লূকে লিখা শুভবাৰ্তা ৮:১-৫৬
-
যীচুৰ লগত যোৱা তিৰোতাসকল (১-৩)
-
বীজ সিঁচোঁতাৰ উদাহৰণ (৪-৮)
-
যীচুৱে কিয় উদাহৰণ দিছিল (৯, ১০)
-
বীজ সিঁচোঁতাৰ উদাহৰণৰ অৰ্থ বুজালে (১১-১৫)
-
চাকি জ্বলাই তাক ঢাকি নাৰাখে (১৬-১৮)
-
যীচুৰ মা আৰু তেওঁৰ ভায়েকবিলাক (১৯-২১)
-
যীচুৱে ধুমুহাক শান্ত কৰে (২২-২৫)
-
যীচুৱে দুষ্ট স্বৰ্গদূতবিলাকক গাহৰিবোৰত সোমাবলৈ দিয়ে (২৬-৩৯)
-
যায়ীৰৰ ছোৱালী; এগৰাকী তিৰোতাই যীচুৰ কাপোৰ চোৱে (৪০-৫৬)
৮ ইয়াৰ কিছু সময়ৰ পাছত যীচু চহৰে চহৰে আৰু গাঁৱে গাঁৱে গৈ লোকসকলক প্ৰচাৰ কৰিবলৈ আৰু ৰাজ্যৰ শুভবাৰ্তা শুনাবলৈ ধৰিলে। সেই ১২ জন শিষ্য তেওঁৰ লগত আছিল।
২ আৰু কিছুমান তিৰোতাও আছিল, যিসকলৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূত ওলোৱা হৈছিল। আৰু তেওঁলোকৰ বেমাৰ সুস্থ কৰা হৈছিল, যেনে মৰিয়ম, যাক মগ্দলীনী বুলি কোৱা হৈছিল আৰু তেওঁৰ শৰীৰৰ পৰা সাতটা দুষ্ট স্বৰ্গদূত ওলোৱা হৈছিল।
৩ যোহানা, যি হেৰোদৰ ঘৰৰ চোৱা-চিতা কৰা কূচৰ পত্নী আছিল, চোচন্না আৰু আন বহুতো তিৰোতা। এই তিৰোতাসকলে নিজৰ নিজৰ ধন-সম্পত্তিৰ পৰা যীচু আৰু তেওঁৰ শিষ্যসকলৰ সেৱা কৰিছিল।
৪ বেলেগ বেলেগ চহৰৰ পৰা অহা লোকসকলৰ উপৰিও, যেতিয়া এটা ডাঙৰ ভীৰে তেওঁৰ ওচৰত জমা হৈছিল, তেতিয়া যীচুৱে তেওঁলোকক এই উদাহৰণ দিলে:
৫ “এজন বীজ সিঁচোঁতা মানুহে বীজ সিঁচিবলৈ ওলাইছে। যেতিয়া তেওঁ সিঁচি আছিল, তেতিয়া কিছুমান বীজ ৰাস্তাৰ কাষত পৰিল আৰু সেইবোৰ ভৰিৰে গচকা হʼল। আৰু আকাশৰ চৰাইবোৰে আহি, সেইবোৰ খাই পেলালে।
৬ কিছুমান বীজ শিলাময় মাটিত পৰিল আৰু গজালি ওলালে, কিন্তু পানী নোপোৱাৰ কাৰণে শুকাই গʼল।
৭ আন কিছুমান বীজ কাঁইটীয়া বনত পৰিল আৰু সেইবোৰৰ লগতে বাঢ়ি যোৱা কাঁইটীয়া বনবোৰে সেইবোৰক হেঁচি ধৰিলে।
৮ কিন্তু কিছুমান বীজ ভাল মাটিত পৰিল আৰু গজালি ওলোৱাৰ পাছত তাত ১০০ গুণ ফল ধৰিলে।” এই কথাবোৰ কোৱাৰ পাছত তেওঁ জোৰেৰে কʼলে, “মই কি কৈ আছোঁ, কাণ পাতি শুনা।”
৯ কিন্তু এই উদাহৰণৰ অৰ্থ কি, এই বিষয়ে তেওঁৰ শিষ্যসকলে তেওঁক সুধিবলৈ ধৰিলে।
১০ তেওঁ কʼলে, “ঈশ্বৰৰ ৰাজ্যৰ পবিত্ৰ ৰহস্য বুজি পোৱাৰ ক্ষমতা তোমালোকক দিয়া হৈছে। কিন্তু বাকী লোকসকলৰ কাৰণে এইবোৰ কেৱল উদাহৰণহে। কিয়নো তেওঁলোকে চাওঁতে চাব, কিন্তু দেখা নাপাব আৰু শুনোঁতে শুনিব, কিন্তু ইয়াৰ অৰ্থ বুজি নাপাব।
