কৰিন্থীয়াসকললৈ প্ৰথম চিঠি ৮:১-১৩
৮ এতিয়া মই মূৰ্তিবোৰক উছৰ্গা কৰা খোৱাবস্তুৰ বিষয়ে লিখি আছোঁ। আমি জানোঁ যে এই বিষয়ে আমাৰ সকলোৰে জ্ঞান আছে। জ্ঞানে অহংকাৰ আনে, কিন্তু প্ৰেমে মজবুত কৰে।
২ যদি কোনোবাই ভাবে যে তেওঁৰ ওচৰত কিবা বিষয়ত জ্ঞান আছে, তেনেহʼলে প্ৰকৃততে তেওঁৰ ওচৰত সিমান জ্ঞান নাই, যিমান হোৱা উচিত।
৩ কিন্তু কোনোৱে যদি ঈশ্বৰক প্ৰেম কৰে, তেনেহʼলে ঈশ্বৰে তেওঁক জানে।
৪ মূৰ্তিবোৰক উছৰ্গা কৰা বস্তুবোৰ খোৱাৰ বিষয়ে আমি জানোঁ যে মূৰ্তি এই জগতত একোৱেই নহয় আৰু সত্য ঈশ্বৰৰ বাহিৰে আৰু কোনো ঈশ্বৰ নাই।
৫ লোকসকলে কয়, স্বৰ্গ আৰু পৃথিৱীত বহুত ঈশ্বৰ আছে। সেইবাবে, লোকসকলৰ দৃষ্টিত বহুত ঈশ্বৰ আৰু প্ৰভু আছে।
৬ কিন্তু আচলতে আমাৰ কাৰণে এজনেই ঈশ্বৰ আছে অৰ্থাৎ পিতৃ, যাৰ যোগেদি সকলো বস্তু সৃষ্টি কৰা হৈছে আৰু আমি তেওঁৰ কাৰণেই অস্তিত্বত আছোঁ। এজনেই প্ৰভু আছে অৰ্থাৎ যীচু খ্ৰীষ্ট, যাৰ যোগেদি সকলো বস্তু সৃষ্টি কৰা হৈছে আৰু আমিও তেওঁৰ যোগেদি হওঁ।
৭ তথাপি এই জ্ঞান সকলোৰে ওচৰত নাই। যিসকলে আগতে মূৰ্তিপূজা কৰিছিল, তেওঁলোকে আজিও যেতিয়া মূৰ্তিবোৰক উছৰ্গা কৰা বস্তুবোৰ খায়, তেতিয়া তেওঁলোকে ভাবে যে তেওঁলোকে মূৰ্তিবোৰৰ উপাসনা কৰিছে। আৰু তেওঁলোকৰ বিবেক দুৰ্বল হোৱাৰ কাৰণে অশুচি হৈ যায়।
৮ আহাৰে আমাক ঈশ্বৰৰ কাষ নচপায়। যদি আমি নাখাওঁ, তেনেহʼলে আমাৰ কোনো লোকচান নহয় আৰু যদি আমি খাওঁ, তেনেহʼলে আমাৰ কোনো লাভ নহয়।
৯ কিন্তু সদায় মনত ৰাখিবা যে তোমালোকৰ ওচৰত বাছনি কৰাৰ যি অধিকাৰ আছে, তাক এনেদৰে ব্যৱহাৰ নকৰিবা যেন তোমালোক, দুৰ্বল লোকসকলে বিশ্বাসৰ পৰা আঁতৰি যোৱাৰ কাৰণ হোৱা।
১০ কাৰণ কোনো দুৰ্বল মানুহে যদি তোমাৰ নিচিনা জ্ঞান থকা লোকক মূৰ্তিৰ মন্দিৰত খোৱা দেখে, তেনেহʼলে মূৰ্তিবোৰক উছৰ্গা কৰা বস্তু খাবলৈ তেৱোঁ সাহস নকৰিব নে?
১১ তোমাৰ জ্ঞানৰ কাৰণে সেই দুৰ্বল মানুহজন ধ্বংস হৈ আছে, হয়, তোমাৰ সেই ভাই, যিজনৰ কাৰণে খ্ৰীষ্টই নিজৰ জীৱন দিছে।
১২ যদি তোমালোকে নিজৰ ভাইৰ বিৰুদ্ধে এইদৰে পাপ কৰা আৰু তেওঁলোকৰ দুৰ্বল বিবেকক আঘাত দিয়া, তেনেহʼলে তোমালোকে খ্ৰীষ্টৰ বিৰুদ্ধে পাপ কৰি আছা।
১৩ সেইবাবে, আহাৰ যদি মোৰ ভাইৰ কাৰণে বিশ্বাসৰ পৰা আঁতৰি যোৱাৰ কাৰণ হয়, তেনেহʼলে মই কেতিয়াও মাংস নাখাম যাতে মই মোৰ ভাইৰ কাৰণে বিশ্বাসৰ পৰা আঁতৰি যোৱাৰ কাৰণ নহওঁ।