লূকে লিখা শুভবাৰ্তা ৪:১-৪৪

  • চয়তানে যীচুক ফুচলাবলৈ চেষ্টা কৰে (১-১৩)

  • যীচুৱে গালীলত প্ৰচাৰ আৰম্ভ কৰে (১৪, ১৫)

  • নাচৰতত যীচুক অস্বীকাৰ কৰে (১৬-৩০)

  • কফৰনাহূমৰ সভাঘৰত (৩১-৩৭)

  • চিমোনৰ শাহুৱেক আৰু আন লোকসকলক সুস্থ কৰে (৩৮-৪১)

  • যীচুৱে নিৰ্জন ঠাইত থকাৰ সময়ত ভীৰে তেওঁক বিচাৰি পায় (৪২-৪৪)

৪  যীচু পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ যৰ্দ্দনৰ পৰা গুচি গʼল। পবিত্ৰ শক্তিয়ে তেওঁক অৰণ্যলৈ* লৈ গʼল। ২  আৰু তেওঁ ৪০ দিনলৈকে তাতে থাকিল। সেই সময়ছোৱাত যীচুৱে একো খোৱা নাছিল। যেতিয়া ৪০ দিন শেষ হʼল, তেতিয়া তেওঁৰ ভোক লাগিল। তেতিয়া চয়তানে* তেওঁক ফুচলাবলৈ চেষ্টা কৰিলে। ৩  সি যীচুক কʼলে, “যদি তুমি ঈশ্বৰৰ এজন পুত্ৰ হোৱা, তেনেহʼলে এই শিলটোক কোৱা যেন ই ৰুটি হৈ যায়।” ৪  কিন্তু যীচুৱে তাক উত্তৰ দিলে, “শাস্ত্ৰত লিখা আছে, ‘মানুহে কেৱল ৰুটিৰে জীয়াই নাথাকে।’” ৫  তাৰ পাছত চয়তানে তেওঁক এখন ওখ ঠাইলৈ লৈ আহিলে আৰু তেওঁক জগতৰ সকলো ৰাজ্য খন্তেকতে দেখুৱালে। ৬  চয়তানে তেওঁক কʼলে, “মই এই সকলোৰে অধিকাৰ আৰু ইয়াৰ জাকজমকতা তোমাক দিম। কাৰণ এই সকলো মোক দিয়া হৈছে আৰু মই যাকেই ইচ্ছা কৰোঁ, তেওঁক এই সকলো দিব পাৰোঁ। ৭  সেইবাবে, যদি তুমি এবাৰ হʼলেও মোৰ উপাসনা কৰা, তেনেহʼলে এই সকলো তোমাৰ হৈ যাব।” ৮  যীচুৱে তাক উত্তৰ দিলে, “শাস্ত্ৰত লিখা আছে, ‘তুমি কেৱল নিজৰ ঈশ্বৰ যিহোৱাৰ* উপাসনা কৰা আৰু তেওঁৰেই পবিত্ৰ সেৱা কৰা।’” ৯  তাৰ পাছত চয়তানে যীচুক যিৰূচালেমলৈ লৈ গʼল আৰু তেওঁক মন্দিৰৰ আটাইতকৈ ওখ ঠাইত নি থিয় কৰালে আৰু তেওঁক কʼলে, “যদি তুমি ঈশ্বৰৰ এজন পুত্ৰ হোৱা, তেনেহʼলে ইয়াৰ পৰা তললৈ জাপ মাৰি দিয়া। ১০  কিয়নো শাস্ত্ৰত লিখা আছে, ‘ঈশ্বৰে তোমাক বচাবলৈ নিজৰ স্বৰ্গদূতসকলক আদেশ দিব,’ ১১  আৰু ‘তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব।’” ১২  তেতিয়া যীচুৱে তাক কʼলে, “শাস্ত্ৰত লিখা আছে, ‘তুমি নিজৰ ঈশ্বৰ যিহোৱাৰ* পৰীক্ষা নলʼবা।’” ১৩  এইদৰে চয়তানে এই সকলো পৰীক্ষা কৰাৰ পাছত যীচুক এৰি গুচি গʼল। কিন্তু সি তেওঁৰ পৰীক্ষা কৰিবৰ কাৰণে আৰু এটা সুযোগৰ অপেক্ষা কৰি থাকিল। ১৪  তাৰ পাছত যীচুৱে পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ গালীললৈ উভতি আহিল আৰু আশে-পাশে থকা সকলো এলেকাত তেওঁৰ বিষয়ে ভাল খবৰ বিয়পি গʼল। ১৫  তেওঁ তেওঁলোকৰ সভাঘৰবোৰত শিকাবলৈ ধৰিলে আৰু সকলোৱে তেওঁক সন্মান কৰিবলৈ ধৰিলে। ১৬  তাৰ পাছত তেওঁ নাচৰতলৈ গʼল, যʼত তেওঁ ডাঙৰ-দীঘল হৈছিল। আৰু নিয়মৰ অনুসৰি তেওঁ বিশ্ৰাম-বাৰে* তাত থকা সভাঘৰলৈ গʼল আৰু পঢ়িবলৈ থিয় হʼল। ১৭  ভৱিষ্যবক্তা যিচয়াৰ নুৰা তেওঁৰ হাতত দিয়া হʼল আৰু তেওঁ নুৰা খুলিলে আৰু সেই অংশটো উলিয়ালে, যʼত এই কথা লিখা আছে, ১৮  “যিহোৱাৰ* পবিত্ৰ শক্তি মোৰ ওপৰত আছে, কিয়নো তেওঁ মোক অভিষিক্ত কৰিলে যাতে মই দুখীয়াসকলক শুভৰ্বাতা শুনাব পাৰোঁ। তেওঁ মোক পঠিয়ালে যাতে মই বন্দীসকলৰ মুকলিৰ, অন্ধবিলাকে দৃষ্টিশক্তি ঘূৰাই পোৱাৰ আৰু দুখ-কষ্ট ভুগি থকা লোকসকলক মুকলি হোৱাৰ বাৰ্তা দিব পাৰোঁ। ১৯  আৰু লোকসকলৰ প্ৰতি যিহোৱাই* অনুগ্ৰহ দেখুৱাৰ বছৰৰ বিষয়ে প্ৰচাৰ কৰিব পাৰোঁ।” ২০  তাৰ পাছত তেওঁ নুৰাখন মেৰিয়াই সেৱকৰ হাতত দিলে আৰু বহি গʼল। সভাঘৰত সকলোৰে দৃষ্টি তেওঁৰ ওপৰত আছিল। ২১  তেতিয়া তেওঁ কʼলে, “তোমালোকে শাস্ত্ৰৰ যি কথাবোৰ এই মাত্ৰ শুনিলা, সেইবোৰ আজি পূৰ হʼল।” ২২  তেওঁলোক সকলোৱে তেওঁৰ প্ৰশংসা কৰিবলৈ ধৰিলে আৰু তেওঁৰ হৃদয় স্পৰ্শ কৰা কথাবোৰ শুনি আচৰিত হʼল আৰু এইদৰে কʼবলৈ ধৰিলে, “এওঁ যোচেফৰ লʼৰা নহয় নে?” ২৩  তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে নিশ্চয় এই প্ৰবাদ কʼবা, ‘হে চিকিৎসক প্ৰথমে নিজকে সুস্থ কৰা’ আৰু তোমালোকে এই প্ৰবাদ মোৰ ওপৰত ব্যৱহাৰ কৰি এইদৰে কʼবা, ‘কফৰনাহূমত তুমি যি যি কাম কৰিলা, সেইবোৰৰ বিষয়ে আমি শুনিছোঁ, এতিয়া সেই একেই কাম নিজৰ চহৰতো কৰা।’” ২৪  যীচুৱে কʼলে “মই তোমালোকক সঁচাকৈ কৈছোঁ যে কোনো ভৱিষ্যবক্তাক তেওঁৰ নিজৰ এলেকাত গ্ৰহণ কৰা নহয়। ২৫  উদাহৰণস্বৰূপে, এলিয়াৰ সময়ত চাৰে তিনি বছৰ ধৰি বৰষুণ হোৱা নাছিল আৰু গোটেই দেশত আকাল হৈছিল। সেই সময়ত ইস্ৰায়েলত বহুতো বিধৱা আছিল। ২৬  কিন্তু তেওঁলোকৰ মাজৰ কোনো এজনীৰ ওচৰলৈকো এলিয়াক পঠোৱা নাছিল। কেৱল চীদোন দেশৰ চাৰিফৎ নগৰৰ এগৰাকী বিধৱাৰ ওচৰলৈ পঠোৱা হʼল। ২৭  ইয়াৰ উপৰিও ভৱিষ্যবক্তা ইলীচাৰ সময়ত ইস্ৰায়েলত বহুতো কুষ্ঠ ৰোগী আছিল, তথাপিও তেওঁলোকৰ মাজৰ এজনকো সুস্থ কৰা নহʼল, কেৱল চিৰিয়াৰ নামানকহে সুস্থ* কৰা হʼল।” ২৮  সভাঘৰত উপস্থিত থকা লোকসকলে যেতিয়া এই বিষয়ে শুনিলে, তেতিয়া তেওঁলোকৰ বহুত খং উঠিল। ২৯  তেওঁলোকে উঠিলে আৰু লগে লগে যীচুক চহৰৰ বাহিৰলৈ লৈ গʼল আৰু তেওঁলোকে পাহাৰৰ পৰা তেওঁক ঠেলি তললৈ পেলাই দিয়াৰ উদ্দেশ্যেৰে তেওঁলোকৰ চহৰখন যি পাহাৰৰ ওপৰত আছিল, সেই পাহাৰৰ একেবাৰে ওখ ঠাইলৈ তেওঁক লৈ গʼল। ৩০  কিন্তু যীচুৱে