যোহনে লিখা শুভবাৰ্তা ২:১-২৫

  • কান্না চহৰত বিয়া; পানীক দ্ৰাক্ষাৰসলৈ সলনি কৰা (১-১২)

  • যীচুৱে মন্দিৰ পৰিষ্কাৰ কৰে (১৩-২২)

  • মানুহৰ হৃদয়ত কি আছে, যীচুৱে জানে (২৩-২৫)

২  তাৰ পাছত তৃতীয় দিনা গালীলত কান্না নামৰ ঠাইত এখন বিয়া আছিল আৰু যীচুৰ মাকো তাত আছিল। ২  যীচু আৰু তেওঁৰ শিষ্যসকলকো বিয়ালৈ মতা হৈছিল। ৩  যেতিয়া তাত দ্ৰাক্ষাৰস শেষ হৈ আহিল, তেতিয়া যীচুৰ মাকে আহি তেওঁক কʼলে, “তেওঁলোকৰ দ্ৰাক্ষাৰস শেষ হৈ গʼল।” ৪  কিন্তু যীচুৱে তেওঁক কʼলে, “আমি কিয় ইয়াৰ বিষয়ে চিন্তা কৰিম?* মোৰ সময় এতিয়াও অহা নাই।” ৫  তেওঁৰ মাকে দাসসকলক কʼলে, “তেওঁ তোমালোকক যি কʼব, তাকে কৰিবা।” ৬  সেই ঠাইতে যিহূদীসকলৰ ৰীতি অনুসৰি শুচি হʼবৰ কাৰণে পানী থোৱা ছটা শিলৰ পাত্ৰ আছিল। প্ৰতিটো পাত্ৰত ৪৪-ৰ পৰা ৬৬ লিটাৰ* পানী ভৰাব পৰা গৈছিল। ৭  যীচুৱে তেওঁলোকক কʼলে, “এই পাত্ৰ কেইটাত পানী ভৰাই দিয়া।” তেতিয়া দাসসকলে সেই পাত্ৰ কেইটাত মুখলৈকে পানী ভৰাই দিলে। ৮  তাৰ পাছত তেওঁ কʼলে, “এতিয়া ইয়াৰ পৰা অলপ লৈ ভোজৰ চোৱা-চিতা কৰা লোকজনৰ ওচৰলৈ লৈ যোৱা।” তেতিয়া তেওঁলোকে সেইদৰেই কৰিলে। ৯  ভোজৰ চোৱা-চিতা কৰাজনে পানীৰ পৰা হোৱা সেই দ্ৰাক্ষাৰস অলপ খাই চালে। কিন্তু সেই দ্ৰাক্ষাৰস কʼৰ পৰা আহিল, তেওঁ নাজানিলে (কিন্তু যিসকল দাসে পানী উলিয়াই আনিছিল, তেওঁলোকেহে জানিছিল)। তেতিয়া তেওঁ দৰাক মাতিলে ১০  আৰু তেওঁক কʼলে, “সকলো লোকে প্ৰথমতে উত্তম দ্ৰাক্ষাৰসহে দিয়ে আৰু যেতিয়া লোকসকলে খাই মতলীয়া হৈ যায়, তেতিয়া কম মূল্যৰ দ্ৰাক্ষাৰস দিয়ে। কিন্তু তুমি দেখোন উত্তম দ্ৰাক্ষাৰস এতিয়াও ৰাখি থৈছা।” ১১  এইদৰে যীচুৱে গালীলৰ কান্না নামৰ ঠাইত প্ৰথম চমৎকাৰ কৰিলে আৰু নিজৰ শক্তি দেখুৱালে আৰু তেওঁৰ শিষ্যসকলে তেওঁৰ ওপৰত বিশ্বাস কৰিলে। ১২  ইয়াৰ পাছত যীচু, তেওঁৰ মা, তেওঁৰ ভায়েকসকল আৰু শিষ্যসকলে কফৰনাহূমলৈ গʼল, কিন্তু তেওঁলোকে তাত বেছি দিন নাথাকিল। ১৩  যিহূদীসকলৰ নিস্তাৰ-পৰ্ব ওচৰ পাইছিলহি আৰু যীচু যিৰূচালেমলৈ গʼল। ১৪  তেওঁ তাত দেখিলে যে মন্দিৰত গৰু, ভেড়া আৰু কপৌ বেচা লোকসকল