কৰিন্থীয়াসকললৈ প্ৰথম চিঠি ১৫:১-৫৮

১৫  ভাইসকল, এতিয়া মই তোমালোকক সেই শুভবাৰ্তা মনত পেলাই দিছোঁ, যি মই তোমালোকক শুনাইছিলোঁ আৰু যিবোৰ তোমালোকে গ্ৰহণ কৰিছিলা আৰু যাৰ পক্ষত এতিয়া তোমালোকে থিৰেও আছা। ২  এই শুভবাৰ্তাৰ পৰা তোমালোকৰ উদ্ধাৰ হʼব, তোমালোকে এই শুভবাৰ্তাৰ ওপৰত নিজৰ বিশ্বাস মজবুত কৰি ৰাখা, নহʼলে তোমালোকে যীচুৰ শিষ্য হোৱাটো ব্যৰ্থ। ৩  কাৰণ যিবোৰ কথা মোক শিকোৱা হৈছিল আৰু যিবোৰ মই তোমালোকক জনালোঁ, সেইবোৰৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে যে যিদৰে শাস্ত্ৰত লিখা আছে, খ্ৰীষ্টই আমাৰ পাপৰ কাৰণে মৰিল ৪  আৰু তেওঁক কবৰ দিয়া হʼল। আৰু যিদৰে শাস্ত্ৰত লিখা আছিল তেওঁক তৃতীয় দিনাখন জীয়াই তোলা হʼল। ৫  তেওঁ কৈফাক* দেখা দিলে আৰু সেই ১২ জনক দেখা দিলে। ৬  তাৰ পাছত তেওঁ একে সময়তে ৫০০ জনতকৈ বেছি ভাইসকলক দেখা দিলে, যিসকলৰ ভিতৰত বেছিভাগ লোক আজিও আমাৰ লগত আছে, কিন্তু কিছুমান মৃত্যুৰ টোপনিত গʼল। ৭  ইয়াৰ পাছত তেওঁ যাকোবক দেখা দিলে, তাৰ পাছত সকলো পাঁচনিক* দেখা দিলে। ৮  শেষত তেওঁ মোকো দেখা দিলে, যদিও মই সময়ৰ আগতে জন্ম হোৱা শিশুৰ দৰে আছিলোঁ। ৯  মই পাঁচনিসকলৰ ভিতৰত সকলোতকৈ সৰু হওঁ, আনকি পাঁচনি বুলি মতাৰো যোগ্য নহওঁ, কিয়নো মই ঈশ্বৰৰ মণ্ডলীৰ ওপৰত অত্যাচাৰ কৰিছিলোঁ। ১০  কিন্তু আজি মই যি আছোঁ, সেয়া ঈশ্বৰৰ মহা-কৃপাৰ কাৰণে আছোঁ। আৰু মোৰ কাৰণে তেওঁৰ মহা-কৃপা ব্যৰ্থ বুলি প্ৰমাণিত নহʼল, কিয়নো মই বাকীবিলাকতকৈ বেছি পৰিশ্ৰম কৰিলোঁ। তথাপিও এয়া মোৰ কাৰণে হোৱা নাই, কিন্তু ঈশ্বৰৰ সেই মহা-কৃপাৰ কাৰণে হৈছে, যি মোৰ ওপৰত আছে। ১১  কিন্তু মই বা তেওঁলোকেই হওক, আমি এই বিষয়ে প্ৰচাৰ কৰিছোঁ আৰু তোমালোকেও ইয়াৰ ওপৰত বিশ্বাস কৰিলা। ১২  খ্ৰীষ্টক যে মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল, ইয়াক যদি প্ৰচাৰ কৰা হৈছে, তেনেহʼলে মৃতবিলাকক আকৌ জীয়াই তোলা নহʼব বুলি তোমালোকৰ মাজৰ কিছুমানে কেনেকৈ কয়? ১৩  যদি মৃতবিলাকক আকৌ জীয়াই তোলা নহʼব, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে খ্ৰীষ্টকো মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হোৱা নাই। ১৪  যদি খ্ৰীষ্টক জীয়াই তোলা হোৱা নাই, তেনেহʼলে আমাৰ প্ৰচাৰ কাম ব্যৰ্থ আৰু