লূকে লিখা শুভবাৰ্তা ১৫:১-৩২
১৫ তাৰ পাছত সকলো কৰতোলা আৰু তেওঁলোকৰ দৰে আন পাপী লোকসকল যীচুৰ কথা শুনিবলৈ তেওঁৰ ওচৰলৈ আহিবলৈ ধৰিলে।
২ এয়া দেখি ফৰীচী আৰু নিয়ম শিকোৱা লোকসকলে* যীচুৰ বিৰুদ্ধে কʼবলৈ ধৰিলে, “এওঁতো পাপীবিলাককো নিজৰ ওচৰলৈ আহিবলৈ দিয়ে আৰু তেওঁলোকৰ লগত খোৱা-বোৱা কৰে।”
৩ তেতিয়া যীচুৱে তেওঁলোকক এই উদাহৰণ দিলে:
৪ “তোমালোকৰ মাজৰ কাৰোবাৰ যদি ১০০ টা ভেড়া আছে আৰু তাৰ মাজত যদি এটা হেৰাই যায়, তেনেহʼলে তেওঁ ৯৯ টা ভেড়াক অৰণ্যত এৰি, সেই এটা ভেড়াক বিচাৰি নাযাব নে? তেওঁ সেই হেৰাই যোৱা ভেড়াটোক বিচাৰি নোপোৱালৈকে বিচাৰি নাথাকিব নে?
৫ আৰু যেতিয়া তেওঁ সেই ভেড়াটোক বিচাৰি পায়, তেতিয়া তেওঁ তাক নিজৰ কান্ধত তুলি লয় আৰু আনন্দ কৰে।
৬ তেওঁ ঘৰলৈ আহি নিজৰ বন্ধু আৰু চুবুৰীয়াসকলক মাতি কয়, ‘মোৰ লগত আনন্দ কৰা, কিয়নো মই নিজৰ হেৰাই যোৱা ভেড়াটোক বিচাৰি পালোঁ।’
৭ মই তোমালোকক কৈছোঁ, ঠিক সেইদৰে অনুতাপ কৰাৰ প্ৰয়োজন নোহোৱা ৯৯ জন ভাল ব্যক্তিৰ কাৰণে স্বৰ্গত যিমান আনন্দ কৰা হয়, এজন পাপীয়ে অনুতাপ কৰিলে স্বৰ্গত তাতকৈ বেছি আনন্দ কৰা হয়।
৮ অথবা এজনী তিৰোতাৰ যদি দহটা ৰূপৰ মুদ্ৰা* থাকে আৰু তাৰে মাজৰ এটা হেৰাই যায়, তেনেহʼলে তেওঁ চাকি জ্বলাই গোটেই ঘৰ সাৰি তাক নোপোৱালৈকে যত্নেৰে নিবিচাৰিব নে?
৯ আৰু যেতিয়া তেওঁ সেই মুদ্ৰাটো বিচাৰি পায়, তেতিয়া তেওঁ নিজৰ বান্ধৱী আৰু চুবুৰীয়াসকলক মাতি কয়, ‘মোৰ লগত আনন্দ কৰা, কিয়নো মই হেৰাই যোৱা মুদ্ৰাটো বিচাৰি পালোঁ।’
১০ মই তোমালোকক কৈছোঁ, অনুতাপ কৰা এজন পাপীৰ কাৰণেও এইদৰেই ঈশ্বৰৰ স্বৰ্গদূতসকলে বহুত আনন্দ কৰে।”
১১ তাৰ পাছত তেওঁ কʼলে, “এজন মানুহৰ দুজন লʼৰা আছিল।
১২ সৰু লʼৰাজনে দেউতাকক কʼলে, ‘দেউতা, মোৰ সম্পত্তিৰ ভাগ মোক দিয়া।’ তেতিয়া দেউতাকে দুয়োজনৰ মাজত সম্পত্তি ভাগ কৰি দিলে।
১৩ কিছু দিনৰ পাছত সৰু লʼৰাজনে নিজৰ সকলো সম্পত্তি লৈ কোনো এখন দূৰ দেশলৈ গুচি গʼল। তাত সি বেয়াতকৈ বেয়া কাম কৰি নিজৰ সকলো সম্পত্তি শেষ কৰিলে।
১৪ যেতিয়া তাৰ সকলো টকা-পইচা শেষ হʼল, তেতিয়া সেই দেশত এটা ভয়ানক আকাল হʼল আৰু সি অভাৱত পৰিল।
১৫ আনকি, সি সেই দেশৰ এজন ব্যক্তিৰ তাত কাম কৰিবলৈ গʼল আৰু সেই ব্যক্তিজনে তাক নিজৰ পথাৰত গাহৰি চৰাবলৈ পঠালে।
১৬ সি ইমানেই ভোকত আছিল যে গাহৰিয়ে যি খাইছিল, সেয়া খাব বিচাৰিছিল, কিন্তু কোনেও তাক একো দিয়া নাছিল।
১৭ যেতিয়া সি বুজি পালে, তেতিয়া সি কʼলে, ‘মোৰ দেউতাৰ তাত কাম কৰা বহুতো লোক আছে, যিসকলৰ খোৱাৰ কোনো অভাৱ নাই। আৰু মই ইয়াত ভোকত মৰি আছোঁ!
