লূকে লিখা শুভবাৰ্তা ২২:১-৭১

  • পুৰোহিতসকলে যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰে (১-৬)

  • শেষ নিস্তাৰ-পৰ্বৰ কাৰণে তৈয়াৰী (৭-১৩)

  • প্ৰভুৰ সন্ধিয়া ভোজৰ আৰম্ভণি (১৪-২০)

  • “যিজনে মোৰ লগত বিশ্বাসঘাত কৰিব, তেওঁ মোৰ লগত এই মেজতে বহি আছে” (২১-২৩)

  • কাক ডাঙৰ বুলি মনা হʼব, সেই বিষয়ে কাজিয়া (২৪-২৭)

  • যীচুৱে ৰাজ্যৰ চুক্তি কৰিলে (২৮-৩০)

  • যীচুৱে কৈছিল যে পিতৰে তেওঁক অস্বীকাৰ কৰিব (৩১-৩৪)

  • সাজু হৈ থকাৰ প্ৰয়োজন; দুখন তৰোৱাল (৩৫-৩৮)

  • জৈতুন পাহাৰত যীচুৰ প্ৰাৰ্থনা (৩৯-৪৬)

  • যীচুক গ্ৰেপ্তাৰ কৰা হʼল (৪৭-৫৩)

  • পিতৰে যীচুক চিনি পাবলৈ অস্বীকাৰ কৰে (৫৪-৬২)

  • যীচুক ঠাট্টা কৰা হʼল (৬৩-৬৫)

  • মহা-সভাৰ ওচৰত মোকৰ্দ্দমা (৬৬-৭১)