তোমালোকৰ বিশ্বাসো ব্যৰ্থ। ১৫  ইয়াৰ উপৰিও, ঈশ্বৰে খ্ৰীষ্টক জীয়াই তুলিলে বুলি আমি তেওঁৰ বিষয়ে মিছা সাক্ষ্য দিছোঁ, কিয়নো মৃতবিলাকক জীয়াই তোলা নহʼব, যদি এই কথা সঁচা হয়, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে ঈশ্বৰে খ্ৰীষ্টকো জীয়াই তোলা নাই। ১৬  কাৰণ মৃতবিলাকক যদি জীয়াই তোলা নহয়, তেনেহʼলে খ্ৰীষ্টকো জীয়াই তোলা হোৱা নাই। ১৭  আৰু যদি খ্ৰীষ্টকো জীয়াই তোলা হোৱা নাই, তেনেহʼলে তোমালোকৰ বিশ্বাস ব্যৰ্থ আৰু তোমালোকে এতিয়াও নিজৰ পাপৰ পৰা মুক্ত হোৱা নাই। ১৮  আৰু খ্ৰীষ্টৰ যিসকল শিষ্য মৃত্যুৰ টোপনিত গৈছে, তেওঁলোকেও সদায়কালৰ কাৰণে শেষ হৈ গʼল। ১৯  যদি আমি কেৱল এই জীৱনৰ কাৰণে খ্ৰীষ্টৰ পৰা আশা ৰাখিছোঁ, তেনেহʼলে আমাৰ অৱস্থা সকলোতকৈ দুখজনক। ২০  কিন্তু এয়া সঁচা যে খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল আৰু যিসকল মৃত্যুৰ টোপনিত আছে, তেওঁলোকৰ মাজত তেওঁ প্ৰথম ফল হয়। ২১  এজন মানুহৰ যোগেদি মৃত্যু আহিল, সেইবাবে এজন মানুহৰ যোগেদিহে মৃতবিলাকক জীয়াই তোলা হʼব। ২২  যিদৰে আদমৰ কাৰণে সকলোৰে মৃত্যু হৈছে, ঠিক সেইদৰে খ্ৰীষ্টৰ যোগেদি সকলোকে জীৱিত কৰা হʼব। ২৩  কিন্তু প্ৰতিজনকে তেওঁলোকৰ ক্ৰম অনুসৰি জীয়াই তোলা হʼব: প্ৰথমে খ্ৰীষ্টক যি প্ৰথম ফল হয়। ইয়াৰ পাছত তেওঁলোক যিসকল খ্ৰীষ্টৰ হয়, তেওঁৰ উপস্থিতিৰ সময়ত জীয়াই তোলা হʼব। ২৪  ইয়াৰ পাছত যেতিয়া তেওঁ শেষত সকলো চৰকাৰ আৰু সেই লোকসকলক শেষ কৰিব, যিসকলৰ ওচৰত অধিকাৰ আৰু শক্তি আছে, তেতিয়া তেওঁ নিজৰ ঈশ্বৰ আৰু পিতৃৰ হাতত ৰাজ্য গতাই দিব। ২৫  কাৰণ তেওঁ তেতিয়ালৈকে ৰজা হৈ শাসন কৰাৰ প্ৰয়োজন আছে, যেতিয়ালৈকে ঈশ্বৰে সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে। ২৬  শেষ শত্ৰু যি মৃত্যু, তাক নাইকিয়া কৰা হʼব। ২৭  ঈশ্বৰে “সকলো তেওঁৰ ভৰিৰ তল কৰি দিলে।” কিন্তু যেতিয়া তেওঁ কয়, ‘সকলো ভৰিৰ তল কৰা হʼল,’ তেতিয়া ইয়াৰ পৰা স্পষ্ট হয় যে যিজন ঈশ্বৰে সকলো তেওঁৰ অধীন কৰি দিলে, তেওঁ নিজেই ইয়াত জড়িত নাই। ২৮  কিন্তু সকলো পুত্ৰৰ অধীনত যেতিয়া কৰা হʼব, তেতিয়া পুত্ৰও নিজকে ঈশ্বৰৰ অধীনত কৰিব, যিজনে সকলো তেওঁৰ অধীনত কৰিছিল যাতে ঈশ্বৰেই সকলোৰ কাৰণে সকলো হয়। ২৯  তেনেহʼলে যিসকলে মৃত্যুৰ কাৰণে