থিচলনীকীয়াসকললৈ প্ৰথম চিঠি ৫:১-২৮

  • যিহোৱাৰ দিন আহি আছে (১-৫)

    • “শান্তি আৰু সুৰক্ষা” ()

  • জাগি থাকা আৰু সচেতন হৈ থাকা (৬-১১)

  • উপদেশ (১২-২৪)

  • অৱশেষত নমস্কাৰ (২৫-২৮)

 ভাইসকল, এইবোৰ কেতিয়া হʼব, আমি ইয়াৰ কাল আৰু সময়ৰ বিষয়ে তোমালোকক একো লিখাৰ প্ৰয়োজন নাই। ২  কাৰণ তোমালোকে নিজেই ভালদৰে জানা যে যিহোৱাৰ* দিন ঠিক সেইদৰে আহি আছে, যিদৰে ৰাতি চোৰ আহে। ৩  যেতিয়া লোকসকলে “শান্তি আৰু সুৰক্ষা” বুলি কʼব, তেতিয়া গৰ্ভৱতী তিৰোতাৰ হঠাতে প্ৰসৱ বেদনা হোৱাৰ দৰে তোমালোকৰ ওপৰত হঠাতে বিনাশ আহি পৰিব আৰু তোমালোকে কোনোপধ্যেই তাৰ পৰা বাচিব নোৱাৰা। ৪  কিন্তু হে ভাইসকল, তোমালোকে অন্ধকাৰত নাই যে সেই দিন তোমালোকৰ ওপৰত এনেদৰে আহি পৰিব, যিদৰে দিনৰ পোহৰ চোৰৰ ওপৰত আহি পৰে। ৫  কাৰণ তোমালোক সকলোৱে পোহৰৰ পুত্ৰ আৰু দিনৰ পুত্ৰ হোৱা। আমি ৰাতিৰো নহওঁ আৰু অন্ধকাৰৰো নহওঁ। ৬  তেনেহʼলে আহা, আমি বাকী লোকসকলৰ দৰে শুই নাথাকোঁ, ইয়াৰ পৰিৱৰ্তে জাগি থাকোঁ আৰু সচেতন হৈ থাকোঁ। ৭  যিসকলে শুৱে, তেওঁলোকে ৰাতি শুৱে আৰু যিসকলে মতলীয়া হয়, তেওঁলোকে ৰাতিৰ সময়ত মতলীয়া হয়। ৮  কিন্তু আমি যিসকল দিনৰ হওঁ, আহা আমি সচেতন হৈ থাকোঁ আৰু বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি আৰু উদ্ধাৰৰ আশাৰ টুপী পিন্ধি থাকোঁ। ৯  কিয়নো ঈশ্বৰে আমাক তেওঁৰ ক্ৰোধ সহিবলৈ নহয়, কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি উদ্ধাৰ পাবলৈ বাছনি কৰিছে। ১০  খ্ৰীষ্ট আমাৰ কাৰণে মৰিল যাতে আমি যদিও জাগি থাকোঁ বা শুই* থাকোঁ, আমি তেওঁৰ লগতে জীৱিত থাকোঁ। ১১  সেইবাবে, এজনে-আনজনক উৎসাহিত কৰি থাকা* আৰু এজনে-আনজনক মজবুত কৰি থাকা, যিদৰে তোমালোকে কৰিও আছা। ১২  ভাইসকল, মই তোমালোকক অনুৰোধ কৰিছোঁ যে তোমালোকৰ মাজত যিসকলে কঠোৰ পৰিশ্ৰম কৰে আৰু প্ৰভুত তোমালোকৰ নেতৃত্ব লয় আৰু তোমালোকক শিকায়-বুজায়, তেওঁলোকক সন্মান কৰা। ১৩  আৰু তেওঁলোকৰ কামৰ কাৰণে প্ৰেমেৰে তেওঁলোকক আৰু বেছি সন্মান কৰা। এজনে-আনজনৰ লগত শান্তি স্থাপন কৰোঁতা হোৱা। ১৪  আৰু ভাইসকল, আমি তোমালোকক উৎসাহিত কৰিছোঁ যে যিসকলে কথা নুশুনে, তেওঁলোকক বুজোৱা,* যিসকল নিৰাশাত আছে, তেওঁলোকক নিজৰ কথাৰে শান্ত্বনা দিয়া, দুৰ্বলক সহায় কৰা আৰু সকলোৰে লগত ধৈৰ্য্যেৰে ব্যৱহাৰ কৰা। ১৫  এই কথাৰ ওপৰতো ধ্যান দিয়া যে কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে, কিন্তু তোমালোকে সদায় এজনে-আনজনৰ কাৰণে আৰু বাকী সকলোৰে কাৰণে ভাল কাম কৰাত লাগি থাকা। ১৬  সদায় আনন্দত থাকা। ১৭  নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা। ১৮  প্ৰতিটো কথাত ধন্যবাদ দিয়া। খ্ৰীষ্ট যীচুত তোমালোকৰ কাৰণে ঈশ্বৰৰ এয়েই ইচ্ছা। ১৯  পবিত্ৰ শক্তিৰ কামত বাধা নিদিবা।* ২০  ভৱিষ্যবাণীবোৰক তুচ্ছ বুলি নাভাবিবা। ২১  সকলো কথা চালি-জাৰি চোৱা, যি আটাইতকৈ ভাল তাক ধৰি ৰাখা। ২২  সকলো ধৰণৰ দুষ্টতাৰ পৰা আঁতৰি থাকা। ২৩  মোৰ প্ৰাৰ্থনা এয়েই যে শান্তিৰ ঈশ্বৰে তোমালোকক সম্পূৰ্ণৰূপে পবিত্ৰ কৰক। তোমালোকৰ মন, প্ৰাণ* আৰু শৰীৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ উপস্থিতিৰ সময়ছোৱাত সকলো ফালৰ পৰা নিৰ্দোষী হৈ থাকক। ২৪  যিজনে তোমালোকক মাতিছে, তেওঁ বিশ্বাসযোগ্য হয় আৰু তেওঁ নিশ্চয় এইদৰে কৰিব। ২৫  ভাইসকল, আমাৰ কাৰণে প্ৰাৰ্থনা কৰি থাকা। ২৬  পবিত্ৰ চুমাৰে সকলো ভাইক নমস্কাৰ কৰা। ২৭  মই প্ৰভুৰ নামেৰে তোমালোকক দায়িত্ব দিছোঁ যে সকলো ভাইৰ আগত যেন এই চিঠি পঢ়ি শুনোৱা হয়। ২৮  আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক।

Footnotes

অতি. ক৫ চাওক।
বা “মৃত্যুৰ টোপনিত শুই।”
বা “শান্ত্বনা দি থাকা।”
বা “সাৱধানবাণী দিয়া।”
আক্ষ., “পবিত্ৰ শক্তিৰ জুইক নুনুমাবা।”
শব্দকোষত “জীৱন” চাওক।