২২  খমিৰ নোহোৱা ৰুটিৰ উৎসৱ ওচৰ পাইছিলহি, যাক নিস্তাৰ-পৰ্ব বুলি কোৱা হয়। ২  আৰু প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলে* যীচুক হত্যা কৰিবলৈ এটা ভাল সুযোগ বিচাৰি আছিল, কাৰণ তেওঁলোকে লোকসকলক ভয় কৰিছিল। ৩  তাৰ পাছত চয়তানে যিহূদা ঈষ্কৰিয়োতীয়াৰ ভিতৰত সোমালে। তেওঁ সেই ১২ জনৰ মাজৰ এজন আছিল। ৪  যিহূদাই ওলাই প্ৰধান পুৰোহিত আৰু মন্দিৰৰ প্ৰহৰীবিলাকৰ মূৰব্বীৰ ওচৰলৈ গʼল আৰু যীচুক কেনেকৈ তেওঁলোকৰ হাতত ধৰাই দিব, তাৰ বিষয়ে তেওঁলোকৰ লগত কথা পাতিলে। ৫  তেতিয়া তেওঁলোকে বহুত আনন্দিত হʼল আৰু তেওঁলোকে যিহূদাক ৰূপৰ মুদ্ৰা দিম বুলি কʼলে। ৬  যিহূদা মান্তি হʼল আৰু ভীৰৰ লোকসকল তেওঁৰ ওচৰে-পাজৰে নথকাৰ সময়ত যীচুক ধৰাই দিবলৈ তেওঁ সুযোগ বিচাৰি থাকিল। ৭  এতিয়া খমিৰ নোহোৱা ৰুটিৰ উৎসৱৰ দিন আহিল, যিদিনাখন নিস্তাৰ-পৰ্বৰ বলি আগবঢ়াবলগীয়া হৈছিল। ৮  যীচুৱে পিতৰ আৰু যোহনক এইদৰে কৈ পঠিয়ালে, “যোৱা আৰু আমাৰ কাৰণে নিস্তাৰ-পৰ্বৰ ভোজ প্ৰস্তুত কৰা।” ৯  তেওঁলোকে সুধিলে, “আমি কʼত গৈ এই ভোজ প্ৰস্তুত কৰাটো আপুনি বিচাৰে?” ১০  তেওঁ কʼলে, “চোৱা! যেতিয়া তোমালোকে চহৰলৈ যাবা, তেতিয়া তোমালোকে পানীৰ কলহ লৈ অহা এজন মানুহক পাবা। তেওঁৰ পিছে পিছে সেইখন ঘৰতে সোমাবা, যিখন ঘৰত তেওঁ সোমাব। ১১  তোমালোকে সেই ঘৰৰ মালিকজনক কʼবা, ‘গুৰুৱে সুধিছে, “মই যি ঠাইত মোৰ শিষ্যসকলৰ লগত নিস্তাৰ-পৰ্বৰ আহাৰ খাম, সেই আলহী কোঠালী কʼত?”’ ১২  তাৰ পাছত তেওঁ তোমালোকক ওপৰত সজাই থোৱা এটা ডাঙৰ কোঠালী দেখুৱাব। তাত নিস্তাৰ-পৰ্বৰ ভোজ তৈয়াৰী কৰিবা।” ১৩  তেতিয়া তেওঁলোকে ওলাই গʼল আৰু যীচুৱে তেওঁলোকক যেনেকৈ কৈছিল, তেনেকৈ তেওঁলোকে দেখা পালে আৰু তাত নিস্তাৰ-পৰ্বৰ কাৰণে তৈয়াৰী কৰিলে। ১৪  যেতিয়া সময় হʼল, তেতিয়া তেওঁ নিজৰ পাঁচনিসকলৰ* লগত খোৱা-বোৱা কৰিবলৈ বহিল।* ১৫  যীচুৱে তেওঁলোকক কʼলে, “মই দুখ-কষ্ট ভোগাৰ আগতে তোমালোকৰ লগত নিস্তাৰ-পৰ্বৰ আহাৰ খোৱাটো মোৰ বৰ আশা আছিল। ১৬  কিয়নো মই তোমালোকক কৈছোঁ যে যেতিয়ালৈকে ইয়াৰ লগত জড়িত সকলো কথা ঈশ্বৰৰ ৰাজ্যত পূৰ নহয়, তেতিয়ালৈকে মই এই ভোজ নাখাম।” ১৭  তাৰ পাছত তেওঁ এটা পাত্ৰ লʼলে আৰু প্ৰাৰ্থনাত ধন্যবাদ দিলে আৰু কʼলে, “এয়া লোৱা আৰু এজন এজনকৈ ইয়াৰ পৰা খোৱা। ১৮  কাৰণ মই তোমালোকক কৈছোঁ, যেতিয়ালৈকে ঈশ্বৰৰ ৰাজ্য নাহে, তেতিয়ালৈকে মই এই দ্ৰাক্ষাৰস নাখাম।” ১৯  তাৰ পাছত তেওঁ এখন ৰুটি লʼলে আৰু প্ৰাৰ্থনাত ধন্যবাদ দি সেয়া ভাঙিলে আৰু তেওঁলোকক দি এইদৰে কʼলে, “ইয়ে মোৰ শৰীৰক চিত্ৰিত কৰে, যি তোমালোকৰ কাৰণে দিয়া হʼব। মোক