বাপ্তিষ্মা লয়, তেওঁলোকৰ কি হʼব? যদি মৃতবিলাকক জীয়াই তোলা নহয়, তেনেহʼলে তেওঁলোকে মৃত্যুৰ কাৰণে বাপ্তিষ্মাই কিয় লৈ আছে? ৩০  আমিও কিয় প্ৰতিটো সময়ত বিপদৰ সন্মুখীন হওঁ? ৩১  ভাইসকল, মই আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত তোমালোকক লৈ গৰ্ব কৰোঁ, এই কথা যিমান সঁচা, সিমানেই এয়াও সঁচা যে মই প্ৰতিদিনে মৃত্যুৰ সন্মুখীন হওঁ। ৩২  যদি বাকী মানুহৰ দৰে* ময়ো ইফিচত বনৰীয়া জন্তুবোৰৰ বিৰুদ্ধে যুঁজি থাকোঁ, তেনেহʼলে মোৰ কি লাভ? যদি মৃতবিলাকক জীয়াই তোলা নহয়, তেনেহʼলে “আহা আমি খোৱা-বোৱা কৰোঁ, কিয়নো কালিলৈতো আমি মৰিবই লাগিব।” ৩৩  আনে তোমাক নুভুলাওক। বেয়া সংগতিয়ে ভাল অভ্যাসবোৰ* নষ্ট কৰে। ৩৪  ভাল কাম কৰিবলৈ সচেতন হোৱা আৰু পাপ নকৰিবা, কিয়নো কিছুমান লোকৰ ঈশ্বৰৰ বিষয়ে কোনো জ্ঞান নাই। মই তোমালোকক লাজত পেলাবলৈ এইদৰে কৈ আছোঁ। ৩৫  কিন্তু কোনোবাই হয়তো কয়, “মৃতবিলাকক কেনেকৈ জীয়াই তোলা হʼব? তেওঁলোকে কেনেধৰণৰ শৰীৰত জীৱিত হʼব?” ৩৬  হে মূৰ্খ মানুহ! তুমি যি সিঁচা, প্ৰথমে সেয়া নমৰালৈকে জীৱন নাপায়। ৩৭  তুমি যি সিঁচা, সেয়া কোনো পুলি নহয় যে বাঢ়িব, ইয়াৰ পৰিৱৰ্তে সেয়া এটা বীজ হয়, লাগিলে সেয়া ঘেঁহুৰ বীজ হওক বা আন কোনো বীজ। ৩৮  কিন্তু ঈশ্বৰে যিদৰে বিচাৰে, সেইদৰে সেই বীজ বাঢ়ে আৰু যেতিয়া সেয়া পুলি হয়, তেতিয়া আন পুলিতকৈ বেলেগ হয়। ৩৯  সকলোৰে শৰীৰ বেলেগ ধৰণৰ হয়। মানুহৰ শৰীৰ বেলেগ হয়, জন্তুবোৰৰ শৰীৰ বেলেগ। চৰাই-চিৰিকটিৰ শৰীৰ বেলেগ হয় আৰু মাছৰ শৰীৰ বেলেগ। ৪০  যিসকল স্বৰ্গত থাকে, তেওঁলোকৰ শৰীৰ পৃথিৱীত থকা লোকসকলৰ শৰীৰতকৈ বেলেগ হয়। যিসকল স্বৰ্গত থাকে, তেওঁলোকৰ শৰীৰৰ উজ্জ্বলতা একধৰণৰ হয় আৰু পৃথিৱীত থকা লোকসকলৰ শৰীৰৰ উজ্জ্বলতা বেলেগ ধৰণৰ। ৪১  সূৰ্য্যৰ উজ্জ্বলতা একধৰণৰ আৰু চন্দ্ৰৰ উজ্জ্বলতা বেলেগ ধৰণৰ আৰু তৰাবোৰৰ উজ্জ্বলতা আন একধৰণৰ। আচলতে এটা তৰাৰ উজ্জ্বলতা আন এক তৰাৰ উজ্জ্বলতাতকৈ বেলেগ হয়। ৪২  মৃতবিলাককো এইদৰে জীয়াই তোলা হয়। শৰীৰ বিনাশী অৱস্থাত সিঁচা হয় আৰু অবিনাশী অৱস্থাত জীয়াই তোলা হয়। ৪৩  ইয়াক অনাদৰৰ অৱস্থাত সিঁচা হয় আৰু মহিমাৰ অৱস্থাত জীয়াই তোলা হয়। ইয়াক দুৰ্বল অৱস্থাত সিঁচা হয় আৰু শক্তিশালী অৱস্থাত জীয়াই তোলা