যোহনে লিখা শুভবাৰ্তা ২০:১-৩১
২০ সপ্তাহৰ প্ৰথম দিনা ৰাতিপুৱাৰ সময়ত যেতিয়া আন্ধাৰেই আছিল, মৰিয়ম মগ্দলীনী কবৰৰ* ওচৰলৈ আহিল। তেওঁ দেখিলে যে কবৰৰ পৰা শিলচটা আগৰে পৰা আঁতৰাই থোৱা আছে।
২ তেতিয়া তেওঁ চিমোন পিতৰ আৰু সেই শিষ্যজনৰ ওচৰলৈ দৌৰি দৌৰি গʼল, যিজনক যীচুৱে বহুত প্ৰেম কৰিছিল আৰু তেওঁলোকক কʼলে, “তেওঁলোকে প্ৰভুক কবৰৰ পৰা উলিয়াই লৈ গʼল আৰু আমি নাজানোঁ যে তেওঁলোকে তেওঁক কʼত থৈছে।”
৩ তেতিয়া পিতৰ আৰু সেই শিষ্যজন কবৰৰ ফালে গʼল।
৪ তেওঁলোক দুয়োজনে লগে লগে দৌৰিবলৈ ধৰিলে, কিন্তু আনজন শিষ্যই পিতৰতকৈ বেগেৰে দৌৰি প্ৰথমে কবৰৰ ওচৰ পালেগৈ।
৫ তেওঁ যেতিয়া কবৰত জুমি চালে, তেতিয়া তেওঁ মিহি সূতাৰে তৈয়াৰ কৰা কাপোৰ দেখা পালে, কিন্তু তেওঁ ভিতৰলৈ নগʼল।
৬ তেতিয়া চিমোন পিতৰো তেওঁৰ পিছে পিছে আহি পালেহি আৰু কবৰৰ ভিতৰলৈ গʼল। তেওঁ তাত মিহি সূতাৰে তৈয়াৰ কৰা কাপোৰ পৰি থকা দেখিলে।
৭ তেওঁ দেখিলে যে যি কাপোৰ যীচুৰ মূৰত আছিল, সেয়া আন কাপোৰৰ সৈতে নাছিল, ইয়াৰ পৰিৱৰ্তে বেলেগ ফালে মেৰিয়াই থোৱা আছিল।
৮ ইয়াৰ পাছত যিজন শিষ্য কবৰলৈ প্ৰথমে গৈছিল, তেওঁ ভিতৰলৈ সোমাই সকলো দেখি বিশ্বাস কৰিলে।
৯ মৃতবিলাকৰ মাজৰ পৰা তেওঁ আকৌ জীয়াই উঠিব লাগিব বুলি শাস্ত্ৰৰ এই কথা তেওঁলোকে এতিয়ালৈকে বুজি পোৱা নাছিল।
১০ সেইবাবে, তেওঁলোকে নিজৰ ঘৰলৈ উভতি গʼল।
১১ কিন্তু মৰিয়মে কবৰৰ বাহিৰত থিয় হৈ কান্দি আছিল। যেতিয়া তেওঁ কান্দি কান্দি কবৰৰ ভিতৰলৈ জুমি চালে,
১২ তেতিয়া বগা কাপোৰ পিন্ধা দুজন স্বৰ্গদূতক দেখা পালে। এজন যীচুৰ মূৰ থকা ঠাইত আৰু আনজন যীচুৰ ভৰি থকা ঠাইত বহি আছিল।
১৩ তেওঁলোকে মৰিয়মক কʼলে, “তুমি কিয় কান্দি আছা?” মৰিয়মে তেওঁলোকক কʼলে, “তেওঁলোকে মোৰ প্ৰভুক লৈ গʼল আৰু মই নাজানোঁ যে তেওঁলোকে তেওঁক কʼত থৈছে।”
১৪ এয়া কোৱাৰ পাছত যেতিয়া তেওঁ পিছফালে ঘূৰি চালে, তেতিয়া যীচুক তাত থিয় হৈ থকা দেখিলে, কিন্তু তেওঁ যীচুক চিনি নাপালে।
১৫ যীচুৱে তেওঁক কʼলে, “তুমি কিয় কান্দিছা? তুমি কাক বিচাৰি আছা?” মৰিয়মে তেওঁক মালী বুলি ভাবি কʼলে, “ভাই, যদি তুমি তেওঁক উঠাই লৈ গৈছা, তেনেহʼলে মোক কোৱা যে তুমি তেওঁক কʼত থৈছা আৰু মই তেওঁক লৈ যাম।”
১৬ যীচুৱে তেওঁক কʼলে, “মৰিয়ম!” তেতিয়া মৰিয়মে পিছফালে ঘূৰি হিব্ৰু ভাষাত কʼলে, “ৰব্বূণি।” (যাৰ অৰ্থ হৈছে, “গুৰু!”)
১৭ যীচুৱে তেওঁক কʼলে, “মোক ধৰি নাথাকিবা, কিয়নো মই এতিয়ালৈকে পিতৃৰ ওচৰলৈ যোৱা নাই। কিন্তু গৈ মোৰ ভাইবিলাকক কোৱা, ‘মই নিজৰ পিতৃ আৰু তোমালোকৰ পিতৃ আৰু নিজৰ ঈশ্বৰ আৰু তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ গৈ আছোঁ।’”
১৮ মৰিয়ম মগ্দলীনী শিষ্যসকলৰ ওচৰলৈ গʼল আৰু তেওঁলোকক কʼলে, “মই প্ৰভুক দেখিলোঁ!” আৰু যীচুৱে তেওঁক কি কি কʼলে, সেয়া তেওঁলোকক জনালে।
১৯ সেই দিনাই অৰ্থাৎ সপ্তাহৰ প্ৰথম দিনা গধূলিৰ সময়ত যিহূদীসকলৰ ভয়ত শিষ্যসকলে দুৱাৰ বন্ধ কৰি ঘৰৰ ভিতৰতে আছিল। কিন্তু দুৱাৰ বন্ধ থকাৰ সত্ত্বেও যীচুৱে তেওঁলোকৰ মাজত থিয় হʼল আৰু তেওঁলোকক কʼলে, “তোমালোকৰ শান্তি হওক।”
২০ এয়া কোৱাৰ পাছত যীচুৱে তেওঁলোকক নিজৰ হাত আৰু কামিহাড় দেখুৱালে। তেতিয়া শিষ্যসকলে প্ৰভুক দেখি বহুত আনন্দিত হʼল।
২১ যীচুৱে আকৌ এবাৰ তেওঁলোকক কʼলে, “তোমালোকৰ শান্তি হওক। যিদৰে পিতৃয়ে মোক পঠাইছে, ময়ো তোমালোকক পঠাইছোঁ।”
২২ এয়া কোৱাৰ পাছত যীচুৱে তেওঁলোকলৈ ফু মাৰি কʼলে, “ঈশ্বৰৰ পবিত্ৰ শক্তি গ্ৰহণ কৰা।
২৩ যদি তুমি কাৰোবাৰ পাপ ক্ষমা কৰা, তেনেহʼলে তেওঁক ক্ষমা কৰা হʼব। তোমালোকে যিজনৰ পাপ ক্ষমা নকৰা, তেওঁৰ পাপ ক্ষমা কৰা নহʼব।”
২৪ আৰু যেতিয়া যীচু আহিছিল, তেতিয়া থোমা, যিজন সেই ১২ জনৰ মাজৰ এজন আছিল আৰু যাক যঁজা বুলি কোৱা হৈছিল, তেওঁ শিষ্যসকলৰ লগত নাছিল।
২৫ সেইবাবে, আন শিষ্যসকলে তেওঁক কʼলে, “আমি প্ৰভুক দেখিলোঁ!” কিন্তু থোমাই তেওঁলোকক কʼলে, “যেতিয়ালৈকে মই তেওঁৰ হাতত গজালৰ চিন নেদেখোঁ আৰু তাত নিজৰ আঙুলি সোমোৱাই নাচাওঁ আৰু তেওঁৰ কামিহাড়ৰ মাজত নিজৰ হাত সোমোৱাই নাচাওঁ, তেতিয়ালৈকে মই বিশ্বাস নকৰিম।”
২৬ আঠ দিনৰ পাছত শিষ্যসকলে আকৌ ঘৰৰ ভিতৰত আছিল আৰু থোমাও তেওঁলোকৰ লগত আছিল। তেতিয়া ঘৰৰ দুৱাৰ বন্ধ থকাৰ সত্ত্বেও যীচু তেওঁলোকৰ মাজত আহি থিয় হʼল আৰু তেওঁলোকক কʼলে, “তোমালোকৰ শান্তি হওক।”
২৭ ইয়াৰ পাছত তেওঁ থোমাক কʼলে, “নিজৰ আঙুলি মোৰ হাতত দি চোৱা আৰু নিজৰ হাত মোৰ কামিহাড়ৰ মাজত লগাই চোৱা। সন্দেহ নকৰিবা, কিন্তু বিশ্বাস কৰা।”
২৮ তেতিয়া থোমাই তেওঁক কʼলে, “হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ!”
২৯ যীচুৱে তেওঁক কʼলে, “তুমি মোক দেখাৰ কাৰণেহে বিশ্বাস কৰিছা নেকি? যিসকলে মোক নেদেখিও বিশ্বাস কৰে, তেওঁলোক সুখী।”
৩০ আচলতে যীচুৱে নিজৰ শিষ্যসকলৰ ওচৰত আৰু বহুতো চমৎকাৰ কৰিছিল, যিবোৰ এই নুৰাখনত লিখা নাই।
৩১ কিন্তু যীচু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা আৰু বিশ্বাস কৰাৰ কাৰণে তেওঁৰ নামৰ যোগেদি যেন জীৱন পোৱা, এই কাৰণে এইবোৰ কথা লিখা হʼল।
Footnotes
^ বা “স্মৰণীয় কবৰৰ।”