পিতৰৰ প্ৰথম চিঠি ২:১-২৫

  • ঈশ্বৰৰ বাক্যৰ কাৰণে ভোক উৎপন্ন কৰা (১-৩)

  • জীৱিত শিলৰ পৰা ভৱন নিৰ্মাণ হয় (৪-১০)

  • জগতত বিদেশীৰ দৰে জীৱন-যাপন (১১, ১২)

  • উচিত ধৰণৰ অধীনতা (১৩-২৫)

    • খ্ৰীষ্ট আমাৰ আৰ্হি (২১)

 সেইবাবে, সকলো ধৰণৰ দুষ্টতা, ছল, কপট, ঈৰ্ষা, পৰচৰ্চা কৰা, এই সকলো নিজৰ পৰা দূৰ কৰা। ২  নতুনকৈ জন্ম হোৱা শিশুৰ দৰে শুদ্ধ* গাখীৰৰ কাৰণে অৰ্থাৎ ঈশ্বৰৰ বাক্যৰ কাৰণে ভোক উৎপন্ন কৰা যাতে তোমালোকে বাঢ়ি থাকা আৰু উদ্ধাৰ পোৱা। ৩  কিয়নো তোমালোকে নিজেই চাকি জানিছা* যে প্ৰভু কিমান দয়ালু হয়। ৪  প্ৰভু সেই জীৱিত শিল হয়, যিজনক মানুহে অস্বীকাৰ কৰিলে, কিন্তু ঈশ্বৰে তেওঁক বাছনি কৰিছে আৰু তেওঁৰ দৃষ্টিত বহুমূলীয়া হয়। তোমালোকে প্ৰভুৰ ওচৰলৈ আহিছা। ৫  সেইবাবে, তোমালোক নিজেও জীৱিত শিল হোৱা আৰু পবিত্ৰ শক্তিৰে এক ভৱনৰ ৰূপত তোমালোকক নিৰ্মাণ কৰা হৈ আছে। এইদৰে কৰাৰ কাৰণ হৈছে যাতে তোমালোক পবিত্ৰ পুৰোহিতৰ দল হোৱা আৰু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰক এনে বলিদান উৎসৰ্গ কৰা, যি পবিত্ৰ শক্তিৰ অনুসৰি হয় আৰু তেওঁ গ্ৰহণ কৰে। ৬  কিয়নো শাস্ত্ৰই কয়, “চোৱা! মই চিয়োনত এটা বাছনি কৰা শিলৰ ভিত্তি স্থাপন কৰিছোঁ, যি চুকৰ মূল্যৱান শিল হয় আৰু যি কোনোৱে তাৰ ওপৰত বিশ্বাস কৰে, তেওঁ কেতিয়াও নিৰাশ নহʼব।”* ৭  তেওঁ তোমালোকৰ কাৰণে বহুমূলীয়া হয়, কিয়নো তোমালোকে তেওঁৰ ওপৰত বিশ্বাস কৰা। কিন্তু অবিশ্বাসীসকলৰ বিষয়ে শাস্ত্ৰই কয়, “ৰাজমিস্ত্ৰীসকলে যিটো শিল ব্যৱহাৰ নকৰিলে, সেয়াই চুকৰ প্ৰধান শিল হৈ পৰিল” ৮  আৰু তেওঁলোকৰ কাৰণে “যি শিলে উজুটি খোৱায়, সেই শিল আৰু যি শিলাই আঘাত কৰে, সেই শিলা” তেওঁ হʼল। তেওঁলোকে উজুটি খোৱাৰ কাৰণ হৈছে যে তেওঁলোকে বাক্যৰ আজ্ঞা পালন নকৰে। তেওঁলোকৰ অন্ত এইদৰেই হʼব লাগে। ৯  কিন্তু তোমালোক “এক বাছনি কৰা জাতি, ৰাজকীয় পুৰোহিতসকলৰ দল আৰু এক পবিত্ৰ ৰাষ্ট্ৰ হোৱা আৰু ঈশ্বৰৰ বিশেষ সম্পত্তি হʼবলৈ বাছনি কৰা লোক হোৱা যাতে তোমালোকে গোটেই পৃথিৱীত তেওঁৰ মহান গুণবোৰৰ* বিষয়ে ঘোষণা কৰা,” যিজনে তোমালোকক অন্ধকাৰৰ পৰা উলিয়াই নিজৰ মহিমাপূৰ্ণ পোহৰত নিমন্ত্ৰণ কৰিছে। ১০  কিয়নো এনে এক সময় আছিল যেতিয়া তোমালোক ঈশ্বৰৰ লোক নাছিলা, কিন্তু এতিয়া তেওঁৰ লোক হোৱা। তোমালোক এনে লোক আছিলা, যিসকলৰ ওপৰত দয়া কৰা হোৱা নাছিল, কিন্তু এতিয়া এনে লোক হোৱা, যিসকলৰ ওপৰত দয়া কৰা হৈছে। ১১  মৰমৰ ভাইসকল, মই তোমালোকক অনুৰোধ কৰিছোঁ যে এই জগতত বিদেশী আৰু অস্থায়ী বাসিন্দাৰ দৰে জীৱন-যাপন কৰি শৰীৰৰ ইচ্ছাবোৰৰ পৰা নিজকে দূৰত ৰাখা, যিবোৰে তোমালোকৰ ওপৰত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰে। ১২  জগতৰ লোকসকলৰ মাজত তোমালোকে ভাল আচাৰ-ব্যৱহাৰ বজাই ৰাখা যাতে যেতিয়া তেওঁলোকে তোমালোকৰ ওপৰত বেয়া কাম কৰাৰ অভিযোগ লগাব, তেতিয়া নিজ চকুৰে তোমালোকৰ ভাল কাম চাব পাৰিব আৰু সেই দিনা ঈশ্বৰৰ মহিমা কৰিব, যিদিনা তেওঁ চালি-জাৰি চাবলৈ আহিব। ১৩  প্ৰভুৰ কাৰণে তোমালোকে মানুহে নিযুক্ত কৰা অধিকাৰীৰ অধীনত থাকা: ৰজাৰ অধীনত থাকা, কিয়নো তেওঁ আটাইতকৈ ডাঙৰ অধিকাৰী হয় ১৪  বা ৰাজ্যপালসকলৰ অধীনত থাকা, কাৰণ বেয়া কাম কৰা লোকসকলক শাস্তি দিবলৈ আৰু ভাল কাম কৰা লোকসকলক প্ৰশংসা কৰিবলৈ ৰজাই তেওঁলোকক নিযুক্ত কৰিছে। ১৫  কিয়নো ঈশ্বৰৰ ইচ্ছা এয়ে যে তোমালোকে ভাল কাম কৰি এনে মূৰ্খ লোকসকলৰ মুখ বন্ধ কৰা,* যিসকলে চিন্তা-ভাবনা নকৰাকৈ তোমালোকৰ বিৰুদ্ধে কয়। ১৬  স্বাধীন লোকসকলৰ দৰে জীয়াই থাকা, কিন্তু বেয়া কামক ঢাকি ৰাখিবলৈ* তোমালোকৰ স্বাধীনতাক ব্যৱহাৰ নকৰিবা, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ দাস হৈ জীয়াই থাকা। ১৭  সকলো ধৰণৰ মানুহক আদৰ কৰা, সকলো ভাইক প্ৰেম কৰা, ঈশ্বৰৰ প্ৰতি ভয় ৰাখা, ৰজাক আদৰ কৰা। ১৮  সেৱকসকলে নিজৰ মালিকসকলৰ অধীনত থকা উচিত আৰু তেওঁলোকক যিমান ভয় কৰিব