লূকে লিখা শুভবাৰ্তা ১১:১-৫৪

  • প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে (১-১৩)

    • আদৰ্শ প্ৰাৰ্থনা (২-৪)

  • পবিত্ৰ শক্তিৰে দুষ্ট স্বৰ্গদূতবিলাকক উলিয়ালে (১৪-২৩)

  • দুষ্ট স্বৰ্গদূত উভতি আহে (২৪-২৬)

  • প্ৰকৃত সুখ (২৭, ২৮)

  • যোনাৰ চিন (২৯-৩২)

  • চকু পোহৰৰ নিচিনা হয় (৩৩-৩৬)

  • কপটীয়া ধৰ্ম গুৰুসকলক নিন্দা কৰিছে (৩৭-৫৪)

১১  যীচুৱে কোনো এখন ঠাইত প্ৰাৰ্থনা কৰি আছিল। যেতিয়া তেওঁ প্ৰাৰ্থনা শেষ কৰিলে, তেতিয়া তেওঁৰ শিষ্যসকলৰ মাজৰ এজনে তেওঁক কʼলে, “প্ৰভু, যোহনে নিজৰ শিষ্যসকলক যিদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল, আপুনিও আমাক প্ৰাৰ্থনা কৰিবলৈ শিকাওক।” ২  তেতিয়া তেওঁ কʼলে, “যেতিয়া তোমালোকে প্ৰাৰ্থনা কৰা, তেতিয়া এইদৰে কʼবা, ‘হে পিতৃ, তোমাৰ নাম পবিত্ৰ হওক। তোমাৰ ৰাজ্য আহক।* ৩  প্ৰতিদিনৰ আহাৰ আমাক দি থাকা। ৪  আমাৰ পাপ ক্ষমা কৰা, কিয়নো আমিও নিজৰ নিজৰ ধৰুৱাক ক্ষমা কৰিলোঁ। বেয়া কাম কৰিবলৈ প্ৰলোভন আহিলে আমাক সহায় কৰিবা।’” ৫  তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “ধৰি লোৱা, তোমালোকৰ মাজৰ কাৰোবাৰ এজন বন্ধু আছে আৰু তুমি মাজৰাতি বন্ধুজনৰ ওচৰলৈ গৈ কৈছা, ‘হে বন্ধু, মোক তিনিখন ৰুটি ধাৰলৈ দিয়া। ৬  কাৰণ মোৰ এজন বন্ধু যাত্ৰা কৰি এইমাত্ৰ মোৰ ঘৰলৈ আহিছে আৰু তেওঁক খাবলৈ দিবলৈ মোৰ ওচৰত একোৱেই নাই।’ ৭  কিন্তু তেওঁ ভিতৰৰ পৰাই উত্তৰ দিয়ে, ‘মোক আমনি নকৰিবা। দুৱাৰখন এতিয়া বন্ধ আছে আৰু মোৰ লʼৰা-ছোৱালী মোৰ লগত বিছনাত শুই আছে। মই উঠি তোমাক একো দিব নোৱাৰোঁ।’ ৮  মই তোমালোকক কৈছোঁ, তেওঁ বন্ধু হিচাপে নিদিলেও তেওঁ বাৰে বাৰে লাজ নকৰাকৈ খুজি থকাৰ বাবে তেওঁ নিশ্চয় উঠিব আৰু তেওঁ যি বিচাৰিছে, সেয়া তেওঁক দিব। ৯  সেইবাবে, মই তোমালোকক কৈছোঁ, খুজি থাকা, তেতিয়াহে তোমালোকক দিয়া হʼব। বিচাৰি থাকা, তেতিয়াহে তোমালোকে পাবা। টুকুৰিয়াই থাকা, তেতিয়াহে তোমালোকৰ কাৰণে দুৱাৰ খোলা হʼব। ১০  কিয়নো যিজনে খোজে, তেওঁ পায় আৰু যিজনে বিচাৰে, তেওঁ দেখা পায় আৰু যিজনে টুকুৰিয়ায়, তেওঁৰ কাৰণে দুৱাৰ খোলা হয়। ১১  যদি তোমাৰ সন্তানে মাছ খোজে, তেন্তে নিশ্চয় তুমি মাছৰ সলনি সাপ নিদিয়া! ১২  বা যদি সি কণী খোজে, তেনেহʼলে তুমি নিশ্চয় তাক বৃশ্চিক নিদিয়া! ১৩  বহুতো বেয়া কাম কৰাৰ সত্ত্বেও যদি তোমালোকে নিজৰ লʼৰা-ছোৱালীক ভাল বস্তু দিব জানা, তেনেহʼলে স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে খোজাবিলাকক