কৰিন্থীয়াসকললৈ প্ৰথম চিঠি ৬:১-২০

 তোমালোকৰ মাজৰ দুজনৰ যেতিয়া কাজিয়া হয়, তেতিয়া তোমালোকে বিচাৰৰ কাৰণে পবিত্ৰ লোকসকলৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে আদালতত দুষ্ট লোকসকলৰ ওচৰলৈ যাবলৈ কেনেকৈ সাহস কৰা? ২  তোমালোকে নাজানা নে যে পবিত্ৰ লোকসকলে গোটেই জগতৰ ন্যায় কৰিব? যদি তোমালোকে গোটেই জগতৰ ন্যায় কৰিবা, তেনেহʼলে তোমালোকে সাধাৰণ বিষয়বোৰৰ ন্যায় কৰিবলৈও যোগ্য নোহোৱা নে? ৩  তোমালোকে নাজানা নে যে আমি স্বৰ্গদূতসকলৰ ন্যায় কৰিম? তেনেহʼলে তোমালোকে এই জীৱনৰ বিষয়বোৰৰ ন্যায় কিয় কৰিব নোৱাৰা? ৪  যদি তোমালোকে এই জীৱনৰ বিষয়বোৰৰ বিচাৰ কৰিবলগীয়া হয়, তেনেহʼলে মণ্ডলীয়ে অযোগ্য বুলি ভবা লোকসকলক তোমালোকে নিজৰ বিচাৰকৰ্তা হিচাপে কিয় বাছনি কৰা? ৫  মই তোমালোকক লাজত পেলাবলৈ এইদৰে কৈ আছোঁ। তোমালোকৰ মাজৰ এনে এজনো বুদ্ধিমান মানুহ নাই নে, যিজনে নিজৰ ভাইসকলৰ ন্যায় কৰিব পাৰে? ৬  ইয়াৰ পৰিৱৰ্তে, এজন ভায়ে, আন এজন ভাইক আদালতলৈ লৈ যায়, তাকো অবিশ্বাসীসকলৰ ওচৰলৈ! ৭  সঁচাকৈ, তোমালোকে যে এজনে-আনজনৰ বিৰুদ্ধে মোকৰ্দ্দমা কৰা, তাৰ যোগেদিয়ে প্ৰমাণ হয় যে তোমালোক পৰাজয় হৈছা। তোমালোকে নিজেই অন্যায় কিয় সহন নকৰা? যেতিয়া আনে তোমালোকক বিশ্বাসঘাত কৰে, তেতিয়া তোমালোকে কিয় সহ্য নকৰা? ৮  ইয়াৰ পৰিৱৰ্তে, তোমালোকে নিজেই অন্যায় কৰা আৰু বিশ্বাসঘাত কৰা, তাকো নিজৰ ভাইসকলক! ৯  তোমালোকে নাজানা নে যে যিসকলে ঈশ্বৰৰ সঠিক মানদণ্ডৰ অনুসৰি নচলে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহʼব? ভুল ধাৰণাত নাথাকিবা। অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰাখোঁতা, মূৰ্তি পূজা কৰোঁতা, ব্যভিচাৰী, পুৰুষে পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ নিজকে গতাই দিয়া পুৰুষ, পুৰুষে পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা পুৰুষ, ১০  চোৰ, লুভীয়া, মতলীয়া, গালি-শপনি দিওঁতা আৰু আনৰ ধন-সম্পত্তি কাঢ়ি লোৱা লোকসকলে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহʼব। ১১  তোমালোকৰ মাজৰ কিছুমানে আগতে এনে কামবোৰ কৰিছিল। কিন্তু তোমালোকক ধুই শুচি কৰা হʼল, পবিত্ৰ কৰা হʼল আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু আমাৰ ঈশ্বৰৰ পবিত্ৰ শক্তিৰে ভাল মানুহ বুলি গণ্য কৰা হʼল। ১২  সকলো কথা মোৰ কাৰণে আইন-সংগত হয়, কিন্তু সকলো কথা লাভজনক নহয়। সকলো কথা মোৰ কাৰণে আইন-সংগত হয়, কিন্তু মই নিজকে কোনো বস্তুক নিয়ন্ত্ৰণ কৰিবলৈ নিদিওঁ। ১৩  আহাৰ পেটৰ কাৰণে হয় আৰু পেট আহাৰৰ কাৰণে, কিন্তু ঈশ্বৰে এই দুয়োটাকে নাইকিয়া কৰি দিব। শৰীৰ অনৈতিক শাৰীৰিক সম্পৰ্কৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে প্ৰভুৰ কাৰণে হয় আৰু প্ৰভু শৰীৰৰ কাৰণে হয়। ১৪  কিন্তু ঈশ্বৰে নিজৰ শক্তিৰ যোগেদি প্ৰভুক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে আৰু আমাকো জীয়াই তুলিব। ১৫  তোমালোকে নাজানা নে তোমালোকৰ শৰীৰ খ্ৰীষ্টৰ অংগ হয়? তেনেহʼলে মই খ্ৰীষ্টৰ অংগবোৰ লৈ বেশ্যাৰ অংগবোৰৰ লগত যোগ কৰিম নে? কেতিয়াও নহয়! ১৬  তোমালোকে নাজানা নে যে যিজনে বেশ্যাৰ লগত যোগ হয়, তেওঁ তাৰ লগত একদেহ হৈ যায়? কিয়নো ঈশ্বৰে কয়, “তেওঁলোক দুয়োজন একদেহ হʼব।” ১৭  কিন্তু যিজনে প্ৰভুৰ লগত যোগ হয়, তেওঁ প্ৰভুৰ লগত এক মন হৈ যায়। ১৮  অনৈতিক শাৰীৰিক সম্পৰ্কৰ পৰা দূৰলৈ পলোৱা! মানুহে কৰা সকলো পাপ তেওঁৰ শৰীৰৰ বাহিৰত হয়, কিন্তু যিজনে অনৈতিক শাৰীৰিক সম্পৰ্কত লাগি থাকে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে। ১৯  তোমাৰ শৰীৰ সেই পবিত্ৰ শক্তিৰ মন্দিৰ হয়, যি তোমালোকৰ ভিতৰত আছে আৰু যি ঈশ্বৰে তোমালোকক দিছে? লগতে নিজৰ শৰীৰৰ ওপৰত তোমালোকৰ কোনো অধিকাৰ নাই। ২০  তোমালোকক ডাঙৰ মূল্য দি কিনা হৈছে। সেইবাবে, যিকোনো পৰিস্থিতিত নিজৰ শৰীৰৰ যোগেদি ঈশ্বৰৰ মহিমা কৰা।

Footnotes

গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।