লাগে, সিমান ভয় কৰা উচিত। তেওঁলোকে কেৱল ভাল কাম কৰা আৰু নিজৰ কথাত লাগি নথকা মালিকসকলৰ অধীনত থকা উচিত এনে নহয়, ইয়াৰ পৰিৱৰ্তে সেই মালিকসকলৰো অধীনত থকা উচিত, যিসকলক আনন্দিত কৰাটো কঠিন। ১৯  কিয়নো যদি কোনোবাই ঈশ্বৰৰ আগত নিজৰ বিবেক শুদ্ধ কৰি ৰাখিবলৈ কষ্ট* ভোগ কৰে আৰু অন্যায় সহন কৰে, তেনেহʼলে ঈশ্বৰৰ দৃষ্টিত এয়া ভাল কথা। ২০  কিয়নো যদি তোমালোকক পাপ কৰাৰ কাৰণে মাৰ-পিট কৰা হয় আৰু তোমালোকে সহন কৰা, তেনেহʼলে ইয়াত প্ৰশংসা কৰাৰ কি কথা আছে? কিন্তু তোমালোকে যদি ভাল কাম কৰাৰ কাৰণে দুখ সহন কৰা, তেনেহʼলে ঈশ্বৰৰ দৃষ্টিত এয়া ভাল কথা। ২১  আচলতে তোমালোকক এই পথত চলিবলৈ নিমন্ত্ৰণ কৰা হৈছে, কিয়নো খ্ৰীষ্টও তোমালোকৰ কাৰণে দুখভোগ কৰিলে আৰু তেওঁ তোমালোকৰ কাৰণে এক আৰ্হি ৰাখি গʼল যাতে তোমালোকে তেওঁৰ খোজক ভালদৰে অনুকৰণ কৰিব পাৰা। ২২  তেওঁ কোনো পাপ কৰা নাছিল, আনকি তেওঁৰ মুখৰ পৰা কোনো ছলনা কথাও নোলাল। ২৩  যেতিয়া তেওঁৰ অপমান কৰা হৈছিল,* তেতিয়া তাৰ সলনি তেওঁ অপমান নকৰিলে।* যেতিয়া তেওঁ দুখ সহন কৰি আছিল, তেতিয়া তেওঁ ধমকি নিদিলে, ইয়াৰ পৰিৱৰ্তে নিজকে সেই ঈশ্বৰৰ হাতত গতাই দিলে, যিজনে প্ৰকৃত ন্যায় কৰে। ২৪  যেতিয়া তেওঁক কাঠত* গজাল মাৰি দিয়া হৈছিল, তেতিয়া তেওঁ আমাৰ পাপবোৰৰ ভাৰ নিজৰ শৰীৰত উঠাই লʼলে যাতে আমি নিজৰ পাপবোৰৰ পৰা মুকলি হʼব পাৰোঁ আৰু ভাল কাম কৰিবলৈ জীয়াই থাকিব পাৰোঁ। আৰু “তেওঁৰ ঘাৰ পৰা তোমালোক সুস্থ হʼলা।” ২৫  কিয়নো তোমালোক হেৰাই যোৱা ভেড়াবোৰৰ নিচিনা আছিলা, কিন্তু এতিয়া তোমালোক নিজৰ ৰখীয়া আৰু তোমালোকৰ জীৱনৰ চোৱা-চিতা কৰাজনৰ ওচৰলৈ উভতি আহিছা।

Footnotes

বা “মিহলি নোহোৱা।”
বা “অনুভৱ কৰিছা।”
আক্ষ., “লাজত পেলোৱা নহʼব।”
অৰ্থাৎ তেওঁৰ প্ৰশংসনীয় গুণ আৰু কাম।
আক্ষ., “মুখ বান্ধি দিয়া।”
বা “কাম কৰাৰ বাহানা হিচাপে।”
বা “বেদনা।”
বা “তেওঁক গালি পৰা হৈছিল।”
বা “গালি নাপাৰিলে।”
বা “গছত।”