যোহনে লিখা শুভবাৰ্তা ৩:১-৩৬

  • যীচু আৰু নীকদীম (১-২১)

    • আকৌ জন্ম হোৱা (৩-৮)

    • ঈশ্বৰে জগতক প্ৰেম কৰিলে (১৬)

  • যোহনে শেষ বাৰৰ বাবে যীচুৰ বিষয়ে সাক্ষ্য দিয়ে (২২-৩০)

  • যিজন ওপৰৰ পৰা আহে (৩১-৩৬)

৩  নীকদীম নামৰ এজন ফৰীচী আছিল, তেওঁ যিহূদীসকলৰ এজন ধৰ্ম-অধিকাৰী আছিল। ২  তেওঁ ৰাতি যীচুৰ ওচৰলৈ আহি এইদৰে কʼলে, “ৰব্বি, আমি জানোঁ যে আপুনি ঈশ্বৰৰ ফালৰ পৰা অহা এজন শিক্ষক হয়। কিয়নো আপুনি যি চমৎকাৰ কৰে, সেয়া কোনো মানুহে তেতিয়ালৈকে কৰিব নোৱাৰে, যেতিয়ালৈকে ঈশ্বৰ তেওঁৰ লগত নাথাকে।” ৩  যীচুৱে তেওঁক উত্তৰ দিলে, “মই তোমাক সঁচাকৈ কৈছোঁ যে যেতিয়ালৈকে কোনোৱে আকৌ জন্ম নহয়,* তেতিয়ালৈকে তেওঁ ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।” ৪  নীকদীমে কʼলে, “এজন মানুহে ডাঙৰ হোৱাৰ পাছত আকৌ কেনেকৈ জন্ম হʼব পাৰে? তেওঁ মাকৰ গৰ্ভত সোমাই আকৌ জন্ম হʼব পাৰে নে?” ৫  যীচুৱে তেওঁক উত্তৰ দিলে, “মই তোমাক সঁচাকৈ কৈছোঁ, যেতিয়ালৈকে কোনোৱে পানী আৰু পবিত্ৰ শক্তিৰে জন্ম নহয়, তেতিয়ালৈকে তেওঁ ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। ৬  শৰীৰৰ পৰা যাৰ জন্ম হয় , তেওঁ শাৰীৰিক হয় আৰু পবিত্ৰ শক্তিৰ পৰা যাৰ জন্ম হয়, তেওঁ স্বৰ্গৰ হয়। ৭  মই যে তোমালোকক আকৌ জন্ম হʼব লাগিব বুলি কʼলোঁ, এই কথাত আচৰিত নহʼবা। ৮  বতাহে যিফালে ইচ্ছা কৰে, সেইফালেই বলে আৰু তুমি বতাহ বলাৰ শব্দ শুনি পোৱা, কিন্তু তুমি নাজানা যে সেয়া কʼৰ পৰা আহে আৰু কʼলৈ যায়। যিজন পবিত্ৰ শক্তিৰে জন্ম হয়, তেৱোঁ সেইদৰেই হয়।” ৯  এয়া শুনি নীকদীমে তেওঁক কʼলে, “এইবোৰ কেনেকৈ হʼব পাৰে?” ১০  যীচুৱে উত্তৰ দিলে, “তুমি ইস্ৰায়েলীসকলৰ এজন গুৰু হৈও এইবোৰ নাজানা নে? ১১  মই তোমাক সঁচাকৈ কৈছোঁ, আমি যি জানোঁ তাৰ বিষয়ে কওঁ আৰু আমি যি দেখিলোঁ তাৰ বিষয়ে সাক্ষ্য দিওঁ, কিন্তু তোমালোকে আমাৰ সাক্ষ্য গ্ৰহণ নকৰা। ১২  মই তোমালোকক পৃথিৱীৰ কথা কৈ আছোঁ, তথাপি তোমালোকে বিশ্বাস নকৰা, কিন্তু মই যদি তোমালোকক স্বৰ্গৰ কথা কওঁ, তেনেহʼলে তোমালোকে কেনেকৈ বিশ্বাস কৰিবা? ১৩  ইয়াৰ উপৰিও, কোনো মানুহ স্বৰ্গলৈ যোৱা নাই, কিন্তু কেৱল এজনেই আছে, যিজন স্বৰ্গৰ পৰা আহিছে আৰু তেওঁ হৈছে মানুহৰ পুত্ৰ। ১৪  যিদৰে মোচিয়ে অৰণ্যত* সেই সাপটোক আঁৰি দিছিল, সেইদৰে মানুহৰ পুত্ৰকো আঁৰি দিয়া হʼব ১৫  যাতে যিসকলে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ অনন্ত জীৱন পায়। ১৬  কিয়নো ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দি দিলে যাতে যি কোনোৱে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ ধ্বংস নহয়, কিন্তু অনন্ত জীৱন পায়। ১৭  ঈশ্বৰে জগতৰ ন্যায় কৰিবলৈ নিজৰ পুত্ৰক জগতলৈ পঠোৱা নাই, কিন্তু তেওঁৰ দ্বাৰাই জগতক উদ্ধাৰ কৰিবলৈ তেওঁক পঠালে। ১৮  যিজনে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁক শাস্তি দিয়া নহʼব। যিজনে তেওঁৰ ওপৰত