সুঁৱৰিবলৈ এইদৰেই কৰি থাকিবা।” ২০  নিস্তাৰ-পৰ্বৰ ভোজ খোৱাৰ পাছত তেওঁ এটা পাত্ৰ লৈয়ো এইদৰেই কৰিলে আৰু কʼলে, “এই পাত্ৰ ঈশ্বৰৰ লগত কৰা সেই নতুন চুক্তিক চিত্ৰিত কৰে, যাক মোৰ তেজেৰে নিশ্চিত কৰা হʼব, মোৰ এই তেজ তোমালোকৰ কাৰণে দিয়া হʼব। ২১  কিন্তু চোৱা! যিজনে মোৰ লগত বিশ্বাসঘাত কৰিব, তেওঁ মোৰ লগত এই মেজতে বহি আছে। ২২  মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ ভৱিষ্যবাণী কৰা হৈছিল, তেনেকৈ তেওঁ তোমালোক সকলোকে এৰি গৈছে। কিন্তু যিজন ব্যক্তিয়ে মানুহৰ পুত্ৰৰ লগত বিশ্বাসঘাত কৰি তেওঁক ধৰাই দিব, তেওঁৰ অৱস্থা বহুত বেয়া হʼব!” ২৩  সেইবাবে, তেওঁলোকে নিজৰ মাজতে কথা পাতিবলৈ ধৰিলে যে তেওঁলোকৰ মাজৰ কোন হʼব পাৰে, যিজনে এইদৰে কৰিব। ২৪  কিন্তু তেওঁলোকৰ মাজৰ কাক ডাঙৰ বুলি মনা হʼব, এই কথাক লৈ তেওঁলোকে কাজিয়া কৰিবলৈ ধৰিলে। ২৫  কিন্তু যীচুৱে তেওঁলোকক কʼলে, “জগতৰ ৰজাবিলাকে লোকসকলৰ ওপৰত শাসন চলায় আৰু তেওঁলোকৰ ওপৰত শাসন চলোৱা লোকসকলক দানশীল বুলি কোৱা হয়। ২৬  কিন্তু তোমালোকে এইদৰে হোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, যিজনে তোমালোকৰ মাজত সকলোতকৈ ডাঙৰ হয়, তেওঁ সকলোতকৈ সৰু হোৱা উচিত আৰু যিজনে নেতৃত্ব লয়, তেওঁ সেৱকৰ দৰে হোৱা উচিত। ২৭  কোন সকলোতকৈ ডাঙৰ, খাবলৈ বহাজন নে সেৱা কৰাজন? খাবলৈ বহাজন নহয় নে? কিন্তু মই তোমালোকৰ মাজত সেৱকৰ দৰে হওঁ। ২৮  কিন্তু মোৰ পৰীক্ষাৰ সময়ত মোৰ লগত থকাসকল তোমালোকেই হয়। ২৯  মোৰ পিতৃয়ে যিদৰে মোৰ লগত এটা চুক্তি কৰিছে, ঠিক সেইদৰে ময়ো তোমালোকৰ লগত ৰাজ্যৰ এটা চুক্তি কৰিছোঁ ৩০  যাতে তোমালোকে মোৰ ৰাজ্যত মোৰ মেজত বহি খোৱা-বোৱা কৰিব পাৰিবা আৰু সিংহাসনত বহি ইস্ৰায়েলৰ ১২ টা গোষ্ঠীৰ ন্যায় কৰিব পাৰিবা। ৩১  চিমোন, চিমোন, চোৱা! চয়তানে তোমালোকক ঘেঁহু চলাৰ দৰে চালিব খুজিছে। ৩২  কিন্তু তুমি নিজৰ বিশ্বাস নেহেৰুৱাবলৈ মই তোমাৰ কাৰণে মিনতি কৰিছোঁ। যেতিয়া তুমি অনুতাপ কৰি উভতি আহিবা, তেতিয়া নিজৰ ভাইসকলক মজবুত কৰিবা।” ৩৩  তেতিয়া পিতৰে তেওঁক কʼলে, “প্ৰভু, মই আপোনাৰ লগত জেলত যাবলৈ আৰু মৰিবলৈও সাজু আছোঁ।” ৩৪  কিন্তু যীচুৱে কʼলে, “পিতৰ, মই তোমাক কৈছোঁ, আজি তুমি মোক তিনিবাৰ চিনি পাবলৈ অস্বীকাৰ নকৰালৈকে কুকুৰাই ডাক নিদিব।” ৩৫  তেওঁ শিষ্যসকলক এয়াও কʼলে, “যেতিয়া মই তোমালোকক টকাৰ মোনা, খোৱাৰ মোনা আৰু জোতাৰ অবিহনে পঠিয়াইছিলোঁ, তেতিয়া তোমালোকৰ কিবা অভাৱ হৈছিল নে?” তেওঁলোকে কʼলে, “হোৱা নাছিল।” ৩৬  তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “কিন্তু এতিয়া যাৰ ওচৰত টকাৰ মোনা আছে, তেওঁ সেয়া লৈ লওক আৰু খোৱাৰ মোনাও নিজৰ লগত ৰাখক। যাৰ ওচৰত তৰোৱাল নাই, তেওঁ নিজৰ কাপোৰ বেচি এখন তৰোৱাল কিনি লওক। ৩৭  মই তোমালোকক কৈছোঁ, শাস্ত্ৰত লিখা এই কথা মোৰ ওপৰত পূৰ হʼব লাগিব: ‘তেওঁক অপৰাধীৰ লগত গণ্য কৰা হʼল।’ এতিয়া এই কথাবোৰ মোৰ ওপৰত পূৰ হৈ আছে।” ৩৮  তেতিয়া তেওঁলোকে কʼলে, “প্ৰভু, চাওক! ইয়াত দুখন তৰোৱাল আছে।” তেওঁ কʼলে, “এয়াই যথেষ্ট।” ৩৯  তাৰ পাছত তেওঁ বাহিৰলৈ ওলাই নিজৰ অভ্যাসৰ অনুসৰি জৈতুন পাহাৰলৈ গʼল। শিষ্যসকলেও তেওঁৰ লগত গʼল। ৪০  তাত গৈ যীচুৱে তেওঁলোকক কʼলে, “পৰীক্ষাত যেন নপৰা এই কাৰণে তোমালোকে প্ৰাৰ্থনা কৰি থাকা।” ৪১  যীচুৱে তেওঁলোকৰ পৰা কিছু দূৰ* আগুৱাই গʼল আৰু আঁঠুকাঢ়ি এইদৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে, ৪২  “হে পিতৃ, যদি তুমি বিচাৰা, তেনেহʼলে এই পাত্ৰ মোৰ পৰা আঁতৰাই দিয়া। কিন্তু মোৰ ইচ্ছা নহয়, তোমাৰ ইচ্ছা পূৰ হওক।” ৪৩  তেতিয়া স্বৰ্গৰ পৰা এজন স্বৰ্গদূতে আহি তেওঁক দেখা দিলে আৰু তেওঁৰ সাহস বঢ়ালে। ৪৪  তেওঁৰ মন ইমানেই দুখী হৈ পৰিছিল যে তেওঁ আৰু বেছিকৈ মিনতি কৰি থাকিল আৰু তেওঁৰ ঘাম তেজৰ টোপাল হৈ মাটিত পৰি আছিল। ৪৫  তেওঁ প্ৰাৰ্থনা শেষ কৰি যেতিয়া শিষ্যসকলৰ ওচৰলৈ গʼল, তেতিয়া তেওঁ দেখিলে যে তেওঁলোকে দুখত ভাগৰি পৰি শুই আছে। ৪৬  যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে কিয় শুই আছা? উঠা আৰু পৰীক্ষাত যেন নপৰা এই কাৰণে তোমালোকে প্ৰাৰ্থনা কৰি থাকা।” ৪৭  তেওঁ কৈ থাকোঁতেই চোৱা! এটা ভীৰ তালৈ আহিল, যিসকলক যিহূদা নামৰ সেই ব্যক্তিজনে লৈ আহিছিল, যিজন ১২ জনৰ ভিতৰত এজন আছিল। তেওঁ যীচুক চুমা খাবলৈ তেওঁৰ ওচৰলৈ আহিল। ৪৮  কিন্তু যীচুৱে তেওঁক কʼলে, “যিহূদা, তুমি মানুহৰ পুত্ৰক চুমা খাই তেওঁৰ লগত বিশ্বাসঘাত কৰিছা নে?” ৪৯  যিসকল তেওঁৰ লগত আছিল, যেতিয়া তেওঁলোকে দেখিলে যে কি হʼবলগীয়া আছে, তেতিয়া তেওঁলোকে কʼলে, “প্ৰভু, আমি তেওঁলোকক তৰোৱালেৰে আঘাত কৰিম নে?” ৫০  আনকি, তেওঁলোকৰ মাজৰ এজনে মহা-পুৰোহিতৰ দাসজনক তৰোৱালেৰে আঘাত কৰি, তেওঁৰ সোঁ কাণখন কাটি পেলালে। ৫১  কিন্তু যীচুৱে কʼলে, “বহুত হʼল! আৰু একো নকৰিবা।” আৰু যীচুৱে সেই দাসজনৰ কাণখন চুই ঠিক কৰি দিলে। ৫২  তাৰ পাছত যীচুক ধৰিবলৈ অহা প্ৰধান পুৰোহিত, মন্দিৰৰ প্ৰহৰীবিলাকৰ মূৰব্বী আৰু যিহূদী নেতাসকলক তেওঁ কʼলে, “এজন ডকাইতক যিদৰে ধৰিবলৈ যায়, তেনেকৈ তোমালোকে মোক তৰোৱাল আৰু লাঠী লৈ গ্ৰেপ্তাৰ কৰিব আহিছা? ৫৩  মই সদায় মন্দিৰত তোমালোকৰ লগতে আছিলোঁ, তেতিয়া তোমালোকে মোক গ্ৰেপ্তাৰ নকৰিলা। কিন্তু এই