তাতকৈ বেছি পবিত্ৰ শক্তি নিদিব নে?” ১৪  পাছত যীচুৱে এজন বোবা মানুহৰ শৰীৰৰ পৰা এটা দুষ্ট স্বৰ্গদূত উলিয়ালে। আৰু যেতিয়া দুষ্ট স্বৰ্গদূত ওলাই গʼল, তেতিয়া সেই মানুহজনে কথা কʼবলৈ ধৰিলে। আৰু এয়া দেখি ভীৰৰ লোকসকল আচৰিত হʼল। ১৫  কিন্তু তেওঁলোকৰ মাজৰ কিছুমানে কʼলে, “তেওঁ দুষ্ট স্বৰ্গদূতবিলাকৰ ৰজা বেল্‌চবূবৰ* সহায়তহে দুষ্ট স্বৰ্গদূতক উলিয়ায়।” ১৬  আন কিছুমানে যীচুক পৰীক্ষা কৰিবৰ কাৰণে স্বৰ্গৰ পৰা এটা চিন দেখুৱাবলৈ তেওঁক কʼলে। ১৭  যীচুৱে তেওঁলোকৰ মনৰ কথা বুজি পাই কʼলে, “যি ৰাজ্যত বিভেদৰ সৃষ্টি হয়, সেয়া ধ্বংস হৈ যাব। আৰু যি ঘৰত বিভেদৰ সৃষ্টি হয়, সেয়া বিনষ্ট হৈ যাব। ১৮  ঠিক সেইদৰে, যদি চয়তানে নিজেই নিজৰ বিৰুদ্ধে হয়, তেনেহʼলে তাৰ ৰাজ্য কেনেকৈ টিকি থাকিব? কিয়নো তোমালোকে কোৱা যে মই বেল্‌চবূবৰ সহায়ত দুষ্ট স্বৰ্গদূতবিলাকক উলিয়াওঁ। ১৯  মই যদি বেল্‌চবূবৰ সহায়ত দুষ্ট স্বৰ্গদূতক উলিয়াওঁ, তেনেহʼলে তোমালোকৰ শিষ্যবিলাকে কাৰ সহায়ত সিহঁতক উলিয়ায়। সেইবাবে, তেওঁলোকেই তোমালোকৰ ন্যায় কৰিব। ২০  কিন্তু মই যদি ঈশ্বৰৰ পবিত্ৰ শক্তিৰ* সহায়ত দুষ্ট স্বৰ্গদূতবিলাকক উলিয়াওঁ, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে, ঈশ্বৰৰ ৰাজ্য পালেহি আৰু তোমালোকে ইয়াক ধ্যান দিয়া নাই। ২১  যেতিয়া কোনো শক্তিশালী ব্যক্তিয়ে সকলো অস্ত্ৰ-শস্ত্ৰ লৈ নিজৰ ঘৰখনৰ পহৰা দিয়ে, তেতিয়া তেওঁৰ সম্পত্তি সুৰক্ষিত হৈ থাকে। ২২  কিন্তু যেতিয়া তেওঁতকৈ আন এজন শক্তিশালী ব্যক্তি আহি তেওঁক পৰাজয় কৰে, তেতিয়া সেই শক্তিশালী ব্যক্তিজনে তেওঁৰ পৰা সকলো অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লয়, যিবোৰৰ ওপৰত তেওঁ ভৰসা কৰিছিল। আৰু তেওঁৰ সম্পত্তি লুট কৰি আনক ভগাই দিয়ে। ২৩  যি কোনোৱে মোৰ ফলীয়া নহয়, তেওঁ মোৰ বিৰুদ্ধে হʼব আৰু যি কোনোৱে মোৰ লগত নোগোটায়, তেওঁ ইফাল-সিফাল কৰি দিয়ে। ২৪  যেতিয়া এজন দুষ্ট স্বৰ্গদূত কোনো এজন মানুহৰ পৰা ওলাই আৰাম কৰিবলৈ ঠাই বিচাৰি পানী নথকা শুকান ঠাইবোৰত ঘূৰি ফুৰে, কিন্তু সি কোনো ঠাই বিচাৰি নোপোৱাৰ পাছত কয়, ‘মই যি ঘৰৰ পৰা ওলাই আহিলোঁ, আকৌ মই সেই ঘৰলৈ উভতি যাম।’ ২৫  পাছত সি আহি দেখে যে ঘৰখন সজাই-পৰাই পৰিষ্কাৰকৈ থোৱা আছে। ২৬  তেতিয়া সেই দুষ্ট স্বৰ্গদূতে নিজতকৈও দুষ্ট আৰু সাতটা দুষ্ট স্বৰ্গদূতক নিজৰ লগত লৈ আহে আৰু সিহঁতে সেই মানুহজনৰ ভিতৰত সোমাই তাতে থাকিবলৈ ধৰে। তেতিয়া মানুহজনৰ অৱস্থা আগতকৈও বেছি বেয়া হৈ পৰে।” ২৭  যেতিয়া তেওঁ এইবোৰ কৈ আছিল, তেতিয়া ভীৰৰ মাজৰ পৰা এগৰাকী তিৰোতাই জোৰেৰে তেওঁক কʼলে, “সুখী সেই মাতৃ, যাৰ গৰ্ভৰ পৰা আপুনি জন্ম লৈছে আৰু যিগৰাকীয়ে আপোনাক গাখীৰ খোৱাইছে।” ২৮  কিন্তু যীচুৱে কʼলে, “নহয়, ইয়াৰ পৰিৱৰ্তে, তেওঁলোকহে সুখী, যিসকলে ঈশ্বৰৰ বাক্য শুনে আৰু সেইবোৰ পালন কৰে!” ২৯  যেতিয়া লোকসকলৰ ভীৰ বাঢ়িবলৈ ধৰিলে, তেতিয়া তেওঁ কʼলে, “এই প্ৰজন্ম* দুষ্ট প্ৰজন্ম হয়, যিসকলে এটা চিন চাবলৈ বিচাৰে। কিন্তু যোনাৰ চিনৰ বাহিৰে আন কোনো চিন তেওঁলোকক দেখুৱা নহʼব। ৩০  কাৰণ যিদৰে যোনা নীনবিৰ লোকসকলৰ কাৰণে এটা চিন আছিল, ঠিক সেইদৰে মানুহৰ পুত্ৰও এই প্ৰজন্মৰ কাৰণে চিন হʼব। ৩১  ন্যায়ৰ সময়ত দক্ষিণৰ ৰাণীক এই যুগৰ লোকসকলৰ লগত জীয়াই তোলা হʼব আৰু ৰাণীয়ে তেওঁলোকক দোষাৰূপ কৰিব। কিয়নো তেওঁ চলোমনৰ বুদ্ধিৰ কথা শুনিবলৈ বহু দূৰৈৰ পৰা আহিছিল। কিন্তু চোৱা, ইয়াত চলোমনতকৈও মহান এজন আছে। ৩২  ন্যায়ৰ সময়ত এই যুগৰ লোকসকলৰ লগত নীনবিৰ লোকসকলে জীয়াই উঠিব আৰু তেওঁলোকক দোষাৰূপ কৰিব। কিয়নো তেওঁলোকে যোনাৰ প্ৰচাৰ শুনি অনুতাপ কৰিছিল। কিন্তু চোৱা, ইয়াত যোনাতকৈও মহান এজন আছে। ৩৩  এজন মানুহে চাকি জ্বলাই তাক লুকুৱাই নাৰাখে বা ঢাকি নাৰাখে,* কিন্তু টেবুলত ৰাখে যাতে ভিতৰলৈ অহা লোকসকলে পোহৰ পায়। ৩৪  তোমালোকৰ চকু পোহৰৰ নিচিনা হয়। তোমাৰ চকু যদি ভাল বিষয়বোৰত লাগি থাকে,* তেনেহʼলে তোমাৰ গোটেই শৰীৰ উজ্জ্বল হয়। কিন্তু তোমাৰ চকু যদি বেয়া বিষয়বোৰত লাগি থাকে, তেনেহʼলে তোমাৰ গোটেই শৰীৰ অন্ধকাৰেৰে ভৰি আছে। ৩৫  সাৱধান হোৱা, তোমালোকক পোহৰ দিয়া চকুৱে যেন অন্ধকাৰত নাথাকে। ৩৬  সেইবাবে, তোমাৰ গোটেই শৰীৰ যদি পোহৰত থাকে আৰু তাৰ কোনো ভাগ অন্ধকাৰত নাথাকে, তেনেহʼলে চাকিৰ পোহৰে দিয়া উজ্জ্বলৰ নিচিনা তোমালোকৰ গোটেই শৰীৰ উজ্জ্বল হʼব।” ৩৭  যেতিয়া যীচুৱে এই কথা কৈ শেষ কৰিলে, তেতিয়া এজন ফৰীচীয়ে নিজৰ ঘৰত খাবলৈ তেওঁক মাতিলে। সেইবাবে, যীচুৱে তেওঁৰ ঘৰলৈ গʼল আৰু খাবলৈ বহিল।* ৩৮  কিন্তু যীচুৱে খোৱাৰ আগতে হাত নোধোৱা* দেখি ফৰীচীয়ে আচৰিত হʼল। ৩৯  কিন্তু প্ৰভুৱে তেওঁক কʼলে, “হে ফৰীচীবিলাক, তোমালোক সেই কাঁহী-বাটিৰ নিচিনা হয়, যিবোৰ কেৱল বাহিৰৰ পৰা চাফা কৰা হয়, কিন্তু ভিতৰৰ ফালে লেতেৰা হৈ থাকে। তোমালোকৰ অন্তৰ লোভেৰে আৰু দুষ্টতাৰে পৰিপূৰ্ণ। ৪০  হে মূৰ্খবিলাক, যিজনে বাহিৰৰ অংশ বনালে, তেৱেঁই ভিতৰৰ অংশ বনোৱা নাই নে? ৪১  সেইবাবে, তোমালোকে যি দান* দিয়া, সেয়া হৃদয়েৰে দিয়া। তেতিয়া তোমালোকে বাকী সকলো বিষয়ত