লূকে লিখা শুভবাৰ্তা ২৪:১-৫৩
২৪ কিন্তু সপ্তাহৰ প্ৰথম দিনা সেই তিৰোতাসকলে তৈয়াৰ কৰা সুগন্ধি দ্ৰব্য লৈ পুৱতি নিশাতে কবৰলৈ* আহিলে।
২ কিন্তু তেওঁলোকে দেখিলে যে কবৰৰ দুৱাৰত থোৱা শিলচটা আঁতৰাই থোৱা আছে।
৩ ভিতৰলৈ যোৱাৰ পাছত তেওঁলোকে প্ৰভু যীচুৰ মৃতদেহ নাপালে।
৪ যেতিয়া তেওঁলোকে এই কথাক লৈ চিন্তিত হৈছিল, তেতিয়া হঠাতে উজ্জ্বল কাপোৰ পিন্ধা দুজন মানুহ তেওঁলোকৰ ওচৰত আহি থিয় হʼল।
৫ সেই তিৰোতাসকলে ভয় খালে আৰু নিজৰ মূৰ তল কৰি ৰʼল। তেতিয়া সেই মানুহ দুজনে কʼলে, “তোমালোকে কিয় জীৱিত ব্যক্তিক মৃতবিলাকৰ মাজত বিচাৰি আছা?
৬ তেওঁ ইয়াত নাই তেওঁক জীৱিত কৰা হৈছে। মনত পেলোৱা, যেতিয়া তেওঁ গালীলতেই আছিল, তেতিয়া তেওঁ তোমালোকক কি কৈছিল।
৭ তেওঁ কৈছিল যে মানুহৰ পুত্ৰক পাপীবিলাকৰ হাতত গতাই দিয়া হʼব আৰু তেওঁক কাঠত আঁৰি হত্যা কৰা হʼব, কিন্তু তৃতীয় দিনাখন আকৌ জীয়াই উঠিব।”
৮ তেতিয়া তেওঁৰ এই কথাবোৰ তেওঁলোকৰ মনত পৰিল
৯ আৰু তেওঁলোকে কবৰৰ পৰা উভতি আহি এই সকলো কথা সেই ১১ জন পাঁচনি* আৰু বাকী সকলোকে জনালে।
১০ এই তিৰোতাসকল আছিল, মৰিয়ম মগ্দলীনী, যোহানা আৰু যাকোবৰ মা মৰিয়ম। তেওঁলোকৰ লগত আন তিৰোতাসকলো আছিল, যিসকলে পাঁচনিসকলক এই কথাবোৰ কʼলে।
১১ কিন্তু পাঁচনি আৰু আন শিষ্যসকলক তেওঁলোকৰ এই কথা মনে সজা কাহিনী যেন লাগিল আৰু তেওঁলোকে এই তিৰোতাসকলৰ ওপৰত বিশ্বাস নকৰিলে।
১২ কিন্তু পিতৰে উঠি কবৰৰ ফালে দৌৰিলে। তেওঁ কবৰৰ ভিতৰলৈ জুমি চাওঁতে তাত কেৱল মিহি সূতাৰে তৈয়াৰ কৰা কাপোৰখনহে দেখা পালে। সেইবাবে, যি ঘটিছিল সেয়া দেখি তেওঁ আচৰিত হৈ গুচি গʼল।
১৩ কিন্তু চোৱা! সেই দিনা দুজন শিষ্যই ইন্মায়ূ নামৰ এখন গাঁৱলৈ গৈ আছিল, যি যিৰূচালেমৰ পৰা প্ৰায় ১১ কিলোমিটাৰ* দূৰত আছিল।
১৪ যি যি ঘটিছিল, তাৰ বিষয়ে তেওঁলোকে এজনে-আনজনৰ লগত কথা পাতি আছিল।
১৫ যেতিয়া তেওঁলোকে এই বিষয়ে এজনে-আনজনৰ লগত আলোচনা কৰি আছিল, তেতিয়া যীচু নিজেই তেওঁলোকৰ ওচৰলৈ আহি তেওঁলোকৰ লগত খোজকাঢ়িবলৈ ধৰিলে,
১৬ কিন্তু তেওঁলোকে তেওঁক চিনি নাপালে।
১৭ তেওঁ তেওঁলোকক সুধিলে, “তোমালোকে খোজকাঢ়ি খোজকাঢ়ি এজনে-আনজনৰ লগত কিহৰ বিষয়ে তৰ্ক কৰি আছা?” তেতিয়া তেওঁলোকে ৰৈ গʼল আৰু তেওঁলোকৰ চেহেৰাত উদাস দেখিবলৈ পোৱা গৈছিল।
১৮ ক্লিয়পা নামৰ শিষ্যজনে তেওঁক কʼলে, “এয়া কেনেকৈ হʼব পাৰে, যিৰূচালেমত থাকিও এই কেইদিনত কি কি ঘটিছে, তাৰ বিষয়ে কেৱল আপুনিহে নাজানে?”
