যোহনে লিখা শুভবাৰ্তা ৪:১-৫৪

  • যীচু আৰু চমৰীয়া তিৰোতা (১-৩৮)

    • “পবিত্ৰ শক্তি আৰু সত্যতাৰে” ঈশ্বৰৰ উপাসনা কৰা (২৩, ২৪)

  • বহুতো চমৰীয়াই যীচুৰ ওপৰত বিশ্বাস কৰিলে (৩৯-৪২)

  • যীচুৱে অধিকাৰীৰ লʼৰাজনক সুস্থ কৰিলে (৪৩-৫৪)

৪  যোহনতকৈ বেছি যীচুৱে শিষ্য বনাইছে আৰু বাপ্তিষ্মা দিছে,* এই কথা ফৰীচীবিলাকে শুনিছে বুলি যীচুৱে যেতিয়া গʼম পালে ২  (যদিও যীচুৱে নিজেই বাপ্তিষ্মা দিয়া নাছিল, কিন্তু তেওঁৰ শিষ্যসকলে দিছিল), ৩  তেতিয়া তেওঁ যিহূদিয়া এৰি আকৌ গালীললৈ গুচি গʼল। ৪  কিন্তু তেওঁ চমৰীয়াৰ মাজেদি যোৱাটো প্ৰয়োজন আছিল। ৫  তেওঁ চমৰীয়াৰ চুখৰ নামৰ এখন চহৰলৈ আহি পালে। এই চহৰ যাকোবে তেওঁৰ লʼৰা যোচেফক যি ডোখৰ মাটি দিছিল, তাৰ ওচৰতে আছিল। ৬  আচলতে যাকোবৰ নাদ* তাতে আছিল আৰু যীচুৱে যাত্ৰা কৰি বহুত ভাগৰি নাদৰ কাষত বহি আছিল। এয়া দিনৰ প্ৰায় ছয় ঘন্টা* আছিল। ৭  তাত চমৰীয়াৰ এগৰাকী তিৰোতাই পানী নিবলৈ আহিছিল। তেতিয়া যীচুৱে তেওঁক কʼলে, “মোক অলপ পানী খাবলৈ দিয়াচোন।” ৮  (তেওঁৰ শিষ্যসকলে খোৱা বস্তু কিনিবলৈ চহৰলৈ গৈছিল।) ৯  সেই চমৰীয়া তিৰোতাগৰাকীয়ে তেওঁক কʼলে, “আপুনি এজন যিহূদী হৈও কেনেকৈ মোৰ পৰা পানী বিচাৰিছে, মইতো এগৰাকী চমৰীয়া তিৰোতা?” (কিয়নো যিহূদীসকলে চমৰীয়াসকলৰ লগত কোনো সম্পৰ্ক নাৰাখে।) ১০  যীচুৱে কʼলে, “ঈশ্বৰৰ দান কি, যি তেওঁ বিনামূল্যে দিয়ে আৰু কোনে তোমাক ‘মোক পানী খাবলৈ দিয়া’ বুলি কৈছে, এই কথা তুমি জনা হʼলে তুমি নিজেই তেওঁক পানী খুজিলাহেঁতেন আৰু তেওঁ তোমাক জীৱন দিয়া পানী দিলেহেঁতেন।” ১১  তেতিয়া তিৰোতা গৰাকীয়ে কʼলে, “নাদটো বহুত গভীৰ আৰু পানী তুলিবলৈ আপোনাৰ ওচৰত কোনো পাত্ৰও নাই, তেনেহʼলে এই জীৱন দিয়া পানী আপোনাৰ ওচৰত কʼৰ পৰা আহিল? ১২  আমাৰ পূৰ্বপুৰুষ যাকোব, যিজনে আমাক এই নাদ দিছিল আৰু ইয়াৰ পৰা তেওঁ আৰু তেওঁৰ লʼৰাবিলাক আৰু জীৱ-জন্তুৱে পানী খাইছিল, আপুনি তেওঁতকৈ মহান নে?” ১৩  যীচুৱে উত্তৰ দিলে, “যিসকলে এই পানী খাব, তেওঁলোকৰ আকৌ পিয়াহ লাগিব। ১৪  কিন্তু যি