লূকে লিখা শুভবাৰ্তা ১০:১-৪২
১০ ইয়াৰ পাছত প্ৰভুৱে আৰু ৭০ জন শিষ্যক বাছনি কৰিলে আৰু যি যি চহৰ আৰু এলেকাত তেওঁ নিজেই যাবলগীয়া আছিল, তাত তেওঁলোকক দুজন দুজনকৈ আগতীয়াকৈ পঠিয়ালে।
২ যীচুৱে তেওঁলোকক কʼবলৈ ধৰিলে, “সঁচাকৈ শস্য বহুত, কিন্তু কাম কৰা মানুহৰ সংখ্যা কম। সেইবাবে, খেতিৰ মালিকক মিনতি কৰা যাতে তেওঁ শস্য দাবলৈ আৰু কাম কৰা মানুহ পঠাই দিয়ে।
৩ যোৱা, কিন্তু সাৱধান হʼবা। মই তোমালোকক ভেড়া পোৱালিৰ নিচিনা বনৰীয়া জন্তুৰ মাজলৈ পঠাইছোঁ।
৪ নিজৰ লগত টকাৰ মোনা আৰু খোৱাৰ মোনা নলʼবা। আনকি জোতাও নলʼবা আৰু ৰাস্তাত কাকো নমস্কাৰ নকৰিবা।*
৫ যেতিয়া তোমালোকে কাৰোবাৰ ঘৰলৈ যোৱা, তেতিয়া প্ৰথমে কʼবা, ‘এই ঘৰত শান্তি হওক।’
৬ যদি তাত কোনো শান্তিপ্ৰিয় লোক থাকে, তেনেহʼলে তোমালোকৰ শান্তি তেওঁৰ ওপৰত থাকক। যদি কোনো নাই, তেনেহʼলে তোমালোকৰ শান্তি তোমালোকৰ ওচৰলৈ উলটি আহক।
৭ সেইবাবে, সেইখন ঘৰতে থাকিবা আৰু তেওঁলোকে যি খাবলৈ দিয়ে, সেয়া খাবা। কিয়নো কাম কৰা লোকসকল মজুৰি পোৱাৰ যোগ্য। তোমালোকে থাকিবৰ কাৰণে বাৰে বাৰে ঘৰ সলনি কৰি নাথাকিবা।
৮ যেতিয়া তোমালোকে কোনো এখন চহৰলৈ যোৱা আৰু লোকসকলে তোমালোকক নিজৰ ঘৰত থাকিবলৈ দিয়ে, তেনেহʼলে তোমালোকক যি খাবলৈ দিয়ে, সেয়া খাবা।
৯ তাত ৰোগীসকলক সুস্থ কৰা আৰু প্ৰচাৰ কৰা যে ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ নিচেই কাষত।’
১০ কিন্তু কোনো এখন চহৰত যদি লোকসকলে তোমালোকক নিজৰ ঘৰত থাকিবলৈ নিদিয়ে, তেনেহʼলে সেই চহৰৰ ৰাস্তাত গৈ এইদৰে কোৱা,
১১ ‘তোমালোকৰ নগৰৰ যি ধূলি আমাৰ ভৰিত লাগিছে, সেই ধূলি তোমালোকৰ বিৰুদ্ধে সাক্ষ্য হʼবলৈ আমি মোচি পেলাওঁ। তথাপি মনত ৰাখা যে ঈশ্বৰৰ ৰাজ্য নিচেই কাষত।’
১২ মই তোমালোকক কৈছোঁ, সেই দিনত সেই চহৰৰ অৱস্থা চদোমৰ অৱস্থাতকৈ বেছি বেয়া হʼব।
১৩ হে কোৰাচীন, মই তোমাক নিন্দা কৰিছোঁ! হে বৈৎচৈদা, মই তোমাক নিন্দা কৰিছোঁ! কিয়নো তোমালোকৰ মাজত যিবোৰ আচৰিত কাম কৰা হʼল, সেইবোৰ তূৰ আৰু চীদোনত হোৱা হʼলে, তাত থকা লোকসকলে কেতিয়াবাই ডাঠ কাপোৰ পিন্ধি* আৰু ছাইত বহি অনুতাপ কৰিলেহেঁতেন।
১৪ সেইবাবে, ন্যায়ৰ দিনত তোমালোকৰ অৱস্থা তূৰ আৰু চীদোনৰ অৱস্থাতকৈ বেছি বেয়া হʼব।
১৫ আৰু হে কফৰনাহূম, তুমি ভাবা নেকি যে তোমাক আকাশলৈকে ওখ কৰা হʼব? তুমি কবৰলৈ যাবা।
১৬ যিজনে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে। যিজনে তোমালোকক অস্বীকাৰ কৰে, তেওঁ মোকো অস্বীকাৰ কৰে। যিজনে মোক অস্বীকাৰ কৰে, তেওঁ মোক পঠোৱা ঈশ্বৰকো অস্বীকাৰ কৰে।”