তেওঁলোকৰ মাজৰ পৰা ওলাই নিজ পথত গুচি গʼল। ৩১  তাৰ পাছত যীচু তাৰ পৰা গালীলৰ কফৰনাহূম চহৰলৈ গʼল আৰু তেওঁ বিশ্ৰাম-বাৰত লোকসকলক শিকাবলৈ ধৰিলে। ৩২  তেওঁলোকে যীচুৰ শিকোৱাৰ ধৰণ দেখি আচৰিত হʼল, কাৰণ তেওঁ ঈশ্বৰৰ পৰা পোৱা শক্তিৰ দ্বাৰা শিকাইছিল। ৩৩  সেই সভাঘৰত এজন মানুহ আছিল, যিজনক এটা দুষ্ট স্বৰ্গদূতে পাইছিল আৰু তেওঁ জোৰেৰে চিঞৰিবলৈ ধৰিলে, ৩৪  “হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নাশ কৰিবলৈ আহিছে নে? মই জানোঁ আপুনি আচলতে কোন হয়, আপুনি ঈশ্বৰৰ পবিত্ৰ জনা।” ৩৫  কিন্তু যীচুৱে তাক ধমকি দিলে, “মনে মনে থাক আৰু তেওঁৰ শৰীৰৰ পৰা ওলাই যা।” তেতিয়া সেই দুষ্ট স্বৰ্গদূতে সেই মানুহজনক লোকসকলৰ মাজত থেকেচি পেলাই দিলে আৰু তেওঁৰ কোনো ক্ষতি নকৰাকৈ তেওঁৰ শৰীৰৰ পৰা ওলাই গʼল। ৩৬  এয়া দেখি সকলোৱে আচৰিত হʼল আৰু এজনে-আনজনক কʼবলৈ ধৰিলে, “চোৱাচোন! তেওঁৰ কথাত কিমান শক্তি আছে। তেওঁৰ আদেশত দুষ্ট স্বৰ্গদূতো ওলাই যায়।” ৩৭  সেইবাবে, আশে-পাশে থকা এলেকাত চাৰিওফালে তেওঁৰ বিষয়ে বিয়পি গʼল। ৩৮  সভাঘৰৰ পৰা ওলোৱাৰ পাছত যীচুৱে চিমোনৰ ঘৰলৈ আহিল। চিমোনৰ শাহুৱেকৰ বহুত বেছি জ্বৰ উঠিছিল। তেওঁক সুস্থ কৰিবলৈ তেওঁলোকে যীচুক মিনতি কৰিলে। ৩৯  সেইবাবে, যীচুৱে তেওঁৰ ওচৰত থিয় হৈ জ্বৰক ধমকি দিলে আৰু তেওঁৰ জ্বৰ নাইকিয়া হৈ গʼল। সেই সময়তে তেওঁ উঠি থিয় হʼল আৰু যীচুৰ সেৱা কৰিবলৈ ধৰিলে। ৪০  কিন্তু বেলি মাৰ যোৱাৰ সময়ত লোকসকলে বিভিন্ন ধৰণৰ ৰোগীসকলক যীচুৰ ওচৰলৈ আনিলে। যীচুৱে প্ৰতিজনৰ ওপৰত নিজৰ হাত ৰাখি তেওঁলোকক সুস্থ কৰিলে। ৪১  আনকি, দুষ্ট স্বৰ্গদূতবিলাকেও এইদৰে চিঞৰি বহুতো লোকৰ শৰীৰৰ পৰা ওলাই গৈছিল, “আপুনি ঈশ্বৰৰ পুত্ৰ হয়।” কিন্তু যীচুৱে সিহঁতক ধমকি দিছিল আৰু একো কʼবলৈ দিয়া নাছিল, কিয়নো সিহঁতে জানিছিল যে তেওঁ খ্ৰীষ্ট হয়। ৪২  পাছদিনাখন তেওঁ তাৰ পৰা ওলাই কোনো এক নিৰ্জন ঠাইলৈ গুচি গʼল। কিন্তু লোকসকলৰ ভীৰে তেওঁক বিচাৰি বিচাৰি তেওঁৰ ওচৰ পালেগৈ আৰু তেওঁলোকক এৰি নাযাবলৈ তেওঁলোকে যীচুক অনুৰোধ কৰিবলৈ ধৰিলে। ৪৩  কিন্তু যীচুৱে তেওঁলোকক কʼলে, “মই আন চহৰবোৰতো ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা জনাব লাগিব, কিয়নো মোক ইয়াৰ বাবেই পঠোৱা হৈছে।” ৪৪  তাৰ পাছত তেওঁ গৈ যিহূদিয়াৰ সভাঘৰবোৰত প্ৰচাৰ কৰিবলৈ ধৰিলে।

Footnotes

ই এক কম লোকসকল থকা অঞ্চলক বুজায়।
আক্ষ., “দিয়াবল।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “শুচি।”