লূকে লিখা শুভবাৰ্তা ১৯:১-৪৮

  • যীচুৱে চক্কেয়ৰ ঘৰলৈ গʼল (১-১০)

  • দহ মীনা ৰূপৰ মুদ্ৰাৰ উদাহৰণ (১১-২৭)

  • যীচু যিৰূচালেমলৈ আহিলে (২৮-৪০)

  • যীচুৱে যিৰূচালেমৰ কাৰণে কান্দিলে (৪১-৪৪)

  • যীচুৱে মন্দিৰ পৰিষ্কাৰ কৰে (৪৫-৪৮)

১৯  যীচু যিৰীহো চহৰত সোমাই সেই চহৰৰ মাজেদি গৈ আছিল। ২  তাত চক্কেয় নামৰ এজন ব্যক্তি আছিল। তেওঁ কৰতোলাবিলাকৰ এজন প্ৰধান আছিল আৰু তেওঁ বহুত ধনী আছিল। ৩  যীচু কোন হয় বুলি তেওঁ চাব বিচাৰিছিল, কিন্তু ভীৰৰ কাৰণে দেখা পোৱা নাছিল, কিয়নো তেওঁ চুটি-চাপৰ আছিল। ৪  সেইবাবে, তেওঁ দৌৰি গʼল আৰু তেওঁক চাবলৈ ৰাস্তাৰ কাষত থকা এজোপা ডিমৰু গছৰ ওপৰত উঠিল, কিয়নো যীচু সেই ৰাস্তাইদি যাবলগীয়া আছিল। ৫  যেতিয়া যীচু সেই ঠাইত পালেহি, তেতিয়া তেওঁ ওপৰলৈ চাই কʼলে, “চক্কেয়, সোনকালে তললৈ নামি আহা, কিয়নো আজি মই তোমাৰ ঘৰতে থাকিম।” ৬  তেতিয়া তেওঁ লগে লগে তললৈ নামি আহিল আৰু তেওঁ আনন্দেৰে নিজৰ ঘৰত যীচুক আদৰণি জনালে। ৭  যেতিয়া তেওঁলোকে এয়া দেখিলে, তেতিয়া সকলোৱে ভোৰভোৰাবলৈ ধৰিলে, “ই এনে এজন মানুহৰ ঘৰত আছে, যিজন পাপী হয়।” ৮  কিন্তু চক্কেয় থিয় হʼল আৰু তেওঁ প্ৰভুক কʼলে, “প্ৰভু চাওক! মই নিজৰ সম্পত্তিৰ আধাখিনি দুখীয়াসকলক দিছোঁ আৰু মই যি যি লোকক লুট কৰিছিলোঁ,* তেওঁলোকক মই চাৰিগুণ উভতাই দিছোঁ।” ৯  তেতিয়া যীচুৱে তেওঁক কʼলে, “আজি ঈশ্বৰে এই পৰিয়ালক উদ্ধাৰ কৰিছে, কিয়নো তুমিও অব্ৰাহামৰ এজন বংশ। ১০  কাৰণ যিসকলে হেৰাই গৈছে, তেওঁলোকক মানুহৰ পুত্ৰই বিচাৰিবলৈ আৰু উদ্ধাৰ কৰিবলৈ আহিছে।” ১১  যেতিয়া শিষ্যসকলে এই কথাবোৰ শুনি আছিল, তেতিয়া তেওঁ এটা উদাহৰণো দিলে, কিয়নো তেওঁ যিৰূচালেমৰ ওচৰত আছিল আৰু শিষ্যসকলে ভাবিছিল যে ঈশ্বৰৰ ৰাজ্য সেই সময়তেই আহিব। ১২  তেওঁ কʼলে, “ৰাজকীয় বংশৰ এজন মানুহ আছিল। তেওঁ ৰাজপদ লৈ উভতি আহিবৰ বাবে দূৰ দেশলৈ যাত্ৰা কৰিলে। ১৩  তেওঁ নিজৰ দহজন দাসক মাতি তেওঁলোকক দহ মীনা ৰূপৰ মুদ্ৰা* দিলে আৰু তেওঁলোকক কʼলে, ‘যেতিয়ালৈকে মই উভতি নাহোঁ, তেতিয়ালৈকে এইবোৰ লৈ ব্যৱসায় কৰা।’ ১৪  কিন্তু তেওঁৰ দেশৰ লোকসকলে তেওঁক ঘিণ কৰিছিল আৰু তেওঁলোকে ৰাজদূতসকলৰ এটা দলক তেওঁৰ পিছে পিছে এইদৰে কʼবলৈ পঠালে, ‘এই মানুহজন আমাৰ ৰজা হোৱাটো আমি নিবিচাৰোঁ।’ ১৫  ৰাজপদ পোৱাৰ* পাছত সেই মানুহজন উভতি আহিল। তেওঁ সেই দাসসকলক মাতিলে, যিসকলক তেওঁ টকা* দি গৈছিল। তেওঁলোকে সেই টকাৰে ব্যৱসায় কৰি আৰু কিমান উপাৰ্জন কৰিলে, সেয়া তেওঁ চাব বিচাৰিছিল। ১৬  তেতিয়া প্ৰথমজন দাস তেওঁৰ ওচৰলৈ আহিলে আৰু কʼবলৈ ধৰিলে, ‘মালিক, আপুনি মোক এক মীনা ৰূপৰ মুদ্ৰা দিছিল, তাৰ পৰা মই দহ মীনা ৰূপৰ মুদ্ৰা উপাৰ্জন কৰিলোঁ।’ ১৭  তেতিয়া মালিকজনে তেওঁক কʼলে, ‘খুব ভাল, উত্তম দাস! তুমি অলপ বিষয়তে বিশ্বাসী বুলি প্ৰমাণ কৰিলা। মই তোমাক দহখন চহৰৰ অধিকাৰী পাতিম।’ ১৮  এতিয়া দ্বিতীয়জনে আহি কʼবলৈ ধৰিলে, ‘মালিক, আপুনি মোক এক মীনা ৰূপৰ মুদ্ৰা দিছিল, তাৰ পৰা মই পাঁচ মীনা ৰূপৰ মুদ্ৰা উপাৰ্জন কৰিলোঁ।’ ১৯  মালিকজনে তেওঁক কʼলে, ‘মই তোমাকো পাঁচখন চহৰৰ অধিকাৰী পাতিম।’ ২০  কিন্তু আৰু এজনে আহি কʼবলৈ ধৰিলে, ‘মালিক, এয়া লওক আপোনাৰ ৰূপৰ মুদ্ৰা। মই ইয়াক কাপোৰত বান্ধি লুকুৱাই থৈছিলোঁ। ২১  মই আপোনালৈ ভয় কৰিছিলোঁ, কিয়নো আপুনি এজন কঠোৰ মানুহ। আপুনি যি টকা জমা কৰা নাই, সেই টকা লয় আৰু যি শস্য বোৱা নাই, সেই শস্য দায়।’ ২২  মালিকে তেওঁক কʼলে, ‘হে দুষ্ট দাস, তই যি কʼলি, তাৰ পৰাই মই তোৰ বিচাৰ কৰিম। মই যি টকা জমা কৰা নাই সেয়া লওঁ, যি শস্য বোৱা নাই, সেই শস্য দাওঁ আৰু মই এজন কঠোৰ মানুহ হওঁ বুলি তই জানিছিলি, নহয় নে? ২৩  তেনেহʼলে তই মোৰ টকা* মহাজনৰ ওচৰত কিয় জমা নকৰিলি? এইদৰে কৰা হʼলে মই উভতি আহি সুতে সৈতে মোৰ টকাখিনি পালোঁহেঁতেন।’ ২৪  তেতিয়া মালিকে আশে-পাশে থিয় হৈ থকা লোকসকলক কʼলে, ‘ইয়াৰ পৰা এই ৰূপ লৈ লোৱা আৰু সেইজনক দি দিয়া, যাৰ ওচৰত দহ মীনা ৰূপ আছে।’ ২৫  কিন্তু তেওঁলোকে কʼলে, ‘মালিক তাৰ ওচৰত দেখোন আগৰে পৰা দহ মীনা ৰূপ আছে!’. . . ২৬  ‘মই তোমালোকক কৈছোঁ, যাৰ আছে, তেওঁক বেছিকৈ দিয়া হʼব, কিন্তু যাৰ নাই, তেওঁৰ যি আছে সেইখিনিও তেওঁৰ পৰা নিয়া হʼব। ২৭  মোৰ যি শত্ৰুসকলে মই ৰজা হোৱাটো বিচৰা নাছিল, সিহঁতক ইয়ালৈ আনা আৰু মোৰ সন্মুখত মাৰি পেলোৱা।’” ২৮  এই কথা কোৱাৰ পাছত যীচুৱে তেওঁলোকৰ আগে আগে যিৰূচালেমলৈ যাবলৈ ধৰিলে। ২৯  যেতিয়া তেওঁ জৈতুন নামৰ পাহাৰৰ বৈৎফগী আৰু বৈথনিয়াৰ ওচৰ পালেগৈ, তেতিয়া তেওঁ দুজন শিষ্যক এইদৰে কৈ পঠালে, ৩০  “যি গাঁও তোমালোকে দেখা পাইছা, তালৈ যোৱা। তাত গৈ তোমালোকে এটা গাধৰ পোৱালি বান্ধি থোৱা পাবা, যাৰ ওপৰত আজিলৈকে কোনো মানুহে বহা নাই। তাক খুলি লৈ আনা। ৩১  কিন্তু কোনোবাই যদি তোমালোকক সোধে, ‘তোমালোকে ইয়াক কিয় খুলিছা?’ তেনেহʼলে কʼবা, ‘প্ৰভুক ইয়াৰ প্ৰয়োজন আছে।’” ৩২  তেতিয়া যিসকলক পঠোৱা হৈছিল, তেওঁলোকে ওলাই গʼল আৰু যীচুৱে যিদৰে কৈছিল, ঠিক সেইদৰে দেখা পালে। ৩৩  কিন্তু তেওঁলোকে গাধৰ পোৱালিটোক খুলি থকাৰ সময়ত তাৰ মালিকসকলে তেওঁলোকক সুধিলে, “তোমালোকে গাধ পোৱালিটোক কিয় খুলিছা?” ৩৪  তেওঁলোকে কʼলে, “প্ৰভুক ইয়াৰ প্ৰয়োজন আছে।” ৩৫  আৰু তেওঁলোকে গাধ পোৱালিটোক যীচুৰ ওচৰলৈ লৈ গʼল আৰু তেওঁলোকে সেই পোৱালিটোৰ ওপৰত নিজৰ কাপোৰ পাৰি দিলে আৰু যীচুক তাৰ ওপৰত বহোৱালে। ৩৬  যীচু গৈ থাকোঁতে লোকসকলে ৰাস্তাত তেওঁৰ আগে আগে নিজৰ কাপোৰ পাৰিবলৈ ধৰিলে। ৩৭  তেওঁলোকে জৈতুন পাহাৰৰ পৰা নামি যোৱা ৰাস্তাৰ ওচৰ পোৱাৰ লগে লগে তেওঁৰ শিষ্যসকলৰ গোটেই ভীৰে আনন্দ কৰিবলৈ ধৰিলে আৰু জোৰ জোৰকৈ ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে, কিয়নো তেওঁলোকে বহুতো আচৰিত কাম দেখিছিল। ৩৮  তেওঁলোকে কʼবলৈ ধৰিলে, “যিজন