১৭ ইয়াৰ পাছত সেই ৭০ জন শিষ্যই আনন্দেৰে উভতি আহি কʼবলৈ ধৰিলে, “প্ৰভু, আপোনাৰ নাম লʼলে দুষ্ট স্বৰ্গদূতেও আমাৰ সকলো আজ্ঞা মানে।”
১৮ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “চয়তানক বিজুলীৰ নিচিনা আকাশৰ পৰা পৰি যোৱা মই দেখিলোঁ।
১৯ চোৱা, মই তোমালোকক সাপ আৰু বৃশ্চিকবোৰক গচকিবলৈ আৰু শত্ৰুসকলৰ সকলো শক্তিৰ ওপৰত জয়ী হʼবলৈ অধিকাৰ দিলোঁ। আৰু কোনো বস্তুৱে তোমালোকক হানি নকৰিব।
২০ তথাপি দুষ্ট স্বৰ্গদূতবিলাকক তোমালোকৰ অধীন কৰা হৈছে বুলি আনন্দিত নহʼবা, কিন্তু তোমালোকৰ নাম যে স্বৰ্গত লিখা হৈছে, তাৰ কাৰণে আনন্দ কৰা।”
২১ সেই সময়তে তেওঁ পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হʼল আৰু বহুত আনন্দিত হৈ এইদৰে কʼলে, “হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই সকলোৰে আগত তোমাৰ প্ৰশংসা কৰোঁ। কাৰণ তুমি এই কথাবোৰ বুদ্ধিমান আৰু জ্ঞানীবিলাকৰ পৰা বহুত সাৱধানেৰে লুকুৱাই ৰাখিলা, কিন্তু শিশুবিলাকৰ আগত প্ৰকাশ কৰিলা। কাৰণ হে পিতৃ, তুমি এই উপায়টো গ্ৰহণ কৰিলা।
২২ পিতৃয়ে সকলোবোৰ মোৰ হাতত তুলি দিছে। পুত্ৰ কোন হয়, এই বিষয়ে পিতৃৰ বাহিৰে আন কোনেও নাজানে আৰু পিতৃ কোন হয়, এই বিষয়ে পুত্ৰৰ বাহিৰে আন কোনেও নাজানে। সেইবাবে, পুত্ৰই যাক জনাব বিচাৰে কেৱল তেৱেঁই পিতৃক জানিব পাৰে।”
২৩ তেতিয়া শিষ্যসকলৰ ফালে ঘূৰি চাই যীচুৱে তেওঁলোকক অকলে এইদৰে কʼলে, “সুখী তেওঁলোক, যিসকলৰ চকুৱে সেই সকলো দেখিছে, যি তোমালোকে দেখিছা।
২৪ কিয়নো মই তোমালোকক কৈছোঁ, তোমালোকে যিবোৰ দেখিছা, সেইবোৰ বহুতো ভৱিষ্যবক্তা আৰু ৰজাই চাবলৈ বিচাৰিও দেখা নাপালে আৰু তোমালোকে যিবোৰ শুনিছা, সেইবোৰ শুনিব নাপালে।”
২৫ ইয়াৰ পাছত, নিয়মৰ বিষয়ে ভালদৰে জনা এজন মানুহ আছিল, তেওঁ যীচুৰ পৰীক্ষা লʼবলৈ থিয় হʼল। তেওঁ কʼলে, “হে গুৰু, অনন্ত জীৱন পাবলৈ মই কি কৰা উচিত?”
২৬ যীচুৱে কʼলে, “নিয়মত কি লিখা আছে? তুমি কি পঢ়িছা?”
২৭ তেওঁ উত্তৰ দিলে, “‘তুমি নিজৰ ঈশ্বৰ যিহোৱাক* নিজৰ সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ প্ৰাণ, সম্পূৰ্ণ শক্তি আৰু নিজৰ সম্পূৰ্ণ মগজুৰে প্ৰেম কৰিবা আৰু নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।’”
২৮ যীচুৱে কʼলে, “তুমি ঠিকেই উত্তৰ দিলা। এইদৰেই কৰি থাকা আৰু তুমি জীৱন পাবা।”
২৯ কিন্তু সেই মানুহজনে নিজকে ভাল ব্যক্তি হয় বুলি দেখুৱাবলৈ যীচুক সুধিলে, “আচলতে মোৰ চুবুৰীয়া কোন?”