সময় তোমালোকৰ হয় আৰু এতিয়া অন্ধকাৰৰ শাসন চলি আছে।” ৫৪  তেতিয়া তেওঁলোকে যীচুক গ্ৰেপ্তাৰ কৰি মহা-পুৰোহিতৰ ঘৰলৈ লৈ গʼল। কিন্তু পিতৰে আঁতৰে আঁতৰে তেওঁলোকৰ পিছে পিছে গৈ থাকিল। ৫৫  যেতিয়া তেওঁলোকে চোতালৰ মাজত জুই জ্বলাই একেলগে বহিছিল, তেতিয়া পিতৰেও তেওঁলোকৰ মাজত বহি আছিল। ৫৬  কিন্তু এজনী চাকৰণীয়ে তেওঁক জুইৰ ওচৰত বহি থকা দেখা পালে। তেওঁ পিতৰক ধ্যান দি চাই কʼলে, “এই মানুহজনো তেওঁৰ লগত আছিল।” ৫৭  কিন্তু এইদৰে কৈ পিতৰে অস্বীকাৰ কৰি কʼলে, “মই তেওঁক চিনি নাপাওঁ।” ৫৮  অলপ সময়ৰ পাছত আৰু এজনে তেওঁক দেখিলে আৰু কʼলে, “তুমিও তেওঁলোকৰ মাজৰ এজন হয়।” কিন্তু পিতৰে কʼলে, “নহয়, মই নহয়।” ৫৯  প্ৰায় এঘন্টাৰ পাছত আৰু এজন মানুহে জোৰ দি কʼবলৈ ধৰিলে, “অৱশ্যে এই মানুহজনো তেওঁলোকৰ মাজৰ এজন, কাৰণ ই এজন গালীলীয়া হয়।” ৬০  কিন্তু পিতৰে কʼলে, “মই নাজানোঁ তুমি কি কৈ আছা।” তেওঁ কৈ থকাৰ সময়তে এটা কুকুৰাই ডাক দিলে। ৬১  আৰু প্ৰভুৱে ঘূৰি পিতৰক চালে আৰু প্ৰভুৱে কোৱা এই কথা পিতৰৰ মনত পৰিল, “আজি কুকুৰাই ডাক দিয়াৰ আগেয়ে তুমি মোক তিনিবাৰ চিনি পাবলৈ অস্বীকাৰ কৰিবা।” ৬২  তেতিয়া তেওঁ বাহিৰলৈ ওলাই গৈ হোক-হোকাই কান্দিবলৈ ধৰিলে। ৬৩  যিসকল লোকে যীচুক গ্ৰেপ্তাৰ কৰিছিল, তেওঁলোকে যীচুক ঠাট্টা কৰিবলৈ ধৰিলে আৰু মাৰিবলৈ ধৰিলে। ৬৪  সিহঁতে তেওঁৰ মুখখন ঢাকি সুধিবলৈ ধৰিলে, “তই যদি ভৱিষ্যবক্তা হয়, তেনেহʼলে ক, তোক কোনে মাৰিলে?” ৬৫  সিহঁতে তেওঁৰ বিষয়ে বহুতো নিন্দাজনক কথা কʼবলৈ ধৰিলে। ৬৬  যেতিয়া দিন হʼল, তেতিয়া যিহূদীৰ নেতাসকলৰ সভা বহিল, যʼত প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলো আছিল। তেওঁলোকে যীচুক নিজৰ মহা-সভাৰ ভৱনলৈ লৈ গʼল আৰু তেওঁক সুধিবলৈ ধৰিলে, ৬৭  “যদি তই খ্ৰীষ্ট হয়, তেনেহʼলে আমাক ক।” কিন্তু তেওঁ কʼলে, “যদিও মই আপোনালোকক কʼম, তথাপি আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব। ৬৮  আৰু যদি মই আপোনালোকক প্ৰশ্ন কৰিম, তেনেহʼলে আপোনালোকে মোক উত্তৰ নিদিব। ৬৯  কিন্তু এতিয়াৰ পৰা মানুহৰ পুত্ৰ ঈশ্বৰৰ শক্তিশালী সোঁহাতে বহি থাকিব।” ৭০  এয়া শুনি সেই সকলোৱে কʼলে, “তেনেহʼলে তই ঈশ্বৰৰ পুত্ৰ হয় নেকি?” তেওঁ কʼলে, “মই হয় বুলি আপোনালোকে নিজেই কৈছে।” ৭১  তেওঁলোকে কʼলে, “এতিয়া আমাক আৰু সাক্ষ্যৰ প্ৰয়োজন আছে নে? আমি নিজেই ইয়াৰ মুখৰ পৰা শুনিলোঁ।”

Footnotes

আক্ষ., “লেখক।” শব্দকোষ চাওক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “মেজত একেলগে বহিল।”
বা “শিলক যিমান দূৰ দলিয়াব পাৰি, প্ৰায় সিমান দূৰ।”