ৰজা হৈ যিহোৱাৰ নামেৰে আহে, তেওঁ ধন্য! স্বৰ্গত শান্তি হওক আৰু স্বৰ্গত থকা ঈশ্বৰৰ মহিমা হওক!” ৩৯  কিন্তু ভীৰৰ মাজৰ কিছুমান ফৰীচীয়ে তেওঁক কʼবলৈ ধৰিলে, “গুৰু, আপুনি নিজৰ শিষ্যসকলক ধমকি দিয়ক।” ৪০  কিন্তু তেওঁ কʼলে, “মই তোমালোকক কৈছোঁ, যদি এওঁলোকে মনে মনে থাকে, তেনেহʼলে শিলবোৰে কʼবলৈ ধৰিব।” ৪১  আৰু তেওঁ যেতিয়া চহৰৰ ওচৰলৈ আহিলে, তেতিয়া তেওঁ চহৰখন দেখি কান্দিবলৈ ধৰিলে। ৪২  আৰু কʼবলৈ ধৰিলে, “হায়, কিহে শান্তি দিয়ে, এই কথা আজি তুমি বুজি পোৱা হʼলে! কিন্তু এতিয়া এই কথাবোৰ তোমাৰ পৰা লুকুৱাই ৰখা হৈছে। ৪৩  কিয়নো সেই দিন আহিব যেতিয়া তোমাৰ শত্ৰুসকলে তোমাৰ চাৰিওফালে জোঙা কাঠেৰে বেৰা দিব আৰু তোমাক চাৰিওফালে বেৰি ধৰিব।* ৪৪  তেওঁলোকে তোমাক আৰু তোমাৰ লʼৰা-ছোৱালীক মাটিত থেকেচি থেকেচি মাৰি পেলাব। তেওঁলোকে তোমাৰ ইয়াৰ এটাও শিল, আনটো শিলৰ ওপৰত থাকিবলৈ নিদিব, কিয়নো তোমাক যেতিয়া পৰীক্ষা কৰা হৈছিল, তেতিয়া সেই সময় তুমি চিনি নাপালা।” ৪৫  তাৰ পাছত যীচু মন্দিৰলৈ গʼল আৰু যিসকলে মন্দিৰত কিনা-বেচা কৰি আছিল, তেওঁলোকক বাহিৰ কৰিবলৈ ধৰিলে। ৪৬  যীচুৱে তেওঁলোকক কʼলে, “শাস্ত্ৰত লিখা আছে, ‘মোৰ ঘৰ প্ৰাৰ্থনাৰ ঘৰ বুলি কোৱা হʼব,’ কিন্তু তোমালোকে ইয়াক ডকাইতৰ আড্ডা* বনাইছা।” ৪৭  তেওঁ প্ৰতিদিনে মন্দিৰত শিকাই আছিল। কিন্তু প্ৰধান পুৰোহিত, নিয়ম শিকোৱা লোক* আৰু লোকসকলৰ মাজৰ প্ৰধান মানুহবিলাকে তেওঁক হত্যা কৰিবলৈ সুযোগ বিচাৰি আছিল। ৪৮  কিন্তু তেওঁলোকে এইদৰে কৰিবলৈ সুযোগ পোৱা নাছিল, কিয়নো সকলোৱে তেওঁৰ কথা শুনিবলৈ সদায় তেওঁক আগুৰি ধৰিছিল।

Footnotes

বা “মিছা কথা কৈ লুট কৰিছিলোঁ।”
এটা গ্ৰীক মীনাৰ ওজন ৩৪০ গ্ৰাম আছিল। এক মীনা ১০০ ড্ৰাকমাৰ সমান আছিল। অতি. খ১৪ চাওক।
বা “শাসন পোৱাৰ।”
আক্ষ., “ৰূপ।”
আক্ষ., “মোৰ ৰূপ।”
বা “দুখ দিব।”
আক্ষ., “গুহা।”
আক্ষ., “লেখক।” শব্দকোষ চাওক।