১৯ তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “কি হʼল?” তেওঁলোকে কʼলে, “নাচৰতীয়া যীচুৰ লগত কি কি হʼল, আপুনি শুনা নাই নে? তেওঁ এনে বহুতো ডাঙৰ ডাঙৰ কাম কৰিছিল আৰু শিক্ষা দিছিল, যাৰ কাৰণে ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত তেওঁ এজন ভৱিষ্যবক্তা বুলি প্ৰমাণিত হʼল।
২০ আৰু আমাৰ প্ৰধান পুৰোহিত আৰু ধৰ্ম-অধিকাৰীবিলাকে তেওঁক মৃত্যুৰ শাস্তি দিবলৈ লোকসকলৰ হাতত গতাই দিলে আৰু তেওঁক কাঠত গজাল মাৰি দিলে।
২১ কিন্তু যিজনে ইস্ৰায়েলক উদ্ধাৰ কৰিব, তেৱেঁই সেইজন বুলি আমি আশা কৰি আছিলোঁ। কিন্তু এই সকলো ঘটনা ঘটি আজি তিনিদিন হৈ গʼল।
২২ ইয়াৰ উপৰিও আমাৰ মাজত থকা কিছুমান তিৰোতাই আমাক আচৰিত কৰি তুলিলে, কিয়নো যেতিয়া তেওঁলোকে ৰাতিপুৱাতেই কবৰলৈ গৈছিল,
২৩ তেতিয়া তেওঁলোকে যীচুৰ মৃতদেহ নাপালে। তেওঁলোকে আহি কʼবলৈ ধৰিলে যে তেওঁলোকে এটা আচৰিত ঘটনা দেখিছে, তেওঁলোকে স্বৰ্গদূতবিলাকক দেখা পালে, যিসকলে কৈছিল যে যীচু জীৱিত হʼল!
২৪ তাৰ পাছত আমাৰ মাজৰ কিছুমানে কবৰলৈ গʼল আৰু তিৰোতাসকলে যিদৰে কৈছিল, ঠিক সেইদৰে দেখা পালে, কিন্তু তেওঁক দেখা নাপালে।”
২৫ তেতিয়া তেওঁ তেওঁলোকক কʼলে, “হে নিৰ্বোধ লোকসকল, ভৱিষ্যবক্তাসকলৰ সকলো কথাৰ ওপৰত বিশ্বাস কৰিবলৈ তোমালোকৰ ইমান কঠিন কিয় হৈছে!
২৬ খ্ৰীষ্টই নিজৰ মহিমা পাবলৈ এই সকলো দুখ-কষ্ট ভোগাটো প্ৰয়োজন নাছিল নে?”
