কৰিন্থীয়াসকললৈ প্ৰথম চিঠি ১২:১-৩১

১২  এতিয়া ভাইসকল, পবিত্ৰ শক্তিৰ পৰা পোৱা বৰদানৰ বিষয়ে তোমালোকে ভালদৰে জনাটো মই বিচাৰোঁ। ২  তোমালোকে জানা যে যেতিয়া তোমালোক এই জগতৰ আছিলা,* তেতিয়া তোমালোকক বিচলিত কৰা হৈছিল আৰু বোবা মূৰ্তিবোৰক পূজা কৰিবলৈ ভুলোৱা হৈছিল আৰু সিহঁতে তোমালোকক যʼলৈ বিচাৰিছিল, তালৈ লৈ গৈছিল। ৩  মই তোমালোকক এই বিষয়টো স্পষ্ট কৰিব বিচাৰোঁ যে পবিত্ৰ শক্তি পাই কোনেও এইদৰে নকʼব: “যীচু অভিশপ্ত!” আৰু পবিত্ৰ শক্তিৰ অবিহনে কোনেও এইদৰে কʼব নোৱাৰে: “যীচু প্ৰভু হয়!” ৪  বৰদান বেলেগ বেলেগ ধৰণৰ আছে, কিন্তু পবিত্ৰ শক্তি এটাই আছে। ৫  সেৱা বেলেগ বেলেগ ধৰণৰ আছে, কিন্তু প্ৰভু এজনেই। ৬  আৰু যি কাম হৈ আছে, সেয়া বেলেগ বেলেগ ধৰণৰ আছে, তথাপি ঈশ্বৰ এজনেই, যিজনে সকলো লোকৰ যোগেদি এই কাম কৰায়। ৭  কিন্তু প্ৰতিজনৰ ওপৰত পবিত্ৰ শক্তিয়ে যিদৰে কাম কৰা দেখিবলৈ পোৱা যায়, সেয়া সকলোৰে লাভৰ বাবে হয়। ৮  উদাহৰণস্বৰূপে, কোনোবাই পবিত্ৰ শক্তিৰ যোগেদি বুদ্ধিৰ কথা* কʼবলৈ বৰদান পাইছে, কোনোবাই সেই পবিত্ৰ শক্তিৰ যোগেদি জ্ঞানৰ কথা কʼবলৈ বৰদান পাইছে। ৯  কোনোবাই সেই পবিত্ৰ শক্তিৰ পৰা বিশ্বাসৰ বৰদান পাইছে, কোনোবাই সেই পবিত্ৰ শক্তিৰ পৰা সুস্থ কৰাৰ বৰদান পাইছে। ১০  কোনোবাই আচৰিত কাম কৰিবলৈ, কোনোবাই ভৱিষ্যবাণী কৰিবলৈ, কোনোবাই কোনো বাক্য সত্য ঈশ্বৰৰ পৰা হয় নে নহয়, সেয়া পৰীক্ষা কৰিবলৈ, কোনোবাই বেলেগ বেলেগ ভাষা কʼবলৈ আৰু কোনোবাই ভাষা অনুবাদ কৰি বুজাবলৈ* বৰদান পাইছে। ১১  কিন্তু এই সকলো কাম সেই একে পবিত্ৰ শক্তিয়ে কৰে আৰু প্ৰতিজনক যি বৰদান দিব বিচাৰে, সেয়া দিয়ে। ১২  কাৰণ যিদৰে শৰীৰ এক হয়, কিন্তু তাৰ বহুতো অংগ থাকে আৰু শৰীৰৰ অংগ বহুত হʼলেও, সেয়া সকলো মিলি এক শৰীৰ হয়, সেইদৰেই খ্ৰীষ্টও হয়। ১৩  যিহূদী হওক বা গ্ৰীক, দাস হওক বা স্বাধীন, আমি সকলোৱে এক শৰীৰ হʼবলৈ এটাই পবিত্ৰ শক্তিৰে বাপ্তিষ্মা লৈছোঁ আৰু আমাক সকলোকে এটাই পবিত্ৰ শক্তি দিয়া হৈছে। ১৪  সঁচাকৈ, শৰীৰ এক অংগৰে নহয়, কিন্তু বহুতো অংগ মিলি গঠন হয়। ১৫  যদি ভৰিয়ে কয়, “মই হাত নহওঁ, সেইবাবে মই শৰীৰৰ ভাগ নহয়,” তেনেহʼলে ইয়াৰ কাৰণে ভৰি শৰীৰৰ ভাগ নহয় নে? ১৬  আৰু কাণে যদি কয়, “মই চকু নহওঁ, সেইবাবে মই শৰীৰৰ ভাগ নহয়,” তেনেহʼলে ইয়াৰ কাৰণে চকু শৰীৰৰ ভাগ নহয় নে? ১৭  গোটেই শৰীৰ চকু হোৱা হʼলে, মই কেনেকৈ শুনি পালোঁহেঁতেন? গোটেই শৰীৰ কাণ হোৱা হʼলে আমি কেনেকৈ গোন্ধ পালোঁহেঁতেন? ১৮  কিন্তু ঈশ্বৰে নিজৰ ইচ্ছাৰ অনুসৰি শৰীৰৰ প্ৰতিটো অংগক নিজৰ নিজৰ ঠাইত থʼলে। ১৯  সেইবোৰ এটাই অংগ হোৱা হʼলে, সেয়া শৰীৰ হʼলহেঁতেন নে? ২০  কিন্তু সেইবোৰ এতিয়া বহুতো অংগ হয়, তথাপি এটাই শৰীৰ হয়। ২১  “মোক তোমাৰ কোনো প্ৰয়োজন নাই” বুলি চকুৱে হাতক কʼব নোৱাৰে বা “মোক তোমাৰ কোনো প্ৰয়োজন নাই” বুলি মূৰে ভৰিক কʼব নোৱাৰে। ২২  ইয়াৰ পৰিৱৰ্তে, শৰীৰৰ যিবোৰ অংগ আনবোৰতকৈ দুৰ্বল যেন লাগে, আচলতে সেইবোৰৰ বহুত প্ৰয়োজন। ২৩  আৰু শৰীৰৰ যিবোৰ অংগক আমি কম আদৰৰ যোগ্য বুলি ভাবোঁ, সেইবোৰক আমি ঢাকি বেছি আদৰ দিওঁ, এইদৰে শৰীৰৰ যিবোৰ অংগ ইমান ধুনীয়া নহয়, তাক আমি বেছি আদৰ কৰোঁ। ২৪  কিন্তু আমাৰ সুন্দৰ অংগবোৰক এনে চোৱা-চিতা কৰাৰ প্ৰয়োজন নাই। তথাপি ঈশ্বৰে শৰীৰক এইদৰে সৃষ্টি কৰিছে যে যিবোৰ অংগই বেছি আদৰ লাভ নকৰে, সেইবোৰ অংগক আৰু বেছি আদৰ কৰা হয় ২৫  যাতে শৰীৰত কোনো বিভেদ নহয়, ইয়াৰ পৰিৱৰ্তে ইয়াৰ অংগবোৰে যেন ইটোৱে-সিটোৰ বিষয়ে চিন্তা কৰে। ২৬  যদি এটা অংগই কষ্ট পায়, তেনেহʼলে বাকী সকলো অংগই তাৰ লগত কষ্ট ভোগে বা যদি এটা অংগই সন্মান পায়, তেনেহʼলে বাকী সকলো অংগই তাৰ লগত আনন্দিত হয়। ২৭  তোমালোক খ্ৰীষ্টৰ শৰীৰ হোৱা আৰু তোমালোকৰ মাজৰ প্ৰতিজন তেওঁৰ এক এক অংগ হোৱা। ২৮  আৰু ঈশ্বৰে মণ্ডলীৰ প্ৰতিজনকে তেওঁলোকৰ নিজৰ ঠাই দিছে, প্ৰথমতে পাঁচনি,* দ্বিতীয়তে ভৱিষ্যবক্তা, তৃতীয়তে শিক্ষক, ইয়াৰ পাছত কিছুমানক চমৎকাৰ কৰাৰ ক্ষমতা, কিছুমানক সুস্থ কৰাৰ দান, কিছুমানক আনক সহায় কৰাৰ ক্ষমতা, কিছুমানক সঠিক পথ দেখুৱাৰ ক্ষমতা আৰু কিছুমানক বেলেগ বেলেগ ভাষা কোৱাৰ ক্ষমতা দিছে। ২৯  তেনেহʼলে সকলোৱে পাঁচনি হয় নে? সকলোৱে ভৱিষ্যবক্তা হয় নে? সকলোৱে শিক্ষক হয় নে? সকলোৱে চমৎকাৰ কৰে নে? ৩০  সকলোৰে ওচৰত বেমাৰীবিলাকক সুস্থ কৰাৰ বৰদান আছে নে? সকলোৰে ওচৰত বেলেগ বেলেগ ভাষা কোৱাৰ বৰদান আছে নে? সকলোৱে অনুবাদ কৰি বুজায় নে? ৩১  তোমালোকে ঈশ্বৰৰ পৰা আৰু ডাঙৰ ডাঙৰ বৰদান পাবলৈ চেষ্টা* কৰি থাকা। কিন্তু এতিয়া মই তোমালোকক সকলোতকৈ ভাল পথ দেখাওঁ।

Footnotes

অৰ্থাৎ অবিশ্বাসী।
বা “বাৰ্তা।”
বা “অনুবাদ কৰিবলৈ।”
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “উৎসাহেৰে চেষ্টা।”