১৮ এতিয়া মই দেউতাৰ ওচৰলৈ উভতি যাম আৰু তেওঁক কʼম, “দেউতা, মই স্বৰ্গ আৰু তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
১৯ মই তোমাৰ লʼৰা বুলি মতাৰ যোগ্য নহওঁ। মোক তোমাৰ ইয়াত কাম কৰা মানুহ হিচাপে ৰাখি লোৱা।”’
২০ সেইবাবে, সি দেউতাকৰ ওচৰলৈ গʼল। সি দূৰত থাকোঁতেই দেউতাকে তাক দেখা পালে আৰু তেওঁৰ হৃদয়খন দয়াৰে ভৰি পৰিল। তেওঁ দৌৰি গৈ লʼৰাজনক সাৱটি লʼলে আৰু মৰমেৰে তাক চুমা খাবলৈ ধৰিলে।
২১ তেতিয়া লʼৰাজনে তেওঁক কʼলে, ‘দেউতা, মই স্বৰ্গ আৰু তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ। মই তোমাৰ লʼৰা বুলি মতাৰ যোগ্য নহওঁ।’
২২ কিন্তু দেউতাকে নিজৰ দাসবিলাকক কʼলে, ‘সোনকালে যোৱা! আৰু আটাইতকৈ ভাল কাপোৰ আনি তাক পিন্ধাই দিয়া। তাৰ হাতত আঙুঠি আৰু ভৰিত জোতাও পিন্ধাই দিয়া।
২৩ এটা সুস্থ-পুষ্ট দামুৰি কাটা, আমি সকলোৱে মিলি খোৱা-বোৱা কৰিম আৰু আনন্দ কৰিম।
২৪ কিয়নো মোৰ এই লʼৰা মৰি গৈছিল, এতিয়া জীৱিত হʼল। ই হেৰাই গৈছিল আৰু এতিয়া বিচাৰি পালোঁ।’ তাৰ পাছত তেওঁলোক সকলোৱে মিলি আনন্দ কৰিবলৈ ধৰিলে।
২৫ সেই মানুহজনৰ ডাঙৰ লʼৰাজন পথাৰত আছিল। যেতিয়া তেওঁ পথাৰৰ পৰা উভতি আহি ঘৰৰ ওচৰত পাইছিলহি, তেতিয়া তেওঁ নাচ-গানৰ শব্দ শুনা পালে।
২৬ তেওঁ এজন সেৱকক মাতি সুধিলে যে এইবোৰ কি হৈ আছে।
২৭ সেৱকজনে কʼলে, ‘আপোনাৰ ভাই উভতি আহিছে আৰু তেওঁক ভালে-কুশলে পোৱাৰ বাবে আপোনাৰ দেউতাই এটা সুস্থ-পুষ্ট দামুৰি কাটিছে।’
২৮ কিন্তু ডাঙৰ লʼৰাজনৰ বহুত খং উঠিল আৰু তেওঁ ঘৰৰ ভিতৰলৈ যাবলৈ বিচৰা নাছিল। তেতিয়া তেওঁৰ দেউতাকে বাহিৰলৈ আহিলে আৰু তেওঁক বুজাবলৈ ধৰিলে।
২৯ তেওঁ নিজৰ দেউতাকক কʼলে, ‘মই বহু বছৰ ধৰি তোমাৰ কাৰণে দাসৰ দৰে কাম কৰি আছোঁ আৰু মই এবাৰো তোমাৰ আজ্ঞা নমনাকৈ থকা নাই। তথাপি মোৰ বন্ধুসকলৰ লগত ফূৰ্তি কৰিবলৈ এটি ছাগলী পোৱালিও তুমি মোক দিয়া নাই।
৩০ কিন্তু এই লʼৰাজনে তোমাৰ সম্পত্তি বেশ্যাৰ ওপৰত খৰচ কৰিলে আৰু সি এতিয়া উভতি অহাৰ লগে লগে তুমি তাৰ কাৰণে এটা সুস্থ-পুষ্ট দামুৰি কাটিছা।’
৩১ তেতিয়া দেউতাকে তেওঁক কʼলে, ‘মোৰ লʼৰা, তুমিতো সদায় মোৰ লগতে আছা আৰু যিবোৰ মোৰ হয়, সেই সকলো তোমাৰেইতো হয়।
৩২ কিন্তু আজি আনন্দ কৰাৰ দিন। আমি আনন্দ কৰা উচিত, কিয়নো তোমাৰ এই ভাই মৰি গৈছিল, এতিয়া জীৱিত হৈছে। আমি ইয়াক হেৰুৱাইছিলোঁ, কিন্তু এতিয়া বিচাৰি পালোঁ।’”
Footnotes
^ আক্ষ., “লেখক।” শব্দকোষ চাওক।
^ আক্ষ., “দহটা ড্ৰাকমাৰ মুদ্ৰা।” ইয়াৰ মূল্য আছিল দহ দিনৰ হাজিৰাৰ সমান।