২৭ তেওঁ মোচিৰ কিতাপৰ পৰা লৈ সকলো ভৱিষ্যবক্তাসকলৰ কিতাপলৈকে অৰ্থাৎ গোটেই শাস্ত্ৰত তেওঁৰ বিষয়ে যিমান কথা লিখা হৈছিল, সেই সকলোৰে অৰ্থ তেওঁলোকক স্পষ্টকৈ বুজাই দিলে।
২৮ তেওঁলোকে যিখন গাঁৱলৈ গৈ আছিল, অৱশেষত তেওঁলোকে সেই গাঁৱখনৰ ওচৰ পালেহি আৰু তেওঁ এনেদৰে দেখুৱালে যেন তেওঁ আৰু দূৰলৈ যাব।
২৯ কিন্তু তেওঁলোকে তেওঁক বাৰে বাৰে কʼবলৈ ধৰিলে, “আমাৰ লগতে থাকি যাওক, কিয়নো বহুত দেৰি হʼল আৰু গধূলি হʼবলৈ হৈছে।” তেতিয়া তেওঁ তেওঁলোকৰ লগতে থাকিবলৈ ঘৰলৈ গʼল।
৩০ তেওঁ যেতিয়া তেওঁলোকৰ লগত খাবলৈ বহিল,* তেতিয়া তেওঁ ৰুটি লৈ প্ৰাৰ্থনাত ধন্যবাদ দি, সেয়া ভাঙি তেওঁলোকক দিবলৈ ধৰিলে।
৩১ তেতিয়া তেওঁলোকৰ চকু মুকলি হʼল আৰু তেওঁলোকে তেওঁক চিনি পালে। কিন্তু তেওঁ তেওঁলোকৰ ওচৰৰ পৰা নাইকিয়া হৈ গʼল।
৩২ তেওঁলোকে এজনে-আনজনক কʼলে, “যেতিয়া তেওঁ ৰাস্তাত আমাৰ লগত কথা পাতি আছিল আৰু আমাক শাস্ত্ৰৰ অৰ্থ স্পষ্টকৈ বুজাই আছিল, তেতিয়া আমাৰ হৃদয় স্পৰ্শ হোৱা নাছিল নে?”
৩৩ তেতিয়া সেই সময়তে তেওঁলোকে উঠি যিৰূচালেমলৈ উভতি আহিল আৰু তেওঁলোকে সেই ১১ জনক আন শিষ্যসকলৰ লগত গোট খোৱা পালে,
৩৪ যিসকলে কৈ আছিল, “এই কথা সঁচা যে প্ৰভু জীৱিত হʼল। তেওঁ চিমোনক দেখা দিলে।”
৩৫ তাৰ পাছত এই লোকসকলেও ৰাস্তাত যি যি ঘটিছিল আৰু তেওঁ ৰুটি ভাঙি থকা দেখি তেওঁলোকে তেওঁক কেনেকৈ চিনি পালে, এই সকলো কথা তেওঁলোকক জনালে।
৩৬ তেওঁলোকে এই বিষয়ে কথা পাতি থাকোঁতেই যীচুৱে নিজেই তেওঁলোকৰ মাজত আহি থিয় হʼল আৰু তেওঁলোকক কʼলে, “তোমালোকৰ শান্তি হওক।”
৩৭ কিন্তু তেওঁলোকে বহুত ভয় খালে আৰু চক খাই উঠিল আৰু তেওঁলোকে ভাবিলে যে এয়া নিশ্চয় কোনো স্বৰ্গদূত হয়।
৩৮ তেতিয়া তেওঁ তেওঁলোকক কʼলে, “তোমালোকে কিয় চিন্তিত হৈছা আৰু কিয় মনতে সন্দেহ কৰিছা?