হয়। ৪৪  হাড়-মাংসৰ শৰীৰ সিঁচা হয় আৰু অদৃশ্য শৰীৰ দি জীয়াই তোলা হয়। যিদৰে হাড়-মাংসৰ শৰীৰ থাকে, ঠিক সেইদৰে অদৃশ্য শৰীৰো থাকে। ৪৫  এইদৰে লিখাও আছে, “প্ৰথম আদম জীৱিত মানুহ হʼল।” কিন্তু শেষ আদম জীৱন দিওঁতা অদৃশ্য প্ৰাণী হʼল। ৪৬  কিন্তু প্ৰথম শৰীৰ অদৃশ্য নহয়। প্ৰথমে হাড়-মাংসৰ শৰীৰ, তাৰ পাছত অদৃশ্য শৰীৰ। ৪৭  প্ৰথম মানুহ পৃথিৱীৰ পৰা হয় আৰু মাটিৰে বনোৱা হৈছে। আনজন স্বৰ্গৰ পৰা হয়। ৪৮  যিসকলক মাটিৰে বনোৱা হৈছে, তেওঁলোক মাটিৰে বনোৱা সেই ব্যক্তিৰ নিচিনা হয়। আৰু যিসকল স্বৰ্গৰ হয়, তেওঁলোক স্বৰ্গৰ পৰা অহা সেই ব্যক্তিৰ নিচিনা হয়। ৪৯  আমি যিদৰে মাটিৰে বনোৱা সেই ব্যক্তিৰ নিচিনা হৈছোঁ, ঠিক সেইদৰে আমি স্বৰ্গৰ পৰা অহা সেই ব্যক্তিৰ নিচিনাও হʼম। ৫০  কিন্তু ভাইসকল, মই কৈ আছোঁ যে মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হʼব নোৱাৰে। আৰু বিনাশী, অবিনাশী শৰীৰৰ অধিকাৰী হʼব নোৱাৰে। ৫১  চোৱা! মই তোমালোকক এটা পবিত্ৰ ৰহস্যৰ কথা কৈছোঁ: আমি সকলোৱে মৃত্যুৰ টোপনিত নাযাম, কিন্তু আমি সকলোৱে সলনি হʼম, ৫২  এক মুহূৰ্ততে চকুৰ পলকতে শেষ তুৰি বজোৱাৰ সময়তে এইদৰে হʼব। তুৰি বজোৱা হʼব আৰু মৃতবিলাকক অবিনাশী অৱস্থাত জীয়াই তোলা হʼব আৰু আমি সলনি হৈ যাম। ৫৩  কাৰণ বিনাশী শৰীৰ সলনি হৈ অবিনাশী হৈ যাব আৰু মৰণশীল শৰীৰ সলনি হৈ অমৰ হৈ যাব। ৫৪  যেতিয়া বিনাশী শৰীৰ অবিনাশী হৈ যাব আৰু মৰণশীল শৰীৰ অমৰ হৈ যাব, তেতিয়া শাস্ত্ৰত লিখা এই কথা পূৰ হʼব, “মৃত্যুক সদায়কালৰ বাবে গিলি পেলোৱা হʼল।” ৫৫  “হে মৃত্যু, তোমাৰ জয় কʼত? হে মৃত্যু, তোমাৰ শুং কʼত?” ৫৬  পাপ সেই শুং হয়, যি মৃত্যু দিয়ে আৰু পাপক শক্তি দিওঁতা নিয়ম হয়।* ৫৭  কিন্তু ঈশ্বৰৰ ধন্যবাদ হওক, যিজনে প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি আমাক জিকিবলৈ সহায় কৰে! ৫৮  সেইবাবে মোৰ মৰমৰ ভাইসকল, দৃঢ় থাকা, থিৰে থাকা আৰু প্ৰভুৰ সেৱাত সদায় তোমালোকৰ ওচৰত বহুত কাম থাকক, কিয়নো তোমালোকে জানা যে প্ৰভুৰ কাৰণে তোমালোকে যি পৰিশ্ৰম কৰা, সেয়া ব্যৰ্থ নহয়।

Footnotes

পিতৰ বুলিও কোৱা হৈছিল।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা হয়তো, “মানুহৰ দৃষ্টিৰে।”
বা “নৈতিকতাক।”
বা “আৰু নিয়মে পাপক শক্তি দিয়ে।”