১১ এই উদাহৰণৰ অৰ্থ এয়া: বীজ হৈছে, ঈশ্বৰৰ বাক্য।
১২ ৰাস্তাৰ কাষত পৰা বীজ হৈছে সেই লোকসকল, যিসকলে ঈশ্বৰৰ বাক্য শুনে, কিন্তু চয়তানে আহে আৰু তেওঁলোকৰ হৃদয়ৰ পৰা বাক্য কাঢ়ি নিয়ে যাতে তেওঁলোকে বাক্যৰ ওপৰত বিশ্বাস নকৰে আৰু উদ্ধাৰ নাপায়।
১৩ শিলাময় মাটিত পৰা বীজ হৈছে সেই লোকসকল, যিসকলে বাক্য শুনি ইয়াক আনন্দেৰে গ্ৰহণ কৰে। কিন্তু শিপা গভীৰ নোহোৱাৰ কাৰণে তেওঁলোকে অলপ সময়লৈকে বিশ্বাস কৰে, কিন্তু পৰীক্ষাৰ সময়ত বিশ্বাস কৰিবলৈ এৰি দিয়ে।
১৪ আৰু কাঁইটীয়া বনত পৰা বীজ হৈছে সেই লোকসকল, যিসকলে বাক্য শুনে, কিন্তু এই জীৱনৰ চিন্তা, ধন-সম্পত্তি আৰু লাস-বিলাসে তেওঁলোকৰ ধ্যান বিচলিত কৰি দিয়ে। আৰু এইবোৰে বাক্যক হেঁচি ধৰে, যাৰ বাবে কোনো ভাল ফল নিদিয়ে।
১৫ ভাল মাটিত পৰা বীজ হৈছে সেই লোকসকল, যিসকলৰ হৃদয় বহুত ভাল। তেওঁলোকে বাক্য শুনি সেইবোৰ মনত* ৰাখে আৰু ধৈৰ্য্য ধৰি ফল দিয়ে।
১৬ কোনোৱে চাকি জ্বলাই তাক বাচনেৰে ঢাকি নাৰাখে বা বিচনাৰ তলত নথয়। কিন্তু টেবুলত ৰাখে যাতে ভিতৰলৈ অহা লোকসকলে পোহৰ পায়।
১৭ গুপনে ৰখা এনে কোনো বিষয় নাই, যি প্ৰকাশ নাপাব। সাৱধানে ৰখা এনে কোনো বিষয় নাই, যি কেতিয়াও জানিব নোৱাৰি আৰু প্ৰকাশ নাপাব।
১৮ সেইবাবে, তোমালোকে কিদৰে শুনিছা, তালৈ ধ্যান দিয়া। কিয়নো যাৰ আছে, তেওঁক বেছিকৈ দিয়া হʼব, কিন্তু যাৰ নাই, তেওঁৰ যি আছে বুলি তেওঁ ভাবে, তাকো তেওঁৰ পৰা নিয়া হʼব।”
১৯ তাৰ পাছত যীচুৰ মা আৰু তেওঁৰ ভায়েকবিলাকে তেওঁক লগ কৰিবলৈ আহিল। কিন্তু ভীৰৰ কাৰণে তেওঁলোকে যীচুৰ ওচৰলৈ যাব নোৱাৰিছিল।
২০ সেইবাবে, তেওঁক এই খবৰ দিয়া হʼল, “আপোনাৰ মা আৰু ভাইবিলাকে আপোনাক লগ কৰিবলৈ বাহিৰত থিয় হৈ আছে।”
২১ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “এওঁলোক হৈছে মোৰ মা আৰু ভাই। কিয়নো তেওঁলোকে ঈশ্বৰৰ বাক্য শুনে আৰু সেইবোৰ পালন কৰে।”
২২ এদিনাখন যীচু আৰু তেওঁৰ শিষ্যসকলে এখন নাওত উঠিলে আৰু যীচুৱে তেওঁলোকক কʼলে, “বʼলা আমি সাগৰৰ সিপাৰলৈ যাওঁ।” তেতিয়া তেওঁলোকে নাৱেৰে ওলাই গʼল।
২৩ কিন্তু গৈ থাকোঁতে তেওঁ শুই গʼল। তেতিয়া সাগৰত ভয়ংকৰ ধুমুহা হʼল আৰু তেওঁলোকৰ নাওখন পানীৰে ভৰিবলৈ ধৰিলে। সেইবাবে, তেওঁলোকৰ জীৱন বিপদত পৰিল।
২৪ শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি তেওঁক জগাবলৈ ধৰিলে, “গুৰু, গুৰু, আমি এতিয়া মৰিম!” যীচুৱে উঠি ধুমুহা আৰু পানীৰ ডাঙৰ ঢৌক ধমকি দিলে আৰু ইয়াৰ পাছত ধুমুহা আৰু ঢৌ কমি গʼল। আৰু সকলোবোৰ শান্ত হৈ গʼল।
২৫ তাৰ পাছত তেওঁ শিষ্যসকলক কʼলে, “তোমালোকৰ বিশ্বাস কʼত গʼল?” কিন্তু তেওঁলোকে বহুত ভয় খালে আৰু আচৰিত হৈ এজনে-আনজনক কʼবলৈ ধৰিলে, “আচলতে এওঁনো কোন যে ধুমুহা আৰু পানীকো আদেশ দিয়ে আৰু সেইবোৰে তেওঁৰ আজ্ঞা মানে?”
২৬ তাৰ পাছত তেওঁলোকে গালীলৰ সিপাৰে থকা গেৰাচেনীয়াবিলাকৰ এলেকাত পালেগৈ।
২৭ কিন্তু যেতিয়া যীচু নাৱৰ পৰা নামি পাৰত আহিল, তেতিয়া ওচৰৰ চহৰত থকা দুষ্ট স্বৰ্গদূতে পোৱা এজন মানুহক লগ পালে। তেওঁ বহু দিনলৈকে কাপোৰ নিপিন্ধাকৈ ঘূৰি ফুৰিছিল। আৰু ঘৰত নাথাকি কবৰৰ* মাজত থাকিছিল।
২৮ যেতিয়া তেওঁ যীচুক দেখিলে, তেতিয়া তেওঁ জোৰ-জোৰকৈ চিঞৰিবলৈ ধৰিলে আৰু তেওঁৰ আগত পৰি উচ্চস্বৰে কʼবলৈ ধৰিলে, “হে যীচু, মহান ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত মোৰ কি কাম? মই আপোনাক মিনতি কৰিছোঁ, মোক কষ্ট নিদিব।”
২৯ (কিয়নো সেই দুষ্ট স্বৰ্গদূতক সেই মানুহজনৰ শৰীৰৰ পৰা ওলাই যাবলৈ যীচুৱে আদেশ দিছিল। দুষ্ট স্বৰ্গদূতে বহুবাৰ সেই মানুহজনক নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল।* সেই মানুহজনক বাৰে বাৰে শিকলি আৰু বেৰীৰে বন্ধা হৈছিল। আৰু তাক পহৰা দিয়া হৈছিল। কিন্তু সি সেই বান্ধোনবোৰ চিঙি পেলাইছিল। আৰু দুষ্ট স্বৰ্গদূতে সেই মানুহজনক নিৰ্জন ঠাইলৈ লৈ গৈছিল।)
৩০ যীচুৱে তাক সুধিলে, “তোৰ নাম কি?” সি কʼলে, “পলটন।” কিয়নো তাৰ শৰীৰত বহুতো দুষ্ট স্বৰ্গদূত সোমাই আছিল।
৩১ সিহঁতে তেওঁক মিনতি কৰি থাকিল যে তেওঁ যেন সিহঁতক অগাধ ঠাইত* যাবলৈ আদেশ নিদিয়ে।
৩২ সেই পাহাৰতে বহুতো গাহৰি চৰি আছিল। সেইবাবে, দুষ্ট স্বৰ্গদূতবিলাকে যীচুক মিনতি কৰিলে যে তেওঁ যাতে সিহঁতক গাহৰিবোৰত সোমাবলৈ দিয়ে। আৰু যীচুৱে সিহঁতক যাবলৈ অনুমতি দিলে।
