদি নিজৰ কাম কৰি আছে।
১১ পিতৃ মোৰ লগত আৰু মই পিতৃৰ লগত একতাত আছোঁ বুলি বিশ্বাস কৰা নাইবা মোৰ কামৰ যোগেদি মোৰ ওপৰত বিশ্বাস কৰা।
১২ মই তোমালোকক সঁচাকৈ কৈছোঁ, মই যি যি কাম কৰোঁ, মোক বিশ্বাস কৰাজনেও তেনেকুৱা কাম কৰিব। আনকি ইয়াতকৈ ডাঙৰ ডাঙৰ কাম কৰিব, কিয়নো মই পিতৃৰ ওচৰলৈ গৈ আছোঁ।
১৩ লগতে, মোৰ নামেৰে তোমালোকে যিয়েই খোজা, সেয়া মই কৰিম যাতে পুত্ৰৰ যোগেদি পিতৃৰ মহিমা হয়।
১৪ যদি তোমালোকে মোৰ নামেৰে কিবা খোজা, তেনেহʼলে মই সেয়া কৰিম।
১৫ তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহʼলে মোৰ আজ্ঞাবোৰ পালন কৰিবা।
১৬ মই পিতৃক মিনতি কৰিম আৰু তেওঁ তোমালোকক আৰু এক সহায়কৰ্তা* দিব, যি তোমালোকৰ লগত সদায় থাকিব
১৭ অৰ্থাৎ সত্যৰ পবিত্ৰ শক্তি, যি জগতে লাভ কৰিব নোৱাৰে, কিয়নো জগতে ইয়াক নেদেখে আৰু নাজানেও। তোমালোকে ইয়াক জানা, কিয়নো ই তোমালোকৰ লগত থাকে আৰু তোমালোকৰ মাজত থাকে।
১৮ মই তোমালোকক শোকৰ সময়ত* এৰি নিদিম। মই তোমালোকৰ ওচৰলৈ আকৌ আহি আছোঁ।
১৯ অলপ সময়ৰ পাছত জগতে মোক কেতিয়াও দেখা নাপাব, কিন্তু তোমালোকে মোক দেখা পাবা। কিয়নো মই জীয়াই আছোঁ আৰু তোমালোকেও জীয়াই থাকিবা।
২০ সেইদিনা তোমালোকে জানিবা যে মই পিতৃৰ লগত একতাত আছোঁ আৰু তোমালোকে মোৰ লগত আৰু মই তোমালোকৰ লগত একতাত আছোঁ।
২১ যিজনৰ ওচৰত মোৰ আজ্ঞা আছে আৰু যিজনে সেইবোৰ পালন কৰে, তেৱেঁই মোক প্ৰেম কৰে। যিজনে মোক প্ৰেম কৰে, তেওঁক মোৰ পিতৃয়ে প্ৰেম কৰিব আৰু ময়ো তেওঁক প্ৰেম কৰিম আৰু মই তেওঁৰ আগত নিজকে স্পষ্টকৈ প্ৰকাশ কৰিম।”
২২ যিহূদাই (ঈষ্কৰিয়োতীয়া নহয়) তেওঁক কʼলে, “প্ৰভু, আপুনি কিয় আমাৰ আগত নিজকে স্পষ্টকৈ প্ৰকাশ কৰিব বিচাৰে, কিন্তু জগতৰ আগত প্ৰকাশ কৰিব নিবিচাৰে?”
২৩ যীচুৱে উত্তৰ দিলে, “যদি কোনোৱে মোক প্ৰেম কৰে, তেনেহʼলে তেওঁ মোৰ বাক্য পালন কৰিব আৰু মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব। আমি তেওঁৰ ওচৰলৈ আহিম আৰু তেওঁৰ লগত থাকিম।
২৪ যিজনে মোক প্ৰেম নকৰে, তেওঁ মোৰ বাক্য পালন নকৰে। যি বাক্য তোমালোকে শুনি আছা, সেয়া মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰ হয়।
২৫ মই তোমালোকৰ লগত থাকোঁতেই এইবোৰ কথা তোমালোকক কʼলোঁ।
২৬ কিন্তু সেই সহায়কৰ্তা অৰ্থাৎ পবিত্ৰ শক্তি, যাক পিতৃয়ে মোৰ নামেৰে পঠাব, তেওঁ তোমালোকক সকলো কথা শিকাব আৰু মই তোমালোকক যি যি কৈছোঁ, এই আটাই কথা তোমালোকক মনত পেলাই দিব।
২৭ যি শান্তি মই দিওঁ, সেয়া তোমালোকৰ ওচৰত এৰি গৈ আছোঁ। এই শান্তি মই তোমালোকক জগতে যেনেকৈ দিয়ে, তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় দুখত ভাঙি নপৰক আৰু ভয়ত দুৰ্বল নহওক।
২৮ তোমালোকে মোক এয়া কোৱা শুনিছা যে মই গৈ আছোঁ আৰু তোমালোকৰ ওচৰলৈ আকৌ উভতি আহিম। তোমালোকে মোক প্ৰেম কৰা হʼলে এই কথাত আনন্দ কৰিলাহেঁতেন যে মই পিতৃৰ ওচৰলৈ গৈ আছোঁ, কিয়নো পিতৃ মোতকৈ ডাঙৰ।
২৯ এতিয়া এইবোৰ কথা হোৱাৰ আগতে মই তোমালোকক কৈছোঁ যাতে এইবোৰ হোৱাৰ সময়ত তোমালোকে বিশ্বাস কৰিব পাৰা।
৩০ এতিয়া মই তোমালোকৰ লগত আৰু বেছি কথা নাপাতিম, কিয়নো এই জগতৰ ৰজা আহি আছে আৰু সি মোক নিয়ন্ত্ৰণ কৰিব নোৱাৰে।*
৩১ কিন্তু জগতে যেন জানিব পাৰে যে মই পিতৃক প্ৰেম কৰোঁ, সেইবাবে পিতৃয়ে মোক যিদৰে আজ্ঞা দিছে, মই সেইদৰেই কাম কৰোঁ। এতিয়া উঠা, আমি ইয়াৰ পৰা যাওঁ।