পিতৰৰ প্ৰথম চিঠি ১:১-২৫

  • নমস্কাৰ (১, ২)

  • এক নতুন জন্ম যাতে নিশ্চিত আশা পোৱা যায় (৩-১২)

  • আজ্ঞা পালন কৰোঁতা সন্তানৰ দৰে পবিত্ৰ হোৱা (১৩-২৫)

 মই পিতৰ, যীচু খ্ৰীষ্টৰ এজন পাঁচনি* আৰু মই সেই বাছনি কৰা পাঁচনিসকলৰ নামত এই চিঠি লিখি আছোঁ, যিসকল পন্ত, গালাতিয়া, কাপ্পাদকিয়া, এচিয়া আৰু বিথুনিয়াত সিঁচৰিত হৈ আছে আৰু অস্থায়ী বাসিন্দাৰ দৰে থাকে। ২  তেওঁলোকক আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰে ভৱিষ্যতৰ বিষয়ে আগতীয়াকৈ জানিব পৰা নিজৰ ক্ষমতা ব্যৱহাৰ কৰি বাছনি কৰিছে আৰু পবিত্ৰ শক্তিৰে তেওঁলোকক পবিত্ৰ কৰা হৈছে যাতে তেওঁলোকে আজ্ঞা পালন কৰোঁতা হয় আৰু তেওঁলোকৰ ওপৰত যীচু খ্ৰীষ্টৰ তেজ ছটিওৱা হয়। তোমালোকৰ ওপৰত ঈশ্বৰৰ মহা-কৃপা আৰু শান্তি আৰু বেছিকৈ হওক। ৩  আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ আৰু পিতৃৰ প্ৰশংসা হওক, যিজনে যীচু খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা আকৌ জীয়াই তুলিলে* আৰু এইদৰে কৰি আমাৰ ওপৰত প্ৰচুৰ দয়া কৰিলে আৰু আমাক এক নতুন জন্ম দিলে আৰু এক নিশ্চিত আশা দিলে ৪  যাতে আমি সেই উত্তৰাধিকাৰ লাভ কৰোঁ, যি অবিনাশী আৰু নিষ্কলংক হয় আৰু যি কেতিয়াও শেষ নহয়। এই উত্তৰাধিকাৰ তোমালোকৰ কাৰণে স্বৰ্গত সুৰক্ষিতভাৱে ৰখা হৈছে। ৫  হয়, ঈশ্বৰে তোমালোকক নিজৰ শক্তিৰে সুৰক্ষিত কৰি ৰাখিছে, কিয়নো তোমালোকৰ বিশ্বাস আছে। ঈশ্বৰে সেই উদ্ধাৰৰ কাৰণে তোমালোকক সুৰক্ষিত কৰি ৰাখিছে, যি শেষ সময়ত প্ৰকাশ কৰা হʼব। ৬  সেইবাবে, তোমালোকে বহুত আনন্দ কৰিছা, যদিও কিছু সময়ৰ কাৰণে তোমালোকে বিভিন্ন ধৰণৰ পৰীক্ষাৰ বাবে দুখভোগ কৰি আছা, কিন্তু তোমালোকে হয়তো এনেধৰণৰ পৰীক্ষাৰ মাজেদিয়েই পাৰ হʼব লাগিব ৭  যাতে নিজৰ পৰীক্ষিত বিশ্বাসৰ কাৰণে তোমালোকে যীচু খ্ৰীষ্ট প্ৰকাশ হোৱাৰ সময়ত প্ৰশংসা, মহিমা আৰু আদৰ পোৱা। তোমালোকৰ পৰীক্ষিত বিশ্বাস সেই খাঁটি সোণতকৈয়ো বহুত মূল্যৱান, যি জুইত শুদ্ধ কৰাৰ পাছতো নষ্ট হৈ যায়। ৮  তোমালোকে খ্ৰীষ্টক কেতিয়াও দেখা নাই, তথাপিও তোমালোকে তেওঁক প্ৰেম কৰা। তোমালোকে এতিয়াও তেওঁক দেখা নাই, তথাপিও তোমালোকে তেওঁৰ ওপৰত বিশ্বাস কৰা আৰু ইমানেই বেছি আনন্দ কৰা, যি শব্দৰে প্ৰকাশ কৰিব নোৱাৰি, ৯  কিয়নো তোমালোকে জানা যে নিজৰ বিশ্বাসৰ কাৰণে তোমালোকে পুৰস্কাৰ হিচাপে উদ্ধাৰ পাবা। ১০  এই উদ্ধাৰৰ বিষয়ে সেই ভৱিষ্যবক্তাসকলে বহুত যত্নেৰে সোধ-পোছ কৰিলে আৰু মনোযোগেৰে অনুসন্ধান কৰিলে, যিসকলে তোমালোকৰ ওপৰত হʼবলগীয়া মহা-কৃপাৰ বিষয়ে ভৱিষ্যবাণী কৰিছিল। ১১  ঈশ্বৰে আগতে তেওঁলোকক পবিত্ৰ শক্তিৰ যোগেদি জনাইছিল যে খ্ৰীষ্টই দুখ-কষ্ট ভুগিব লাগিব আৰু ইয়াৰ পাছত তেওঁক মহিমান্বিত কৰা হʼব, সেইবাবে খ্ৰীষ্টৰ বিষয়ে কোৱা কথাবোৰ কোনটো সময়ত আৰু কেনে পৰিস্থিতিত পূৰ হʼব, সেইবোৰ ভৱিষ্যবক্তাসকলে চালি-জাৰি চাই থাকিল। ১২  তেওঁলোকৰ ওপৰত এয়া প্ৰকাশ কৰা হৈছিল যে তেওঁলোকে সেৱক হিচাপে যি কথাবোৰ কৈ থাকিল, সেইবোৰ তেওঁলোকৰ কাৰণে নাছিল, ইয়াৰ পৰিৱৰ্তে তোমালোকৰ কাৰণে আছিল। তেওঁলোকে যিবোৰ কথা ঘোষণা কৰিছিল, সেইবোৰ কথাই তোমালোকক সেই লোকসকলে জনাইছিল, যিসকলে স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ শক্তিৰ যোগেদি তোমালোকক শুভবাৰ্তা শুনাইছিল। আনকি স্বৰ্গদূতসকলেও এই কথাবোৰ জানিবলৈ বহুত আগ্ৰহী। ১৩  সেইবাবে, কঠোৰ পৰিশ্ৰম কৰিবলৈ নিজৰ মগজুক সাজু কৰা, সম্পূৰ্ণভাৱে সচেতন হৈ থাকা আৰু সেই মহা-কৃপাৰ ওপৰত আশা ৰাখা, যি যীচু খ্ৰীষ্ট প্ৰকাশ হʼলে তোমালোকে লাভ কৰিবা। ১৪  তোমালোকে যেতিয়া ঈশ্বৰক জনা নাছিলা, তেতিয়া তোমালোকে বেয়া ইচ্ছাৰ অনুসৰি চলিছিলা, কিন্তু এতিয়া যিহেতু তোমালোকে ঈশ্বৰৰ আজ্ঞা পালন কৰোঁতা সন্তান হোৱা, সেইবাবে তোমালোকে সেই ইচ্ছাবোৰৰ অনুসৰি চলিবলৈ বন্ধ কৰা। ১৫  ইয়াৰ পৰিৱৰ্তে, যিজনে তোমালোকক নিমন্ত্ৰণ কৰিছে, সেই পবিত্ৰ ঈশ্বৰৰ দৰে তোমালোকেও নিজৰ সকলো আচাৰ-ব্যৱহাৰত পবিত্ৰ হৈ থাকা। ১৬  কিয়নো শাস্ত্ৰত লিখা আছে: “তোমালোকে পবিত্ৰ হʼব লাগিব, কিয়নো মই পবিত্ৰ হওঁ।” ১৭  আৰু তোমালোকে যদি সেইজন পিতৃক প্ৰাৰ্থনা কৰা, যিজনে পক্ষপাত নকৰাকৈ প্ৰতিজন ব্যক্তিৰ কামৰ অনুসৰি ন্যায় কৰে, তেনেহʼলে এই জগতত বিদেশী হিচাপে থকাৰ সময়ত তোমালোকে ঈশ্বৰৰ প্ৰতি ভয় ৰাখি জীৱন-যাপন কৰা। ১৮  তোমালোকে জানা যে তোমালোকে নিজৰ পূৰ্বপুৰুষসকলৰ পৰা ব্যৰ্থ জীৱনৰ যি আচাৰ-ব্যৱহাৰ শিকিছিলা, তাৰ পৰা তোমালোকে ৰূপ বা সোণৰ দৰে বিনাশ হোৱা বস্তুবোৰৰ দ্বাৰা মুক্ত হোৱা নাই, ১৯  ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টৰ বহুমূলীয়া তেজৰ দ্বাৰা মুক্ত হৈছা, যি এক নিখুঁত আৰু নিৰ্দোষী ভেড়া পোৱালি হয়। ২০  ঈশ্বৰে ভৱিষ্যতৰ বিষয়ে জানিব পৰা নিজৰ ক্ষমতাক ব্যৱহাৰ কৰি তেওঁক জগতৰ আৰম্ভণি হোৱাৰ আগতেই বাছনি কৰিছিল। কিন্তু এই জগতৰ ব্যৱস্থাৰ শেষত তোমালোকৰ কাৰণে তেওঁক প্ৰকাশ কৰা হৈছে। ২১  তোমালোকে তেওঁৰ যোগেদি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা। ঈশ্বৰে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে আৰু তেওঁক মহিমা দিলে যাতে তোমালোকে ঈশ্বৰৰ ওপৰত বিশ্বাস আৰু আশা ৰাখা। ২২  তোমালোকে সত্যৰ বাক্য পালন কৰি নিজকে শুচি কৰিলা, যাৰ কাৰণে তোমালোকে অকপট মনেৰে এজনে-আনজনক ভাইৰ দৰে মৰম-স্নেহ কৰা, সেইবাবে এতিয়া সম্পূৰ্ণ যত্নেৰে এজনে-আনজনক হৃদয়েৰে প্ৰেম কৰা। ২৩  কিয়নো তোমালোকক এক নতুন জন্ম দিয়া হৈছে আৰু এই নতুন জীৱন কোনো বিনাশী নহয়, ইয়াৰ পৰিৱৰ্তে অবিনাশী বীজৰ* যোগেদি দিয়া হৈছে, যি জীৱিত আৰু অনন্ত ঈশ্বৰৰ বাক্য হয়। ২৪  “সকলো মানুহ ঘাঁহৰ দৰে হয় আৰু তেওঁলোকৰ শোভা পথাৰৰ ফুলৰ দৰে হয়। ঘাঁহ শুকাই যায় আৰু ফুল সৰি পৰে, ২৫  কিন্তু যিহোৱাৰ* বাক্য সদায় কাললৈকে থাকে।” এই “বাক্য” সেই শুভবাৰ্তা হয়, যি তোমালোকক শুনোৱা হৈছে।

Footnotes

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “পুনৰুত্থান কৰিলে।” শব্দকোষ চাওক।
অৰ্থাৎ এনে বীজ, যিয়ে ফল উৎপন্ন কৰিব পাৰে।
অতি. ক৫ চাওক।