থিচলনীকীয়াসকললৈ প্ৰথম চিঠি ১:১-১০
১ মই পৌল, চীল* আৰু তীমথিয়, আমি থিচলনীকীয়াসকলৰ মণ্ডলীলৈ লিখি আছোঁ, যিসকল আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ লগত একতাত আছে:
তোমালোকলৈ ঈশ্বৰৰ মহা-কৃপা আৰু শান্তি হওক।
২ আমি যেতিয়াই প্ৰাৰ্থনাত তোমালোকৰ বিষয়ে উল্লেখ কৰোঁ, তেতিয়াই সদায় ঈশ্বৰক ধন্যবাদ দিওঁ।
৩ আমি নিজৰ পিতৃ আৰু ঈশ্বৰৰ ওচৰত সকলো সময়ত তোমালোকক মনত পেলাওঁ যে তোমালোকে কেনেকৈ বিশ্বাসেৰে সেৱা কৰা, প্ৰেমেৰে কঠোৰ পৰিশ্ৰম কৰা আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ওপৰত আশা ৰখাৰ কাৰণে ধৈৰ্য্য ধৰা।
৪ সেইবাবে ভাইসকল, তোমালোক যিসকল ঈশ্বৰৰ প্ৰিয় হোৱা, আমি জানোঁ যে তোমালোক তেওঁৰ বাছনি কৰা লোক হোৱা।
৫ কিয়নো আমি তোমালোকৰ মাজত যি শুভবাৰ্তাৰ প্ৰচাৰ কৰিছিলোঁ, সেয়া কেৱল কথাই নাছিল, ইয়াৰ পৰিৱৰ্তে এয়া ক্ষমতা আৰু পবিত্ৰ শক্তি আৰু সম্পূৰ্ণ নিশ্চয়তাৰে সৈতে তোমালোকক শুনোৱা হৈছিল। আৰু তোমালোকে নিজেই জানা যে আমি তোমালোকৰ কাৰণে কেনেধৰণৰ কাম কৰিছিলোঁ।
৬ তোমালোকে বহুতো সমস্যা সহন কৰি পবিত্ৰ শক্তিৰে পোৱা আনন্দেৰে সৈতে বাক্যক গ্ৰহণ কৰিলা আৰু তোমালোকে আমাক আৰু প্ৰভুক অনুকৰণ কৰোঁতা হʼলা।
৭ সেইবাবে, তোমালোকে মাকিদনিয়া আৰু আখায়াত থকা সকলো বিশ্বাসী লোকৰ কাৰণে এক উদাহৰণ হʼলা।
৮ এয়া সঁচা যে তোমালোকৰ যোগেদি যিহোৱাৰ* বাক্যৰ আলোচনা কেৱল মাকিদনিয়া আৰু আখায়াতেই বিয়পা নাই, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ ওপৰত তোমালোকৰ বিশ্বাসৰ আলোচনা সকলো ঠাইতে হৈ আছে, সেইবাবে আমি আৰু একো কোৱাৰ প্ৰয়োজন নাই।
৯ কিয়নো লোকসকলে নিজেই কয় যে আমি প্ৰথমবাৰ কেনেকৈ তোমালোকক লগ কৰিছিলোঁ আৰু তোমালোকে কিদৰে নিজৰ মূৰ্তিবোৰক এৰি ঈশ্বৰৰ ওচৰলৈ উভতি আহিছা যাতে জীৱিত আৰু সত্য ঈশ্বৰৰ সেৱা কৰিব পাৰা
১০ আৰু স্বৰ্গৰ পৰা তেওঁৰ পুত্ৰ যীচু অহালৈ অপেক্ষা কৰিব পাৰা, যিজনক তেওঁ মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে আৰু যিজনে আমাক আহিবলগীয়া ঈশ্বৰৰ ক্ৰোধৰ পৰা বচাব।