বিশ্বাস নকৰে, তেওঁৰ শাস্তিৰ ঘোষণা কৰা হʼল, কিয়নো তেওঁ ঈশ্বৰৰ একমাত্ৰ পুত্ৰৰ নামৰ ওপৰত বিশ্বাস নকৰিলে। ১৯  ন্যায় ইয়াৰ আধাৰত কৰা হয়: পোহৰ জগতত আহিল, কিন্তু লোকসকলে পোহৰৰ পৰিৱৰ্তে অন্ধকাৰক প্ৰেম কৰিলে, কিয়নো তেওঁলোকৰ কাম দুষ্ট আছিল। ২০  যিজনে বেয়া কামবোৰত লাগি থাকে, তেওঁ পোহৰক ঘিণ কৰে আৰু তেওঁৰ বেয়া কাম যেন প্ৰকাশ নাপায়, এই কাৰণে তেওঁ পোহৰলৈ নাহে। ২১  কিন্তু যিজনে ভাল কাম কৰে, তেওঁ পোহৰলৈ আহে যাতে তেওঁৰ কাম যেন ঈশ্বৰৰ ইচ্ছা অনুসৰি হয়, সেয়া প্ৰকাশ পায়।” ২২  ইয়াৰ পাছত যীচু আৰু তেওঁৰ শিষ্যসকলে যিহূদীয়াৰ গাঁওবোৰলৈ গʼল আৰু তেওঁ তাত শিষ্যসকলৰ লগত কিছু দিন থাকিল আৰু লোকসকলক বাপ্তিষ্মা দিলে।* ২৩  কিন্তু যোহনেও চালীমৰ ওচৰৰ ঐনোন নামৰ এখন ঠাইত বাপ্তিষ্মা দি আছিল, কিয়নো তাত বহুত পানী আছিল আৰু লোকসকলে তেওঁৰ ওচৰলৈ আহি আছিল আৰু বাপ্তিষ্মা লৈ আছিল। ২৪  তেতিয়ালৈকে যোহনক জেলত বন্দী কৰা হোৱা নাছিল। ২৫  সেই সময়ত ৰীতিৰ অনুসৰি শুচি হোৱাৰ বিষয়টোক লৈ এজন যিহূদীৰ লগত যোহনৰ শিষ্যসকলৰ তৰ্ক হʼল। ২৬  তাৰ পাছত যোহনৰ শিষ্যসকলে তেওঁৰ ওচৰলৈ আহিলে আৰু তেওঁক কʼবলৈ ধৰিলে, “গুৰু, যিজন ব্যক্তি যৰ্দ্দনৰ সিপাৰে আপোনাৰ লগত আছিল আৰু যিজনৰ বিষয়ে আপুনি সাক্ষ্য দিছিল, তেওঁ বাপ্তিষ্মা দি আছে আৰু সকলোৱে তেওঁৰ ওচৰলৈ গৈ আছে।” ২৭  যোহনে কʼলে, “যেতিয়ালৈকে এজন মানুহক ঈশ্বৰে নিদিয়ে, তেতিয়ালৈকে তেওঁ একোকেই পাব নোৱাৰে। ২৮  তোমালোকে নিজেই মোক এই কথা কোৱা শুনিছা, মই খ্ৰীষ্ট নহওঁ, কিন্তু মোক তেওঁৰ আগেয়ে পঠোৱা হৈছে। ২৯  যাৰ ওচৰত কন্যা আছে, তেৱেঁই দৰা হয়। কিন্তু দৰাৰ বন্ধু যেতিয়া তেওঁৰ ওচৰত থিয় হৈ তেওঁৰ মাত শুনে, তেতিয়া তেওঁ বহুত আনন্দিত হয়। সেইবাবে, মোৰ এই আনন্দ সম্পূৰ্ণ হʼল। ৩০  তেওঁ বাঢ়ি যোৱা আৰু মই কমি যোৱাটো প্ৰয়োজন।” ৩১  যিজন ওপৰৰ পৰা আহে, তেওঁ সকলোৰে ওপৰত। যিজন পৃথিৱীৰ পৰা আহে, তেওঁ পৃথিৱীৰ হয় আৰু পৃথিৱীৰ কথা কয়। যিজন স্বৰ্গৰ পৰা আহে, তেওঁ সকলোতকৈ ওপৰত। ৩২  তেওঁ যি দেখিলে আৰু শুনিলে, তাৰ বিষয়ে তেওঁ সাক্ষ্য দিয়ে, কিন্তু কোনো মানুহে তেওঁৰ সাক্ষ্যৰ ওপৰত বিশ্বাস নকৰে। ৩৩  যিজনে তেওঁৰ সাক্ষ্যৰ ওপৰত বিশ্বাস কৰিলে, তেওঁ এই কথাৰ ওপৰত নিজৰ মোহৰ মাৰিলে* যে ঈশ্বৰ সত্য হয়। ৩৪  ঈশ্বৰে যিজনক পঠালে, তেওঁ ঈশ্বৰৰ বিষয়ে কয়, কাৰণ ঈশ্বৰে অলপ অলপকৈ* পবিত্ৰ শক্তি নিদিয়ে। ৩৫  পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু পিতৃয়ে সকলোবোৰ তেওঁৰ হাতত গতাই দিলে। ৩৬  যিজনে পুত্ৰৰ ওপৰত বিশ্বাস কৰে, তেওঁ অনন্ত জীৱন পাব। যিজনে পুত্ৰৰ আজ্ঞা পালন নকৰে, তেওঁ জীৱন নাপাব, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ ক্ৰোধ তেওঁৰ ওপৰত সদায় থাকিব।

Footnotes

বা হয়তো, “কোনোৱে ওপৰৰ পৰা জন্ম নহয়।”
ই এক কম লোকসকল থকা অঞ্চলক বুজায়।
বা “সম্পূৰ্ণৰূপে পানীত ডুবালে।”
বা “নিশ্চিত কৰিলে।”
বা “জুখি জুখি।”