৩০ যীচুৱে কʼলে, “এজন মানুহ যিৰূচালেমৰ পৰা নামি যিৰীহোলৈ গৈ আছিল আৰু ডকাইতবিলাকে তেওঁক আগুৰি ধৰিলে। সিহঁতে তেওঁৰ কাপোৰ খুলি নিলে আৰু তেওঁৰ সকলোবোৰ কাঢ়ি তেওঁক বহুত মাৰিলে। আৰু আধামৰাকৈ এৰি থৈ তাৰ পৰা গুচি গʼল।
৩১ সেই সময়তে এজন পুৰোহিত সেই ৰাস্তাইদি তললৈ গৈ আছিল। কিন্তু যেতিয়া তেওঁ সেই ব্যক্তিজনক পৰি থকা দেখিলে, তেতিয়া তেওঁ অন্যফালেদি গুচি গʼল।
৩২ ঠিক সেইদৰে, যেতিয়া এজন লেবী সেই ৰাস্তাইদি গৈ আছিল আৰু তেওঁ সেই ব্যক্তিজনক দেখিলে, তেতিয়া সেই লেবীজনেও অন্যফালেদি গুচি গʼল।
৩৩ কিন্তু এজন চমৰীয়াই সেই ৰাস্তাইদি গৈ থাকোঁতে সেই ব্যক্তিজনক দেখিলে। তেতিয়া তেওঁৰ হৃদয়খন দয়াৰে ভৰি পৰিল।
৩৪ তেওঁ সেই ব্যক্তিজনৰ ওচৰলৈ গʼল আৰু তেওঁৰ ঘাবোৰত তেল আৰু দ্ৰাক্ষাৰস লগাই বান্ধি দিলে। তাৰ পাছত তেওঁক নিজৰ গাধৰ ওপৰত উঠাই আলহী ঘৰলৈ লৈ আহিলে। আৰু তেওঁৰ চোৱা-চিতা কৰিলে।
৩৫ পাছদিনাখন তেওঁ আলহী ঘৰৰ মালিকজনক দুই দীনাৰ* দি কʼলে, ‘এই মানুহজনৰ চোৱা-চিতা কৰা আৰু ইয়াৰ উপৰিও যি খৰচ হʼব, সেয়া মই উভতি আহি দি দিম।’
৩৬ তুমি কি ভাবা, এই তিনিজনৰ মাজত কোনে সেই ব্যক্তিজনৰ চুবুৰীয়া হয়, যিজনক ডকাইতে আগুৰি ধৰিছিল?”
৩৭ তেওঁ কʼলে, “যিজনে তেওঁৰ ওপৰত দয়া কৰিলে আৰু তেওঁৰ সহায় কৰিলে।” তেতিয়া যীচুৱে তেওঁক কʼলে, “যোৱা আৰু তুমিও এইদৰেই কৰা।”
৩৮ তাৰ পাছত তেওঁলোকে গৈ থাকোঁতে এখন গাঁৱত সোমালে। তাত মাৰ্থা নামৰ এগৰাকী তিৰোতা আছিল, যিগৰাকীয়ে তেওঁক নিজৰ ঘৰত থাকিবলৈ দিলে।
৩৯ তেওঁৰ এগৰাকী ভনীয়েক আছিল, যাৰ নাম মৰিয়ম আছিল। তেওঁ প্ৰভুৰ ভৰিৰ ওচৰত বহি তেওঁৰ কথা শুনি আছিল।
৪০ কিন্তু মাৰ্থাই বিভিন্ন ধৰণৰ খোৱা-বোৱা বনোৱাত ব্যস্ত হৈ আছিল। সেইবাবে, তেওঁ যীচুৰ ওচৰলৈ আহি কʼলে, “প্ৰভু, আপুনি দেখা নাই নে, মোৰ ভনীয়ে সকলো কাম মোৰ ওপৰত এৰি দিছে? মোক সহায় কৰিবলৈ তাইক কওক।”
৪১ প্ৰভুৱে তেওঁক কʼলে, “মাৰ্থা, মাৰ্থা, তুমি বহুতো কথাক লৈ চিন্তা কৰিছা।
৪২ আচলতে অলপ বস্তুৰহে প্ৰয়োজন আছে বা এটা হʼলেও যথেষ্ট। কিন্তু মৰিয়মে উত্তম* ভাগ বাছনি কৰিলে আৰু সেয়া তাৰ পৰা কাঢ়ি লোৱা নহʼব।”
Footnotes
^ সেই সময়ত নমস্কাৰ জনোৱাত চুমা খোৱা, সাৱটি ধৰা আৰু দীঘলীয়া কথা-বতৰা জড়িত আছিল।
^ ই এটা অনুতাপ কৰাৰ চিন আছিল।
^ অতি. ক৫ চাওক।
^ দীনাৰ আছিল ৰোমানসকলৰ ৰূপৰ মুদ্ৰা। অতি. খ১৪ চাওক।
^ বা “আটাইতকৈ ভাল।”