কৰিন্থীয়াসকললৈ প্ৰথম চিঠি ১৬:১-২৪
১৬ পবিত্ৰ লোকসকলৰ কাৰণে দান জমা কৰাৰ বিষয়ে মই গালাতিয়াৰ মণ্ডলীবোৰক যি আদেশ দিছিলোঁ, তোমালোকেও সেয়া পালন কৰিব পাৰা।
২ প্ৰতি সপ্তাহৰ প্ৰথম দিনা তোমালোকৰ মাজৰ প্ৰতিজনে নিজৰ উপাৰ্জনৰ অনুসৰি কিছু অংশ বেলেগে ৰাখক যাতে যেতিয়া মই আহিম, তেতিয়া দান জমা কৰিবলগীয়া নহয়।
৩ কিন্তু মই যেতিয়া তোমালোকৰ তালৈ আহিম, তেতিয়া তোমালোকে যিসকল ভাইৰ নাম নিজৰ চিঠিত লিখিবা, তেওঁলোকক পঠাম যাতে তোমালোকে আনন্দেৰে যি দান দিবা, সেয়া তেওঁলোকে যিৰূচালেমলৈ লৈ যায়।
৪ কিন্তু মোৰ কাৰণে যদি তালৈ যাবলৈ সুবিধাজনক হয়, তেনেহʼলে মই তেওঁলোকৰ লগত যাম।
৫ কিন্তু মই মাকিদনিয়াৰ যাত্ৰা কৰাৰ পাছত তোমালোকৰ ওচৰলৈ আহিম, কিয়নো মই মাকিদনিয়ালৈ নিশ্চয় যাবলগীয়া আছে।
৬ আৰু হয়তো মই তোমালোকৰ তাতে থাকিম বা ঠাণ্ডা দিনবোৰ তাতে পাৰ কৰিম আৰু ইয়াৰ পাছত মই যʼলৈ যাম, তাৰ কাৰণে তোমালোকে মোক কিছু দূৰলৈকে এৰি আহিবা।
৭ মই এতিয়া কেৱল ৰাস্তাতেই তোমালোকক লগ কৰি গুচি যোৱাটো নিবিচাৰোঁ, ইয়াৰ পৰিৱৰ্তে যদি যিহোৱাই* অনুমতি দিয়ে, তেনেহʼলে তোমালোকৰ লগত কিছু সময় অতিবাহিত কৰাটো বিচাৰোঁ।
৮ কিন্তু মই পেণ্টাকোষ্টৰ উৎসৱলৈকে তোমালোকৰ তাতে থাকিম,
৯ কিয়নো বেছিকৈ সেৱা কৰিবলৈ মোৰ কাৰণে এটা ডাঙৰ সুযোগৰ দুৱাৰ খোলা হৈছে, কিন্তু এই কামত বহুত বিৰোধীও আছে।
১০ যেতিয়া তীমথিয় তালৈ আহিব, তেতিয়া তাত থকাৰ সময়ত কোনো কথাৰ কাৰণে যেন তেওঁ ভয় নকৰে, তালৈ ধ্যান দিবা, কিয়নো তেৱোঁ মোৰ দৰে যিহোৱাৰ* কাম কৰি আছে।
১১ সেইবাবে, কোনেও যেন তেওঁক তুচ্ছ বুলি নাভাবক। তোমালোকে তেওঁক কিছু দূৰলৈকে ভালদৰে এৰি আহিবা যাতে তেওঁ ইয়াত মোৰ ওচৰলৈ আহিব পাৰে, কাৰণ মই ভাইসকলৰ সৈতে তেওঁৰ কাৰণে ৰৈ আছোঁ।
১২ এতিয়া আমাৰ ভাই আপল্লোৰ বিষয়ে কৈছোঁ। মই তেওঁক ভাইসকলৰ লগত তোমালোকৰ ওচৰলৈ যাবলৈ অনুৰোধ কৰিছিলোঁ। এতিয়া তোমালোকৰ ওচৰলৈ যাবলৈ তেওঁৰ ইচ্ছা নাই, কিন্তু যেতিয়া তেওঁ সুযোগ পাব, তেতিয়া তেওঁ তোমালোকৰ ওচৰলৈ যাব।
১৩ জাগি থাকা, বিশ্বাসত দৃঢ়তাৰে থিয় হোৱা, সাহসী হোৱা,* শক্তিশালী হৈ গৈ থাকা।
১৪ তোমালোকৰ মাজত সকলো কাম প্ৰেমেৰে কৰা হওক।
১৫ এতিয়া ভাইসকল, মই তোমালোকক আৰু এটা কথাৰ কাৰণে উৎসাহিত কৰি আছোঁ। তোমালোকে জানা যে স্তিফানাৰ পৰিয়াল আখায়াৰ প্ৰথম ফল হয় আৰু তেওঁলোকে পবিত্ৰ লোকসকলৰ সেৱাত লাগি থাকে।
১৬ তোমালোকেও এনে লোকসকলৰ অধীনত থাকা আৰু সেই লোকসকলৰো অধীনত থাকা, যিসকলে সহযোগ কৰে আৰু কঠিন পৰিশ্ৰম কৰে।
১৭ মই এই কথাৰ কাৰণে আনন্দিত যে স্তিফানা, ফৰ্ত্তূনাত আৰু আখায়ি মোৰ লগত আছে, কিয়নো তোমালোকে নথকাৰ সময়ত তেওঁলোকে মোক বহুত সহায় কৰিলে।
১৮ তেওঁলোকে মোক আৰু তোমালোকক উৎসাহিত কৰিলে, সেইবাবে এনে লোকসকলক আদৰ কৰা।
১৯ এচিয়াৰ মণ্ডলীবোৰে তোমালোকক নমস্কাৰ জনাইছে। আক্কিলা আৰু প্ৰিষ্কা, লগতে তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীয়েও প্ৰভুত তোমালোকক হৃদয়েৰে নমস্কাৰ জনাইছে।
২০ সকলো ভায়ে তোমালোকক নমস্কাৰ জনাইছে। পবিত্ৰ চুমাৰে এজনে-আনজনক নমস্কাৰ কৰা।
২১ মই পৌলে নিজ হাতেৰে তোমালোকক নমস্কাৰ লিখি পঠাইছোঁ।
২২ যদি কোনোৱে প্ৰভুক প্ৰেম নকৰে, তেনেহʼলে তেওঁ অভিশপ্ত হওক। হে আমাৰ প্ৰভু, আহক!
২৩ প্ৰভু যীচুৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক।
২৪ তোমালোক সকলো যি খ্ৰীষ্ট যীচুৰ শিষ্য হোৱা, মোৰ প্ৰেম তোমালোকৰ লগত থাকক।