৩৯ মোৰ হাত আৰু ভৰি চোৱাচোন ময়েই হওঁ। মোক চুই চোৱা, কিয়নো মোৰ হাড় আৰু মাংস আছে, কিন্তু স্বৰ্গদূতৰ নাথাকে।”
৪০ এইদৰে কৈ তেওঁ নিজৰ হাত আৰু ভৰি তেওঁলোকক দেখুৱালে।
৪১ কিন্তু তেওঁলোকে এতিয়াও আনন্দ আৰু আচৰিত হোৱাৰ কাৰণে বিশ্বাস কৰা নাছিল। তেওঁ তেওঁলোকক কʼলে, “তোমালোকৰ ওচৰত কিবা খাবলৈ আছে নে?”
৪২ তেওঁলোকে তেওঁক এটুকুৰা জুইত পোৰা মাছ দিলে
৪৩ আৰু তেওঁ সেয়া লৈ সকলোৰে ওচৰত খালে।
৪৪ তেতিয়া তেওঁলোকক কʼলে, “মই যেতিয়া তোমালোকৰ লগত আছিলোঁ, তেতিয়া মই তোমালোকক এই সকলো কথা কৈছিলোঁ যে মোচিৰ নিয়ম, ভৱিষ্যবক্তাসকলৰ কিতাপ আৰু গীতমালাত মোৰ বিষয়ে যি যি লিখা হৈছে, সেই সকলো নিশ্চয় পূৰ হʼব।”
৪৫ তেতিয়া তেওঁ শাস্ত্ৰত লিখা কথাবোৰৰ অৰ্থ তেওঁলোকক ভালদৰে বুজালে।
৪৬ আৰু তেওঁলোকক কʼলে, “শাস্ত্ৰত লিখা আছে খ্ৰীষ্টই দুখ-কষ্ট ভুগিব আৰু তৃতীয় দিনাখন মৃতবিলাকৰ মাজৰ পৰা জীয়াই উঠিব।
৪৭ তাৰ পাছত যিৰূচালেমৰ পৰা আৰম্ভ কৰি গোটেই ৰাষ্ট্ৰত পাপৰ ক্ষমা পাবলৈ তেওঁৰ নামেৰে অনুতাপ কৰিব লাগিব বুলি প্ৰচাৰ কৰা হʼব।
৪৮ তোমালোকে এই কথাবোৰৰ সাক্ষ্য দিব লাগিব।
৪৯ আৰু চোৱা! মোৰ পিতৃয়ে তোমালোকক যি শক্তি দিম বুলি প্ৰতিজ্ঞা কৰিছিল, সেই শক্তি মই তোমালোকলৈ পঠাই আছোঁ। কিন্তু স্বৰ্গৰ পৰা সেই শক্তি লাভ নকৰালৈকে তোমালোকে এই চহৰতে থাকা।”
৫০ তাৰ পাছত যীচুৱে তেওঁলোকক চহৰৰ পৰা বাহিৰলৈ বৈথনিয়ালৈকে লৈ আহিল আৰু তেওঁ নিজৰ হাত উঠাই তেওঁলোকক আশীৰ্বাদ দিলে,
৫১ আশীৰ্বাদ দি থাকোঁতেই তেওঁ তেওঁলোকৰ পৰা পৃথক হʼল আৰু তেওঁক স্বৰ্গলৈ নিয়া হʼল।
৫২ তেওঁলোকে তেওঁক মূৰ দোৱাই প্ৰণাম কৰিলে আৰু আনন্দেৰে যিৰূচালেমলৈ উভতি আহিল।
৫৩ তেওঁলোকে প্ৰতিদিনে মন্দিৰত ঈশ্বৰৰ প্ৰশংসা কৰি থাকিল।
Footnotes
^ বা “স্মৰণীয় কবৰলৈ।”
^ গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
^ আক্ষ., “৬০ ষ্টেডিয়াম।”এক ষ্টেডিয়াম ১৮৫ মিটাৰৰ সমান (৬০৬.৯৫ ফুট)। অতি. খ১৪ চাওক।
^ বা “মেজত একেলগে বহিলে।”