কোনোৱে মই দিয়া পানী খাব, তেওঁৰ আৰু কেতিয়াও পিয়াহ নালাগিব। যি পানী মই তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত বুৰবুৰাই ওলাই থকা পানীৰ ভুমুকৰ দৰে হʼব, যিয়ে তেওঁক অনন্ত জীৱন দিব।” ১৫  তেতিয়া তিৰোতাগৰাকীয়ে কʼলে, “মোৰ যেন পিয়াহ নালাগে আৰু পানী নিবলৈ যেন বাৰে বাৰে ইয়ালৈ আহিব নালাগে, সেইবাবে মোক সেই পানী দিয়ক।” ১৬  তেওঁ তিৰোতাগৰাকীক কʼলে, “যোৱা আৰু নিজৰ স্বামীক ইয়ালৈ লৈ আহা।” ১৭  তিৰোতাগৰাকীয়ে কʼলে, “মোৰ কোনো স্বামী নাই।” যীচুৱে তেওঁক কʼলে, “মোৰ কোনো স্বামী নাই বুলি তুমি ঠিকেই কৈছা। ১৮  কিয়নো তোমাৰ পাঁচজন স্বামী আছিল আৰু এতিয়া তুমি যিজন ব্যক্তিৰ লগত থাকা, তেৱোঁ তোমাৰ স্বামী নহয়। তুমি সঁচা কথা কৈছা।” ১৯  তেতিয়া তিৰোতাগৰাকীয়ে তেওঁক কʼলে, “প্ৰভু, আপুনি নিশ্চয় এজন ভৱিষ্যবক্তা হয়। ২০  আমাৰ পূৰ্বপুৰুষসকলে এই পাহাৰতে উপাসনা কৰিছিল, কিন্তু আপোনালোকে কয়, যিৰূচালেমেই সেই ঠাই, যʼত উপাসনা কৰা উচিত।” ২১  যীচুৱে তেওঁক কʼলে, “মোৰ বিশ্বাস কৰা এনে সময় আহিছে, যেতিয়া তোমালোকে এই পাহাৰত বা যিৰূচালেমত পিতৃৰ উপাসনা নকৰিবা। ২২  তোমালোকে জ্ঞানৰ অবিহনে উপাসনা কৰা, কিন্তু আমি জ্ঞানৰ সৈতে উপাসনা কৰোঁ, কিয়নো উদ্ধাৰৰ আৰম্ভণি যিহূদীসকলৰ পৰাই হয়। ২৩  কিন্তু সেই সময় আহি আছে আৰু এতিয়াও আছে, যেতিয়া সত্য উপাসকসকলে পবিত্ৰ শক্তি আৰু সত্যতাৰে পিতৃৰ উপাসনা কৰিব। আচলতে এনেদৰে উপাসনা কৰা লোকসকলক পিতৃয়ে বিচাৰি আছে। ২৪  ঈশ্বৰ অদৃশ্য হয় আৰু তেওঁৰ উপাসনা কৰা লোকসকলে পবিত্ৰ শক্তি আৰু সত্যতাৰে তেওঁৰ উপাসনা কৰা উচিত।” ২৫  তেতিয়া সেই তিৰোতাগৰাকীয়ে তেওঁক কʼলে, “মচীহ, যিজনক খ্ৰীষ্ট বুলি কোৱা হয়, তেওঁ যে আহিবলগীয়া আছে, সেই বিষয়ে মই জানোঁ। তেওঁ যেতিয়া আহিব, তেতিয়া আমাক সকলো কথা খুলি জনাব।” ২৬  যীচুৱে তেওঁক কʼলে, “ময়েই সেইজন, যিজনৰ লগত তুমি কথা পাতি আছা।” ২৭  সেই সময়তেই যীচুৰ শিষ্যসকলে উভতি আহিল আৰু তেওঁলোকে যীচুক এগৰাকী তিৰোতাৰ লগত কথা পাতি থকা দেখি আচৰিত হʼল। তথাপি