শুচি হʼবা। ৪২  কিন্তু হে ফৰীচীবিলাক, তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোকে পুদিনা, পেগানʼনী* আৰু সকলো ধৰণৰ শাক-পাচলিৰ দশম ভাগ দিয়া। কিন্তু ন্যায় আৰু ঈশ্বৰক প্ৰেম কৰাৰ আজ্ঞাক কোনো গুৰুত্ব নিদিয়া। দশম ভাগতো দিবই লাগিব, কিন্তু তোমালোকে সেই আন বিষয়বোৰো অৱহেলা কৰা উচিত নহয়। ৪৩  হে ফৰীচীবিলাক, তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোকে সভাঘৰত সকলোতকৈ আগত থকা* আসনত বহিবলৈ আৰু বজাৰত লোকসকলে নমস্কাৰ বুলি কোৱাটো ভাল পোৱা! ৪৪  তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোকে সেই কবৰৰ* দৰে হয়, যি ওপৰৰ পৰা দেখা পোৱা নাযায়।* সেইবাবে, লোকসকলে তাৰ ওপৰত খোজকাঢ়ি ফুৰে আৰু তেওঁলোকে একোৱেই গʼম নাপায়!” ৪৫  এয়া শুনি নিয়মৰ বিষয়ে জনা এজন মানুহে তেওঁক কʼলে, “গুৰু, এইবোৰ কৈ আপুনি আমাৰ অপমান কৰিছে।” ৪৬  তেতিয়া যীচুৱে কʼলে, “হে নিয়ম জনা লোকসকল, তোমালোককো নিন্দা কৰিছোঁ! কিয়নো তোমালোকে এনে নিয়ম বনোৱা, যিবোৰ লোকসকলৰ কাৰণে গধুৰ বোজাৰ দৰে হয়। কিন্তু তোমালোকে নিজে এটা আঙুলিৰেও এই ভাৰ লৰাব নিবিচাৰা! ৪৭  তোমালোকক নিন্দা কৰিছোঁ! কিয়নো তোমালোকে ভৱিষ্যবক্তাসকলৰ কবৰ* বনোৱা, কিন্তু তোমালোকৰ পূৰ্বপুৰুষে তেওঁলোকৰ হত্যা কৰিছে! ৪৮  তোমালোকে নিজৰ পূৰ্বপুৰুষসকলৰ কাম জানায়, তথাপি তোমালোকে তেওঁলোকক সঠিক বুলি কোৱা। তেওঁলোকে ভৱিষ্যবক্তাসকলক হত্যা কৰিছিল আৰু তোমালোকে সেই ভৱিষ্যবক্তাসকলৰে কবৰ বনোৱা। ৪৯  সেইবাবে, বুদ্ধিমান ঈশ্বৰে* কৈছে, ‘মই তেওঁলোকৰ ওচৰলৈ ভৱিষ্যবক্তাসকল আৰু পাঁচনিসকলক* পঠিয়াম। তেওঁলোকে কিছুমানক অত্যাচাৰ কৰিব আৰু কিছুমানক হত্যা কৰিব ৫০  যাতে জগতৰ আৰম্ভণিৰে পৰা যিমান ভৱিষ্যবক্তাসকলক হত্যা কৰা হৈছে, তেওঁলোকৰ তেজৰ দোষ এই যুগৰ লোকসকলৰ ওপৰত আহক। ৫১  অৰ্থাৎ হেবলৰ তেজৰ পৰা আৰম্ভ কৰি জখৰিয়াৰ তেজলৈকে, যাক বেদী আৰু মন্দিৰৰ মাজত হত্যা কৰা হৈছিল।’ হয়, মই তোমালোকক কৈছোঁ যে সেই সকলোৰে তেজৰ দোষ এই যুগৰ ওপৰত আহিব। ৫২  নিয়মৰ বিষয়ে জনা লোকসকল, তোমালোকক নিন্দা কৰিছোঁ। কাৰণ তোমালোকে জ্ঞানৰ চাবি কাঢ়ি লৈছা। তোমালোকে নিজেও ভিতৰলৈ নোসোমালা আৰু যিসকলে সোমাব বিচাৰে, তেওঁলোককো বাধা দিয়া!” ৫৩  যেতিয়া যীচুৱে তাৰ পৰা বাহিৰলৈ ওলালে, তেতিয়া নিয়ম শিকোৱা লোক* আৰু ফৰীচীবিলাকে তেওঁক আগুৰি ধৰিলে আৰু এটাৰ পাছত এটা প্ৰশ্ন কৰি তেওঁৰ ওপৰত হেঁচা দিবলৈ ধৰিলে। ৫৪  তেওঁলোকে যীচুক তেওঁৰ কথাতে ফান্দত পেলাবলৈ সুযোগ বিচাৰি থাকিল।