আৰু পইচা সলনি কৰা লোকসকল নিজৰ নিজৰ ঠাইত বহি আছে। ১৫  তেতিয়া তেওঁ ৰচীৰে এটা চাবুক বনালে আৰু সেয়া লৈ ভেড়া আৰু গৰুবিলাকৰ সৈতে সিহঁতৰ মালিকবিলাকক মন্দিৰৰ পৰা বাহিৰ কৰি দিলে। তেওঁ পইচা সলনি কৰা লোকসকলৰ মুদ্ৰা ইফাল-সিফাল কৰি দিলে আৰু তেওঁলোকৰ টেবুলবোৰ লুটিয়াই পেলালে। ১৬  তেওঁ কপৌ বেচা লোকসকলক কʼলে, “এইবোৰ লৈ ইয়াৰ পৰা ওলাই যা! মোৰ পিতৃৰ ঘৰখনক ব্যৱসায়ৰ ঘৰ* নবনাবি!” ১৭  তেতিয়া আগতে লিখা এই কথা শিষ্যসকলৰ মনত পৰিল, “তোমাৰ ভৱনৰ প্ৰতি থকা উৎসাহৰ জুই মোৰ ভিতৰত জ্বলি আছে।” ১৮  এয়া দেখি যিহূদীসকলে তেওঁক কʼলে, “এই সকলো কাম কৰাৰ যে আপোনাৰ অধিকাৰ আছে, তাৰে প্ৰমাণ হিচাপে কোনো এটা চিন আমাক দেখুৱাওক।” ১৯  যীচুৱে তেওঁলোকক উত্তৰ দিলে, “এই মন্দিৰটো ধ্বংস কৰি দিয়া আৰু মই তিনিদিনৰ ভিতৰত ইয়াক বনাম।” ২০  তেতিয়া যিহূদীসকলে কʼবলৈ ধৰিলে, “এই মন্দিৰটো বনাবলৈ ৪৬ বছৰ লাগিছিল আৰু আপুনি ইয়াক তিনিদিনতে বনাব নে?” ২১  কিন্তু আচলতে তেওঁ ইয়াত মন্দিৰৰ বিষয়ে নহয়, কিন্তু নিজৰ শৰীৰৰ বিষয়ে কৈ আছিল। ২২  যেতিয়া তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল, তেতিয়া তেওঁৰ শিষ্যসকলৰ এই কথা মনত পৰিল যে তেওঁ প্ৰায়েই এই কথা কৈছিল। আৰু তেওঁলোকে শাস্ত্ৰ আৰু যীচুৱে কোৱা কথাৰ ওপৰত বিশ্বাস কৰিলে। ২৩  যেতিয়া তেওঁ নিস্তাৰ-পৰ্বৰ সময়ত যিৰূচালেমত আছিল, তেতিয়া বহুতো লোকে তেওঁৰ চমৎকাৰ দেখি তেওঁৰ নামৰ ওপৰত বিশ্বাস কৰিলে। ২৪  কিন্তু যীচুৱে তেওঁলোকৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা নকৰিলে, কাৰণ তেওঁ তেওঁলোকক ভালদৰে জানিছিল। ২৫  আৰু লোকসকলৰ বিষয়ে জানিবলৈ তেওঁক কোনো মানুহৰ প্ৰয়োজন নাছিল, কিয়নো মানুহৰ হৃদয়ত কি আছে তেওঁ জানিছিল।

Footnotes

আক্ষ., “হে তিৰোতা, মোৰ কি আহে যায় আৰু তোমাৰ কি আহে যায়।” কাৰোবাৰ কথাত অসন্মত হʼবলৈ এই জতুৱা ঠাঁচ কোৱা হৈছিল। “তিৰোতা” শব্দ ব্যৱহাৰ কৰাটো অসন্মান যেন নাছিল।
হয়তো ইয়াত পনীয়া দ্ৰব্য জোখা বত মাপৰ বিষয়ে কোৱা হৈছে, যি ২২ লিটাৰৰ সমান আছিল। অতি. খ১৪ চাওক।
বা “বজাৰৰ ঠাই; ব্যৱসায়ৰ ঠাই।”