তেওঁক কোনেও নুসুধিলে, “আপুনি এই তিৰোতাগৰাকীৰ পৰা কি বিচাৰিছে?” বা “আপুনি তেওঁৰ লগত কিয় কথা পাতিছে?” ২৮  তেতিয়া সেই তিৰোতাই নিজৰ পানীৰ কলহ তাতেই এৰি চহৰলৈ গুচি গʼল আৰু লোকসকলক কʼবলৈ ধৰিলে, ২৯  “আহা, মোৰ লগত বʼলা, সেই মানুহজনক চোৱাহি, যিজনে মই যি যি কৰিলোঁ, সেই সকলো কথা কৈ দিলে। সেই জনেই খ্ৰীষ্টতো নহয়?” ৩০  লোকসকলে চহৰৰ পৰা ওলাই তেওঁৰ ওচৰলৈ আহিবলৈ ধৰিলে। ৩১  সেই সময়ছোৱাৰ মাজতে শিষ্যসকলে তেওঁক বাৰে বাৰে কʼবলৈ ধৰিলে, “গুৰু, কিবা এটা খাই লওক।” ৩২  কিন্তু যীচুৱে তেওঁলোকক কʼলে, “মোৰ ওচৰত এনে আহাৰ আছে, যাৰ বিষয়ে তোমালোকে নাজানা।” ৩৩  তেতিয়া শিষ্যসকলে এজনে-আনজনক কʼবলৈ ধৰিলে, “কোনোবাই তেওঁৰ কাৰণে কিবা খাবলৈ আনি দিয়াতো নাছিল?” ৩৪  যীচুৱে তেওঁলোকক কʼলে, “মোক পঠোৱা জনৰ ইচ্ছা পূৰ কৰা আৰু তেওঁৰ কাম সম্পূৰ্ণ কৰাটোৱেই হৈছে মোৰ আহাৰ। ৩৫  তোমালোকে নোকোৱা নে শস্য দাবলৈ এতিয়াও চাৰি মাহ বাকী আছে? চোৱা! মই তোমালোকক কৈছোঁ, নিজৰ চকু তুলি পথাৰলৈ চোৱা, সেয়া দাবলৈ পকি গৈছে। ৩৬  যিজনে শস্য দায়, তেওঁ এতিয়াৰে পৰা মজুৰি পাই আছে আৰু অনন্ত জীৱনৰ কাৰণে শস্য গোটাই আছে যাতে বওঁতা আৰু দাওঁতা দুয়োজনে মিলি যেন আনন্দ কৰে। ৩৭  এই ক্ষেত্ৰত এই প্ৰবাদ সঁচা যে এজনে বয় আৰু আনজনে দায়। ৩৮  মই তোমালোকক সেই শস্য দাবলৈ পঠাইছোঁ, যাৰ কাৰণে তোমালোকে পৰিশ্ৰম কৰা নাই। আন লোকসকলে পৰিশ্ৰম কৰিলে আৰু তোমালোকে সেই পৰিশ্ৰমৰ ফল লাভ কৰি আছা।” ৩৯  সেই চহৰৰ বহুতো চমৰীয়াই যীচুৰ ওপৰত বিশ্বাস কৰিলে। কাৰণ সেই তিৰোতাই এইদৰে কৈ সাক্ষ্য দিছিল, “মই যি যি কৰিছিলোঁ, তেওঁ সেই সকলো কথা কৈ দিলে।” ৪০  সেইবাবে, যেতিয়া চমৰীয়াৰ লোকসকলে যীচুৰ ওচৰলৈ আহিলে, তেতিয়া তেওঁলোকে যীচুক তেওঁলোকৰ তাত থাকিবলৈ অনুৰোধ কৰিবলৈ ধৰিলে। আৰু তেওঁ তেওঁলোকৰ তাত দুদিন থাকিল। ৪১  পৰিণামস্বৰূপে, বহুতো লোকে তেওঁৰ কথা শুনি বিশ্বাস কৰিলে। ৪২  আৰু তেওঁলোকে তিৰোতাগৰাকীক কʼবলৈ ধৰিলে, “আমি এতিয়া বিশ্বাস কৰিছোঁ, সেয়া কেৱল তোমাৰ কথা শুনিয়েই নহয়, ইয়াৰ পৰিৱৰ্তে আমি নিজেই তেওঁৰ কথা শুনিছোঁ আৰু বুজিব পাৰিছোঁ যে এই মানুহজনেই সঁচাকৈ জগতৰ উদ্ধাৰকৰ্তা।” ৪৩  দুদিনৰ পাছত যীচুৱে সেই ঠাই এৰি গালীললৈ ওলাই গʼল। ৪৪  কিন্তু তেওঁ নিজেই কৈছিল যে নিজৰ এলেকাত এজন ভৱিষ্যবক্তাক সন্মান কৰা নহয়। ৪৫  যেতিয়া তেওঁ গালীল পালেগৈ, তেতিয়া তাত থকা লোকসকলে তেওঁক আদৰণি জনালে। কিয়নো তেওঁলোকে সেই সকলো কাম দেখিছিল, যি তেওঁ উৎসৱৰ সময়ত যিৰূচালেমত কৰিছিল। যিহেতু তেওঁলোকেও সেই উৎসৱৰ কাৰণে তালৈ গৈছিল। ৪৬  তাৰ পাছত যীচুৱে গালীলৰ কান্নালৈ আহিল, যʼত তেওঁ পানীক দ্ৰাক্ষাৰসলৈ সলনি কৰিছিল। কফৰনাহূমত ৰজাৰ এজন অধিকাৰী আছিল, যিজনৰ লʼৰা বেমাৰ হৈ আছিল। ৪৭  যেতিয়া এই মানুহজনে শুনিলে যে যীচুৱে যিহূদিয়াৰ পৰা গালীললৈ আহিছে, তেতিয়া তেওঁ যীচুৰ ওচৰলৈ গৈ অনুৰোধ কৰিবলৈ ধৰিলে যে যীচুৱে যেন আহি তেওঁৰ লʼৰাক সুস্থ কৰি দিয়ে। কিয়নো তেওঁৰ লʼৰাজন মৰো মৰো অৱস্থাত আছিল। ৪৮  কিন্তু যীচুৱে তেওঁক কʼলে, “যেতিয়ালৈকে তোমালোকে কোনো চিন আৰু চমৎকাৰ নেদেখা, তেতিয়ালৈকে তোমালোকে কেতিয়াও বিশ্বাস নকৰিবা।” ৪৯  ৰজাৰ অধিকাৰীয়ে তেওঁক কʼলে, “প্ৰভু, মোৰ লʼৰাটো মৰি যোৱাৰ আগতেই মোৰ লগত বʼলক।” ৫০  যীচুৱে তেওঁক কʼলে, “যোৱা, তোমাৰ লʼৰাটো সুস্থ হʼল।” সেই মানুহজনে যীচুৰ কথাৰ ওপৰত বিশ্বাস কৰিলে আৰু গুচি গʼল। ৫১  যেতিয়া তেওঁ ৰাস্তাতেই আছিল, তেতিয়া তেওঁৰ দাসসকলে তেওঁক লগ পালে আৰু তেওঁলোকে কʼলে যে তেওঁৰ লʼৰাটো সুস্থ হৈ গʼল। ৫২  তেওঁ তেওঁলোকক সুধিলে যে লʼৰাটো কোনটো সময়ত সুস্থ হʼল। তেওঁলোকে কʼলে, “কালি সাত ঘণ্টাত* তাৰ জ্বৰ নাইকিয়া হʼল।” ৫৩  সেই সময়ত দেউতাকে বুজি পালে যে যীচুৱে ঠিক সেই সময়তে তেওঁক কৈছিল, “তোমাৰ লʼৰাটো সুস্থ হʼল।” তেতিয়া তেওঁ আৰু তেওঁৰ গোটেই পৰিয়ালে যীচুৰ ওপৰত বিশ্বাস কৰিলে। ৫৪  এয়া যীচুৰ দ্বিতীয় চমৎকাৰ আছিল, যি তেওঁ যিহূদিয়াৰ পৰা গালীললৈ অহাৰ পাছত কৰিছিল।

Footnotes

বা “সম্পূৰ্ণৰূপে পানীত ডুবাইছে।”
বা “কোৱা।”
অৰ্থাৎ দুপৰীয়া প্ৰায় ১২ বজা।
অৰ্থাৎ দুপৰীয়া প্ৰায় এক বজাত।