পিতৰৰ প্ৰথম চিঠি ৩:১-২২
৩ ঠিক সেইদৰে পত্নীসকল, তোমালোকে নিজৰ নিজৰ স্বামীৰ অধীনত থাকা যাতে যদি কাৰোবাৰ স্বামীয়ে ঈশ্বৰৰ বাক্যৰ আজ্ঞা পালন নকৰে,
২ তেনেহʼলে তেওঁ নিজৰ পত্নীৰ পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু গভীৰ আদৰ দেখি ঈশ্বৰৰ বাক্য পালন কৰিব।
৩ তোমালোকৰ সাজোন-কাচোন দেখনিয়াৰ নহওক, যেনে চুলি গোঁঠা, সোণৰ গহনা বা দামী কাপোৰ পিন্ধা।
৪ ইয়াৰ পৰিৱৰ্তে, তোমালোকে নিজৰ ভিতৰৰ ব্যক্তিত্বক শান্ত আৰু কোমল স্বভাৱেৰে সজোৱা। এয়া এনে সাজোন-কাচোন হয়, যি কেতিয়াও পুৰণি নহয় আৰু ঈশ্বৰৰ দৃষ্টিত মূল্যৱান হয়।
৫ ঈশ্বৰৰ ওপৰত আশা ৰখা প্ৰাচীন সময়ৰ পবিত্ৰ তিৰোতাসকলেও এইদৰেই নিজকে সজাই তুলিছিল আৰু নিজৰ নিজৰ স্বামীৰ অধীনত থাকিছিল।
৬ যিদৰে চাৰাই অব্ৰাহামৰ আজ্ঞা পালন কৰিছিল আৰু তেওঁক প্ৰভু বুলি মাতিছিল। যদি তোমালোকে ভাল কাম কৰি থাকা আৰু ভয়ক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিয়া, তেনেহʼলে তেওঁৰ ছোৱালী হʼব পাৰিবা।
৭ স্বামীসকল, তোমালোকেও ঠিক সেইদৰে নিজৰ নিজৰ পত্নীৰ লগত বুদ্ধিমতাৰে* জীৱন অতিবাহিত কৰা। আৰু তিৰোতা হোৱাৰ কাৰণে তোমালোকতকৈ দুৰ্বল পাত্ৰ হয় বুলি জানি তেওঁলোকৰ লগত আদৰেৰে ব্যৱহাৰ কৰা। কিয়নো তেওঁলোকেও তোমালোকৰ লগত মহা-কৃপাৰ যোগেদি পোৱা জীৱনৰ উত্তৰাধিকাৰী হয় যাতে তোমালোকৰ প্ৰাৰ্থনাত কোনো বাধা নাহে।
৮ অৱশেষত মই কৈছোঁ, তোমালোকৰ সকলোৰে চিন্তাধাৰা একেই হওক, এজনে-আনজনৰ দুখ অনুভৱ কৰা, ভাইসকলৰ দৰে স্নেহ ৰাখা, কোমল কৰুণা দেখুৱা, নম্ৰ স্বভাৱ ৰাখা।
৯ যদি কোনোবাই তোমালোকক আঘাত দিয়ে, তেনেহʼলে তাৰ সলনি তেওঁক আঘাত নিদিবা আৰু যদি কোনোবাই তোমালোকৰ অপমান কৰে, তেনেহʼলে তাৰ সলনি তেওঁক অপমান নকৰিবা। ইয়াৰ পৰিৱৰ্তে, তেওঁৰ কাৰণে ভাল কাম কৰা,* কিয়নো তোমালোকক এই পথতে চলিবলৈ মতা হৈছে যাতে উত্তৰাধিকাৰী হিচাপে আশীৰ্বাদ লাভ কৰিব পাৰা।
১০ কিয়নো “যিজনে জীৱনক প্ৰেম কৰে আৰু যিজনে ভাল দিন চাব বিচাৰে, তেওঁ নিজৰ জিভাক বেয়া কথা কোৱাৰ পৰা আৰু নিজৰ ওঁঠক ছলনা কথা কোৱাৰ পৰা বাধা দিয়ক।
১১ তেওঁ দুষ্টতাৰ পৰা আঁতৰি যাওক আৰু ভাল কাম কৰক, শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক আৰু তাত লাগি থাকক।
১২ কিয়নো যিহোৱাৰ* দৃষ্টি ভাল লোকসকলৰ ওপৰত থাকে আৰু তেওঁৰ কাণে তেওঁলোকৰ মিনতি শুনে। কিন্তু যিহোৱা* বেয়া কাম কৰা লোকসকলৰ বিৰুদ্ধে হৈ যায়।”
১৩ যদি তোমালোকে ভাল কামৰ কাৰণে উৎসাহ দেখুৱা, তেনেহʼলে কোনে তোমালোকক হানি কৰিব?