Footnotes

অৰ্থাৎ পৃথিৱীত ঈশ্বৰৰ চৰকাৰ হওক।
চয়তানক দিয়া এটা নাম।
আক্ষ., “আঙুলি।”
প্ৰায় একে সময়তে জন্ম হোৱা আৰু জীয়াই থকা ব্যক্তিৰ সমষ্টি।
বা “ইয়াক টুকুৰীত ঢাকি নাৰাখে।”
বা “চকুৱে যদি স্পষ্টকৈ দেখা পায়।” আক্ষ., “নিৰ্মল হয়।”
বা “মেজত একেলগে বহিল।”
অৰ্থাৎ পৰম্পৰাৰ অনুসৰি হাত নোধোৱা।
আক্ষ., “দয়াৰ দান।” শব্দকোষ চাওক।
গ্ৰীক ভাষাত “পেগানʼন।” এই গছৰ পৰা দৰৱ বনোৱা হয় আৰু খোৱাৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয়।
বা “সকলোতকৈ ভাল।”
বা “স্মৰণীয় কবৰৰ।”
বা “যাৰ ওপৰত কোনো চিন নাথাকে।”
বা “স্মৰণীয় কবৰ।”
আক্ষ., “ঈশ্বৰৰ বুদ্ধি।”
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
আক্ষ., “লেখক।” শব্দকোষ চাওক।