৩৩ তেতিয়া গোটেই দুষ্ট স্বৰ্গদূতবিলাক সেই মানুহজনৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই সেই গাহৰিবোৰত সোমাল। তেতিয়া গাহৰিবোৰৰ গোটেই জাকে অতি বেগেৰে দৌৰিলে আৰু পাহাৰৰ গৰাৰ পৰা সাগৰত পৰি সকলো গাহৰি পানীত ডুবি মৰিল।
৩৪ যেতিয়া গাহৰি চৰোৱা লোকবিলাকে এই ঘটনা দেখিলে, তেতিয়া তেওঁলোকে তাৰ পৰা পলাই গʼল আৰু তেওঁলোকে চহৰ আৰু আশে-পাশে থকা এলেকালৈ গৈ ঘটনাৰ বিষয়ে সকলো কথা কʼলে।
৩৫ তাত কি হৈছিল, সেয়া চাবলৈ লোকসকলে তালৈ আহিল। যেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ আহিলে, তেতিয়া তেওঁলোকে দেখিলে যে যিজন মানুহৰ পৰা দুষ্ট স্বৰ্গদূত ওলাই গৈছিল, সেই মানুজন কাপোৰ পিন্ধি আছে আৰু সুস্থ হৈ যীচুৰ ভৰিৰ ওচৰত বহি আছে। এয়া দেখি লোকসকলে বৰ ভয় খালে।
৩৬ যিসকলে এই সকলো ঘটনা নিজ চকুৰে দেখিছিল, তেওঁলোকে লোকসকলক কʼবলৈ ধৰিলে যে যিজন মানুহক দুষ্ট স্বৰ্গদূতে পাইছিল, তেওঁ কেনেকৈ ঠিক হʼল।
৩৭ তেতিয়া গেৰাচেনীয়াৰ আশে-পাশে থকা এলেকাৰ পৰা অহা লোকসকলে যীচুক তেওঁলোকৰ ঠাইৰ পৰা ওলাই যাবলৈ কʼলে, কিয়নো তেওঁলোকে বৰ ভয় খাইছিল। সেইবাবে, যীচুৱে তাৰ পৰা ওলাই যাবলৈ নাৱত উঠিল।
৩৮ তেতিয়া যিজন মানুহৰ পৰা দুষ্ট স্বৰ্গদূতে ওলাইছিল, সেই মানুহজনে যীচুৰ লগত যাবলৈ তেওঁক বাৰে বাৰে মিনতি কৰিবলৈ ধৰিলে। কিন্তু যীচুৱে সেই মানুহজনক এইদৰে কৈ পঠাই দিলে,
৩৯ “নিজৰ ঘৰলৈ উভতি যোৱা আৰু ঈশ্বৰে তোমাৰ কাৰণে যি যি কৰিলে, তাৰ বিষয়ে সকলোকে কোৱা।” সেই মানুহজন গুচি গʼল আৰু গোটেই চহৰত কʼবলৈ ধৰিলে যে যীচুৱে তেওঁৰ কাৰণে কি কৰিলে।
৪০ যেতিয়া যীচু গালীললৈ উভতি আহিল, তেতিয়া ভীৰৰ লোকসকলে তেওঁক মৰমেৰে আদৰণি জনালে। কিয়নো, সকলোৱে তেওঁৰ কাৰণে অপেক্ষা কৰি আছিল।
৪১ কিন্তু সেই সময়তে যায়ীৰ নামৰ এজন মানুহ তালৈ আহিল। তেওঁ সভাঘৰৰ এজন অধিকাৰী আছিল। তেওঁ যীচুৰ ভৰিত পৰি নিজৰ ঘৰলৈ আহিবলৈ যীচুক মিনতি কৰিবলৈ ধৰিলে।
৪২ কিয়নো তেওঁৰ একমাত্ৰ ছোৱালীজনী মৰো মৰো অৱস্থাত আছিল আৰু তাইৰ বয়স ১২ বছৰমান আছিল।
যেতিয়া যীচু গৈ আছিল, তেতিয়া লোকসকলৰ ভীৰে তেওঁক আগুৰি তেওঁৰ লগতে যাবলৈ ধৰিলে।
৪৩ তাত এনে এগৰাকী তিৰোতা আছিল, যাৰ ১২ বছৰৰ পৰা তেজ বোৱা বেমাৰ আছিল আৰু কোনেও তেওঁক সুস্থ কৰিব পৰা নাছিল।
৪৪ তেওঁ যীচুৰ পিছফালে আহি, তেওঁৰ কাপোৰৰ দহি চুলে আৰু সেই সময়তে তেওঁৰ তেজ বোৱা বন্ধ হʼল।
৪৫ তেতিয়া যীচুৱে কʼলে, “মোক কোনে চুলে?” যেতিয়া সকলোৱে অস্বীকাৰ কৰিবলৈ ধৰিলে, তেতিয়া পিতৰে কʼলে, “গুৰু, ভীৰে আপোনাক আগুৰি ধৰি ঠেলা-হেঁচা কৰিছে।”
৪৬ তথাপি যীচুৱে কʼলে, “কোনোবাই মোক চুলে। কিয়নো মোৰ ভিতৰৰ পৰা শক্তি ওলোৱা মই গʼম পালোঁ।”
৪৭ যেতিয়া সেই তিৰোতাগৰাকীয়ে দেখিলে যে যীচুৱে এই কথা গʼম পালে, তেতিয়া তেওঁ কঁপি কঁপি আহি তেওঁৰ আগত পৰি তেওঁ যীচুক কিয় চুলে আৰু চোৱাৰ লগে লগে কেনেকৈ সুস্থ হʼল, সেই বিষয়ে সকলোৰে আগত কʼলে।
৪৮ তেতিয়া যীচুৱে তেওঁক কʼলে, “মোৰ ছোৱালী, তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে। যোৱা, এতিয়া আৰু চিন্তা নকৰিবা।”
৪৯ তেওঁ কৈ থকাৰ সময়তে সভাঘৰৰ অধিকাৰীৰ ঘৰৰ পৰা এজন মানুহে আহি কʼবলৈ ধৰিলে, “তোমাৰ ছোৱালীজনী মৰি গʼল। এতিয়া গুৰুক আৰু কষ্ট নিদিবা।”
৫০ এয়া শুনি যীচুৱে সেই অধিকাৰীজনক কʼলে, “ভয় নকৰিবা, কেৱল বিশ্বাস ৰাখা, তাইৰ একো নহʼব আৰু তাই বাচি যাব।”
৫১ যেতিয়া যীচু সেই ঘৰ পালেগৈ তেতিয়া তেওঁ পিতৰ, যোহন, যাকোব আৰু ছোৱালীজনীৰ মা-দেউতাকৰ বাহিৰে নিজৰ লগত আন কাকো ভিতৰলৈ আহিবলৈ নিদিলে।
৫২ কিন্তু সকলোৱে কান্দি কান্দি হিয়া ভুকুৱাই আছিল আৰু সেই ছোৱালীজনীৰ কাৰণে শোক কৰি আছিল। যীচুৱে কʼলে, “নাকান্দিবা! ছোৱালীজনী মৰা নাই, টোপনি গৈছে।”
৫৩ এই কথা শুনি তেওঁলোকে যীচুক ঠাট্টা কৰিবলৈ ধৰিলে। কিয়নো তেওঁলোকে জানিছিল যে ছোৱালীজনী মৰি গৈছে।
৫৪ তাৰ পাছত যীচুৱে ছোৱালীজনীৰ হাতত ধৰি কʼলে, “উঠা মোৰ ছোৱালীজনী!”
৫৫ তেতিয়া সেই ছোৱালীজনীৰ প্ৰাণ* উভতি আহিল আৰু তাই লগে লগে উঠি বহিল। যীচুৱে কʼলে যে ছোৱালীজনীক কিবা খাবলৈ দিয়া।
৫৬ ছোৱালীজনীক জীয়াই উঠা দেখি তাইৰ মা-দেউতাকে বহুত আনন্দিত হʼল। কিন্তু এই বিষয়ে কাকো নকʼবলৈ যীচুৱে তেওঁলোকক কʼলে।
Footnotes
^ বা “হৃদয়ত।”
^ বা “স্মৰণীয় কবৰৰ।”
^ বা হয়তো, “বহু দিনৰে পৰা সি সেই মানুহজনক নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল।”
^ অৰ্থাৎ এক গভীৰ গাঁত। শব্দকোষ চাওক।
^ বা “জীৱন শক্তি।” শব্দকোষত “ৰোৱাষ্; নিওমা” চাওক।