১৪ কিন্তু ভাল কামৰ কাৰণে তোমালোকে যদি কষ্ট সহনো কৰা, তথাপিও তোমালোক সুখী। যিবোৰ কথাক লৈ লোকসকলে ভয় কৰে, তালৈ ভয় নকৰিবা* আৰু চিন্তাও নকৰিবা।
১৫ ইয়াৰ পৰিৱৰ্তে, তোমালোকে নিজৰ হৃদয়ত স্বীকাৰ কৰা যে খ্ৰীষ্টই হʼল প্ৰভু আৰু তেওঁ পবিত্ৰ। আৰু যিজনে তোমালোকৰ আশাৰ কাৰণ জানিব বিচাৰে, তেওঁৰ আগত তাৰ কাৰণ জনাবলৈ সদায় সাজু হৈ থাকা, কিন্তু কোমল স্বভাৱ আৰু গভীৰ সন্মানেৰে সৈতে এইদৰে কৰা।
১৬ নিজৰ বিবেক শুদ্ধ কৰি ৰাখা যাতে লোকসকলে তোমালোকৰ বিৰুদ্ধে যিয়ে নকওক, খ্ৰীষ্টৰ শিষ্য হিচাপে তোমালোকৰ ভাল আচাৰ-ব্যৱহাৰ দেখি তেওঁলোকে লাজ পাব।
১৭ কাৰণ বেয়া কাম কৰি দুখ ভোগ কৰাতকৈ যদি ঈশ্বৰৰ ইচ্ছা হয়, তেনেহʼলে ভাল কাম কৰি দুখ ভোগ কৰাটো বেছি ভাল।
১৮ আনকি খ্ৰীষ্টও আমাৰ পাপৰ কাৰণে এবাৰেই সদায়ৰ কাৰণে মৰিল। তেওঁ ভাল ব্যক্তি হোৱাৰ সত্ত্বেও পাপীবিলাকৰ কাৰণে মৰিল যাতে তোমালোকক ঈশ্বৰৰ ওচৰলৈ লৈ যাব পাৰে। যেতিয়া তেওঁক হত্যা কৰা হৈছিল, তেতিয়া তেওঁৰ মানৱীয় শৰীৰ আছিল। কিন্তু যেতিয়া তেওঁক জীয়াই তোলা হʼল, তেতিয়া তেওঁক অদৃশ্য শৰীৰ দিয়া হʼল।
১৯ এই অৱস্থাতে তেওঁ গৈ জেলত থকা দুষ্ট স্বৰ্গদূতবিলাকক প্ৰচাৰ কৰিলে।
২০ এই দুষ্ট স্বৰ্গদূতবিলাকে নোহৰ সময়ত ঈশ্বৰৰ আজ্ঞাৰ বিৰুদ্ধে কাম কৰিছিল, সেই সময়ত ঈশ্বৰে ধৈৰ্য্যেৰে অপেক্ষা কৰি আছিল আৰু নোহৰ জাহাজৰ নিৰ্মাণ কাম চলি আছিল আৰু সেই জাহাজত কেইজনমান লোককহে অৰ্থাৎ আঠজন লোকক* পানীৰ পৰা ৰক্ষা কৰা হৈছিল।
২১ এই ঘটনা বাপ্তিষ্মাৰ* চিন হয়, যিয়ে আজি যীচু খ্ৰীষ্টক আকৌ জীয়াই তোলাৰ* যোগেদি তোমালোকক বচোৱা হৈছে। (বাপ্তিষ্মাৰ অৰ্থ শৰীৰৰ মলি আঁতৰুৱা নহয়, ইয়াৰ পৰিৱৰ্তে শুদ্ধ বিবেক পাবলৈ ঈশ্বৰলৈ অনুৰোধ কৰা হয়।)
২২ যীচুৱে এতিয়া স্বৰ্গলৈ উভতি গʼল আৰু ঈশ্বৰৰ সোঁহাতে আছে। আৰু স্বৰ্গদূত, অধিকাৰ আৰু শক্তিক তেওঁৰ অধীনত কৰা হৈছে।
Footnotes
^ আক্ষ., “জ্ঞানৰ অনুসৰি।” বা “নিজৰ কথাত লাগি নাথাকি।”
^ আক্ষ., “তেওঁক আশীৰ্বাদ দিয়া।”
^ অতি. ক৫ চাওক।
^ অতি. ক৫ চাওক।
^ বা হয়তো, “লোকসকলৰ ধমকিলৈ ভয় নকৰিবা।”
^ শব্দকোষত “জীৱন” চাওক।
^ বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱাৰ।”
^ বা “পুনৰুত্থানৰ।” শব্দকোষ চাওক।